ভাৰতৰ ৰাষ্ট্ৰপতি
১৭ প্ৰবন্ধ
-
ফখৰুদ্দিন আলি আহমেদ
ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি (১৯৭৪–১৯৭৭) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল। অধিবক্তা পেশাৰ পৰা ৰাজনীতিলৈ আহি তেওঁ কেন্দ্ৰীয় আৰু সংসদীয় জীৱনত দীৰ্ঘদিন সক্ৰিয় থাকি ১১ ফেব্ৰুৱাৰী ১৯৭৭ তাৰিখে কাৰ্যকালতে মৃত্যু বৰণ কৰে।
-
ভাৰতৰ ৰাষ্ট্ৰপতি
ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যাদাত অসীত ব্যক্তিজনাই হ’ল ৰাষ্ট্ৰপতি। তেওঁ ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মুৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত।
-
প্ৰণব মুখাৰ্জী
প্ৰণব কুমাৰ মুখাৰ্জী (Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
ৰাম নাথ কোৱিন্দ
ৰাম নাথ কোৱিন্দ (Ram Nath Kovind; জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। তেওঁ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছিল।
-
এ পি জে আব্দুল কালাম
আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam,; ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
-
ৰাজেন্দ্ৰ প্ৰসাদ
ৰাজেন্দ্ৰ প্ৰসাদ (Rajendra Prasad; জন্ম:১৮৮৪ – মৃত্যু:১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল।
-
প্ৰতিভা পাটিল
প্ৰতিভা দেৱীসিং পাটিল (জন্ম ১৯ ডিচেম্বৰ ১৯৩৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পাটিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। পাটিলে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ পালন কৰিছিল।
-
জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন (Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল।
-
কে আৰ নাৰায়ণন
কোচাৰিল ৰমন নাৰায়ণন (Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়।
-
বৰাহগিৰি ভেংকট গিৰি
বৰাহগিৰি বেংকটগিৰি (Varahagiri Venkata Giri) (১৮৯৪-১৯৮০) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল।
-
নীলম সঞ্জীৱ ৰেড্ডী
নীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy; ১৯ মে' ১৯১৩ – ১ জুন ১৯৯৬) আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেইল সিং
জেইল সিং (Zail Singh; জন্মতে জাৰনাইল সিং, ৫ মে' ১৯১৬ – ২৫ ডিচেম্বৰ ১৯৯৪) আছিল ভাৰতৰ সপ্তমজন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল।
-
আৰ ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০২৭ জানুৱাৰী ২০০৯) আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।
-
শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা (Shankar Dayal Sharma;; ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল।
-
ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিসকলৰ তালিকা ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ: ০১-০১-২০১৩ ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ৰিডিফমেইল ডট কম ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩ প্ৰাক্তন ৰাষ্ট্ৰপতিসকল, জি নিউজ ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩ President van India#Lijst van presidenten van India
-
সৰ্বেপল্লী ৰাধাকৃষ্ণন
ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণন (సర్వేపల్లి రాధాకృష్ణ; சர்வபள்ளி ராதாகிருஷ்ணன்; Sarvepalli Radhakrishnan) (, ৫ ছেপ্টেম্বৰ ১৮৮৮ – ১৭ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
-
ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে।