হোমি জেহাঙ্গীৰ ভাবা ( Homi Jehangir Bhabha) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল।১ ২ তদুপৰি ভাবা ভাৰতৰ প্ৰসিদ্ধ শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (TIFR) আৰু Atomic Energy Establishment, Trombay (AEET)ৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।১২ ভাবাৰ মৃত্যুৰ পাছত Atomic Energy Establishment, Trombay (AEET)ক ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC) বুলি নামকৰণ কৰা হয়।৩
প্ৰাৰম্ভিক জীৱন
১৯০৯ চনত ভাবাৰ জন্ম হৈছিল বোম্বাই (এতিয়া মুম্বাই) ৰ এটা পাৰ্চি পৰিয়ালত। তেওঁৰ দেউতাক এজন উকীল আছিল আৰু মাক বিখ্যাত টাটা পৰিয়ালৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।<ref name="গ্ৰন্থ ১"৪
কৰ্মজীৱন
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল বোম্বাইৰ কেথেদ্ৰাছ স্কুলত। কেমব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ ১২ বছৰ কটাইছিল আৰু তাত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং,অঙ্কশাস্ত্ৰ,থিয়ৰিটিকেল ফিজিক্স অধ্যয়ন কৰাৰ উপৰিও, পিছৰফালে বিস্তৃতভাৱে "কছমিক ৰে" আৰু "পাৰ্টিকেল ফিজিক্স" সম্পৰ্কে গৱেষণা চলাইছিল। ১৯৩৯ চন পযৰ্ন্ত তেওঁ এই গৱেষণাৰ কামত ব্যস্ত আছিল। ১৯৩৪ চনৰ কালছোৱাত ভাবাই কিছুদিনৰ বাবে কোপেনহেগেনৰ বহৰাত, জুৰিকৰ পাওলিত আৰু ৰোমৰ ফাৰ্মিত কাম কৰিছিল। ভাৰতলৈ ঘূৰি আহি তেওঁ বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত বেলুন ব্যৱহাৰ কৰি 'কছমিক ৰে' সম্পৰ্কে পুনৰ ৫ বছৰ ধৰি অধ্যয়ন কৰে। ১৯৫৫ চনত জেনেভাত অনুষ্ঠিত শান্তিৰ কাৰণে আণৱিক শক্তি শীৰ্ষক এক সভাত ভাবা সৰ্বসন্মতিক্ৰমে ইউ এন (UN)ৰ অধ্যক্ষ নিৰ্বাচিত হয়। তেওঁ ডিয়েনাৰ আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সিৰ গৱৰ্নৰো নিৰ্বাচিত হয়।
মৃত্যু
১৯৬৬ চনৰ ২৪ জানুৱাৰীত ভাবাই এইএ (Atomic Energy Agency) ৰ এখন সভাত যোগদান কৰিবলৈ যাওঁতে মণ্টব্লেনত তেওঁ উৰাজাহাজ দুৰ্ঘটনাত পতিত হয় আৰু এই বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ শোকাবহভাৱে মৃত্যু হয়। এই বিশ্ববৰেণ্য বিজ্ঞানীজনৰ সোঁৱৰণত ট্ৰম্বেত স্থাপিত এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট (Atomic Energy Establishment) নামৰ "ভাবা এটমিক ৰিচাৰ্ছ চেণ্টাৰ" (Bhabha Atomic Research Center) মুকলি কৰা হয়।
বঁটা আৰু সন্মান
- লণ্ডনৰ ৰয়েল ছ'ছাইটিৰ সদস্য (FRS) সন্মান।
- আডাম-প্ৰাইজ (Award of Adam prize)।
বাহ্যিক সংযোগ
- Annotated Bibliography for Homi J. Bhabha from the Alsos Digital Library for Nuclear Issues .
- The Woodrow Wilson Center's Nuclear Proliferation International History Project. NPIHP has a series of primary source documents about and by Homi Bhabha.
তথ্যসূত্ৰ
- ↑ Unknown author. Dr. Homi J. Bhabha. Unknown author, google docs
- ↑ Richelson, Jeffrey Richelson. U.S. Intelligence and the Indian Bomb. The National Security Archive, The George Washington University. Published through National Security Archive Electronic Briefing Book No. 187
- ↑ Founder/ Heritage. Bhabha Atomic Research Centre
- ↑ সুৰেশ চন্দ্ৰ বৰঠাকুৰ. (২০০৬). আণৱিক শক্তিৰ উদ্ভাৱক (হোমি জেহাঙ্গীৰ ভাবা). বিজ্ঞান জেউতি. পৃ. পৃষ্ঠা ৪০-৪১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোমি জাহাঙ্গীৰ ভাবা” প্ৰবন্ধৰ সংশোধন ৩৮৪৩১০ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।