মমতা বন্দ্যোপাধ্যায় (Mamata Banerjee) পশ্চিমবংগৰ অষ্টম মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী।১২ তেওঁ পশ্চিমবংগৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ১৯৯৭ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবংগত তেওঁ দিদি (বাইদেউ) নামেৰে পৰিচিত। তেওঁক অগ্নিকন্যা বুলিও কোৱা হয়।
প্ৰাৰম্ভিক জীৱন
মমতা বন্দ্যোপাধ্যায়ে ১৯৫৫ চনৰ ৫ জানুৱাৰীত, ভাৰতীয় ৰাজ্য পশ্চিমবংগৰ কলিকতাৰ হাজৰা অঞ্চলৰ এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন স্বাধীনতা সংগ্ৰামী আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী। কলিকতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰি লোৱাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী আৰু কলিকতাৰ যোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা এল.এল.বি. ডিগ্ৰী অৰ্জন কৰে। মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।
জাতীয় কংগ্ৰেছত ৰাজনৈতিক জীৱন
১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জৰিয়তে মমতা বন্দোপাধ্যায়য়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ নৰসিংহ ৰাও মন্ত্ৰীসভাত মমতা বন্দোপাধ্যায় মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হয়। ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয়।
২০১৪ চনৰ লোকসভা নিৰ্বাচন
২০১৪ চনৰ ভাৰতৰ লোকসভা নিৰ্বাচনত মমতা বন্দোপাধ্যায়ৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে এককভাৱে পশ্চিমবংগত ৩৪ খন লোকসভা আসন লাভ কৰিছিল।
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অকলেই ২১১ খন আসন (মুঠ ২৯৪ খন আসনৰ ভিতৰত) দখল কৰি চৰকাৰ গঠন কৰিছিল। তৃণমূল কংগ্ৰেছ প্ৰধান মমতা বন্দোপাধ্যায়য়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে। ৩
জনপ্ৰিয় সংস্কৃতিত
মমতা বন্দোপাধ্যায়ৰ জীৱনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে বাঘিনী শীৰ্ষক এখন ছবি। ছবিখনে মুক্তি লাভ কৰিছিল ২০১৯ চনৰ ৩ মে'ত।৪
বাহ্যিক সংযোগ
আনুষ্ঠানিক
- Mamata Banerjee official All India Trinamool Congress Party profile
- Parliamentary profile at India.gov.in
অন্যান্য
- Profile at BBC News
- Mamata Banerjee collected news and commentary at দ্য টাইম্ছ অৱ ইণ্ডিয়া
- "Is Mamata Banerjee Heading for a Fall?", The New York Times India Ink blog on "global home" web page, April 15, 2012.
তথ্যসূত্ৰ
- ↑ Council of Ministers - Who's Who - Government: National Portal of India. http://india.gov.in. ভাৰত চৰকাৰ
- ↑ Mamata Banerjee sworn in as West Bengal chief minister
- ↑ (20 May 2016). ..=West Bengal Election Results 2016: TMC storms back to power in Bengal, Cong-Left alliance loses. The Financial Express (India)
- ↑ After Narendra Modi, Baghini: Bengal Tigress evokes Mamata Banerjee. Cinestaan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতা বন্দ্যোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬০৪৫৩৫ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।