দক্ষিণ কোৰিয়া (South Korea; চৰকাৰী নাম: কোৰিয়া প্ৰজাতন্ত্ৰ) এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম 'দেহান মিন্গুক' (; হানগুল লিপিত লিখা হয়: 대한민국 আৰু হাঞ্জা লিপিত লিখা হয় 大韓民國)। দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীন। ছিউল হৈছে দক্ষিণ কোৰিয়াৰ বৃহত্তম চহৰ তথা ইয়াৰ ৰাজধানী।
দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছ'ভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্বৰ সবাটোকৈ ডাঙৰ অৰ্থনীতিসমূহৰ মাজৰ একোটাত পৰিণত হয় আৰু 'এছিয়ান চাৰি ড্ৰাগন'ত পৰিণত হয়।
ইতিহাস
অবিভক্ত কোৰিয়া মূলত জাপানীসকলে দখল কৰি ৰাখিছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ হাৰিবৰ সময়ত জাপান দেশে ছ'ভিয়েট সংঘৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ ফলত অবিভক্ত কোৰিয়া ২টা ভাগত বিভক্ত হয়। এফালে উত্তৰ কোৰিয়া ১৯৫০ চনত সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ মতে 'সমাজতান্ত্ৰিক ব্লক'ত অংশ লয়, অন্যহাতে দক্ষিণ কোৰিয়া পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে ই 'পুঁজিবাদি ব্লক'ত যোগ দান কৰে। তেতিয়াৰ পৰাই কোৰিয়াই দুটা ভিন্ন নাম: উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া তথা দুটা ভিন্ন অথনৈতিক ব্যৱস্থাত চলিবলৈ আৰম্ভ কৰে। দক্ষিণ কোৰিয়াত আমেৰিকাৰ পুঁজিবাদ আৰু উত্তৰ কোৰিয়াত ছ'ভিয়েট সংঘৰ মতে সমাজতন্ত্ৰবাদ আৰম্ভ হয়। ইয়েই ১৯৪৮ চনত অবিভক্ত কোৰিয়াক বিভক্তিকৰণৰ পথ দেখুৱায়। উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় গণতান্ত্ৰিক কোৰিয়া গণপ্ৰজাতন্ত্ৰ আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় কোৰিয়া প্ৰজাতন্ত্ৰ। উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম পিয়ং ইয়াং আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম ছিউল।
শাসন ব্যৱস্থা
দক্ষিণ কোৰিয়াৰ মুখ্য শাসন ব্যৱস্থা সমূহ হৈছে: 'ৰাজ্য' (Province), 'মেট্ৰ'পলিটান মহানগৰ' (Metropolitan city) (যি সমূহ স্বয়ং-শাসিত মহানগৰ কোনো ৰাজ্যৰ অংশ নহয়), এখন 'বিশেষ মহানগৰ' আৰু এখন 'বিশেষ শায়ত্ব শাসিত মহানগৰ' (জুলাই, ২০১২ মতে)।
| মানচিত্ৰ (সম্পাদনা) | নাম | হানগুল (Hangul) | হাঞ্জা (Hanja) | জনসংখ্যা |
|---|---|---|---|---|
| বিশেষ মহানগৰ সমূহ (Teukbyeolsi) | ||||
| ছিউল | 서울특별시 | 서울特別市b | 9,794,304 | |
| বিশেষ শায়ত্ব শাসিত মহানগৰ সমূহ (Teukbyeol-jachisi) | ||||
| Sejong | 세종특별자치시 | 世宗特別自治市 | 96,000 | |
| মেট্ৰ'পলিটান মহানগৰ সমূহ (Gwangyeoksi) | ||||
| বুছান | 부산광역시 | 釜山廣域市 | 3,635,389 | |
| Daegu | 대구광역시 | 大邱廣域市 | 2,512,604 | |
| Incheon | 인천광역시 | 仁川廣域市 | 2,628,000 | |
| Daejeon | 대전광역시 | 大田廣域市 | 1,442,857 | |
| Gwangju | 광주광역시 | 光州廣域市 | 1,456,308 | |
| Ulsan | 울산광역시 | 蔚山廣域市 | 1,087,958 | |
| 평양 | ৰাজ্য (Do) | |||
| Gyeonggi | 경기도 | 京畿道 | 10,415,399 | |
| Gangwon | 강원도 | 江原道 | 1,592,000 | |
| North Chungcheong | 충청북도 | 忠淸北道 | 1,462,621 | |
| South Chungcheong | 충청남도 | 忠淸南道 | 1,840,410 | |
| North Jeolla | 전라북도 | 全羅北道 | 1,890,669 | |
| South Jeolla | 전라남도 | 全羅南道 | 1,994,287 | |
| North Gyeongsang | 경상북도 | 慶尙北道 | 2,775,890 | |
| South Gyeongsang | 경상남도 | 慶尙南道 | 2,970,929 | |
| Special self-governing province (Teukbyeoljachi-do) | ||||
| জেজু | 제주특별자치도 | 濟州特別自治道 | 560,000 |
সংস্কৃতি

উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ বৰ্তমান ৰাজনৈতিক বিভক্তিকৰণে আধুনিক কোৰিয়াৰ সংস্কৃতিক অপসাৰণ কৰিছে। তথাপি দুয়ো দেশৰ পাঁচ সহস্ৰাধিক বছৰৰৰ ইতিহাস আৰু বিশ্বৰ প্ৰাচীন ইতিহাসৰো অন্যতম। ১৯৪৮ চনত কোৰিয়া বিভক্ত হোৱাৰ ফলত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ সংস্কৃতিৰ তাৰতম্য দেখা দিছে। প্ৰাচীন কালৰ পৰাই দক্ষিণ কোৰিয়াৰ সংস্কৃতি ইয়াৰ প্ৰতিৱেশী চীনৰদ্বাৰা প্ৰভাৱিত।১বৰ্তমানে দক্ষিণ কোৰিয়াৰ সংস্কৃতি হৈছে অত্যাধুনিক। অৰ্থনৈতিক ও সামাজিক উন্নয়নৰ কাৰণে পোচাক-পৰিচ্ছদ, ৰন্ধন, বাসস্থান ইত্যাদিতে জীবনযাত্ৰাৰ মানৰ পৰিৱৰ্তন হৈছে, আৰু ইয়াৰপৰাই সৃষ্টি হৈছে দক্ষিণ কোৰিয়াৰ আধুনিক সংস্কৃতি।
উদ্যোগীকৰণ আৰু নগৰীকৰণে দক্ষিণ কোৰিয়াৰ লোকসকলৰ জীৱনত বহুতো পৰিৱৰ্তন ঘটাইছে। মুখ্য মহানগৰ সমূহত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে: অৰ্থনৈতিক আৰু জীৱনশৈলীৰ পৰিৱৰ্তন।
ভূগোল

দক্ষিণ কোৰিয়াই কোৰিয়ান উপদ্বীপ দখল কৰি আছে আৰু ই এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা ১,১০০ কিঃ মিঃ (৬৮০ মাইল) দূৰত্বলৈকে বিস্তাৰিত হৈ আছে। এই উপদ্বীপটোৰ পশ্চিমে Yellow সাগৰ আৰু পূবে Sea of Japan। ইয়াৰ দক্ষিণ অংশ কোৰিয়া প্ৰণালি আৰু পূব চীন সাগৰ।
দক্ষিণ কোৰিয়াৰ ভূ-ভাগ মূলতঃ পৰ্বতময় এলেকা। নিম্নভূমি মূলতঃ পশ্চিম আৰু দক্ষিণ-পূবত অৱস্থিত। ই মুঠ মাটিকালিৰ ৩০% ভাগ আগুৰি আছে।
পশ্চিম আৰু দক্ষিণ উপকূল অঞ্চলত প্ৰায় ৩০০০টা দ্বীপ আছে। এইবিলাক তেনেই সৰু আৰু তাত কোনো বসতি নাই। জেজু (Jeju) দক্ষিণ উপকূল অঞ্চলৰ পৰা প্ৰায় ১০০ কিঃমিঃ (৬০ মাইল) দূৰত অৱস্থিত। ই দেশখনৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ মুঠ মাটিকালি হৈছে: ১৮৪৫ বৰ্গ কিঃমিঃ(৭১২ বৰ্গ মাইল)।
দক্ষিণ কোৰিয়াৰ সৰ্ব্বোচ্চ স্থান হালাচন(Hallasan), সমুদ্ৰপৃষ্ঠৰ পৰা ১৯৫০ মিঃ (৬,৩৯৮ ফুট) উচ্চতাৰ এটা মৃত আগ্নেয়গিৰি এই জেজু দ্বীপতেই অৱস্থিত। উলেঙদো (Ulleungdo) আৰু ড'ক্ড' (Dokdo), ইয়াৰ উত্তৰ দিশৰ মুখ্য দ্বীপ আৰু মাৰাড' (Marado) আৰু চক'ত্ৰা ৰ'ক (Socotra Rock) হৈছে দক্ষিণ দিশত থকা দ্বীপ।
ইয়াত ২০খন ৰাষ্ট্ৰীয় উদ্যান আৰু জনপ্ৰিয় প্ৰাকৃতিক ঠাই যেনে ব'ছয়ঙ চাহ বাগিচা (Boseong Tea Fields), Suncheon Bay Ecological Park, আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিৰিছান (Jirisan) ইয়াতেই অৱস্থিত।২
জলবায়ু
দক্ষিণ কোৰিয়াৰ জলবায়ু আৰ্দ্ৰ মহাদেশীয় আৰু আৰ্দ্ৰ মধ্য-বিষুৱীয়। ইয়াৰ জলবায়ু পূব এছীয় মৌচুমী জলবায়ুৰ দ্বাৰা প্ৰভাৱিত। জুন মাহৰ শেষভাগৰ পৰা জুলাই মাহৰ শেষভাগলৈকে ইয়াত বাৰিষা কালত ঘন বৃষ্টিপাত হোৱা দেখা যায় আৰু ইয়াক যাংমা (Jangma) বোলা হয়। শীতকালত ইয়াত বহু বেছি ঠাণ্ডা হয় আৰু সৰ্বনিম্ন উষ্ণতা -২০ ডিগ্ৰী চেলচিয়াছ লৈকে হোৱা দেখা যায়। ছিউলত, জানুৱাৰীত গড় উষ্ণতা -৭ ৰপৰা ১ডিগ্ৰী চেলচিয়াছ (১৯ৰপৰা ৩৩ ডিগ্ৰী ফাৰেনহাইট লৈকে)লৈকে হয়। আনহাতে, আগষ্টত ২২ৰপৰা ৩০ ডিগ্ৰী চেলচিয়াছ (৭১ ৰপৰা ৮৬ ডিগ্ৰী ফাৰেনহাইট লৈকে) লৈকে হোৱা দেখা যায়। দক্ষিণ উপকূলত শীতৰ প্ৰকোপ ভিতৰৰ পৰ্বতময় এলেকাতকৈ বেছি।৩ জহকাল কেতিয়াবা অস্বাচ্ছন্দ্যপূৰ্ণ ভাৱে গৰম আৰু আৰ্দ্ৰ হ'ব পাৰে। দেশ্খনৰ বহুতো ঠাইত উষ্ণতা ৩০ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱা দেখা যায়। দক্ষিণ কোৰিয়াৰ চাৰিটা ঋতু হৈছে: বসন্ত, জহ, শাৰদীয় আৰু শীতকাল। বসন্ত ঋতু মাৰ্চ মাহৰ শেষভাগৰপৰা মে'ৰ প্ৰথম ভাগলৈকে, জহ কাল মে'ৰ মধ্য ভাগৰ পৰা ছেপ্তেম্বৰৰ প্ৰথম ভাগলৈকে, শাৰদীয় কাল ছেপ্তেম্বৰৰ মধ্যভাগৰপৰা নৱেম্বৰৰ প্ৰথম ভাগলৈকে আৰু শীতকাল নৱেম্বৰৰ মধ্য ভাগৰপৰা মাৰ্চ মাহৰ মধ্য ভাগলৈকে। জুন মাহৰ পৰা ছেপ্তেম্বৰলৈ ধাৰাসাৰ বৰষুণ হয়। দক্ষিণ উপকূলত দেৰিকৈ অহা জহকালিৰ টাইফুনৰ ফলত প্ৰবল বতাহ আৰু বৃষ্টিপাত হয়। ছিউলৰ বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ১,৩৭০ মিঃমিঃ (৫৪ ইঞ্চি) আৰু বুছানৰ ১,৪৭০ মিঃমিঃ (৫৮ ইঞ্চি)। সাময়িক টাইফুন (Typhoon)-ৰ ফলত হোৱা প্ৰবল বতাহ আৰু বানপানী হয়।
তথ্যসূত্ৰ
- ↑ Fairbank, John K.; Reischauer, Edwin O.; Craig, Albert M. (1978). East Asia: Tradition & Transformation. Houghton Mifflin. ISBN 0-395-25812-X
- ↑ Korea Nationa Park Service official site. English.knps.or.kr
- ↑ South Korea climate, U.S. Library of Congress, Country studies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ কোৰিয়া” প্ৰবন্ধৰ সংশোধন ২৬৮১৪৬ (১৮ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।