গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ভাৰত চৰকাৰ আইন (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।১
ভাৰতৰ সংবিধানখন ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।
স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটোও ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।
ইতিহাস
(ঘোঁৰাবাগীখনত) ১৯৫০ চনত নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল’বলৈ সাজু হোৱাৰ দৃশ্য।]]
মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা কংগ্ৰেছৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সফলতাৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। এই আইন ভাৰত স্বাধীন আইন ১৯৪৭ৰ জৰিয়তে প্ৰণয়ন কৰা হৈছিল। এই যুক্তৰাজ্যৰ সংসদৰ আইনখনে ব্ৰিটিছ ভাৰতক ব্ৰিটিছ কমনৱেলথৰ দুটা নতুন স্বাধীন ডমিনিয়নত বিভক্ত কৰিছিল।২ ষষ্ঠ জৰ্জ ৰাষ্ট্ৰপতি আৰু আৰ্ল মাউণ্টবেটেনক গৱৰ্ণৰ জেনেৰেল হিচাপে লৈ ভাৰত সাংবিধানিক ৰাজতন্ত্ৰত পৰিণত হয়। স্বতন্ত্ৰ সংবিধান অবিহনে ইয়াৰ আইনসমূহ ভাৰত চৰকাৰ আইন ১৯৩৫ৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সংবিধান সভাৰ দ্বাৰা পৰিচালিত আছিল।৩
১৯৪৭ চনৰ ২৯ আগষ্টত ড° বি আৰ আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ স্থায়ী সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সাতজনীয়া এখন খচৰা সমিতি গঠন কৰা হয়।৪ সমিতিখনে প্ৰস্তুত কৰা সংবিধানৰ খচৰা ১৯৪৮ চনৰ ৪ নৱেম্বৰত সংবিধানসভাত দাখিল কৰা হয়।৫ খচৰাখনৰ ওপৰত আলোচনা আৰু বিতৰ্ক হোৱাৰ পিছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানসভাই সংবিধানখন গ্ৰহণ কৰে।৬ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে সংবিধানৰ প্ৰধান অংশ কাৰ্যকৰী হয় আৰু নতুন সংবিধানৰ সংক্ৰমণকালীন বিধান অনুসৰি সংবিধান সভা ভাৰতৰ সংসদ হয়।৭৮ ১৯৩০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰাৰ বাবে এই তাৰিখ বাছি লোৱা হয়।৯
ৰীতি-নীতি আৰু উদযাপন |
গণৰাজ্য দিৱসৰ প্ৰাক্ক্ষণত ৰাষ্ট্ৰপতিয়ে জাতিটোক সম্বোধন কৰে।১০ গণৰাজ্য দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলে নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পতাকা উত্তোলন কৰে।১১১২
পেৰেড
প্ৰধান গণৰাজ্য দিৱস উদযাপন নতুন দিল্লীত কৰ্তব্য পথত অনুষ্ঠিত হয়, এটা আনুষ্ঠানিক সু-সজ্জ্বিত পথেৰে, যিটো ৰাইচিনা হিলৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট হৈ যায়।১৩ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিক পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।১৪ একে সময়তে অনুষ্ঠিত হোৱা দিল্লী গণৰাজ্য দিৱসৰ পেৰেড প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰে।১৫ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ ৰাষ্ট্ৰপতিয়ে সেনা, নৌসেনা, বায়ুসেনা, অৰ্ধসামৰিক আৰু আৰক্ষী বাহিনীৰ বিভিন্ন ইউনিটৰ পৰা চেলুট লয়।১৬
মুখ্য অতিথি
প্ৰতি বছৰে নতুন দিল্লীত গণৰাজ্য দিৱস উদযাপনৰ বাবে আন এখন দেশৰ কোনো ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বীক ৰাজ্যিক অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। অতিথি দেশখন প্ৰায়ে কূটনৈতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থৰ ভিত্তিত বাছনি কৰা হয়। ভাৰতৰ ৭৫ সংখ্যক১৭ গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা উদযাপনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন মুখ্য অতিথি আছিল।১৮
বিটিং ৰিট্ৰিট
২৯ জানুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত হোৱা বিটিং ৰিট্ৰিট অনুষ্ঠানত ৰিপাব্লিক দিৱসৰ উৎসৱৰ অন্ত পৰে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ বেণ্ডে বিজয় চকত পৰিবেশন কৰে।১৯ ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে এস্কৰ্ট কৰি আনি আনুষ্ঠানিক চেলুট প্ৰদৰ্শন কৰে আৰু ভাৰতীয় জাতীয় সংগীত “জন গণ মন’’ বজায়। তাৰ পিছত সামৰিক বেণ্ডসমূহে শেষত এবাইড উইথ মি আৰু ছাৰে জাহাঁ ছে আচ্চাৰ দৰে জনপ্ৰিয় সুৰ বজায়।২০২১২২
বঁটা
গণৰাজ্য দিৱসৰ প্ৰাক্ক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন অসামৰিক পদ্ম বঁটা বিতৰণ কৰে।২৩ এইবোৰ ১৯৫৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক অগ্ৰাধিকাৰৰ ভিত্তিক্ৰমত নিৰ্ধাৰিত তিনিটা ভাগত প্ৰদান কৰা হয়।২৪

পদ্ম বিভূষণক "ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱা"ৰ বাবে সন্মানিত কৰা হয় আৰু ই দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান।

পদ্ম ভূষণক "উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱা"ৰ বাবে সন্মানিত কৰা হয় আৰু ই তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান।

পদ্মশ্ৰী "বিশিষ্ট সেৱা"ৰ বাবে সন্মানিত আৰু চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান।
এই সজ্জাত এখন প্ৰমাণপত্ৰ আৰু এটা পদক থাকে আৰু ৰাষ্ট্ৰীয় সন্মানৰ দৰে এই বঁটাসমূহত নগদ ধনৰ ভাট্টা, সুবিধা বা বিশেষ ৰেহাই অন্তৰ্ভুক্ত কৰা নহয়।২৫ প্ৰতিগৰাকী বঁটা বিজয়ীৰ সন্দৰ্ভত চমু বিৱৰণ সম্বলিত একোখন স্মৃতিগ্ৰন্থও ইনভেষ্টিচাৰ অনুষ্ঠানৰ দিনা মুকলি কৰা হয়।২৬
তথ্যসূত্ৰ
- ↑ (29 July 2008). Introduction to Constitution of India. Ministry of Law and Justice of India
- ↑ Indian Independence Act 1947. The National Archives, Her Majesty's Government
- ↑ (29 July 2008). Introduction to Constitution of India. Ministry of Law and Justice of India
- ↑ Constituent Assembly Debates (Proceedings)
- ↑ Draft constitution, introduction. ভাৰত চৰকাৰ
- ↑ (24 January 2019). In pomp and splendour. দ্য হিন্দু
- ↑ Constitution of India. ভাৰত চৰকাৰ
- ↑ (25 January 2020). Republic Day, January 26: History, Significance & Celebration. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Purna Swaraj resolution. Britannica
- ↑ Wangchuk, Rinchen Norbu. (25 January 2021). 5 Pre-Republic Day Speeches by Presidents That Told Us How to Preserve the Republic. The Better India
- ↑ (26 January 2024). Flag unfurling on republic day. হিন্দুস্তান টাইমছ
- ↑ (26 January 2024). Tamil Nadu governor Ravi unfurls tricolor on Republic day. Deccan Herald
- ↑ (6 September 2022). Rajpath to make way for Kartavya Path: How India is stepping away from its colonial past. Firstpost
- ↑ (24 January 2020). Republic Day 2020: History, significance and interesting facts. হিন্দুস্তান টাইমছ
- ↑ (26 January 2024). Republic day 2024. Live Mint
- ↑ (26 January 2024). Republic day parade. হিন্দুস্তান টাইমছ
- ↑ (2024-01-26). Republic Day 2024: Chief guests over the years. Zee Business
- ↑ List of all Chief Guests on Indian Republic Day Parades (1950–2021). Jagran Josh
- ↑ (29 January 2017). Republic Day Beating Retreat Ceremony 2017 at Vijay Chowk, New Delhi. DNA India
- ↑ (28 January 2011). Curtain Raiser – Beating Retreat Ceremony 2011. ভাৰত চৰকাৰ
- ↑ (29 January 2011). Beating Retreat weaves soul-stirring musical evening. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (30 January 2011). Martial music rings down the curtain. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Republic Day Celebration 2021 - Awards Recipients - Know India: National Portal of India. ভাৰত চৰকাৰ
- ↑ Padma Awards
- ↑ Lok Sabha Unstarred Question No. 1219: Padma Awards (2015). Lok Sabha: Government of India
- ↑ (25 January 2020). Govt announces names of 118 Padma Shri awardees on Republic Day eve. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণৰাজ্য দিৱস (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৮১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।