অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰুচি নিশাংক

আৰুশি নিশাংক পণ্ট (Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

আৰুশি নিশাংক পণ্ট (Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷১২৩

কৰ্মজীৱন

আৰুচি নিশাংক বিৰজু মহাৰাজৰ শিষ্যা৷৪ তেখেতে গংগা আৱৰ্তনৰ দৰে কিছুমান নৃত্যৰ পৰিচালনা আৰু পৰিৱেশন কৰিছে৷ যিবিধ নৃত্যত হিন্দু ধৰ্মীয় দেৱী গঙ্গা নদী পৃথিৱীলৈ নামি অহাৰ কাহিনী অংকিত হৈছে৷ ৫ ২০১৭ চনত তেখেতে উত্তৰাখণ্ড বঁটা অৰ্জন কৰি গৌৰৱৰ পাত্ৰী হয়৷৬ তেখেত কেম্ব্ৰিজ এছেছমেণ্ট ইণ্টাৰনেশ্যনেল ইডুকেছন শীৰ্ষক প্ৰতিষ্ঠানৰ পৰা ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰিবলৈ সমৰ্থৱান হৈছে৷ আৰুচি নিশাংক উত্তৰাখণ্ডৰ দেৰাদুনত থকা হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷ ৩

২০১৮ চনত নিশাংকে মেজৰ নিৰলা শীৰ্ষক আঞ্চলিক ছবিখন প্ৰযোজনা কৰে৷ তেখেতৰ পিতৃ ৰমেশ পোখৰিয়ালে ৰচনা কৰা উপন্যাসৰ আধাৰত এইখন ছবি নিৰ্মাণ কৰা হৈছে৷৭৮

সামাজিক কৰ্ম

আৰুচি নিশাংক স্পৰ্শ গংগা অভিযানৰ এগৰাকী প্ৰচাৰকৰ্মী৷ এই অভিযানটো তেখেতৰ পিতৃয়ে ২০০৯ চনত আৰম্ভ কৰিছিল৷ গংগা নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰিৱেশ সম্পৰ্কীয় সতৰ্কতা আৰু সজাগতা হৈছে এইটো অভিযানৰ অন্যতম উদ্দেশ্য৷ ৯১০২০১৮ চনত ডুবাইত আৰু ২০১৯ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সৱলীকৰণ কাৰ্যসূচীৰো তেখেত অধ্যক্ষতা কৰে৷ ১১

২০২০ চনত ক'ভিড-১৯ৰ মহামাৰীৰ সময়ত আৰুচি নিশাংকে খাদী কাপোৰেৰে মাস্ক তৈয়াৰ কৰাৰ এটি অভিনৱ অভিযান আৰম্ভ কৰে৷ এই অভিযানটো তেখেতে স্পৰ্শ গংগাৰ অধীনতেই পাতনি মেলিছিল৷ তেখেতে গ্ৰাম্য এলেকাৰ মহিলাসকলৰ মাজলৈ গৈ তেওঁলোকক খাদী মাস্ক তৈয়াৰ কৰোৱাৰ কামত জড়িত কৰে৷ এইসমূহ মাস্ক পুনৰ ব্যৱহাৰৰো যোগ্য৷ তৈয়াৰ হোৱা মাস্কসমূহ মহিলাসকলে পৰৱৰ্তী সময়ত কৰ্তব্যৰত আৰু ক'ভিড-১৯ৰ সেৱাত নিয়োজিত প্ৰতিৰক্ষা বাহিনী, প্ৰথমশাৰীৰ স্বাস্থ্য কৰ্মী, বনুৱাসকলক প্ৰদান কৰে৷ তেখেতৰ নেতৃত্বত গঠিত হোৱা দলটোৱে দিল্লী, মুম্বাই আৰু হৰিদ্বাৰত প্ৰায় চল্লিছ হেজাৰতকৈও অধিকসংখ্যক মাস্ক বিতৰণ কৰে৷ ১২

ব্যক্তিগত জীৱন

কুসুম কান্ত পোখৰিয়াল আৰু ৰমেশ পোখৰিয়ালৰ জ্যেষ্ঠা কন্যা হৈছে আৰুচি নিশাংক৷ উল্লেখনীয় যে, ৰমেশ পোখৰিয়ালে ভাৰতৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ লগতে তেখেত উত্তৰাখণ্ডৰো প্ৰাক্তন মুখ্য মন্ত্ৰী আছিল৷১৩১৪ৰাজস্থানৰ এখনি আৱাসিক মহাবিদ্যালয় বনস্থলী বিদ্যাপীঠৰ পৰা আৰুচিয়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ ১২ ২০১৫ চনৰ ২৪ জানুৱাৰীত আৰুচি নিশাংকে অভিনৱ পণ্টৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলে৷১৫

তথ্যসূত্ৰ

  1. ↑ (3 March 2020). भारत की एनवायरमेंट एक्टिविस्ट आरुषि निशंक को शिकागो में मिला 'टॉप 20 ग्लोबल वूमेन अवॉर्ड'. Amar Ujala
  2. ↑ Kuriakose, Simi. (30 October 2019). 'Women should lend a helping hand to each other'. India Today
  3. ↑ Houston Tamil Studies Chair honors Arushi Nishank Pant, educational and environmental activist. india-herald.com
  4. ↑ Kuriakose, Simi. (30 October 2019). 'Women should lend a helping hand to each other'. India Today
  5. ↑ The Dance of Mother Ganga: Pujya Swamiji and Dignitaries, Including Shri Anna Hazare, come together to enjoy an unforgettable performance. Gangaaction.org
  6. ↑ (1 December 2016). Himani Shivpuri, Dobhal get Pride of Uttarakhand award. Tribuneindia.com
  7. ↑ उत्तराखंडी फिल्म ‘मेजर निराला’ का प्रोमो दिल्ली में रिलीज, भाजपा सांसद ने लिखी है पूरी कहानी. Amar Ujala
  8. ↑ (10 April 2020). केंद्रीय मंत्री रमेश पोखरियाल 'निशंक' की बेटी ने खादी के मास्क बनाकर बांटें, पिता ने ट्वीट कर जताया गर्व. Zee Uttar Pradesh Uttarakhand
  9. ↑ (14 March 2020). ‘Father influenced me to strive for more’. The Sunday Guardian Live
  10. ↑ मानव जीवन बचाने के लिए पेड़ लगाना है जरूरी: आरुषि. Hindustan
  11. ↑ Post, Garhwal. Arushi Nishank hosts India Chapter of IWES-2019 · Garhwal Post
  12. ↑ Meet the environmentalist and dancer who is providing khadi masks to armed personnel Read more at: yourstory.com/socialstory/2020/05/environmentali
  13. ↑ (12 November 2012). The Tribune, Chandigarh, India - Dehradun Edition. The Tribune
  14. ↑ (1 January 1970). कमाल की डांसर हैं HRD मंत्री निशंक की बेटी, इनकी फिल्म जीत चुकी है अवॉर्ड. News18 India
  15. ↑ (1 January 1970). V-DAY: निशंक की बेटी ने की मां की आखिरी इच्‍छा पूरी, सहेली के बेटे से शादी. News18 India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰুচি নিশাংক” প্ৰবন্ধৰ সংশোধন ৬২৮৬৭০ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।