ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তি
১৩ প্ৰবন্ধ
-
এ পি জে আব্দুল কালাম
আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam,; ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
-
বিক্ৰম সাৰাভাই
বিক্ৰম অম্বালাল সাৰাভাই (Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১) এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।
-
জিতেন্দ্ৰনাথ গোস্বামী
জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।
-
সতীশ ধৱন
সতীশ ধৱন (𑆱𑆠𑆵𑆯 𑆣𑆮𑆤, सतीश धवन, ਸਤੀਸ਼ ਧਵਨ, ستیش دھون, Satish Dhawan; ২৫ ছেপ্তেম্বৰ, ১৯২০ – ৩ জানুৱাৰী, ২০০২) এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়।
-
জি. মাধৱন নায়াৰ
জি. মাধৱন নায়াৰ (G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল।
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল।
-
নাম্বি নাৰায়ণন
এছ. নাম্বি নাৰায়ণন (S. Nambi Narayanan; জন্ম: ১২ ডিচেম্বৰ, ১৯৪১) ১৯৯৪ চনত চোৰাংচোৱাগিৰিত মিছাকৈ তেওঁক অভিযুক্ত কৰা হৈছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৯৬ চনত চি বি আই তেওঁৰ বিৰুদ্ধে থকা অভিযোগ বৰ্খাস্ত কৰে আৰু ১৯৯৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁ দোষী নহয় বুলি ঘোষণা কৰে।
-
কে. শিৱান
কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ। পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।
-
মৌমিতা দত্ত
মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
নিগাৰ শ্বাজী
নিগাৰ শ্বাজী (Nigar Shaji; জন্ম: ১৯৬৪) এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী তথা অভিযন্তা। বৰ্তমান তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কৰ্মৰত। তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল।
-
ভি নাৰায়ণন
ড° ভি নাৰায়ণন (V Narayanan, জন্ম: ১৯৬৪) হৈছে এজন ভাৰতীয় মহাকাশ অভিযন্তা আৰু ৰকেট প্ৰযুক্তিবিদ। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক।
-
ৰিতু কাৰিধল
ৰিতু কাৰিধল (Ritu Karidhal) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়।