আৰতি ৰাণা (জন্ম: ১৯৭৬) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ সহকৰ্মী থাৰু মহিলাসকলক হস্তশিল্প নিৰ্মাণ আৰু বিক্ৰী কৰিবলৈ গোট স্থাপন কৰাত সহায় কৰে। তেখেতৰ এই কামৰ প্ৰতি সন্মান জনাই ২০২২ চনত ভাৰত চৰকাৰে তেওঁক ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। এই বঁটা ভাৰতৰ মহিলাসকলৰ বাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা। ৰাণাই নিজ গাৱঁৰ বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তেওঁ দুধৱা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ চাৰিওফালে থকা তেৰাই অঞ্চলত জনবসতি থকা থাৰু জনজাতিৰ অন্তৰ্গত। ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰজেক্ট (আইটিডিপি)ৰ প্ৰকল্প বিষয়া উমেশ কুমাৰ সিঙৰ মতে, "আৰতি ৰাণা কাৰ্পেট, বাস্কেট, বেগ, সজ্জাৰ টুকুৰা আদিকে ধৰি হস্তশিল্পৰ সামগ্ৰী তৈয়াৰ কৰাত নিপুণ আৰু তেওঁৰ শৈল্পিক দক্ষতা আৰু সৃজনশীলতাই সকলোকে আকৰ্ষিত কৰে।"
কিন্তু আৰম্ভণিতে, আৰতিয়ে বিপণনৰ সমস্যাৰ বাবে হস্তশিল্প দক্ষতাৰ জৰিয়তে জীৱিকা অৰ্জন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল।
কেৰিয়াৰ
আৰতি ৰাণাৰ জন্ম আনুমানিক ১৯৭৬ চনত হৈছিল বুলি জনা যায়। তেওঁ থাৰু আৰু দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ তেৰাই আৰু নেপালৰ সীমান্তত অঞ্চলত বাস কৰে।১ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত তেওঁ থলুৱা সামগ্ৰীৰে কাৰ্পেট, বাস্কেট আৰু বেগৰ দৰে সামগ্ৰী তৈয়াৰ কৰিবলৈ গৌতম আত্মসহায়ক গোট স্থাপন কৰিছিল।১ দলটোৱে সাধাৰণতে মুঞ্জ ঘাঁহ আৰু মৰাপাটৰ দৰে সামগ্ৰীৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল।২৩
২০১৬ চনলৈ, ৰাণাই প্ৰায় ৮০টা আত্মসহায়ক গোটৰ প্ৰায় ৮০০ থাৰু মহিলাক হস্তশিল্পৰ প্ৰশিক্ষণ দিছিল।৪ তেওঁলোকৰ যৌথ প্ৰচেষ্টাত ব্যৱসায় সম্প্ৰসাৰিত হয়, আৰু ২০২২ চনৰ ভিতৰ তেওঁ হস্তশিল্প তৈয়াৰ কৰিবলৈ শ শ মহিলাক নিযুক্তি দিয়ে।১ ৰাণা আত্মসহায়ক গোট থাৰু হাথ কাৰ্য ঘৰেলু উদ্যোগৰ সভানেত্ৰী আছিল। তেওঁলোকৰ এই গোটটোৰ তাঁতশালবোৰ অধিক দক্ষ কৰাৰ বাবে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰৰ পৰা সহায় লাভ কৰিছিল।৫ ২০১৯ চনত থাৰু ঐতিহ্যৰ বিষয়ে পৰ্যটকসকলক অৱগত কৰিবলৈ আৰু স্থানীয় সামগ্ৰী বিক্ৰী কৰিবলৈ দুধৱা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত এটা দৰ্শনাৰ্থী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। ৰাণা এই প্ৰকল্পটোৰ অন্যতম সমন্বয়ক আছিল।৬
বঁটা আৰু স্বীকৃতি
ৰাণাৰ প্ৰচেষ্টাৰে আৰম্ভহোৱা এই থলুৱা সামগ্ৰীৰ উদ্যোগটোক ২০১৬ চনত ৰাণী লক্ষ্মীবাই সাহসিকতা বঁটা আৰু গ্ৰাম্য স্বৰাজ বঁটাৰে স্বীকৃতি দিয়া হৈছিল। ১৪
২০২২ চনৰ আন্তৰ্জাতিক মহিলা দিৱসত ৰাণাই নাৰী শক্তি পুৰস্কাৰ লাভ কৰে,১ তেওঁৰ সামাজিক উদ্যোগৰ স্বীকৃতিস্বৰূপে ২০২০ বৰ্ষৰ বাবে ভাৰতৰ মহিলাসকলৰ বাবে এয়া আছিল সৰ্বোচ্চ বঁটা৭। ভাৰতত দেখা দিয়া কভিড-১৯ মহামাৰীৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল।৭
তথ্যসূত্ৰ
- ↑ (8 March 2022). President fetes Kheri tribal woman with Nari Shakti Award. Hindustan Times
- ↑ (9 January 2022). 'Vocal for Local': UPIDR helps local women weavers, artisans gain global exposure. Business Today
- ↑ (10 February 2019). Skilled artisans who don't know where to sell products. Hindustan Times
- ↑ (9 March 2016). Meet Rani Laxmi Bai awardees, the women who won't give up. Hindustan Times
- ↑ (2 February 2021). Women weavers from Dudhwa Tiger Reserve profit from technological interventions for their looms. India Education
- ↑ Singh, Kanwardeep. (26 December 2019). Now, enjoy rich Tharu tradition, food near Dudhwa Tiger Reserve. The Times of India
- ↑ Rumi, Faryal. Bhojpur Entrepreneur Among 29 Feted. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি ৰাণা” প্ৰবন্ধৰ সংশোধন ৪৫৩৫৮০ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।