ভাৰতীয় বিজ্ঞানী
৭৫ প্ৰবন্ধ
-
এ পি জে আব্দুল কালাম
আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam,; ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
-
চি ভি ৰামন
চি ভি ৰামন বা চন্দ্ৰশেখৰ ভেংকটাৰামন (Chandrasekhara Venkata Raman) (১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতলৈ ন'বেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰামন অন্যতম।
-
বিক্ৰম সাৰাভাই
বিক্ৰম অম্বালাল সাৰাভাই (Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১) এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।
-
এম এছ স্বামীনাথন
মানকোম্বু চাম্বাশিৱন স্বামীনাথন ( ইংৰাজী: Mankombu Sambasivan Swaminathan; ৭ আগষ্ট ১৯২৫ - ২৮ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী, প্ৰশাসক আৰু মানৱতাবাদী আছিল। স্বামীনাথন সেউজ বিপ্লৱৰ এগৰাকী বিশ্ব নেতা।
-
জগদীশ চন্দ্ৰ বসু
ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা প্ৰথম ব্যক্তি হিচাপে সদায়ে জগদীশ চন্দ্ৰ বসুৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব। তেওঁ আছিল আধুনিক ভাৰতৰ বিজ্ঞানৰ বাটকটীয়া। তেৱেঁই আছিল বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা প্ৰথম ভাৰতীয়।
-
চি এন আৰ ৰাও
চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত; Chintamani Nagesa Ramachandra Rao; ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ; জন্ম: ৩০ জুন ১৯৩৪) হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন (structural chemistry) বিষয়ত কৰ্মৰত।
-
হোমি জাহাঙ্গীৰ ভাবা
হোমি জেহাঙ্গীৰ ভাবা ( Homi Jehangir Bhabha) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল।
-
প্ৰশান্ত চন্দ্ৰ মহালানবিছ
প্ৰশান্ত চন্দ্ৰ মহালান'বিছ (২৯ জুন ১৮৯৩– ২৮ জুন ১৯৭২) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰয়োগিক পৰিসংখ্যাবিদ। পৰিসংখ্যা বিজ্ঞানৰ মহালান'বিছ দূৰত্ব নামৰ মাপক আৱিষ্কাৰ কৰাৰ বাবে তেওঁ জনাজাত। তেওঁ ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল।
-
মেঘনাদ সাহা
মেঘনাদ সাহা (৬ অক্টোবৰ ১৮৯৩–১৬ ফেব্ৰুৱাৰি ১৯৫৬) এজন ভাৰতীয় জ্যোতিপদাৰ্থবিজ্ঞানী। মেঘনাদ সাহাৰ জীৱনৰ অনন্য কৃতি হৈছে সাহা আয়নীকৰণ সমীকৰণ যিটো সূত্ৰৰ দ্বাৰা নক্ষত্ৰৰ ৰাসায়নিক আৰু ভৌতিক অৱস্থা ব্যাখ্যা কৰিব পাৰি। এইটো সূত্ৰৰ জ্যোতিপদাৰ্থবিজ্ঞানত উল্লেখনীয় গুৰুত্ব আছে।
-
সতীশ ধৱন
সতীশ ধৱন (𑆱𑆠𑆵𑆯 𑆣𑆮𑆤, सतीश धवन, ਸਤੀਸ਼ ਧਵਨ, ستیش دھون, Satish Dhawan; ২৫ ছেপ্তেম্বৰ, ১৯২০ – ৩ জানুৱাৰী, ২০০২) এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়।
-
প্ৰফুল্ল চন্দ্ৰ ৰায়
আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় ( ২ আগষ্ট ১৮৬১ – ১৬ জুন ১৯৪৪) এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি আছিল।
-
জয়ন্ত নাৰ্লিকাৰ
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (১৯ জুলাই, ১৯৩৮ - ২০ মে', ২০২৫) হ'ল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। ইংৰাজী জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছে যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়।
-
ভূপেন্দ্ৰ নাথ গোস্বামী
ভূপেন্দ্ৰ নাথ গোস্বামী (জন্ম ১ আগষ্ট, ১৯৫০ চন) এগৰাকী ভাৰতীয় বতৰবিজ্ঞানী, Indian Institute of Tropical Meteorology (IITM) ৰ প্ৰাক্তন ডিৰেক্টৰ আৰু Indian Institute of Science Education and Research ৰ এগৰাকী অধ্যাপক৷ তেওঁ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে প্ৰসিদ্ধ৷ ড৹ গোস্বামী ভাৰতৰ…
-
অসীমা চেটাৰ্জী
অসীমা চেটাৰ্জী (২৩ ছেপ্টেম্বৰ ১৯১৭ – ২২ নৱেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।
-
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী
ৰায় বাহাদুৰ ছাৰ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী (Sir Upendranath Brahmachari; ১৯ ডিচেম্বৰ ১৮৭৩ – ৬ ফেব্ৰুৱাৰী ১৯৪৬) আছিল এগৰাকী বিজ্ঞানী, অধ্যাপক আৰু ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী স্মৰণীয় চিকিৎসক।
-
জি. মাধৱন নায়াৰ
জি. মাধৱন নায়াৰ (G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল।
-
সৌম্যা স্বামীনাথন
সৌম্যা স্বামীনাথন (Soumya Swaminathan, জন্ম: ২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী। ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে।
-
ৰোদ্দম নৰসিম্হা
ৰোদ্দম নৰসিম্হা (Roddam Narasimha, ২০ জুলাই ১৯৩৩ – ১৪ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় তৰল গতিবিদ তথা মহাকাশ বিজ্ঞানী। তেওঁ ১৯৬২ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মহাকাশ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল। তেওঁ ১৯৮৪ চনৰ পৰা ১৯৯৩ চনলৈ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰৰ সঞ্চালক পদত অধিষ্ঠিত আছিল।
-
অৰুণাচলম মুৰুগানান্থম
অৰুণাচলম মুৰুগানান্থম হৈছে ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰৰ এজন সমাজ উদ্যোগী তথা উদ্ভাৱক। তেওঁ কম মূল্যৰ ছেনিটেৰী পেড নিৰ্মাণ কৰা এক মেচিন উদ্ভাৱন কৰিছিল আৰু গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱৰ সময়ত পালন কৰা পৰম্পৰাগত অস্বাস্থ্যকৰ নিয়ম সম্পৰ্কে সজাগতা সৃষ্টিৰ তৃণমূল পৰ্যায়ৰ কৌশল উদ্ভাৱনৰ বাবে বিখ্যাত।
-
অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)
অৰ্চনা শৰ্মা (১৬ ফেব্ৰুৱাৰী ১৯৩২ - ১৪ জানুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী। তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভাজন, সপুষ্পক…
-
কানু গান্ধী
কানু গান্ধী (১৯২৮ – ৭ নৱেম্বৰ ২০১৬) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মহাত্মা গান্ধীৰ পো নাতি।
-
চালিম আলি
চালিম মৈজুদ্দিন আব্দুল আলি (১২ নৱেম্বৰ ১৮৯৬ – ২০ জুন ১৯৮৭) এগৰাকী ভাৰতীয় পক্ষীবিদ আৰু প্ৰকৃতিবিদ। তেওঁক "ভাৰতৰ পক্ষীমানৱ" হিচাপে অভিহিত কৰা হয়। তেওঁ ভাৰতত পোন প্ৰথমবাৰৰ বাবে পক্ষীকুলৰ সংঘবদ্ধ সমীক্ষা কৰিছিল আৰু চৰাই সম্বন্ধীয় বহুতো গ্ৰন্থ প্ৰণয়ন কৰিছিল।
-
জানকী অম্মল (উদ্ভিদ বিজ্ঞানী)
জানকী অম্মল (৪ নৱেম্বৰ ১৯৮৭- ৭ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উদ্ভিদবিজ্ঞানী আছিল।
-
নাম্বি নাৰায়ণন
এছ. নাম্বি নাৰায়ণন (S. Nambi Narayanan; জন্ম: ১২ ডিচেম্বৰ, ১৯৪১) ১৯৯৪ চনত চোৰাংচোৱাগিৰিত মিছাকৈ তেওঁক অভিযুক্ত কৰা হৈছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৯৬ চনত চি বি আই তেওঁৰ বিৰুদ্ধে থকা অভিযোগ বৰ্খাস্ত কৰে আৰু ১৯৯৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁ দোষী নহয় বুলি ঘোষণা কৰে।
-
যমুনা কৃষ্ণণ
যমুনা কৃষ্ণণ (জন্ম: ২৫ মে' ১৯৭৪) এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে।
-
ৰাজেশ্বৰী চেটাৰ্জী
ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা। বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।
-
অজয় ঘটক
অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে।
-
অবেইদ ছিদ্দিকি
অবেইদ ছিদ্দিকি (FRS- ফেল' অৱ ৰয়েল ছ'ছাইটি- ৰয়েল ছ'ছাইটিৰ সদস্য) (৭ জানুৱাৰী ১৯৩২-২৬ জুলাই ২০১৩) ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত National Research Professor আছিল। তেওঁৰ ড্ৰছ'ফিলা মাখিৰ জেনেটিকছ আৰু নিউৰ'বায়ল'জী সম্পৰ্কীয় গৱেষণাৰ বাবে লব্ধপ্ৰতিষ্ঠ।
-
আদিতি পণ্ট
আদিতি পণ্ট (Aditi Pant) এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল।
-
কমলা সাহানী
কমলা সাহানী (১৪ ছেপ্তেম্বৰ ১৯১২ - ২৮ জুন ১৯৯৮) এগৰাকী অগ্ৰণী ভাৰতীয় জীববিজ্ঞানী আছিল, তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃঙ্খলাৰ পিএইচডি অৰ্জনকাৰি প্ৰথম ভাৰতীয় মহিলা। বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ পথ মুকলি কৰিছিল।