পূৰ্ণা জগন্নাথন (ইংৰাজী ভাষা: Poorna Jagannathan; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২) এগৰাকী ভাৰতীয়-আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ ড্ৰামা মিনি-চিৰিজ দ্য নাইট অৱ-ত চফৰ খানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।১ ইয়াৰ উপৰি তেওঁ নেটফ্লিক্সৰ কিশোৰ কমেডী ধাৰাবাহিক নেভাৰ হেভ আই এভাৰত নলিনী বিশ্বকুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে।২ তেওঁ বৰ্তমান হুলুৰ অপৰাধমূলক কমেডী ধাৰাবাহিক ডেলি বয়জত লাকীৰ চৰিত্ৰত অভিনয় কৰি আছে।
পূৰ্ণাই নিৰ্ভয়া নামৰ নাটকখনৰ সহ-পৰিকল্পনা, প্ৰযোজনা আৰু অভিনয়ো কৰিছিল।৩ এই নাটকখনক "মানৱাধিকাৰ থিয়েটাৰৰ ইতিহাসত নিৰ্মিত অন্যতম শক্তিশালী আৰু জৰুৰী অংশ" হিচাপে গণ্য কৰা হয় আৰু ইয়াক ভাৰতৰ নাৰী সবলীকৰণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে বিবেচনা কৰা হয়।৪৫
২০২১, ২০২২ আৰু ২০২৫ চনত গোল্ডহাউছে আমেৰিকাৰ "১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী এছীয়" লোকৰ তালিকাত পূৰ্ণাৰ নাম অন্তৰ্ভুক্ত কৰিছিল।৬ পিপল মেগাজিনে ২০২৪ চনৰ "দ্য বিউটিফুল ইছ্যু"ত তেওঁক স্থান দিছিল আৰু ভাৰ্ভ মেগাজিনে ২০১৪ চনত তেওঁক ভাৰতৰ ৫০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে ঘোষণা কৰিছিল।৭
প্ৰাৰম্ভিক জীৱন
১৯৭২ চনৰ ২২ ডিচেম্বৰত টিউনিছিয়াৰ টিউনিছত বসন্ত কৃষ্ণন আৰু জি. জগন্নাথনৰ ঘৰত পূৰ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জি. জগন্নাথন আছিল টিউনিছিয়াৰ ভাৰতীয় দূতাবাসত কৰ্মৰত এজন ভাৰতীয় কূটনীতিবিদ।৮৯
তেওঁ ভাৰত, পাকিস্তান, আয়াৰলেণ্ড, ব্ৰাজিল আৰু আৰ্জেণ্টিনাত ডাঙৰ-দীঘল হৈছিল।১০ তেওঁ তামিল, হিন্দী, ইংৰাজী, স্পেনিছ আৰু পৰ্তুগীজ ভাষা ক’ব পাৰে।১১ পূৰ্ণাই দিল্লীৰ চৰ্দাৰ পেটেল বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰপৰা সাংবাদিকতা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে ব্ৰাজিলিয়া বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিছিল। পেচ বিশ্ববিদ্যালয়ৰ এক্টৰ্ছ ষ্টুডিঅ’ ড্ৰামা স্কুলত অভিনয়ৰ স্নাতকোত্তৰ (MFA) ডিগ্ৰী লাভৰ বাবে তেওঁ জলপানি লাভ কৰিছিল যদিও এবছৰৰ পাছতে পঢ়া এৰিছিল। ইয়াৰ পিছত তেওঁ ‘দ্য বেৰ’ গ্ৰুপ’ত প্ৰশিক্ষণ গ্ৰহণ কৰে য’ত তেওঁ বৰ্তমান এগৰাকী বৰ্ড আৰু কোম্পানীৰ সদস্য। অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে পূৰ্ণাই ১৫ বছৰ ধৰি বিভিন্ন বিজ্ঞাপন সংস্থাত কাম কৰিছিল আৰু নিজাকৈ ‘কাউগাৰ্লছ এণ্ড ইণ্ডিয়ানছ’ নামৰ এক পৰামৰ্শদাতা প্ৰতিষ্ঠান চলাইছিল। ২০১৬ চনত তেওঁ বিজ্ঞাপন জগতৰ কেৰিয়াৰ ত্যাগ কৰি সম্পূৰ্ণৰূপে অভিনয়ত মনোনিৱেশ কৰে।১২
কেৰিয়াৰ
পূৰ্ণাই বিগ লিটল লাইছ, বেটাৰ কল চৌল আৰু ৰামীৰ দৰে কেইবাখনো টিভি শ্ব’ত অভিনয় কৰিছে। তেওঁ দ্য ব্লেকলিষ্টত 'ব্লেকলিষ্টটাৰ #৪৪' হিচাপে অভিনয় কৰিছিল আৰু ইয়াৰ ১৮বছৰীয়া ডাবল-ছিজন-ফাইনেল খণ্ডত অতিথি মুখ্য চৰিত্ৰ হিচাপে উপস্থিত হৈছিল। ২০১৭ চনত তেওঁ এ২৪-ৰ ছবি শ্বেয়াৰত অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰে।১৩ শ্বেয়াৰ ২০১৯ চনৰ চাণ্ডেন্স ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ হৈছিল আৰু লগে লগে এইচবিঅ’-ৱে ইয়াৰ স্বত্ব লাভ কৰিছিল।১৪
২০১১ চনৰ হিন্দী ছবি দিল্লী বেলীত এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰি পূৰ্ণাই সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। দ্য ভিলেজ ভয়েচৰ মতে তেওঁৰ চৰিত্ৰটো আছিল এক আনন্দদায়ক আৰু ব্যতিক্ৰমী প্ৰস্থান।১৫ মুম্বাই মিৰৰৰ মতে পূৰ্ণাই অতি সুন্দৰভাৱে নিজৰ কাম সম্পাদন কৰিছে।১৬ ডেইলী নিউজ এণ্ড এনালাইছিছ-এ উল্লেখ কৰিছিল যে তেওঁ ছবিখনত উজ্জ্বল হৈ উঠিছিল আৰু তেওঁৰ অভিনয় আছিল প্ৰথাগত 'নায়িকা'ৰ বিপৰীতে এক সতেজ পৰিৱৰ্তন।১৭ ২০১৯ চনত ফিল্ম কম্পেনিয়ন-ৰদ্বাৰা দহ বছৰৰ শীৰ্ষ ২৫খন বলীউড ছবিৰ এখন হিচাপে দিল্লী বেলীক নামকৰণ কৰা হৈছিল।১৮
২০১২ চনত পূৰ্ণাই এইচবিঅ’ শ্ব’ দ্য নাইট অৱ-ত এজন নিয়মীয়া শিল্পী হিচাপে যোগদান কৰিছিল।১৯ এই ধাৰাবাহিকখনত তেওঁৰ অভিনয়ে যথেষ্ট উচ্চ প্ৰশংসা লাভ কৰিছিল। অবজাৰ্ভাৰ-ৰ ভিনি মানকুচোৱে লিখিছিল যে পূৰ্ণাই বছৰটোৰ অন্যতম মৰ্মস্পৰ্শী অভিনয় আগবঢ়াইছে।২০ ভলচাৰ-ৰ বিক্ৰম মূৰ্তি আৰু ভেৰাইটি-ৰ ছোনিয়া চাৰাইয়ায়ো তেওঁৰ সূক্ষ্ম অভিনয়ৰ ভূয়সী প্ৰশংসা কৰিছিল।২১২২
গহীন চৰিত্ৰৰ উপৰি পুৰণাৰ ধেমেলীয়া চৰিত্ৰসমূহো চৰ্চিত হৈছে। ৰূম ১০৪-ত তেওঁৰ অভিনয় সমালোচকসকলে প্ৰশংসা কৰিছিল। বিশেষকৈ মিণ্ডি কেলিং-ৰ নেভাৰ হেভ আই এভাৰ-ত নলিনী বিশ্বকুমাৰৰ চৰিত্ৰত তেওঁ কৰা অভিনয়ে বিপুল সমাদৰ লাভ কৰিছিল। এগৰাকী প্ৰব্ৰজনকাৰী মহিলাৰ চৰিত্ৰক তেওঁ যিদৰে উপস্থাপন কৰিছিল, তাক টেলিভিছনৰ বাবে এক নতুন দিগন্ত হিচাপে গণ্য কৰা হয়।<ref>
তথ্যসূত্ৰ
- ↑ Kant, Aditya. (2023-06-14). Who is Poorna Jagannathan? All about Never Have I Ever's Nalini Vishwakumar. The Statesman
- ↑ (2023-06-03). Poorna on what makes 'Never Have I Ever' a favourite: 'Everyone's been a teenager'. The Times of India
- ↑ (October 2015). Nirbhaya presented by Nightwood Theatre 2015
- ↑ (August 11, 2013). Fringe reviews: Nirbhaya / Somnambules & the 7 Deadly Sins / The Events - Sunday Herald view
- ↑ (January 26, 2019). The most impactful moments in the history of women's empowerment
- ↑ A100 Hall of Fame
- ↑ (June 24, 2014). Power Catalyst: Poorna Jagannathan
- ↑ Banerjee, Debesh. (July 9, 2011). The Belly Button. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Nicole, Unique. (2023-03-12). Celebrating South Asian Women In Media And Entertainment. Getty Images
- ↑ (May 15, 2022). Poorna Jagannathan, उम्र, हाइट, पति, बच्चे, परिवार, Biography in Hindi - बायोग्राफी. News Hindustan
- ↑ Bhavani, Divya Kala. (2021-07-22). The modern brown woman experience in America: Richa Moorjani and Poorna Jagannathan on Netflix's 'Never Have I Ever' season two. The Hindu
- ↑ (August 22, 2021). Poorna Jagannathan
- ↑ McNary, Dave. (November 1, 2017). Film News Roundup: Poorna Jagannathan Starring in Pippa Bianco Drama (Exclusive). Variety
- ↑ HBO News - HBO Acquires Pippa Bianco's 'Share'. HBO
- ↑ Pinkerton, Hint. (June 29, 2011). Bollywood Gets Raunchy in Delhi Belly. The Village Voice
- ↑ Anshuman, Karan. (July 2, 2011). Effing great. Mumbai Mirror
- ↑ Guha, Aniruddha. (July 1, 2011). Review: Delhi Belly will have you laughing your a$ off. Daily News and Analysis
- ↑ (May 25, 2023). 25 Greatest Hindi Films Of The Decade. filmcompanion.in
- ↑ Nellie Andreeva. (September 19, 2012). HBO Orders 'Criminal Justice' Drama Pilot Starring James Gandolfini, From Steven Zaillian & Richard Price. Deadline
- ↑ (August 29, 2016). Was HBO's 'The Night Of' a Masterpiece? There Is Reasonable Doubt. Observer
- ↑ The Night Of Recap: Ugly Cats in Small Cages. Vulture
- ↑ Saraiya, Sonia. (July 8, 2016). TV Review: 'The Night Of'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণা জগন্নাথন” প্ৰবন্ধৰ সংশোধন ৬২১৫২৮ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।