প্ৰগতি সিং (:Pragati Singh)এগৰাকী ভাৰতীয় চিকিৎসক, জনস্বাস্থ্য বিষয়া, আৰু কৰ্মী। ভাৰতীয় অযৌন সমাজৰ বাবে কৰা কাম আৰু অযৌন বিষয়টোৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ পৰিচিত। ২০১৯ চনৰ বিবিচিৰ তালিকাত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান পাইছিল।১২৩৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সিং দিল্লীত ডাঙৰ-দীঘল হৈছিল।[5] ২০১১ চনত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
সিং এগৰাকী চিকিৎসক আৰু ভাৰতত মাতৃ, শিশু আৰু প্ৰজনন স্বাস্থ্যৰ ক্ষেত্ৰত জনস্বাস্থ্য পেছাদাৰী বিষয়া হিচাপে কাম কৰি আহিছে।৫ আন্তঃৰাষ্ট্ৰীয় এছ অ’ এছ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থাত কাম কৰি আহিছে।
২০১৪ চনত সিঙে লক্ষ্য কৰিছিল যে অযৌন বুলি পৰিচয় দিয়া ভাৰতীয়সকলৰ বাবে অনলাইনত কোনো সংগঠিত বা সক্ৰিয় সমাজৰ উপস্থিত বৰ্তমানলৈকে নাই। ইয়াৰ ফলত তেওঁ ফেচবুকত এটা স্ব-অৰ্থায়িত পুঁজিৰে ‘ইণ্ডিয়ান এচেছ’ গ্ৰুপ নামৰ গোট প্ৰতিষ্ঠা কৰে, সময়ৰ লগে লগে এই গোটটো বৃদ্ধি পাই ৩০০০তকৈও অধিক সদস্যৰ এটা সক্ৰিয় অনলাইন সমাজ হিচাপে পৰিণত হয়গৈ।২৫
২০১৭ চনত সিঙে ‘প্লেটোনিচিটি’ নামৰ এটা বন্ধু বিচাৰি উলিওৱা সেৱা আৰম্ভ কৰিছিল। যিটো গুগল ফৰ্ম প্ৰথমে ইণ্ডিয়ান এচেছৰ দৰে ফেচবুকৰ জৰিয়তে চলিছিল, আৰু পিছলৈ ইয়াক এটা মোবাইল এপলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আছিল। এই প্লেটফৰ্মৰ উদ্দেশ্য আছিল এনে এটা স্থান সৃষ্টি কৰা, যিয়ে অযৌন সম্পৰ্ক বিচৰা মানুহক একেলগ কৰি ভাৰতীয় প্ৰেক্ষাপটত এই বিষয়সমূহ আলোচনা কৰিব পৰা যায় আৰু সমৰ্থন ব্যৱস্থা গঢ়ি তুলিব পাৰি।। ‘ইণ্ডিয়ান এচেছ’ গ্ৰুপ সক্ৰিয় হৈ উথিল আৰু অনলাইনত অহা ঘনঘন বাৰ্তাসমূহৰ পৰা বন্ধু সকল অনুপ্ৰাণিত হৈ পৰিল— তেওঁলোকৰ ভিতৰৰ কিছুমানে সম্পৰ্ক বিচাৰি সহায় বিচাৰিছিল, আৰু কিছুমানৰ ক্ষেত্ৰত পৰিয়ালৰ ফালৰ পৰা বিয়া কৰিবলৈ জোৰ দিয়া অৱস্থাও আছিল। ইয়াত এজন ব্যক্তিৰ যৌন অভিমুখিতাৰ(যৌন আকৰ্ষণ অনুভৱ নকৰে, বা অতি কম পৰিমাণে অনুভৱ কৰে) বিভিন্ন স্তৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিভংগীলৈকে বহু দিশ সমীক্ষা কৰা হৈছিল। দুদিনত একাধিক দেশৰ পৰা ৩০০ৰো অধিক প্ৰৱেশৰ সৈতে ফৰ্মখনৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে ইয়াক বন্ধ কৰি দিয়া হৈছিল যাতে অধিক লোকক ঠাই দিব পৰা পদ্ধতি সৃষ্টি কৰিব পৰা যায়। তেতিয়াৰ পৰাই তেওঁ সমগ্ৰ দিল্লী, বেংগালুৰু, আৰু মুম্বাইত একে নামেৰে প্লেটোনিচিটিৰ নামেৰে ‘অফলাইন মিটআপ’ আয়োজন কৰি স্পীড ডেটিং আৰু সম্প্ৰদায় গঢ়ি তোলাত সহায় কৰি আহিছে। এই সম্প্ৰদায়সমূহে অযৌন বুলি পৰিচয় দিয়াসকলক এই কথা জানিবলৈ সহায় কৰে যে তেওঁলোক অকলশৰীয়া নহয়। ১২৬৩৭
সেই বছৰতে সিঙৰ অযৌনতা সম্পৰ্কীয় গৱেষণামূলক অধ্যয়ন বাছনি কৰি প্ৰাগত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এছ’চিয়েচন অৱ চেক্সুৱেল হেল্থ কংগ্ৰেছত উপস্থাপন কৰা হয়। তাৰ পিছত এই অধ্যয়নৰ তথ্য জাৰ্নেল অৱ চেক্সুৱেল মেডিচিনত প্ৰকাশ কৰা হৈছিল।৫
২০১৯ চনলৈকে সিঙে যৌনতা সম্পৰ্কীয় কৰ্মশালা, স্পীড ডেটিং অনুষ্ঠান আৰু গ্ৰুপ কাউন্সেলিং চেচন আয়োজন কৰি আহিছে, এচেক্সুৱেল সম্প্ৰদায়ৰ বাবে সচেতনতা বৃদ্ধি আৰু সহায় আগবঢ়াইছে। বিস্তৃত গৱেষণাৰ পিছত তেওঁ “কমপ্ৰিহেনচিভ চেক্সুৱেলিটি মডেল” নামৰ এটা আৰ্হি প্ৰস্তুত কৰিছে।৩ এই আৰ্হিটোৱে যৌনতাক আঠটা মুখ্য উপাদানত বিভক্ত কৰে, যিবোৰ মিলি এজন ব্যক্তিৰ এটা যৌন পৰিচয় গঠন কৰে। তেওঁৰ আন এটা ভৱিষ্যৎ লক্ষ্য হৈছে এই কৰ্মশালাসমূহ চিকিৎসা মহাবিদ্যালয়সমূহলৈ নিয়া, যাতে অধিক সংখ্যক চিকিৎসকৰ আগত এই বিষয়সমূহ উপস্থাপন কৰিব পৰা যায়।৭
২০২৩ চনত ডেনিয়েল যো-লিঙৰ সৈতে আজেত বাবে দিয়া এক সাক্ষাৎকাৰত সিঙে পশ্চিমীয়া বিশ্ব আৰু ভাৰতৰ মাজত অযৌনতাক যৌন পৰিচয় হিচাপে বুজাৰ পাৰ্থক্যৰ বিষয়ে কৈছিল।তেওঁ উল্লেখ কৰিছিল যে "ভাৰতৰ ভিতৰত বহু প্ৰসংগত [যৌন পৰিচয় হিচাপে] ইয়াৰ গুৰুত্ব কম।"৮
ব্যক্তিগত জীৱন
২০১৪ চনত সিঙে ‘অযৌন’ শব্দটোৰ সৈতে পৰিচিত হয় আৰু তৎক্ষণাত ইয়াৰ সৈতে নিজকে সংলগ্ন বুলি অনুভৱ কৰে। তেওঁ বিশেষভাৱে নিজকে “গ্ৰে-এচেক্সুৱেল” হিচাপে চিনাক্ত কৰিছিল।২
তথ্যসূত্ৰ
- ↑ Muzaffar, Maroosha. (2018-07-09). An Asexual Dating Platform Still Has Many Kinks to Sort Out. Vice
- ↑ Jason Overdorf; Romita Datta; Moeena Halim. (February 14, 2017). From matrimony website for asexuals to hall of heroes: All that's changing around you. India Today
- ↑ Sharma, Khushboo. (2019-10-16). Pragati Singh Is Trying To Transform India's Gender & Sexuality Landscape Through Interactive Workshops. Indian Women Blog - Stories of Indian Women
- ↑ (2019-10-16). BBC 100 Women 2019: Who is on the list?
- ↑ Indian Aces: Awareness and Activism in India. AZE
- ↑ Yadav, Sidharth. (2019-07-21). Attempt to define asexuality in more than one way. The Hindu
- ↑ Halim, Moeena. (2018-02-21). Taking off the invisibility cloak. The Hindu
- ↑ (2023-03-27). Asexual Advocacy in India: An Interview with Dr. Pragati Singh. AZE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰগতি সিং” প্ৰবন্ধৰ সংশোধন ৫৮২৯১০ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।