অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শিখ ধৰ্ম

শিখ ধৰ্ম এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শিখ ধৰ্ম১ এটা একেশ্বৰবাদী ধৰ্ম।২ এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ। শিখ ধৰ্ম বিশ্বৰ পঞ্চম বৃহত্তম ধৰ্মীয় গোষ্ঠী।৩ শিখ ধৰ্মমত আৰু দৰ্শন 'গুৰমত' (অৰ্থাৎ 'গুৰুৰ উপদেশ') নামেৰেও পৰিচিত। 'শিখ ধৰ্ম' কথাটিৰ উৎস নিহিত আছে'শিখ' শব্দটোৰ মাজত; যিটো সংস্কৃত মূলশব্দ 'শিষ্য' বা 'শিক্ষা' পৰা আহিছে।৪৫

শিখ ধৰ্মৰ প্ৰধান বক্তৱ্য হ’ল 'ৱাহেগুৰু' অৰ্থাৎ সৰ্বব্যাপী ঈশ্বৰৰ প্ৰতীক 'এক ওঙ্কাৰ'-ৰ প্ৰতিভূ 'ৱাহেগুৰু'-ত বিশ্বাসী। এই ধৰ্ম ঈশ্বৰৰ নাম আৰু বাণীৰ নিয়মবদ্ধ আৰু ব্যক্তিগত ধ্যানৰ মাধ্যমত মোক্ষলাভৰ কথা কয়। শিখ ধৰ্মৰ এটা বিশিষ্টতা হ’ল এই যে, এই ধৰ্মত ঈশ্বৰৰ অৱতাৰতত্ত্ব স্বীকৃত নহয়। বৰ শিখসকলৰ মতে ঈশ্বৰেই এই ব্ৰহ্মাণ্ডৰ স্বৰূপ। শিখসকলে ১০জন শিখ গুৰুৰ উপদেশ আৰু 'গুৰু গ্ৰন্থ চাহিব' নামক পবিত্ৰ ধৰ্ম গ্ৰন্থৰ অনুশাসন মানি চলে। উক্ত ধৰ্ম গ্ৰন্থত ১০জন শিখ গুৰুৰ ৬ জনৰ বাণী আৰু নানান আৰ্থ-সামাজিক আৰু ধৰ্মীয় ব্যক্তিত্বসকলৰ বক্তব্য লিপিবদ্ধ আছে। গুৰু গোবিন্দ সিং এই গ্ৰন্থটিকে দশম গুৰু বা খালচা পন্থৰ সৰ্বশেষ গুৰু হিচাপে ঘোষণা কৰি গৈছে। পঞ্জাবৰ ইতিহাস, সমাজ আৰু সংস্কৃতিৰ লগত শিখ ধৰ্মৰ ঐতিহ্য আৰু শিক্ষা ওতপ্ৰোতভাৱে জড়িত হৈ আছে। পৃথিৱীত শিখসকলৰ সংখ্যা ৩০ মিলিয়নৰ ওচৰা ওচৰি। শিখসকল মূলত পঞ্জাব আৰু ভাৰতৰ অনান্য ৰাজ্যত বাস কৰে। আধুনিক পাকিস্তানৰ পঞ্জাব প্ৰদেশতো দেশ বিভাজনৰ আগেয়ে লক্ষাধিক শিখলোকে বসবাস কৰিছিল।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বা; ਸਿੱਖੀ, ''
  2. ↑ monism (the doctrine that reality consists of a single basic substance or element - wordnetweb.princeton.edu/perl/webwn) is often confused with monotheism (belief in a single God - wordnetweb.princeton.edu/perl/webwn)
  3. ↑ Adherents.com. Religions by adherents
  4. ↑ Singh, Khushwant. (2006). The Illustrated History of the Sikhs. Oxford University Press. পৃ. 15. ISBN 0-19-567747-1
  5. ↑ Nabha, Kahan. Then th Sahib Singh. (1930). Gur Shabad Ratnakar Mahan Kosh/ਗੁਰ ਸ਼ਬਦ ਰਤਨਾਕਰ ਮਹਾਨ ਕੋਸ਼. পৃ. 720
  6. ↑ Axel, Brian Keith. (2001). The Nation's Tortured Body: Violence, Representation, and the Formation. Duke University Press. পৃ. 88. ISBN 0822326159

সম্পৰ্কিত শ্ৰেণী

শিখ ধৰ্মধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিখ ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।