অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফেইচবুক

ফেইচবুক (Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড, ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ফেইচবুক (Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবছাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড, নামৰ ব্যক্তিগত কোম্পানীয়ে ২০০৪ চনত ইণ্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাৱে ফেইচবুক ব্যৱহাৰ কৰে।১ ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেইচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাৱে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেইচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতীয়াকৈ ইয়াত 'ফেইচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেইচবুক' বুলি এটা নিজা ইণ্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিছ" (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেইচবুক নামটো লোৱা হৈছে।২ ফেইচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ।৩

ভাষা

ফেচবুক ১১২টা ভাষাত উপলব্ধ। ভাষাবিলাকৰ হ'ল - আফ্ৰিকান, আলবেনিয়ান, আমহাৰিক, আৰবী, আৰ্মেনিয়ান, অসমীয়া, আজাৰবাইজানী, বাস্ক, বেলাৰুছিয়ান, বাংলা, বছনিয়ান, ব্ৰেটন, বুলগেৰিয়ান, বাৰ্মিজ, কাটালান, চেবুয়ানো, কৰ্চিকান, ক্ৰ'ৱেচিয়ান, চেক, ডেনিছ, ডাচ, ডাচ (বেলজিয়াম), ইংৰাজী (ইউ কে ), ইংৰাজী (আমেৰিকা), ইংৰাজী (উলটি), এস্পেৰেণ্টো, ইষ্টোনিয়ান, ফেৰ’ইজ, ফিলিপাইনছ, ফিনিছ, ফৰাচী (কানাডা), ফৰাচী (ফ্ৰান্স), ফ্ৰিজিয়ান, ফুলা, গালিচিয়ান, জৰ্জিয়ান, জাৰ্মান, গ্ৰীক, গুয়াৰানি, গুজৰাটী, হাইটিিয়ান ক্ৰিয়েল, হাউছা, হিব্ৰু, হিন্দী, হাংগেৰিয়ান, আইচলেণ্ডিক, ইণ্ডোনেছিয়ান, আইৰিছ, ইতালীয়, জাপানী, জাপানী (কানছাই), জাভানিজ, কন্নড়, কাজাখ, খ্মেৰ, কিনিয়াৰৱাণ্ডা, কোৰিয়ান, কুৰ্মানী (কুৰ্মানজী), কিৰ্গিজ, লাও, লাটভিয়ান, লিথুৱেনিয়ান, মেচিডোনিয়ান, মালাগাছি, মালয়, মালয়ালম, মাল্টীজ, মাৰাঠী, মংগোলীয়, নেপালী, নৰৱেজিয়ান (bokmal), নৰৱেজিয়ান (nynorsk), ওড়িয়া, পাষ্টো, পাৰ্চী, পোলিছ, পৰ্তুগীজ (ব্ৰাজিল), পৰ্তুগীজ (পৰ্তুগাল), পঞ্জাবী, ৰোমানিয়ান, ৰাছিয়ান, ছাৰ্ডিনিয়ান, ছাৰ্বিয়ান, শোনা, চিলেসিয়ান, সৰলীকৃত চীনা (চীন), সিংহল, শ্লোভাক, স্লোভেনিয়ান, সোমালি, সোৰানি কুৰ্দি, স্পেনীছ, স্পেনীছ (স্পেইন), স্বাহিলী, চুইডিছ, চিৰিয়াক, তাজিক, তামাজিট, তামিল, টাটাৰ, তেলুগু, টেটুন, থাই, পৰম্পৰাগত চীনা (হংকং), পৰম্পৰাগত চীনা (টাইৱান), তুৰ্কী, ইউক্ৰেইনীয়, উৰ্দু, উজবেক, ভিয়েটনামী, ৱেলছ আৰু জাজা।

তথ্যসূত্ৰ

  1. ↑ (September 22, 2011). Facebook F8: Redesigning and hitting 800 million users. LA Times
  2. ↑ Information For Parents and Educators
  3. ↑ Carlson, Nicholas. (March 5, 2010). At Last – The Full Story Of How Facebook Was Founded. Business Insider

সম্পৰ্কিত শ্ৰেণী

চচিয়েল নেটৱৰ্কৱেবছাইটইণ্টাৰনেটপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেইচবুক” প্ৰবন্ধৰ সংশোধন ৫৩৯২৯৯ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।