আৰ্থী পাৰ্থসাৰথি (ইংৰাজী ভাষা: Aarthi Parthasarathy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু ৱেবকমিক স্ৰষ্টা। মুম্বাইত ডাঙৰ-দীঘল হোৱা আৰু বৰ্তমান বেংগালুৰুত বাস কৰা পাৰ্থসাৰথি তেওঁৰ ৱেবকমিক ধাৰাবাহিক ৰয়েল এগজিষ্টেনচিয়েলছ আৰু আৰ্বানলোৰৰ বাবে পৰিচিত। ২০১৬ চনৰ মাৰ্চ মাহত তেওঁ নাৰীবাদী কলা গোট 'কড়ক কালেক্টিভ'ৰ সদস্য হয়, য’ত তেওঁৰ সহযোগত পাৰ্চনেল (চাইবাৰ) স্পেচ আৰু এল’ভেৰা এণ্ড দ্য ভইড আদি সৃষ্টি কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন
মুম্বাইত ডাঙৰ-দীঘল হোৱা১ আৰ্থী পাৰ্থসাৰথিয়ে বেংগালুৰুৰ 'সৃষ্টি স্কুল অৱ আৰ্ট, ডিজাইন এণ্ড টেকন’লজী'ৰ পৰা কমিউনিকেচন ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত এগৰাকী লেখিকা তথা চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে।২ শৈশৱত পাৰ্থসাৰথিয়ে টিংকলে, অমৰ চিত্ৰ কথা, দ্য এডভেঞ্চাৰছ অৱ টিনটিন, এষ্টেৰিক্স আৰু কেলভিন এণ্ড হব্ছৰ দৰে কমিকছ পঢ়িছিল।৩
কেৰিয়াৰ
পাৰ্থসাৰথিয়ে ৱেবকমিক সৃষ্টি কৰাৰ লক্ষ্যৰ বিষয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁ "পুৰণি কলাশৈলী ব্যৱহাৰ কৰি ঐতিহাসিক আৰু সমসাময়িক মানসিক যন্ত্ৰণাসমূহ ফুটাই তুলিব বিচাৰে।" তেওঁ ব্যৱহাৰ কৰা ঐতিহাসিক চিত্ৰসমূহৰ সৈতে সমসাময়িক বিষয়ৰ ওপৰত কৰা সামাজিক বা দাৰ্শনিক কথোপকথনৰ এক বৈপৰীত্য সৃষ্টি কৰে। পাৰ্থসাৰথিয়ে নিজৰ কৰ্মৰাজীক ব্যৱসায়িক সামগ্ৰী হিচাপে গঢ়ি তুলিব নিবিচাৰে, সেয়েহে তেওঁ নিজৰ ৱেবকমিকৰ কোনো প্ৰিণ্ট বিক্ৰী নকৰে।৩
ৰয়েল এগজিষ্টেনচিয়েলছ
ডেভিদ মালকীৰ ৱাণ্ডাৰমাৰ্কৰ দ্বাৰা অনুপ্ৰাণিত হৈ পাৰ্থসাৰথিয়ে ২০১৪ চনৰ নৱেম্বৰ মাহত ৰয়েল এগজিষ্টেনচিয়েলছ নামৰ ৱেবকমিকখন আৰম্ভ কৰে। মোগল ক্ষুদ্ৰ চিত্ৰসমূহৰ ওপৰত অনন্য কথোপকথন সংযোজন কৰি পাৰ্থসাৰথিয়ে এই ৱেবকমিকখনৰ জৰিয়তে বিভিন্ন সামাজিক আৰু ৰাজনৈতিক পৰিঘটনাৰ ওপৰত মন্তব্য আগবঢ়ায়। তেওঁ এই ৱেবকমিকখনক এক প্ৰকাৰৰ "চিন্তাৰ ডায়েৰী" বুলি অভিহিত কৰিছে, যিহেতু তেওঁ সেই সময়ত মনত চলি থকা অনুভৱসমূহ বৰ্ণনা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে।২
আৰ্বানলোৰ
২০১৫ চনত পাৰ্থসাৰথিয়ে তেওঁৰ বন্ধু কাবেৰী গোপালকৃষ্ণনৰ সৈতে মিলি আৰ্বানলোৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এই ধাৰাবাহিকখনে বেংগালুৰুৰ দৰে ভাৰতীয় চহৰীয়া জীৱনৰ ইতিহাস আৰু মানুহৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দি চহৰীয়া জীৱনটোক ধৰি ৰাখে। আৰ্বানলোৰ সৃষ্টি কৰিবলৈ দুয়োগৰাকীয়ে লেখক-শিল্পী যুটী হিচাপে কাম কৰে— য’ত পাৰ্থসাৰথিয়ে কাহিনীভাগ লিখে আৰু গোপালকৃষ্ণনে ক'লা-বগা ছবিসমূহ আকি দিয়ে। দুয়োৰে সহযোগত এই শৃংখলাটোৰ এটা সম্প্ৰসাৰিত অংশও আৰম্ভ কৰা হয় যাৰ নাম আৰ্বানশ্বৰ্টছ, য’ত ভাৰতৰ ৰাজনৈতিক পৰিঘটনাসমূহৰ ওপৰত মন্তব্য কৰা হয়।১৪
কড়ক
অন্য আঠগৰাকী দক্ষিণ-এছীয় শিল্পীৰ সৈতে মিলি পাৰ্থসাৰথিয়ে ২০১৬ চনৰ মাৰ্চ মাহত 'কড়ক কালেক্টিভ' নামৰ এটা অনলাইন নাৰীবাদী কলা গোটৰ অংশ হয়। আৰ্চিৰ দৰে পুৰণি কমিকছত মহিলা চৰিত্ৰৰ চিত্ৰায়ণক "সমস্যাজনক" বুলি অভিহিত কৰি পাৰ্থসাৰথিয়ে উল্লেখ কৰে যে কমিকছত মহিলা চৰিত্ৰ উপস্থাপনৰ ক্ষেত্ৰত এক সাংস্কৃতিক পৰিৱৰ্তন ঘটিছে।৫ এনিমেটৰ তথা সাংবাদিক ঐন্দৰী চক্ৰৱৰ্তীয়ে লক্ষ্য কৰিছিল যে কেৱল বৰ্ণীয় মহিলাৰ দ্বাৰা গঠিত এটা কলা গোটে 'কমিক কন' আৰু কলা মহোৎসৱসমূহত থকা বৈচিত্ৰ্যৰ অভাৱ দূৰ কৰিব পাৰে। 'কড়ক'-এ লিংগ সম্পৰ্কীয় বিভিন্ন সৃষ্টিৰাজি অনলাইন মাধ্যম (মিডিয়াম ৱেবছাইট) আৰু বাস্তৱ জগতত "ৰিডিং ৰুম" নামৰ এক ভ্ৰাম্যমাণ পুথিভঁৰালৰ জৰিয়তে উপস্থাপন কৰে।৬
'কড়ক'ৰ অংশ হিচাপে পাৰ্থসাৰথিয়ে আন কেইবাগৰাকীও কাৰ্টুনিষ্টৰ সৈতে মিলি চুটি ৱেবকমিক সৃষ্টি কৰিছে। ২০১৬ চনৰ আগষ্ট মাহত তেওঁ মীৰা মালহোত্ৰাৰ সৈতে মিলি পাৰ্চনেল (চাইবাৰ) স্পেচ লিখিছিল। এই চুটি ৱেবকমিকখনত এগৰাকী মহিলাই অনলাইন নিউজ ফীড স্ক্ৰল কৰি থাকোঁতে লিংগবৈষম্য, ধৰ্ষণৰ দৰে খবৰৰ লগতে এগৰাকী সম্ভাৱ্য মহিলা ৰাষ্ট্ৰপতি আৰু অলিম্পিকত মহিলাৰ সফলতাৰ কাহিনীৰ সন্মুখীন হোৱা দেখুওৱা হৈছে। এই ৱেবকমিকখনে এনে বাতৰিৰ দৈনন্দিন চক্ৰ আৰু জনমতক কেনেকৈ পৰিসংখ্যালৈ ৰূপান্তৰিত কৰা হৈছে সেই বিষয়েও মন্তব্য কৰে। সেই একে বছৰৰে ছেপ্টেম্বৰ মাহত পাৰ্থসাৰথিয়ে ৰেণুকা ৰাজীৱৰ সৈতে মিলি এল’ভেৰা এণ্ড দ্য ভইড লিখিছিল, যিটো বিশ্বাস, ঈশ্বৰ আৰু সামাজিক বৰ্জনৰ ওপৰত ভিত্তি কৰি কৰা ধাৰাবাহিক কথোপকথন হিচাপে উপস্থাপন কৰা হৈছে। এইখন লিখিবলৈ পাৰ্থসাৰথিয়ে ভাৰতীয় ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ কেইবাজনকো সাক্ষাৎ কৰিছিল আৰু সেই অভিজ্ঞতাসমূহ স্ক্ৰিপ্টত অন্তৰ্ভুক্ত কৰিছিল। এটা সাক্ষাৎকাৰত পাৰ্থসাৰথিয়ে কয় যে যেতিয়া এজন ব্যক্তিক বহুতো সামাজিক নীতি-নিয়ম আৰু ৰীতি-নীতিৰ পৰা বৰ্জন কৰা হয়, তেতিয়া তেওঁৰ বিশ্বাস পদ্ধতি কেনেকৈ প্ৰভাৱিত হয় সেই বিষয়ে জানিবলৈ তেওঁ উৎসুক আছিল।৭
তথ্যসূত্ৰ
- ↑ Kumar, Shikha. (2015-10-19). Urbanlore, a new webcomic series traces a changing urban India. Indian Express
- ↑ Tagat, Anurag. (2016-01-04). The Existential Times: Indian Webcomic 'Royal Existentials'. Rolling Stone India
- ↑ Mandavia, Megha. (2016-04-16). Cartoonists who are breaking stereotypes through satirical comic strips. The Economic Times
- ↑ Jaychander, Neeti. (2017-03-10). Kaveri Gopalakrishnan on the joys of illustration. Femina (India)
- ↑ Chatterjee, Arundhati. (2016-12-01). Women in comics: Have they got their due yet?. Hindustan Times
- ↑ Kulkarni, Damini. (2016-12-01). A women's art collective is serving a dose of truth–strong and Kadak. Scroll.in
- ↑ Lobo, Joanna. (2016-11-21). Travelling library of self-published comics exploring various themes to arrive in Mumbai. Mid-Day
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থী পাৰ্থসাৰথি” প্ৰবন্ধৰ সংশোধন ৫৮৬৩৩৯ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।