আৰ. এছ. সুব্বলক্ষ্মী (R. S. Subbalakshmi; ১৮ আগষ্ট ১৮৮৬ - ২০ ডিচেম্বৰ ১৯৬৯) (কেতিয়াবা সুব্বলক্ষ্মী বা শুভলক্ষ্মী বুলি লিখা হয়) আছিল ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আৰু শিক্ষাবিদ।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰিচিউৰৰ দূৰৱৰ্তী থাঞ্জাভুৰ গাঁৱত সুব্বলক্ষ্মীৰ জন্ম হৈছিল, মাদ্ৰাজ মাইলাপুৰ বিশালক্ষ্মী আৰু আৰ. ভি. সুব্ৰমনিয়া আয়াৰৰ (এজন অসামৰিক অভিযন্তা) প্ৰথম কন্যা হিচাপে তেওঁৰ জন্ম। তেওঁৰ পিতৃ আৰ. ভি. সুব্ৰৰমনিয়া আয়াৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ ৰাজহুৱা নিৰ্মাণ বিভাগত নিয়োজিত আছিল।১২৩
তেওঁলোক থাঞ্জাভুৰ জিলাৰ এক গোঁড়া তামিল ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল। সুব্বলক্ষ্মীয়ে ৯ বছৰ বয়সত মাদ্ৰাজ প্ৰেচিডেন্সিৰ চতুৰ্থ শ্ৰেণীৰ চিংলপুট জিলাত ৰাজহুৱা পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল।৪ প্ৰথা অনুসৰি তেওঁ অতি কম বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল, অৱশ্যে তাৰ কিছু দিনৰ পিছতেই তেওঁৰ স্বামীৰ মৃত্যু হৈছিল।৫ ১৯১১ চনৰ এপ্ৰিল মাহত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী হিন্দু মহিলা হয় আৰু মাদ্ৰাজ প্ৰেছিডেন্সি কলেজৰ পৰাই প্ৰথম শ্ৰেণীসহ সন্মান লাভ কৰে।৬৭
কাম

গৃহিণী আৰু অন্যান্য মহিলাসকলৰ মাজত সামাজিক সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ নিজকে আৰু মাদ্ৰাজৰ শিশু বিধৱাসকলৰ পুনৰ্বাসন আৰু শিক্ষিত কৰা সৰদা ইল্লম বা বিধৱা গৃহিনীক শিক্ষিত কৰাৰ বাবে ১৯১২ চনত তেওঁ সৰদা মহিলা সংঘ নামেৰে এক মঞ্চ প্ৰতিষ্ঠা কৰে।৭ পিছলৈ ১৯২১ চনত বা ১৯২৭ চনত তেওঁ সৰদা মহিলা সংঘৰ পৃষ্ঠপোষকতাত সৰদা বিদ্যালয় স্থাপন কৰে।৮৭ ১৯২২ চনত তেওঁ লেডী উইলিংডন ট্ৰেইনিং কলেজ এণ্ড প্ৰেক্টছ স্কুল আৰম্ভ কৰে আৰু ইয়াৰ প্ৰথম অধ্যক্ষ হয়।৯ ১৯৪২ চনত মাইলাপুৰত প্ৰাপ্তবয়স্ক মহিলাৰ বাবে শ্ৰীবিদ্যা কলানিলায়াম বিদ্যালয় প্ৰতিষ্ঠা কৰে, আৰু মাইলাপুৰৰ মহিলা ক্লাৱৰ সভাপতি হৈ থকাৰ সময়ত ১৯৫৬ চনত মাইলাপুৰৰ মহিলা ক্লাৱ স্কুল ছ'চাইটি গঠন কৰে।১০৭১১ ইয়াৰ উপৰিও, তাম্বৰামৰ ওচৰৰ মাদামবক্কম গাঁৱত ১৯৫৪ চনত তেওঁ মহিলা আৰু শিশুৰ বাবে এক সমাজকল্যাণ কেন্দ্ৰ স্থাপন কাৰ্যৰ সৈতেও জড়িত আছিল৷১২
বঁটা আৰু স্বীকৃতি
১৯২০ চনত ব্ৰিটিছ ৰাজ চৰকাৰে তেওঁক জনসেৱাৰ বাবে কৈছাৰ-ই-হিন্দ স্বৰ্ণ পদকেৰে সম্বৰ্ধনা জনায় আৰু ১৯৫৮ চনত ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।১৩১৪
ৰাজনৈতিক জীৱন
লেডী উইলিংডন ট্ৰেইনিং কলেজৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আইচ হাউচ হোষ্টেলৰ অধীক্ষক হিচাপে চৰকাৰী সেৱাত থকাৰ সময়তে সুব্বলক্ষ্মীক মহিলা ভাৰতীয় সন্থাত যোগদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।৯ স্কুলখন চলাই ৰাখিবলৈ সুব্বলক্ষ্মীয়ে বাল্যবিবাহৰ বিৰুদ্ধে নিজৰ বিশ্বাস আৰু প্ৰচেষ্টাৰ লগত আপোচ কৰিছিল। তথাপিও তামিল ভাষাত নিজৰ সাৱলীলতা ব্যৱহাৰ কৰি বাল্যবিবাহ বিলুপ্ত কৰাৰ লগতে ছোৱালীৰ শিক্ষাক উৎসাহিত কৰাৰ প্ৰচেষ্টা চলাইছিল। তেতিয়াৰ নতুনকৈ প্ৰতিষ্ঠা হোৱা সৰ্বভাৰতীয় মহিলা সন্মিলনৰ ঐতিহাসিক, প্ৰথমখন সন্মিলন, যাক "শৈক্ষিক সংস্কাৰৰ ওপৰত সৰ্বভাৰতীয় মহিলা সন্মিলন" বুলি কোৱা হয়, ১৯২৭ চনৰ জানুৱাৰী মাহত পুনাৰ ফাৰ্গুচন কলেজত অনুষ্ঠিত হয়।১৫ এই সভাত অংশগ্ৰহণ কৰা আঠাৱনজন বিশিষ্ট প্ৰতিনিধিৰ ভিতৰত অন্যতম আছিল সুব্বলক্ষ্মী।১৫১৬ ১৯৩০ চনত গৃহীত হোৱা শিশু বিবাহ সংযম আইনখনক তেওঁ সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল আৰু যোশী সমিতিৰ আগত হাজিৰ হৈছিল৯১৭ যিয়ে ছোৱালীৰ বিবাহযোগ্য বয়স চৈধ্য আৰু ল'ৰাৰ বিবাহযোগ্য বয়স ষোল্ল বছৰলৈ বৃদ্ধি কৰাত সহায়ক হোৱাকৈ আইনখন প্ৰণয়ন কৰিছিল। অৱসৰৰ পিছত মহিলা ভাৰতীয় সন্থাৰ কাম-কাজত জড়িত হৈ পৰে, যাৰ জৰিয়তে তেওঁ এনি বেছাণ্ট আদিৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈকে তেওঁ মাদ্ৰাজ বিধান পৰিষদৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৮
মৃত্যু
১৯৬৯ চনৰ ২০ ডিচেম্বৰত একাদশী দিনা সুব্বলক্ষ্মীৰ মৃত্যু হয়।১৯
তথ্যসূত্ৰ
- ↑ About Us
- ↑ Felton, Monica. (2003). A Child Widow's Story. Katha. পৃ. 13, 14. ISBN 81-87649-91-7
- ↑ (1940). The Who's who in Madras: .. A pictorial who's who of distinguished personages, princes, zemindars and noblemen in the Madras Presidency. Pearl Press. পৃ. 247
- ↑ Ramanathan, Malathi. (1989). Sister R.S.Subbalakshmi, Social Reformer and Educationist. Lok Vangmaya Griha. পৃ. 11
- ↑ Felton, Monica. (2003). A Child Widow's Story. Katha. পৃ. 36. ISBN 81-87649-91-7
- ↑ Madras Musings - We care for Madras that is Chennai
- ↑ Ramanathan. (1989). Sister R.S.Subbalakshmi, Social Reformer and Educationist. Lok Vangmaya Griha. পৃ. 24–26
- ↑ About Us
- ↑ Forbes. (2006). Women in Modern India. Cambridge University Press. পৃ. 57–60. ISBN 978-0-521-65377-0
- ↑ Ramanathan. (1989). Sister R.S.Subbalakshmi, Social Reformer and Educationist. Lok Vangmaya Griha. পৃ. 91–93
- ↑ Ramanathan. (1989). Sister R.S.Subbalakshmi, Social Reformer and Educationist. Lok Vangmaya Griha. পৃ. 101–105
- ↑ Ramanathan. (1989). Sister R.S.Subbalakshmi, Social Reformer and Educationist. Lok Vangmaya Griha. পৃ. 123
- ↑ Search, Padma Shri Awardee. Padma Shri awardees list
- ↑ Padma Shri Awardees, Photos of. Padma Shri Award photo. Government of India
- ↑ Ray, Aparna Basu, Bharati. (2003). Women's struggle: a history of the All India Women's Conference, 1927–2002. Manohar. পৃ. 23, 213. ISBN 978-81-7304-476-2
- ↑ Besant, Annie. (2003). Theosophist Magazine January 1927 – March 1927. Kessinger Publishing. পৃ. 630–633
- ↑ Rappaport, Helen. (2001). Encyclopedia of women social reformers. ABC-CLIO. পৃ. 652. ISBN 978-1-57607-101-4
- ↑ Ramanathan, Malathi. (1986). Sister Subbalakshmi Sister Subbalakshmi Ammal Birth Centenary Souvenir. Sarada Ladies Union
- ↑ Rajagopalachari, C. (1970). Sahodari Subbalakshmi Sevai: Rajaji's Garland of Praise. Sister Subbalakshmi Ammal First Commemorative Souvenir
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ. এছ. সুব্বলক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৬০৩১৮৮ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।