অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহা শিৱৰাত্ৰি

মহা শিৱৰাত্ৰি (Maha Shivratri) ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।

হালনাগাদ: ৯ নৱেম্বৰ ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মহা শিৱৰাত্ৰি (Maha Shivratri) ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।১২

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।২ কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।২

কাশ্মীৰ শৈৱধৰ্মত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।৩৪

ইতিহাস আৰু গুৰুত্ব

ৰ নিশা।]]

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।২

মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল।৫৬ প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।৫৭ আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।৫

এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজোৰাহো, পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়।৮ নাট্য শাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি, বা "নৃত্যৰ জৰিয়তে উপাসনা" বোলা হয়।৯১০ একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 137, 186. ISBN 978-0-14-341421-6
  2. ↑ Constance Jones; James D. Ryan. (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃ. 269. ISBN 978-0-8160-7564-5
  3. ↑ Brunn, Stanley D. (2015). The Changing World Religion Map: Sacred Places, Identities, Practices and Politics. Springer. পৃ. 402–403. ISBN 978-94-017-9376-6
  4. ↑ Maitra, Asim. (1986). Religious Life of the Brahman: A Case Study of Maithil Brahmans. Munshilal. পৃ. 125. ISBN 978-81-210-0171-7
  5. ↑ Dhoraisingam, Samuel S. (2006). Peranakan Indians of Singapore and Melaka. Institute of Southeast Asian Studies. পৃ. 35. ISBN 978-981-230-346-2
  6. ↑ Om Prakash Juneja; Chandra Mohan. (1990). Ambivalence: Studies in Canadian Literature. Allied. পৃ. 156–157. ISBN 978-81-7023-109-7
  7. ↑ Leuthold, Steven. (2010). Cross-Cultural Issues in Art: Frames for Understanding. Routledge. পৃ. 142–143. ISBN 978-1-136-85455-2
  8. ↑ Pintchman, Tracy. (2007). Women's Lives, Women's Rituals in the Hindu Tradition. Oxford University Press. পৃ. 194–195. ISBN 978-0-19-803934-1
  9. ↑ Pintchman, Tracy. (2007). Women's Lives, Women's Rituals in the Hindu Tradition. Oxford University Press. পৃ. 194–196. ISBN 978-0-19-803934-1
  10. ↑ Pugh McCutchen, Brenda. (2006). Teaching Dance as Art in Education. Human Kinetics. পৃ. 450. ISBN 978-0-7360-5188-0
  11. ↑ Shobita Punja. (1999). Khajuraho: the first thousand years. Penguin Books. পৃ. 71–74

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহবাংলাদেশৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহা শিৱৰাত্ৰি” প্ৰবন্ধৰ সংশোধন ৫৪৯২৮২ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।