অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূৰ্ণিমা মাহাতো

পূৰ্ণিমা মাহাতো ভাৰতৰ জামছেদপুৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ আৰু ধনুৰ্বিদ প্ৰশিক্ষক। ভাৰতীয় ৰাষ্ট্ৰীয় ধনুৰ্বিদ চেম্পিয়নশ্বিপত জয়লাভ কৰিছে। ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত দলটোৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পূৰ্ণিমা মাহাতো ভাৰতৰ জামছেদপুৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ আৰু ধনুৰ্বিদ প্ৰশিক্ষক।১ ভাৰতীয় ৰাষ্ট্ৰীয় ধনুৰ্বিদ চেম্পিয়নশ্বিপত জয়লাভ কৰিছে। ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত দলটোৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ ২৯ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা দ্ৰোনাচাৰ্য্য বঁটা লাভ কৰে।২৩৪৫ ক্ৰীড়াৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী ২০২৪ প্ৰদান কৰা হয়।৬

কেৰিয়াৰ

সৰুতে মাহাতোৱে জামছেদপুৰৰ বীৰসনগৰৰ এখন ৰেঞ্জত ধনুৰ্বিদ্যা চাইছিল।৭ বীৰসনগৰত থকাটো বন্ধ হোৱাৰ পিছত জামছেদপুৰৰ বাৰ্মামাইনছৰ এটা ৰেঞ্জলৈ যোৱাৰ আগতে তেওঁ তাত প্ৰশিক্ষণ লৈছিল।৭ ১৯৯২ চনত তেওঁ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰে, আৰু দলটোৰ সৈতে প্ৰশিক্ষণ ল'বলৈ দিল্লীলৈ যায়।৭

ধনুৰ্বিদ হিচাপে মাহাতোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ প্ৰতিযোগিতাত পদক লাভ কৰে।৮ তেওঁ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নো আছিল। .৭ ১৯৯৩ চনৰ আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদ চেম্পিয়নশ্বিপত তেওঁ দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰে।১ ১৯৯৪ চনৰ পুনে ৰাষ্ট্ৰীয় খেলত তেওঁ ধনুৰ্বিদ্যাত ছটা সোণৰ পদক লাভ কৰে।৭৯ ১৯৯৪ চনৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰিছিল যদিও পদক লাভ কৰা নাছিল। .৭ ১৯৯৭ চনত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ দুটা সোণৰ পদক লাভ কৰে আৰু দুটা ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।১০৭ ১৯৯৯ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়াত ড'লা বেনাৰ্জীয়ে দুবছৰ পূৰ্বে ৩০ মিটাৰ ধনুৰ্বিদ্যাত মাহাতোৱে স্থাপন কৰা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।১১

লাভ কৰিছে পূৰ্ণিমা মাহাতোৱে]]

ৰাষ্ট্ৰপতিৰ পৰা পূৰ্ণিমা মাহাতোৱে লাভ কৰিছে ''দোনাচাৰ্য বঁটা''
ৰাষ্ট্ৰপতিৰ পৰা পূৰ্ণিমা মাহাতোৱে লাভ কৰিছে দোনাচাৰ্য বঁটাছবি: Rajivranprasad · CC BY-SA 3.0

সন্মান

পূৰ্ণিমা মাহাতো ২০২৪ চনৰ ২২ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ২০২৪ চনৰ বাবে পদ্মশ্ৰী লাভ কৰে।১২ পূৰ্ণিমা মাহাতো ২০১৩ চনৰ ২৯ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা দ্ৰোনাচাৰ্য বঁটা প্ৰদান কৰা হয়।২৩৪৫১৩ পূৰ্ণিমা মাহাতো হৈছে ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা যিয়ে সন্মানীয় দ্ৰোনাচাৰ্য বঁটাৰে সন্মানিত কৰিছে।৫১৪

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে নতুন দিল্লীত ঝাৰখণ্ডৰ পূৰ্ণিমা মাহাতো, পদ্মশ্ৰীক সন্মান জনায়।১৫

তথ্যসূত্ৰ

  1. ↑ Social Post. (30 July 2008). Purnima Mahato selected as Indian Archery team coach. One India
  2. ↑ (8 August 2013). hindu – Five nominated for Dronacharya Awards. Hindu
  3. ↑ (8 August 2013). zee news – Purnima Mahato, Narendra Saini recommended for Dronacharya. Zee news
  4. ↑ (8 August 2013). NDTV – Purnima Mahato, Narendra Saini recommended for Dronacharya Award. NDTV
  5. ↑ (31 August 2013). TATA STEEL – Ms. Purnima Mahato, Tata Steel Employee and Senior Coach at Tata Archery Academy has been bestowed with the prestigious Dronacharya Award. TATA STEEL
  6. ↑ Never thought would reach such a level": Purnima Mahato after being honoured with Padma Shri
  7. ↑ (28 December 2004). Calcutta: Jharkhand. The Telegraph (India)
  8. ↑ What's New. Tata Steel
  9. ↑ Pune Khel. Pune Khel
  10. ↑ Sport Events in 1997. Hindu.com
  11. ↑ (18 February 1999). Millet wins three more gold medals, State shooters excel. Express India
  12. ↑ Padma Awards 2024: Rohan Bopanna, Joshna Chinappa among seven sportspersons to get Padma Shri
  13. ↑ (24 August 2013). Telegraph – Purnima bags Dronacharya with ace pupils in quiver. Telegraph
  14. ↑ (1 September 2013). Times Of India – A great honour for me: Purnima Mahato. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ President Draupadi Murmu honoured Jharkhand's Purnima Mahato, Padma Shri in New Delhi.. Prabhat Khabar

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণিমা মাহাতো” প্ৰবন্ধৰ সংশোধন ৫৭৪৫০১ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।