প্ৰকৃতি মিশ্ৰ (ইংৰাজী ভাষা: Prakruti Mishra) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওড়িয়া চলচ্চিত্ৰ আৰু হিন্দী ভাষা টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ হেল্ল’ আৰ্ছি চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ উল্লেখ) লাভ কৰিছিল।১ তেওঁ হিন্দী টেলিভিছন ধাৰাবাহিকৰ চৰিত্ৰসমূহৰ বাবেও জনাজাত। ষ্টাৰ ভাৰতৰ জয় কানহাইয়া লাল কীত দেবয়ানী হিচাপে, এণ্ড টিভিত ( & TV) বিত্তি বিজনেছ ৱালীত বিত্তি হিচাপে আৰু এমটিভিৰ ৰিয়েলিটী শ্ব’ এচ অৱ স্পেচ ২ত অংশগ্ৰহণ কৰি তেওঁ পঞ্চম স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
মিশ্ৰই গুৰু গংগাধৰ প্ৰধানৰ ওচৰত ওডিছী নৃত্য শিকিছিল।২
কেৰিয়াৰ
২০০৬ চনত তেওঁ শাশুঘৰ চলিজীবি বোলছবিৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পীৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
তেওঁ বাবুছানৰ বিপৰীতে থুকুল বোলছবিৰ জৰিয়তে ওলিউডত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ১০খনতকৈও অধিক ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে।২ পিছলৈ তেওঁ এছ৩ মুভিজৰ বেনাৰত নিৰ্মিত ওমত সম্বিত আচাৰ্যৰ বিপৰীতে অভিনয় কৰাৰ লগতে বিন্দাচ ৰোমিঅ’, ওম সাই ৰাম, এচিপি সাগৰিকা, মিঠা মিঠা আদিত মুখ্য চৰিত্ৰত অভিনয় কৰে।৩ ২০১৮ চনত তেওঁ পাৰ্থ সাৰথি ৰায়ৰ বিপৰীতে হেল্ল’ আৰ্ছি বোলছবিত অভিনয় কৰে আৰু ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১
২০১৪ চনত মিশ্ৰই জি টিভিৰ ইণ্ডিয়াছ বেষ্ট চিনেষ্টাৰচ কী খোজত অংশগ্ৰহণ কৰিছিল।
এণ্ড টিভিত (&TV) সম্প্ৰচাৰিত হিন্দী ধাৰাবাহিক বিত্তি বিজনেছ ৱালীত কৰা অভিনয়ে তেওঁক সমগ্ৰ দেশতে পৰিচিতি প্ৰদান কৰে। ৪
২০১৯ চনত তেওঁ এমটিভি ইণ্ডিয়াৰ এচ অৱ স্পেচ ২ত অংশগ্ৰহণ কৰি এগৰাকী ফাইনেলিষ্ট হিচাপে পৰিগণিত হয়।
তথ্যসূত্ৰ
- ↑ (2018-05-03). Ollywood Actress Prakruti Mishra Receives National Film Award for 'Hello Arsi'. Latest Odisha News, Breaking News Today · Top Updates on Corona - OTV News
- ↑ (16 December 2013). A Lesson in Acceptance. The New Indian Express
- ↑ (19 March 2013). Fear gets a new name!. The New Indian Express
- ↑ (26 May 2018). 'There is nothing that girls can't do': Prakruti Mishra - Times of India ►. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকৃতি মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৮৬ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।