অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰিয়ানা ছয়ীদ

আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।১২ তেওঁ নিয়মীয়াকৈ আফগানিস্তান আৰু অন্য দেশৰ সংগীতানুষ্ঠানত তথা জনহিতৈষী মহোৎসৱত গীত পৰিবেশন কৰে। তেওঁ আফগানিস্তানৰ টিভি চেনেল- ৱান টিভি আৰু টোলোত সংগীতভিত্তিক অনুষ্ঠানৰ হোষ্টৰ দায়িত্বও পালন কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ছয়ীদে গীত পৰিবেশন কৰিছে, ২০১৯
ছয়ীদে গীত পৰিবেশন কৰিছে, ২০১৯ছবি: Liana zare · CC0

১৯৮৫ চনত আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰা ছয়ীদৰ মাক আছিল দাৰিভাষী আৰু দেউতাক আছিল পাস্তুভাষী লোক।৩ ছুইজাৰলেণ্ডত বসতি স্থাপন কৰাৰ পূৰ্বে তেওঁৰ মাক-দেউতাকে ছয়ীদৰ ৮ বছৰ বয়সত দেশ ত্যাগ কৰি পাকিস্তানৰ পেছোৱাৰত থাকিবলৈ লৈছিল। ১২ বছৰ বয়সত ছয়ীদে এখন সংগীত বিদ্যালয়ত ভৰ্তি হয় আৰু তাত তেওঁ এদল সংগীত শিল্পীৰ সৈতে বিভিন্ন ঠাইত সংগীত পৰিবেশন কৰিছিল। তেওঁ এক সাক্ষাৎকাৰত কৈছিল, “যদিও এয়া দীঘলীয়া নাছিল, ক্ৰমশঃ ডাঙৰ হৈ অহাৰ লগেলগে মই কি হ’ব বিচাৰো, সেইটো বুজাত ই সহায় কৰিছিল।” ৪

সাংগীতিক জীৱন

ছয়ীদে ২০০৮ চনত প্ৰথম একক কণ্ঠত মাচাল্লাহ শীৰ্ষক গীতটো গায়, যদিও ২০১১ চনৰ আফগান পাচাৰক গীতটো তেওঁৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট সাব্যস্ত হৈছিল। আৰিয়ানা ছৈয়ীদ আফগানিস্তানৰ বাহিৰৰ আফগান পৰিয়ালবোৰৰ এক ঘৰুৱা নামত পৰিণত হৈছিল আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা তেওঁলৈ সংগীত পৰিবেশনৰ আমন্ত্ৰণ আহিছিল। ৫ সফলতাৰ চূড়াত থকা অৱস্থাতে ছৈয়ীদে আফগানিস্তানলৈ ঘূৰি অহাৰ আৰু স্বদেশত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ সিদ্ধান্ত লয়। তাত তেওঁ পুৰণি ধ্ৰুপদী আফগানী গীত গুলে সেব-এৰে যশস্যা লাভ কৰে। আফগানিস্তানৰ আৰম্ভণিৰ দিনবোৰতে তেওঁ তেওঁৰ পৰৱৰ্তী গীত দিলম টাং অস্তৰ চিত্ৰায়ণ কৰে। গীতটোৰ সফলতাই তেওঁক আফগানিস্তানৰ এটা শীৰ্ষস্থানীয় বিনোদনমূলক চেনেলত হোষ্ট ৰূপে নতুন এক কৰ্মজীৱনৰ সুবিধা প্ৰদান কৰে।৬ ২০১৭ চনত তেওঁ আফগান আইকন বঁটা লাভ কৰে আৰু তেওঁক ২০১৭ৰ আফগানিস্তানৰ শ্ৰেষ্ঠ মহিলা শিল্পী অভিধাৰে ভূষিত কৰা হয়। ৭ তেওঁ আফগানিস্তান ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাঁৰ নেটৱৰ্কৰ পৰা ভয়েচ অফ আফগানিস্তান বঁটা পোৱাৰ উপৰিও বছৰটোৰ শ্ৰেষ্ট গীত, বছৰটোৰ শ্ৰেষ্ঠ ভিডিঅ’ আৰু সাহসিকতাৰ বঁটাও পাইছে।৭

সামাজিক কৰ্ম

ছৈয়ীদ লালেহ ওচমানীয়ে নেতৃত্ব দিয়া হুৱেৰ ইজ মাই নেম কেম্পেইনৰ সমৰ্থক, যি কেম্পেইনে মহিলাৰ নামো যাতে পৰিচয় পত্ৰত লিপিবদ্ধ হয়, তাৰবাবে আফগান আইনত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিল।৮ তেওঁ আফগানিস্তান আৰু ভাৰতৰ বন্ধুত্বক সঁচা বন্ধু বুলি আখ্যা দিছিল।৯১০

ব্যক্তিগত জীৱন

২০১৮ চনত ছৈয়ীদে তেওঁৰ প্ৰবন্ধক হাবিব ছৈয়দক বাকদান কৰে।১১ ২০২১ চনত কাবুল তালিবানৰ হস্তগত হোৱাত তেওঁ প্ৰথমে কাটাৰৰ দোহালৈ আৰু তাৰপৰা তুৰস্কৰ ইস্তানবুল চহৰলৈ আঁতৰি যায়।১২

তথ্যসূত্ৰ

  1. ↑ Orooj Hakimi; Rod Nickel. (March 16, 2019). Defying threats, Afghan singer Aryana comes home for women. Reuters
  2. ↑ (July 12, 2018). Aryana Sayeed. altmedia.net.au
  3. ↑ (8 April 2018). Biography of Aryana Sayeed (آريانا سعيد)
  4. ↑ Aryana Sayeed: The Glamorous Diva of Live Performance. thevoiceafghanistan.com/. Voice of Afghanistan
  5. ↑ Archived copy
  6. ↑ (15 May 2013). Aryana Sayeed
  7. ↑ Sherzaad Entertainment – Afghanistan's Leading Entertainment Entity
  8. ↑ (2020-07-24). WhereIsMyName: Afghan women campaign for the right to reveal their names. BBC News
  9. ↑ Goswami, Sohini. (August 24, 2021). Afghan pop star Aryana Sayeed says India 'true friend', slams Pakistan. হিন্দুস্তান টাইমছ
  10. ↑ (August 24, 2021). Afghan pop star Aryana Sayeed blames Pak for empowering Taliban, terms India 'true friend'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (8 April 2018). Biography of Aryana Sayeed. afghan-web.com
  12. ↑ (19 August 2021). Afghan pop star Aryana flees from country amid fear of life under Taliban rule. wionews.com

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানৰ ব্যক্তিগায়িকাআফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰিয়ানা ছয়ীদ” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৭৩ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।