অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰাশ আব্বাচী

আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।

হালনাগাদ: ২০ জুন ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আৰাশ আব্বাচী (ফাৰ্চী ভাষা: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।১২

প্ৰাৰম্ভিক জীৱন

আব্বাচীয়ে ১৯৯০ চনত তেওঁৰ গৃহ চহৰৰ বিদ্যালয়ৰপৰাই কাম আৰম্ভ কৰিছিল।৩ ১৯৯৮ চনত তেওঁ নাট্যশাস্ত্ৰ অধ্যয়ন কৰিবলৈ তেহৰানলৈ যায়।৪ তেওঁ আজাদ কলা আৰু স্থাপত্য বিশ্ববিদ্যালয়ৰপৰা নাট্য সাহিত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৫ ২০১২ চনত তেওঁ বলোনিয়ালৈ যায় আৰু বলোনিয়া বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰৰ নিয়ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬৭

কৰ্ম-তৎপৰতা

আব্বাচীয়ে ইৰান আৰু ইটালীত ২৫খন মঞ্চ নাটক ৰচনা কৰিছে আৰু ১৫খন নাটক পৰিচালনা কৰিছে। তেওঁৰ নেভিচান্দেহ মৰ্দেহ আষ্ট (দা ৰাইটাৰ ইজ ডেড) নামৰ নাটকখন জাৰ্মান আৰু ইটালীমুলীয় ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইটালীৰ বিভিন্ন চহৰত ইয়াৰ মঞ্চায়ন কৰা হৈছে।৮ তেওঁ কেইবাখনো দূৰদৰ্শন ধাৰাবাহিকৰ লেখক, যেনে ইষ্টগাহ-এ চে ৰাহী (থ্ৰী-ৱে ষ্টেচন), টিভি চলচ্চিত্ৰ গৰীবেহ (ষ্ট্ৰেঞ্জাৰ)। ইয়াৰ উপৰি তেওঁ তাজৰোবেহ (এক্সপেৰিয়েন্স) আৰু খানেহ-ঈ দৰ তাৰিকী (দা হাউচ ইন দা ডাৰ্কনেচ) আদি দূৰদৰ্শন ধাৰাবাহিকত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।৯১০ তেওঁ গাহী (চামটাইমচ) চলচ্চিত্ৰৰ চিত্ৰনাট্যও ৰচনা কৰিছে। তেওঁ ২০১৩ চনত জুচেপ্পে টৰ্নাটোৰেৰ পৰিচালনা কৰ্মশালাত অংশগ্ৰহণ কৰিছিল।১১

পূৰ্বতে ২০১৬ চনত আব্বাচীক ইটালীৰ বলোনিয়া চহৰত "হাৰ্ট অৱ পাৰ্চিয়া" শীৰ্ষক এটা ইৰানী সাংস্কৃতিক উৎসৱৰ সময়ত তেওঁৰ নাটক দা লেডী মঞ্চস্থ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।১২ বলোনিয়াৰ থিয়েটাৰ আৰু সমসাময়িক কলাৰ এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ 'তেত্ৰী দি বিতা' আছিল এই উৎসৱৰ মূল উদ্যোক্তা।১৩ ইটালীয় ভাষাত ছনম নাদেৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা দা লেডী নাটকখন ইৰানতো প্ৰদৰ্শিত হৈছিল।১৪ ২০১৭ চনৰ শৰৎকালত আব্বাচীৰ গোট 'মোজ'-এ ইটালীয় থিয়েটাৰ বিশেষজ্ঞ তথা কৰিঅ’গ্ৰাফাৰ ক্লডিয়া কাষ্টেলুচীৰ সৈতে এক যুটীয়া প্ৰদৰ্শনত সহযোগিতা কৰিছিল।১৫

তেওঁ ২০১৬ চনত ইটালীয় থিয়েটাৰ চলচ্চিত্ৰ কৰ্মৰ পৰামৰ্শদাতা আছিল।১৬ ২০১৮ চনত তেওঁ ৰাছিয়ান লেখক লিঅ’ টলষ্টয়ৰ বিখ্যাত উপন্যাস আন্না কাৰেনিনাৰ মুক্ত অভিযোজনৰ ওপৰত আধাৰিত আন্না কাৰেনিনা নাটকৰ বাবে ফজ্ ৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ উৎসৱত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ নাট্যকাৰ (ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ক) শাখাত মনোনীত হৈছিল।১৭ ২০১৯ চনত তেওঁ ৰিটেন বাই দা ৱিণ্ড নাটকৰ বাবে ফজ্ ৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ উৎসৱত শ্ৰেষ্ঠ নাট্যকাৰ (ৰেডিঅ' নাটক প্ৰতিযোগিতা) শাখাত মনোনীত হয়।১৮ ২০১৯ চনত তেওঁ ইটালীত অনুষ্ঠিত ১৬সংখ্যক চেডিচিকোৰ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ জুৰী হিচাপেও নিৰ্বাচিত হৈছিল।১৯

২০১৯ চনত তেওঁ জনপ্ৰিয় দূৰদৰ্শন ধাৰাবাহিক পায়তাখত (ষষ্ঠ সংস্কৰণ) ৰ লেখক আছিল।২০

তথ্যসূত্ৰ

  1. ↑ Culture and art, in the paradise of May, with prohibitions and restrictions. BBC
  2. ↑ (2020-08-14). I am ready to give all my small possessions to return to life before the "capital!". ISNA
  3. ↑ (2022-10-01). The short film "Phoenix" was edited. ILNA
  4. ↑ (2021-05-08). I am fighting to get my place in cinema. Khabar Online
  5. ↑ Theater Forum. Theater Forum
  6. ↑ (2020-04-09). From the process of acquaintance of the author of "Paytakht" with Tanabandeh to the answer to the margins of this chapter. Khabar Online
  7. ↑ (2016-10-18). Italy's Pietro Floridia to stage "The Violin of the Titanic" with Iranian cast. Tehran Times
  8. ↑ (2017-04-21). Take a look at the play "The Writer is Dead" directed by Arash Abbasi. theater.ir
  9. ↑ (2021-02-27). Alvand has not had a "capital" for 2 years!. ISNA
  10. ↑ (2019-07-16). 'Moulin Rouge' on stage in Tehran. Mehr News Agency
  11. ↑ The eighth episode of the Jeeran series. Borna News Agency
  12. ↑ (2022-03-08). Celebrating the winners of the Sangar National Theater Festival. IRIB
  13. ↑ AA%D9%87%D8%B1%D8%A7%D9%86-%D8%A8%D8%B1%DA%AF%D8%B2%DB%8C%D8%AF%DA%AF%D8%A7%D9%86-%D %AE%D9%88%D8%AF-%D8%B1%D8%A7-%D %B4%D9%86%D8%A7%D8%AE%D8%AA-%D %A2%D8%B1%D8%B4-%D %B9%D8%A8%D8%A7%D8%B3%DB%8C-%D %A7%D8%B3%D8%AA%D8%B9%D9%81%D8%A7-%D %A %AF%D8%A7%D8%AF Tehran Short Film Festival recognized its 36 winners.. Moj News
  14. ↑ (2015-08-17). The play "Lady" will be staged in Italian. asriran.com
  15. ↑ (2021-10-24). %B %B %DB%8C%D8%A7%D8%AA-%D %A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87-%D %B %DB%8C-%D %text=%D %B %D9%8%DB%8C%D9%8-%D8%AC%D8%B4%D9%86%D9%88%D8%A7%D8%B1%D9%87-%D8%A8%DB%8C%D9%8-%D8%A7%D9%8%D9%8%D9%8%DB%8C-%D9%8飞%D9%8%D9%8-%DA%A9%D9%88%D8%AA%D8%A7%D9%87-%D %A %D9%8-%D8%A7%D8%B9%D9%8%D8%A7%D9%8-%D %AF-%D8%A7%D9%8%D8%AF%D8%A7%DB%8C-%D9%8%D8%AF%D8%A7%D9%8-%D8%A7%DB%8C%D8%B3%D9%8飞%D8%A7-%D8%AF%D8%B1-%D8%A7%D8%AE%D8%AA%D8%AA%D8%A7%D9%85%DB%8C%D9%87 Closing Details of the 38th Tehran International Short Film Festival Announced / ISFA Medal Awarded at the Closing Ceremony. Moj News Agency
  16. ↑ (2021-11-01). The shooting of the series "Story of a Thousand Charms" directed by Saeed Abbasi has started to be broadcast on the home theater network.. Iran Online
  17. ↑ Abbasi restages adaptation of Tolstoy's well-known novel. Honar Online
  18. ↑ (2021-02-12). "Yadoo" tops at 39th Fajr Film Fsetival. Tehran Times
  19. ↑ (2021-11-02). Shooting a new series with Pejman Bazghi and Behnoosh Bakhtiari. IRNA
  20. ↑ (2020-04-05). Who is the author of Capital 6?. Bultan News

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকঅভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাশ আব্বাচী” প্ৰবন্ধৰ সংশোধন ৬১৩২৯৪ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।