অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূৰ্ণিমা হেমব্ৰাম

পূৰ্ণিমা হেমব্ৰাম ( Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পূৰ্ণিমা হেমব্ৰাম ( Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।

পৰিচয়

হেমব্ৰাম ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ চাওতাল জনগোষ্ঠীৰ লোক।১ ১৯৯৩ চনত তেওঁৰ জন্ম হয়৷ দেউতাক আৰু মাকৰ নাম ক্ৰমে, দুখীয়া হেমব্ৰাম আৰু ধনীয়া হেমব্ৰাম৷ তেওঁৰ দুগৰাকী ভাতৃ, দুৰ্গা আৰু ডোমন আৰু এগৰাকী ভনী আছে, নাম চিংগো।

শিক্ষা জীৱন

খেলৰ লগতে শিক্ষা গ্ৰহণৰ বাবে কলিংগ ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্স (KISS)ত তেওঁ স্নাতক ডিগ্ৰীৰ বাবে নাম ভৰ্তি কৰে৷২

খেলুৱৈ জীৱন

২০১৮ চনৰ এছিয়ান গেমছৰ আগছোৱা সময়ত তেওঁ আঁঠুৰ আঘাতত ভূগি আছিল আৰু তাৰ সুচিকিৎসাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ক অনুৰোধ কৰিছিল৷ কিন্তু, এই ক্ষেত্ৰত আশানুৰূপ সঁহাৰি নোপোৱাৰ কথা তেওঁ কয়৷৩ ২০১৭ চনৰ ১৭ ছেপ্টেম্বৰত তুৰ্কমেনিস্তানৰ আছগাবাটত অনুষ্ঠিত ৫ম এছিয়ান ইনড'ৰ আৰু মাৰ্শ্বিয়েল আৰ্টছ গেমছত হেমব্ৰামে সোণৰ পদক লাভ কৰে।৪ মহিলা পেন্টাথলন ইভেণ্টত পূৰ্ণিমা হেমব্ৰামে পাঁচটা ইভেণ্টৰ পৰা সৰ্বমুঠ ৪০৬২ পইণ্ট সংগ্ৰহ কৰি অকলশৰীয়াকৈ এই সোণৰ পদক লাভ কৰিছিল।৫ আন্তৰ্জাতিক মহিলা হেপ্টাথলনত পূৰ্ণিমাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ এইটো তেওঁ লাভ কৰা প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পদক।৬

সন্মান

২০১৫ চনত হেমব্ৰামক ওড়িশাৰ মুখ্যমন্ত্ৰী বিজু পাটনায়কএ “বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ’’ হিচাপে ঘোষণা কৰে আৰু তেওঁক ২ লাখ টকাৰ পুৰস্কাৰ দিয়া হয়।৭ ২০১৭ চনত ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ঠিক আগে আগে ১ জুলাইত মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁক ৩ লাখ টকাৰ অনুদান দিছিল৷৭ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ট্ৰেকত কৰা ৰেকৰ্ডৰ বাবে পূৰ্ণিমা হেমব্ৰামক ২০১৪ বৰ্ষৰ বাবে ২২ সংখ্যক একলব্য বঁটা দিয়া হয়। এই বঁটাত প্ৰশস্তি পত্ৰৰ লগতে ২ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হয়৷৮

তথ্যসূত্ৰ

  1. ↑ Purnima Hembram of Santhal tribe bags pentathlon gold for India at Asian indoor meet – Adivasi Resurgence. www.adivasiresurgence.com
  2. ↑ স্নাতক
  3. ↑ এছিয়ান
  4. ↑ Purnima Hembram Makes India Proud, Wins Gold Medal At Asian Indoor And Martial Arts Games. indiatimes.com
  5. ↑ সোণৰ পদক
  6. ↑ পূৰ্ণিমাৰ পদক
  7. ↑ Pani, Sanatan. Orisports.com. orisports.com
  8. ↑ পূৰ্ণিমা

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণিমা হেমব্ৰাম” প্ৰবন্ধৰ সংশোধন ৫৯৫২৮৫ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।