প্ৰজ্ঞা জয়ছোৱাল (Pragya Jaiswal; জন্ম: ১২ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা আৰু এটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।১
জয়ছোৱালে ২০১৪ চনত তামিল ভাষা ভাষাৰ চলচ্চিত্ৰ বিৰাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। তেওঁ তেলেগু পিৰিয়ড ড্ৰামা কাঞ্চে (২০১৫)ৰ জৰিয়তে বিশেষ সফলতা লাভ কৰে, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (দক্ষিণ) প্ৰদান কৰা হয়।২৩ জয়ছোৱালে টিটু এম.বি.এ ছবিৰ জৰিয়তে হিন্দী ভাষা চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ নক্ষত্ৰম (২০১৭), আচাৰী আমেৰিকা যাত্ৰা (২০১৮) আৰু অখণ্ড (২০২১)ৰ দৰে ছবিত অভিনয় কৰে, যিখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি।
প্ৰাৰম্ভিক জীৱন
জয়ছোৱালৰ জন্ম হৈছিল ১৯৯৩ চনৰ ১২ জানুৱাৰীত৪ ভাৰতৰ মধ্যপ্ৰদেশৰ জবলপুৰত। প্ৰজ্ঞা জয়ছোৱালে পুনেৰ চিম্বায়’ছিছ ল স্কুলৰপৰা শিক্ষা সম্পূৰ্ণ কৰিছিল।৫৬ চিম্বায়’ছিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মডেল হিচাপে কাম কৰিছিল। ২০১৪ চনত তেওঁ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 'চিম্বায়’ছিছ সাংস্কৃতিক পুৰস্কাৰ' লাভ কৰে।৭
কৰ্মজীৱন
জয়ছোৱালে ২০১৪ চনত তামিল চলচ্চিত্ৰ বিৰাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।৮ একে বছৰতে তেওঁ নিশান্ত দাহিয়াৰ বিপৰীতে টিটু এম.বি.এ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৯
২০১৫ চনত জয়ছোৱালে অভিজিতৰ বিপৰীতে মিৰ্চি লাণ্টি কুৰ্ৰাডুৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত খোজ পেলায়। বৰুণ তেজৰ বিপৰীতে এগৰাকী ৰাজকুমাৰীৰ চৰিত্ৰত অভিনয় কৰা কাঞ্চে ছবিখনে তেওঁৰ কৰ্মজীৱনত এক মোৰ সলায়। ছবিখন ব্যাৱসায়িকভাৱে সফল হিচাপে পৰিগণিত হয়।১০১১১২ ডেক্কান ক্ৰনিকলৰ সুৰেশ কবিৰায়নীয়ে উল্লেখ কৰিছিল যে, "প্ৰজ্ঞাক দেখিবলৈ ধুনীয়া আৰু তেওঁক ৰাজকুমাৰীৰ চৰিত্ৰটোত সম্পূৰ্ণ খাপ খাই পৰিছে।" ১৩
কাঞ্চেৰ সফলতাৰ পিছত ২০১৭ চনত তেওঁৰ চাৰিখন ছবি মুক্তি পায়। তেওঁ প্ৰথমে ঔঁ নমো ভেংকটেশায়ত অভিনয় কৰে, যিখন বক্স অফিচত বিফল হয়।১৪ মঞ্চু মনোজৰ বিপৰীতে তেওঁৰ পৰৱৰ্তী ছবি গুণ্টুৰোডুও বক্স অফিচত বিফল হয়।১৫ ইয়াৰ পিছত জয়ছোৱালে নক্ষত্ৰম ছবিত এগৰাকী আই.পি.এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।১৬ দ্য টাইমছ অৱ ইণ্ডিয়াৰ শ্ৰীধৰ আদিভিয়ে মন্তব্য কৰিছিল যে তেওঁৰ চৰিত্ৰটোত "গ্লেমাৰ আৰু গুৰুত্ব" দুয়োটাই আছিল।১৭ বছৰটোৰ শেষৰখন ছবি জয়া জানকী নায়কত তেওঁক এক বিশেষ চৰিত্ৰত দেখা গৈছিল। ২০১৮ চনত তেওঁ বিষ্ণু মঞ্চুৰ বিপৰীতে আচাৰী আমেৰিকা যাত্ৰাত অভিনয় কৰে, যিখন বক্স অফিচত মধ্যমীয়া আছিল।১৮
তিনিবছৰীয়া বিৰতিৰ অন্তত জয়ছোৱালে নন্দমুৰী বালকৃষ্ণৰ বিপৰীতে অখণ্ডত এগৰাকী আই.এ.এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।১৯ ছবিখন ব্যাৱসায়িকভাৱে সফল হয় আৰু ২০২১ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী তেলেগু চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।২০ ফাৰ্ষ্টপোষ্ট-এ উল্লেখ কৰিছিল যে, "শাৰণ্যৰ চৰিত্ৰটো আপেক্ষিকভাৱে ভালদৰে লিখা হৈছিল আৰু প্ৰজ্ঞাই ইয়াক সুন্দৰকৈ ফুটাই তুলিছিল।" ২১
তথ্যসূত্ৰ
- ↑ Pragya Jaiswal interview. FHM India
- ↑ Kavirayani, Suresh. (12 September 2015). I was scared to slap Varun: Pragya Jaiswal. Deccan Chronicle
- ↑ (18 June 2016). Sai Pallavi, Pragya Jaiswal share Best Debut Actress award at 63rd Britannia Filmfare Awards South 2016. The Times of India
- ↑ pragya-jaiswal-figure-size. publicbiography.com
- ↑ Anjali Shetty. (22 January 2014). 'I am pleasantly surprised' - City-Pune. DNA
- ↑ Amit Kumar. (22 January 2014). Pragya Jaiswal Biography. infoknocks.com
- ↑ Alumini Newsletter-2014. symlaw.ac.in
- ↑ An Unexciting Chase
- ↑ (1 October 2014). Titoo MBA. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (19 October 2015). 'Kanche' transported me to a different era, says Telugu actress Pragya Jaiswal. The Indian Express
- ↑ Devalla, Rani. (27 October 2015). 'Kanche' team savouring the success. দ্য হিন্দু
- ↑ 25 Greatest Telugu Films Of The Decade · Film Companion. www.filmcompanion.in
- ↑ Kavirayani, Suresh. (24 October 2015). Movie review 'Kanche': Love reigns in war zone. Deccan Chronicle
- ↑ (10 February 2017). 'Om Namo Venkatesaya' Review. The New Indian Express
- ↑ Gunturodu movie review: Something goes wrong
- ↑ (8 October 2016). Ram Charan Teja launches first look of Sundeep's Nakshatram. The Indian Express
- ↑ Nakshatram Movie Review. The Times of India
- ↑ Y Sunita Chowdhary. (27 April 2018). Achari America Yatra: Amateurish effort at comedy. The Hindu
- ↑ Dundoo, Sangeetha Devi. (22 November 2021). Pragya Jaiswal: I took up 'Akhanda' with the trust I have in director Boyapati Srinu. The Hindu
- ↑ Singh, Jatinder. (1 February 2022). Akhanda final box office update; Balakrishna - Boyapati film is True Blue BLOCKBUSTER. Pinkvilla
- ↑ Akhanda movie review: For better or worse, this is everything you expect from a Nandamuri Balakrishna-Boyapati Srinu film. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজ্ঞা জয়ছোৱাল” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৪৮ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।