অদম্য শক্তি ২০১১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি (অনুবাদ) বঁটা বিজয়ী গ্ৰন্থ।১ ২০০৬ চনত প্ৰকাশিত ড॰ এ পি জে আব্দুল কালামৰ "ইন্ডমিটেব্ল্ স্পিৰিট" নামৰ গ্ৰন্থখনৰ অনুবাদ হৈছে অদম্য শক্তি। গ্ৰন্থখনৰ অনুবাদক সুৰেশ শৰ্মা।১ অদম্য শক্তি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ জীৱন দৰ্শন আৰু চিন্তন মননৰ নিৰ্বাস আৰু সাৰবত্তা।
লেখকৰ পৰিচয়
সুৰেশ শৰ্মাই ভাৰতবৰ্ষৰ স্বনামধন্য ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালামৰ গ্ৰন্থ 'অগ্নিৰ ডেউকা', 'তেজস্বী মন', 'ভাৰতবৰ্ষ ২০২০', 'পথ প্ৰদৰ্শক আত্মা' আৰু 'মিছন ইণ্ডিয়া' অসমীয়া ভাষালৈ অনুবাদ কৰিছে।২ ১৯৫৫ চনত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটী ন্যায়ালয়ত কৰ্মৰত ৰাজপত্ৰিত বিষয়া – মুখ্য অনুবাদক। শিশু আৰু চেমনীয়াৰ উপযোগী কেইবাখনো গ্ৰন্থ তেওঁ প্ৰণয়ন কৰি উলিয়াইছে। 'এড্ভান্স্দ কম্প্ৰহেন্ছিভ এংলো-আছামীজ্ ডিক্সনাৰী' আৰু 'জ্যোতি কনছাইজ এংলো আছামীজ্ ডিক্সনাৰী' নামৰ দুখন অভিধানো তেওঁ প্ৰণয়ন কৰিছে।২
গ্ৰন্থখনৰ বিষয়ে
গ্ৰন্থখনৰ বিষয়ে অনুবাদৰ আগকথাত এনেদৰে কোৱা হৈছে- "পাৰ্থিৱ ভোগবিলাস-ঐহিক সুখ আদিৰ পৰা বহু যোজন নিলগত ন্যূনতম প্ৰয়োজনীয়তাৰে ঋষিতুল্য জীৱন-যাপন কৰা কোবিদ বিজ্ঞানী ড॰ এ পি জে আব্দুল কালামৰ ইন্ডমিটেব্ল্ স্পিৰিট (অদম্য শক্তি) আত্মকথাৰে সমাৰ্থক বুলিব পাৰি। জীৱনৰ শাশ্বত প্ৰমূল্যসমূহক জীৱনৰ ঈপ্সিত অমূল্য বৈভৱ জ্ঞান কৰা ড॰ কালামৰ জীৱনবোধৰ ই এক স্বচ্ছ দাপোণ।৩ অদম্য শক্তি গ্ৰন্থখনত তেখেতৰ জীৱন-দৰ্শন পৰিস্ফুট হৈছে – যি জীৱন দৰ্শনে মানুহক জীৱন পৰিক্ৰমাৰ সঠিক পথ-নিৰ্দেশনা কৰিব, যি জীৱন দৰ্শনে সকলোকে আশাৰ বাণী শুনাব আৰু সকলোকে সামূহিক কল্যাণবোধত সম্পৃক্ত কৰিব।৩ অদম্য শক্তি এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ জীৱন-চয়ন নহয় – এক অনন্য সাধাৰণ লোকৰ ভূমা স্পৃহা। চকুত ৰামধেনুৰ সাতোৰঙী স্বপ্ন লৈ এক নিৰ্মল পৰিচ্ছন্ন জীৱন-যাপন কৰাৰ বাবে নিজে অন্তৰত যি অনমনীয় সংকল্পৰ বীজমন্ত্ৰ, মনত অদম্য শক্তি আৰু আত্মিক মনোবল লৈ সফলতাৰ শীৰ্ষত উঠিল সেই একে আত্মবিশ্বাস, মনোবল আৰু অদম্য শক্তি লৈ দেশ নিৰ্মাণৰ মহান সংকল্প আৰু দেশ সেৱাৰ পৱিত্ৰ ব্ৰত হৃদয়ত ধাৰণ কৰি সকলোকে কামত ব্ৰতী হ'বলৈ তেওঁ আহ্বান জনাইছে। "৩
অদম্য শক্তি জীৱনৰ অনুভৱৰ সৈতে সম্পৃক্ত স্মৃতিচাৰণ, ৰোচক প্ৰসংগ, মৌলিক বিচাৰ আৰু কৰ্ম যোজনাৰ প্ৰেৰণদায়ক চিত্ৰণ।১ এজন কল্যাণকামী শুভচিন্তক এজন কোবিদ বিজ্ঞানী এজন মহান শিক্ষক আৰু এজন ৰাষ্ট্ৰপ্ৰধান হিচাপে ড॰ এ পি জে আব্দুল কালামৰ অনুপম অদ্বিতীয় ব্যক্তিত্বৰ অনেক প্ৰেৰণাদায়ক দিশ এই গ্ৰন্থৰ ছত্ৰে ছত্ৰে বাঙ্ময় হৈ উঠিছে যিবোৰ তেখেতৰ মহাৰ্ঘ ভাষণ আৰু লেখাৰ ওপৰত আধাৰিত।১
অধ্যায়সমূহ
গ্ৰন্থখনত মুঠ ১৪টা অধ্যায় আছে।
- মোক অনুপ্ৰাণিত কৰা ব্যক্তিসকল
- মোৰ শিক্ষাগুৰুসকল
- শিক্ষাৰ উদ্দেশ্য
- সৃজনশীলতা আৰু নতুনত্ব
- কলা আৰু সাহিত্য
- শাশ্বত প্ৰমূল্য
- বিজ্ঞান আৰু আধ্যাত্মিকতা
- ভৱিষ্যতৰ নাগৰিক
- শক্তিশালী নাৰী
- এখন বিজ্ঞ সমাজ অভিমুখে
- বিকশিত ভাৰত নিৰ্মাণ
- প্ৰবুদ্ধ নাগৰিকত্ব
- সৃষ্টিশীল নেতৃত্ব
- অদম্য শক্তি
প্ৰকাশ
অদম্য শক্তি অনুবাদ গ্ৰন্থখন বৰ্তমানলৈকে তিনিবাৰ প্ৰকাশ পাইছে। প্ৰথম প্ৰকাশ পাইছিল ২০০৭ চনৰ ডিচেম্বৰ মাহত। দ্বিতীয় প্ৰকাশ পাইছিল ২০০৮ চনত আৰু ২০১১ চনত গ্ৰন্থখনৰ তৃতীয় প্ৰকাশ পাইছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদম্য শক্তি” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।