অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পেৰিছ লিছ

পেৰিছ লিছ (: Paris Lees )এগৰাকী ইংলেণ্ডৰ লেখিকা, সাংবাদিক, উপস্থাপক আৰু প্ৰচাৰক। তেওঁ ২০১৩ চনত দ্য ইণ্ডিপেণ্ডেণ্ট চানদেৰ পিংক লিষ্ট-ত শীৰ্ষস্থান দখল কৰিছিল আৰু ২০১৪ চনত ৰেইনব’-ত দ্বিতীয় স্থান লাভ কৰিছিল।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৬ ৬০৩ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পেৰিছ লিছ (: Paris Lees )এগৰাকী ইংলেণ্ডৰ লেখিকা, সাংবাদিক, উপস্থাপক আৰু প্ৰচাৰক।১২ তেওঁ ২০১৩ চনত দ্য ইণ্ডিপেণ্ডেণ্ট চানদেৰ পিংক লিষ্ট-ত শীৰ্ষস্থান দখল কৰিছিল আৰু ২০১৪ চনত ৰেইনব’-ত দ্বিতীয় স্থান লাভ কৰিছিল। ২০১২ চনত তেওঁ ৰাষ্ট্ৰীয় বৈচিত্ৰ্য বঁটা-ত এলজিবিটি শাখাত ইতিবাচক আদৰ্শ বঁটা লাভ কৰে।লিছ হৈছে ভোগৰ প্ৰথম হিজড়া স্তম্ভলেখক আৰু বিবিচি ৰেডিঅ’ ১ আৰু চেনেল ৪ ত অনুষ্ঠান উপস্থাপন কৰা প্ৰথমগৰাকী হিজড়া মহিলা।৩ তেওঁৰ প্ৰথম গ্ৰন্থ ‘ৱাট ইট ফিলছ লাইক ফৰ এ গাৰ্ল’ ২০২১ চনত পেংগুইন বুক’চে প্ৰকাশ কৰে আৰু ২০২৫ চনত টেলিভিছন ধাৰাবাহিকলৈ ৰূপান্তৰিত হয়।৪৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লিছৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল নটিংহামশ্বাৰৰ হাকনালত।৬ তেওঁৰ মাতৃৰ নাম চেলি আৰু ১৭ বছৰ বয়সতে তেওঁক জন্ম দিয়ে।৭ তেওঁৰ পিতৃৰ নাম ডেৰেন লিছ এজন বাউন্সাৰ হিচাপে কাম কৰিছিল।৮ শিশু অৱস্থাত তেওঁৰ পিতৃ-মাতৃ বিচ্ছেদ হৈছিল। লিছৰ পেহীয়েক আৰু আইতাকে তেওঁক ডাঙৰ-দীঘল কৰাত সহায় কৰিছিল। লিছে নিজৰ বিষয়ে বৰ্ণনা কৰিছে যে সৰুতে তেওঁৰ আচৰণৰ অসুবিধা হৈছিল আৰু ৯ বছৰ বয়সত মাকে তেওঁক পিতৃৰ লগত থাকিবলৈ পঠিয়াইছিল। বিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত পেৰিছ লিছে গুৰুতৰভাৱে উৎপীড়নৰ সন্মুখীন হৈছিল। তথাপিও, সকলো অসুবিধাৰ মাজতো তেওঁ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল।৮ ১৪ বছৰ বয়সৰ পৰাই তেওঁ ধনৰ বিনিময়ত পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে। লিছে কয় যে তেওঁ এই অভিজ্ঞতাক বিধিগত ধৰ্ষণ বুলি স্বীকাৰ কৰে যদিও সেই সময়ত তেওঁ স্বীকৃতি দিয়া নাছিল।২

১৬ বছৰ বয়সত লিছে পিতৃৰ ঘৰৰ পৰা ওলাই যায়। পিছলৈ লিছে ডকাইতি সংঘটিত কৰে, যাৰ বাবে তেওঁ ১৮ বছৰ বয়সতে আঠ মাহ কাৰাদণ্ড খাটে। লিছে কৈছিল যে তেওঁ কলেজ এৰি দিছিল আৰু জেললৈ যাবলগীয়া হোৱাৰ ভয়ত পথভ্ৰষ্ট হৈ বহু ড্ৰাগ ল’বলৈ আৰম্ভ কৰিছিল। জেলত থাকোঁতে তেওঁ নিজৰ জীৱন সলনি কৰাৰ সিদ্ধান্ত লয়। মুক্তি পোৱাৰ পিছত তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰি এ-লেভেলৰ বাবে অধ্যয়ন কৰে।

লিছে বিশ্ববিদ্যালয়ত ইংৰাজী পঢ়িবলৈ উল্লেখযোগ্যভাৱে,এলজিবিটি-বন্ধুত্বপূৰ্ণ চহৰ ব্ৰাইটনলৈ গুচি যায়। সোনকালেই তেওঁ নিজকে সাৰ্বজনিকভাৱে মহিলা হিচাপে পৰিচয় দিবলৈ আৰম্ভ কৰে।

চাৰিং ক্ৰছ জেণ্ডাৰ আইডেন্টিটি ক্লিনিকলৈ ৰেফাৰেল পায়, য’ত তেওঁ নিজৰ লিংগ পৰিৱর্তনৰ আৰম্ভণিৰ বাবে হৰম’ন চিকিৎসা লাভ কৰে।৯

কৰ্মজীৱন

সাংবাদিকতা আৰু উপস্থাপন

বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত লিছে সাংবাদিকতাৰ যোগেদি জীৱন গঢ়িবলৈ লণ্ডনলৈ গুচি যায়।২

তেওঁ ট্ৰেন্স সম্প্ৰদায়ক লক্ষ্য কৰি প্ৰথমখন ব্ৰিটিছ আলোচনী মেটা প্ৰতিষ্ঠা কৰিছিল আৰু গে টাইমছৰ ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদিকা আছিল। গে টাইমছ আৰু ডিভা দুয়োটাতে তেওঁৰ স্তম্ভ আছে, আৰু ডিভা আলোচনীৰ প্ৰথম ট্ৰেন্স কভাৰ গাৰ্ল হিচাবে স্থান লাভ কৰে।১০

লিছে দ্য ইণ্ডিপেণ্ডেণ্ট, দ্য গাৰ্ডিয়ান, দ্য ডেইলী টেলিগ্ৰাফ, পিংকনিউজ, ভাইচকে ধৰি কাকত আৰু আলোচনীসমূহৰ বাবেও লিখিছে, লগতে চেনেল ৪ নিউজৰ বাবেও লিখিছে।১১

লিছে টেলিভিছন আৰু ৰেডিঅ’ৰ উপস্থাপক হিচাপে কাম কৰিছিল, বিবিচি ৰেডিঅ’ ১ আৰু চেনেল ৪ দুয়োটাতে প্ৰথম ট্ৰেন্স মহিলা উপস্থাপক আছিল। ৰেডিঅ’ ১ ত তেওঁ বিবিচি ৰেডিঅ’ ১ৰ ষ্ট’ৰীজৰ বাবে "দ্য হেট ডিবেট" শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল য’ত সংখ্যালঘু গোটৰ প্ৰতি মানুহৰ মনোভাৱৰ লগতে বৰ্ণবাদ, সমকামীতাক ঘৃণা, ট্ৰেন্সফ’বিয়া আৰু ইছলামোফ’বিয়াও বিবেচনা কৰা হৈছিল। সমালোচকসকলে লিছক প্ৰশংসা কৰিছিল।

২০১৩ চনৰ ২৫ অক্টোবৰত লিছে বিবিচিৰ ১০০ মহিলাৰ অনুষ্ঠানত আলোচক হিচাবে অংশগ্ৰহণ কৰে। ৩১ অক্টোবৰত লিছ বিবিচিৰ প্ৰশ্নকালৰ কাৰ্যসূচীত উপস্থিত হোৱা প্ৰথমজন মুকলিকৈ অংশগ্ৰহণকাৰী হিচাপে পৰিগণিত হয়, যিয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী জন প্ৰেছকট আৰু লেবাৰ পাৰ্টিৰ উপ-নেতা হেৰিট হাৰমানকে ধৰি মন্তব্যকাৰীসকলৰ প্ৰশংসা লাভ কৰে।

২০১৮ চনত লিছক ভোগৰ প্ৰথম ট্ৰেন্স স্তম্ভলেখক হিচাপে নিযুক্তি দিয়া হয়।

২০২১ চনত পেংগুইনে লিছৰ প্ৰথমখন কিতাপ ৱাট ইট ফিলছ লাইক ফৰ এ গাৰ্ল মুকলি কৰে, যিখন লিছৰ ১৩ৰ পৰা ১৮ বছৰ বয়সৰ জীৱনৰ ওপৰত আধাৰিত এখন উপন্যাস স্মৃতিগ্ৰন্থ ২০০১ চনৰ পৰা আৰম্ভ হয়। লিছে ২০১৩ চনত এই কিতাপখনৰ ধাৰণা লৈ পেংগুইনৰ কাষ চাপিছিল, প্ৰথমে তেওঁ অধিক গতানুগতিক আত্মজীৱনী লিখাৰ পৰিকল্পনা কৰিছিল। ২০২৫ চনত এই কিতাপখনৰ আধাৰত এখন টেলিভিছন ধাৰাবাহিক বিবিচি থ্ৰীত মুক্তি পায়।১২

সক্ৰিয় কৰ্মী হিচাপে

লিছে ট্ৰেন্স মিডিয়া ৱাচৰ সৈতে কাম কৰি চেনেল ৪ক সম্প্ৰচাৰত থকা ট্ৰান্সবিৰোধী সামগ্ৰী আঁতৰাবলৈ আহ্বান জনাইছিল আৰু মাই ট্ৰেন্সচেক্সুৱেল ছামাৰ ডকুমেন্টাৰীৰ ক্ষেত্ৰতো পৰামৰ্শ দিছিল।

তেওঁ বিভিন্ন গণমাধ্যমৰ সৈতে কাম কৰি ট্ৰান্সজেণ্ডাৰ বিষয়ৰ সঠিক উপস্থাপন নিশ্চিত কৰাৰ চেষ্টা কৰিছে। বৰ্তমান তেওঁ অল এবাউট ট্ৰেন্সৰ সৈতে জড়িত, যিয়ে সাংবাদিক আৰু ট্ৰান্সজেণ্ডাৰ লোকসকলক একেলগে আনিবলৈ চেষ্টা কৰে।১৩

২০১৩ চনত দ্য ইণ্ডিপেণ্ডেণ্ট অন চানদেৰ পিংক লিষ্টত তেওঁ শীৰ্ষস্থান লাভ কৰে আৰু যুক্তৰাজ্যৰ আটাইতকৈ প্ৰভাৱশালী এলজিবিটি ব্যক্তিত্ব হিচাপে স্বীকৃতি পায়।১৪

২০১৬ চনৰ মে’ মাহত লিছে ব্ৰুক মেগনান্টিৰ সৈতে মিলি যুক্তৰাজ্যত যৌনকৰ্মীৰ অৱস্থাৰ বিষয়ে গৃহ পৰিক্ৰমা নিৰ্বাচিত সমিতিকৰ আগত সাক্ষ্য প্ৰদান কৰে। এই সমিতিখন কিথ ভাজৰ নেতৃত্বত চলিছিল।১৫ পিছলৈ প্ৰকাশিত প্ৰতিবেদনত যৌনকৰ্ম-সম্পৰ্কীয় অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ অপৰাধৰ নথি আঁতৰোৱাৰ পৰামৰ্শ অন্তৰ্ভুক্ত কৰা হয়, যাক যৌনকৰ্মী সংগঠনসমূহে অধিকাৰৰ ক্ষেত্ৰত এক ডাঙৰ জয় বুলি অভিহিত কৰে।১৬১৭

২০২০ চনৰ জুন মাহত লিছে, জে.কে.ৰাওলিংক ক’ভিড লকডাউন শেষ হোৱাৰ পিছত দুপৰীয়াভোজনলৈ আমন্ত্ৰণ জনাইছিল, যাতে তেওঁ কিছুমান যুৱ ট্ৰান্স ব্যক্তিৰ সৈতে চিনাকি হ’ব পাৰে।১৮১৯

ব্যক্তিগত জীৱন

লিছে ৰাজহুৱাভাৱে নিজকে এগৰাকী উভয়লিংগ ট্ৰেন্স মহিলা হিচাপে চিনাক্ত কৰিছে, আৰু এগৰাকী নাৰীবাদী হিচাপেও চিনাক্ত কৰিছে। লিছে লিংগ পৰিৱৰ্তনৰ প্ৰথম দিনবোৰত মহিলা হিচাপে চিনাক্ত নোহোৱাৰ বাবে কেনেকৈ নিৰ্যাতন লাভ কৰিছিল সেই বিষয়ে লিখিছে।২০

২০১৮ চনত তেওঁ ব্ৰিটিছ ভোগত প্ৰকাশ পোৱা প্ৰথমগৰাকী মুকলিভাৱে ট্ৰেন্স মহিলা হিচাপে পৰিগণিত হয়। পিছলৈ ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁ ব্ৰিটিছ ভোগৰ স্তম্ভলেখক হয়।২১

ইয়াৰ উপৰিও তেওঁ বিবিচি ৰেডিঅ' ১ আৰু চেনেল ৪ৰ প্ৰথমখন মুকলিকৈ ট্ৰেন্স উপস্থাপক আছিল।২২

তথ্যসূত্ৰ

  1. ↑ (4 February 2018). Life as a trans woman. BBC
  2. ↑ (2021-05-22). Paris Lees: 'It drives me crazy when people introduce me as a trans activist'. The Guardian
  3. ↑ (30 November 2018). Paris Lees is Vogue's first trans columnist
  4. ↑ Dazed. (2021-05-27). Paris Lees: 'I'm refusing the trans misery narrative'. Dazed
  5. ↑ BBC announces cast for What It Feels Like For A Girl. www.bbc.co.uk
  6. ↑ Sandeman, Kit. (4 January 2018). Hucknall-born Paris Lees will be first trans-woman to be named in Vogue's 100 most influential. Nottingham Post
  7. ↑ Taylor, Interviews by Jeremy. Relative Values: I was once Mum's son.. now I'm her daughter. The Times
  8. ↑ (2013-12-15). From bullied child to transgender woman: my coming of age · Paris Lees. The Guardian
  9. ↑ Lowbridge, Caroline. (27 October 2013). Paris Lees: From prison to transgender role model. BBC News
  10. ↑ Lees, Paris. Articles written by Paris Lees. PinkNews
  11. ↑ Lees, Paris. Articles written by Paris Lees. PinkNews
  12. ↑ What It Feels Like For A Girl's cast and creative team discuss the wild and anarchic drama series. www.bbc.co.uk
  13. ↑ About. All About Trans
  14. ↑ Barkham, Patrick. (22 January 2013). Voices from the trans community: 'There will always be prejudice'. The Guardian
  15. ↑ Khomami, Nadia. (10 May 2016). Belle de Jour author cautions MPs over rethink of prostitution laws. The Guardian
  16. ↑ Khomami, Nadia. (30 June 2016). Decriminalisation of sex workers in England and Wales backed by MPs. The Guardian
  17. ↑ Eastham, Janet. (4 July 2016). A radical moment for Britain's sex workers. The Guardian
  18. ↑ I'm going to bed but would like to invite @jk_rowling for lunch when lockdown is over. I've met with 100s of media professionals via @AllAboutTrans and would be very happy to introduce her to some young trans people and their families in a friendly, supportive, empathic setting.
  19. ↑ Trans writer praised for inviting JK Rowling to lunch to discuss her views. The Independent
  20. ↑ Lees, Paris. (23 August 2013). 'I hope Chelsea Manning gets the help she needs': Paris Lees, transgender former prisoner, on life inside. The Guardian
  21. ↑ (24 January 2018). First openly trans woman in British Vogue. BBC News
  22. ↑ (4 January 2018). First openly trans woman in British Vogue. BBC News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰিছ লিছ” প্ৰবন্ধৰ সংশোধন ৬০৩৪৪৩ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।