অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে আৰ নাৰায়ণন

কোচাৰিল ৰমন নাৰায়ণন (Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪৬০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কোচাৰিল ৰমন নাৰায়ণন (Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।১ ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল"; যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি" আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত।২

অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল। কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই শ্ৰেণীকোঠাৰ বাহিৰত থাকিহে পাঠগ্ৰহণ কৰিছিল। তেনেকৈয়ে কষ্ট আৰু দৰিদ্ৰতাৰ মাজত শিক্ষালাভ কৰি নাৰায়ণনে কেৰালা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থানসহ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ দিল্লীলৈ আহি সংবাদসেৱাৰ লগত জড়িত হৈ পৰে। তেনেতে প্ৰখ্যাত উদ্যোগপতি জে আৰ ডি টাটাৰ পৰা সহায় লাভ কৰি তেওঁ লণ্ডনৰ স্কুল অৱ ইক'নমিক্সত নামভৰ্তি কৰে। নাৰায়ণন ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কূতনীতিজ্ঞও আছিল। ইন্দিৰা গান্ধীৰ অনুৰোধত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ আহে আৰু ৰাজীৱ গান্ধীৰ কেবিনেটত স্থান লাভ কৰে।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

কে আৰ নাৰায়ণনৰ জন্ম হৈছিল ১৯২০ চনৰ ২৭ অক্টোবৰত, কেৰালাৰ ট্ৰেভাংকৰৰ উঝাভুৰ নামৰ গাঁৱত। এটি দলিত পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনৰ পিতৃৰ নাম আছিল কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম আছিল পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা। সাতোটি সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থটি সন্তান।

নাৰায়ণনে জীৱনৰ আদিশিক্ষা লাভ কৰিছিল কুৰিচিথানমত থকা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত ১৯৩১ চনত উঝাভুৰত থকা "আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়"ত তেওঁ নামভৰ্তি কৰে।

সেইসসময়ৰ ট্ৰেভাংকুৰ বিশ্ববিদ্যালয়ত (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) নাৰায়ণনে কলাৰ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেয়া ১৯৪৩ চনৰ কথা। উল্লেখনীয় যে, ট্ৰেভাংকুৰৰ সেইখন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ ডিগ্ৰী লাভ কৰা তেঁৱেই আছিল প্ৰথমজন দলিত ছাত্ৰ।৩

১৯৪৪ চনত, নাৰায়ণনক জে আৰ ডি টাটাৰ তৰফৰ পৰা ১৬,০০০ টকাৰ এটি বৃত্তি প্ৰদান কৰা হয়। সেই বৃত্তিটোৱে তেওঁক লণ্ডন স্কুল অৱ ইক'নমিক্সত ৰাজনীতি, অৰ্থনীতি আৰু সাংবাদিকতা অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰি তোলে।৪ ১৯৪৫ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু হেৰল্ড লাস্কিৰ অধীনত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।৫

কৰ্ম-জীৱন আৰু ৰাজনৈতিক জীৱন

  • ইংলেণ্ডলৈ শিক্ষালাভ কৰিবলৈ যোৱাৰ আগতে নাৰায়ণন দিল্লীলৈ যায় আৰু সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী "দ্যা হিন্দু" আৰু "দ্যা টাইমছ্ অৱ ইণ্ডিয়া"ত কাম কৰে। মোহনদাস কৰমচান্দ গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়। তাৰপিছতেই তেওঁ টাটাৰ পৰা বৃত্তিটো লাভ কৰে।
  • বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চনত ভাৰতলৈ ঘূৰি আহে। নাৰায়ণনৰ অধ্যাপক আৰু সেই সময়ৰ প্ৰসিদ্ধ ৰাজনৈতিক তত্ত্ববিদ হেৰল্ড লাস্কিয়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ নাৰায়ণনৰ হৈ এখনি পৰিচয়পূৰ্বক পত্ৰ প্ৰেৰণ কৰে।
  • ভাৰতলৈ আহি নাৰায়ণনে নেহৰুক সাক্ষাৎ কৰে আৰু ভাৰতীয় বৈদেশিক সেৱাত ১৯৪৯ চনত নিযুক্তি লাভ কৰে।
  • বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নাৰায়ণনে ৰেংগুন, টকিঅ', লণ্ডন, কানাবেৰা আদি ঠাইত কূটনীতিবিদ হিচাপে দায়িত্ব পালন কৰে। ১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা পদত্যাগ কৰে।
  • পদত্যাগৰ পাছত, তেওঁ কিছুদিনৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়।
  • ১৯৮০ চনত ইন্দিৰা গান্ধীয়ে কে.আৰ. নাৰায়ণনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰে। ১৯৮২ চনত ৰ'নাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে ইন্দিৰা গান্ধীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু সেই ঐতিহাসিক ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কে.আৰ. নাৰায়ণনে। সেই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কটোৰ কিছু উন্নত হৈছিল।৩
  • ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ অনুৰোধ ৰক্ষা কৰি নাৰায়ণনে ভোট ৰাজনীতিত যোগদান কৰে আৰু ১৯৮৪, ১৯৮৯ আৰু ১৯৯১ চনত সংসদলৈ নিৰ্বাচিত হয়।
  • ২১ আগষ্ট ১৯৯২ চনত নাৰায়ণন বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ ভাৰতৰ নৱমজন উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে।
  • উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৯৭ চনৰ ২৫ জুলাইত কাৰ্যালয়ত বহে। ভাৰতৰ উচ্চতম কাৰ্যালয়টোত বহা তেঁৱেই আছিল প্ৰথমজন দলিত। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি ২০০২ চনত তেওঁ সেই পদ ত্যাগ কৰে।৩

ব্যক্তিগত জীৱন

ভাৰতীয় বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বাৰ্মাত থাকোঁতে নাৰায়ণনে মা টিণ্ট টিণ্ট নামৰ এগৰাকী সমাজকৰ্মীক লগ পায়। ১৯৫১ চনৰ ৮ জুনত তেওঁৰ লগতেই নাৰায়ণন বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত তেওঁৰ পত্নীয়ে পূৰ্বৰ নামটো সলাই ঊষা নামটো গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। পাছলৈ তেওঁলোকৰ দুটি কন্যা সন্তান হয়।৩

গ্ৰন্থ

ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত নাৰায়ণনে একাধিক গ্ৰন্থৰ সহ-ৰচনা কৰে। তাৰে ভিতৰত কেইখনমান হৈছে- (১) ইণ্ডিয়া এণ্ড আমেৰিকা: এছেইছ ইন আণ্ডাৰষ্টেণ্ডিং(১৯৮৪) আৰু নন-এলাইনমেণ্ট ইন কনটেম্পৰাৰি ইণ্টাৰনেশ্যনেল ৰিলেছনছ্(১৯৮১)।৬

মৃত্যু

২০০৫ চনৰ ৯ নৱেম্বৰত, ৮৫ বছৰ বয়সত কে আৰ নাৰায়ণনে শেষনিশ্বাস ত্যাগ কৰে।৬ তেওঁ নিয়মনিয়াত আক্ৰান্ত হৈ আছিল। তেওঁৰ দেহাৱসানৰ পিছত গঠিত হোৱা কে.আৰ.নাৰায়ণনৰ সংস্থাই তেওঁৰ আদৰ্শ আৰু স্মৃতি সংৰক্ষণৰ হেতু বিভিন্ন কাম কৰি আছে।৭

তথ্যসূত্ৰ

  1. ↑ Sh. K.R. Narayanan · Vice President of India · Government of India. vicepresidentofindia.nic.in
  2. ↑ (14 August 1998). Shri K. R. Narayanan, President of India, in Conversation with N. Ram on Doordarshan and All India Radio. The Hindu
  3. ↑ K. R. NarayananK. R. Narayanan
  4. ↑ (June 1944). Science Notes and News. Current Science. পৃ. 168
  5. ↑ LSE counts K. R. Narayanan among its distinguished alumni; his portrait has been unveiled and placed in a position of honour; B. R. Ambedkar is the only other Indian to have been similarly honoured. . Retrieved 24 February 2006.Archived copy
  6. ↑ (August 19, 2018). Remembering KR Narayanan with 15 facts on the former President of India
  7. ↑ www.sunsigns.org/famousbirthdays/d/profile/k-r-n

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কূটনীতিবিদভাৰতৰ ৰাষ্ট্ৰপতিভাৰতৰ উপৰাষ্ট্ৰপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে আৰ নাৰায়ণন” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৮৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।