আৰতি ছাৰিন(Arti Sarin) ভাৰতীয় নৌসেনাত সেৱা আগবঢ়োৱা এগৰাকী পতাকা বিষয়া। বৰ্তমান তেওঁ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ মাৰ্শ্বাল পদবীত চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক আৰু অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীত তিনি তাৰকা ৰেংকলৈ উন্নীত হোৱা তেওঁ ষষ্ঠগৰাকী মহিলা। ভাৰতীয় নৌসেনাত চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা আৰু শ্বিলা এছ মাথাইৰ পিছতে ভাইচ এডমিৰেল পদবী লাভ কৰা তৃতীয়গৰাকী মহিলা বিষয়া।
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে সেৱা আগবঢ়োৱাৰ বাবে সাৰিন বিৰল গৌৰৱৰ অধিকাৰী। ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্টৰ পৰা কেপ্তেইনলৈকে, ভাৰতীয় নৌসেনাত চাৰ্জন লেফটেনেণ্টৰ পৰা চাৰ্জন ভাইচ এডমিৰেললৈকে আৰু ভাৰতীয় বায়ুসেনাত এয়াৰ মাৰ্শ্বাল হিচাপে সেৱা আগবঢ়াইছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
ছাৰিনৰ জন্ম হৈছিল নৌসেনাৰ এটা পৰিয়ালত। তেওঁৰ দেউতাক আছিল নৌসেনাৰ এজন বিষয়া যিয়ে ৪১ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। ভাতৃ ৰাজেশেও ৩০ বছৰ নৌসেনাত সেৱা আগবঢ়াইছিল। ৰাজেশে এগৰাকী চাবমেৰিনাৰ, তিনিখন চাবমেৰিন আৰু এখন ফ্ৰিগেটৰ কমাণ্ডিঙৰ উপৰিও কমোডৰ কমাণ্ডিং চাবমেৰিন (পূব) হিচাপেও কাম কৰিছিল। তেওঁৰ ভাইবোৱাৰী ৰাজেশৰ পত্নীও নৌসেনাৰ ডাক্তৰ আছিল।
ছাৰিনে বিশাখাপট্টনমৰ টিম্পানী স্কুলত পঢ়িছিল।১ ইয়াৰ পিছত পুনেৰ সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ত যোগদান কৰে। এ এফ এম চিত তেওঁ এম বি বি এছ সম্পূৰ্ণ কৰে।২
সামৰিক কেৰিয়াৰ
১৯৮৫ চনৰ ২৬ ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাত কমিছন লাভ কৰা ছাৰিনে ১৯৯২ চনত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি এ এফ এম চিৰ পৰা ৰেডিঅ’লজীত ডাক্তৰ অৱ মেডিচিন ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰৰ পৰা ৰেডিয়চন অংক'লজীত ডিএনবি ডিগ্ৰী লাভ কৰে।৩ পেনচিলভেনিয়াৰ পিটচবাৰ্গ বিশ্ববিদ্যালয়ত গামা নাইফ চাৰ্জাৰীৰ প্ৰশিক্ষণ লৈছিল।৪
ছাৰিনে বিশাখাপট্টনমৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ প্ৰতিৰক্ষা পৰীক্ষাগাৰ নৌ বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ (এন টি এছ এল)ত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ প'ৰ্ট ব্লেয়াৰৰ নৌসেনা চিকিৎসালয় আইএনএইচএছ ধনবন্তৰী, বিশাখাপট্টনমৰ আইএনএইচএছ কল্যাণী, কোচিৰ আইএনএইচএছ সঞ্জীৱনী আৰু মুম্বাইৰ আইএনএইচএছ আছবিনীত সেৱা আগবঢ়াইছে।৫
ছাৰিন ৰেডিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ড আৰু মহাৰাষ্ট্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (এম ইউ এইচ এছ) নাচিকৰ পৰীক্ষক। ইয়াৰ উপৰিও মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আৰু এম ইউ এইচ এছত এম ডি ৰেডিঅ’লজি এণ্ড ডি এন বি ৰেডিয়চন অংক’লজীৰ স্বীকৃতিপ্ৰাপ্ত স্নাতকোত্তৰ ডিগ্ৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আহিছে। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত তেওঁৰ কেইবাটাও প্ৰকাশন আছে আৰু ক্ৰমে লিভাৰ ৰোগ আৰু সহায়ক প্ৰজননৰ কিতাপৰ অধ্যায়ত অৰিহণা যোগাইছে।৬
ছাৰিনে দিল্লীৰ আৰ্মি হাস্পতাল (ৰিচাৰ্চ এণ্ড ৰেফাৰেল), পুনেৰ কমাণ্ড হাস্পতাল চাউদাৰ্ণ কমাণ্ড, এ এফ এম চি আৰু আই এন এইচ এছ আছভিনিৰ অধ্যাপক আৰু বিভাগৰ মুৰব্বী (এইচ অ' ডি) ৰেডিয়চন অংক'লজী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৭ প্ৰশাসনিক নিযুক্তিত তেওঁ আই এন এইচ এছ আছভিনিৰ জ্যেষ্ঠ পঞ্জীয়ক (চিকিৎসা অধীক্ষক) আৰু প্ৰধান চিকিৎসা বিষয়া নৌ ডকয়াৰ্ড (মুম্বাই) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ক'ভিড-১৯ মহামাৰীৰ সময়ত চাৰ্জন ক'ম'ডৰ হিচাপে ছাৰিনে উদ্ভাৱনীমূলক সমাধানৰ ডিজাইন আৰু বিকাশৰ তদাৰক কৰিছিল আৰু দক্ষিণ নৌসেনাৰ কমাণ্ডত কোৱাৰেণ্টাইনৰ সুবিধা স্থাপন কৰিছিল।৫
ব্যক্তিগত জীৱন
ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া চাৰ্জন ৰিয়াৰ এডমিৰেল চি এছ নাইডু, এভিএছএম, ভিএছএম, ৩৮ বছৰ নৌসেনাত কৰ্মৰত হেপাটোবিলিয়াৰী চাৰ্জনৰ সৈতে ছাৰিন বিবাহপাশত আৱদ্ধ হয়। ২০২০ চনত প্ৰথমবাৰৰ বাবে এই দম্পতীহালে নৌসেনাৰ কমাণ্ডৰ কমাণ্ড মেডিকেল অফিচাৰ (চিএমঅ’) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ছাৰিনে দক্ষিণ নৌসেনাৰ কমাণ্ডৰ চিএমঅ' হিচাপে কাম কৰাৰ সময়ত নাইডু পূব নৌসেনাৰ কমাণ্ডৰ চিএমঅ' আছিল।৮ তেওঁলোকৰ ৰোহন নামৰ এজন পুত্ৰ আছে।৯
বঁটা আৰু সজ্জা
২০০১ চনত ছাৰিনক নৌসেনাৰ মুৰব্বী প্ৰশংসা কাৰ্ড, ২০১৩ চনত জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ প্ৰশংসা, ২০১৭ চনত সেনাবাহিনীৰ মুৰব্বী প্ৰশংসা আৰু ২০২১ চনত বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে।১০
তথ্যসূত্ৰ
- ↑ Jun 23, TNN /. Vizag school link of SNC med officer · Visakhapatnam News - Times of India. The Times of India
- ↑ (22 June 2020). New Command Medical Officer takes charge. The Hindu
- ↑ Vizag Appointments - Arti Sarin assumes charge as Command Medical Officer, Southern Naval Command. www.vizagcityonline.com
- ↑ (7 October 2022). Surgeon Vice-Admiral Arti Sarin takes charge as Pune Armed Forces Medical College director. The Indian Express
- ↑ Surgeon Rear Admiral Arti Sarin Assumes charge as the Command Medical Officer, Southern Naval Command, Kochi · Indian Navy. www.indiannavy.nic.in
- ↑ Welcome to Armed Forces Medical College. www.afmc.nic.in
- ↑ (9 October 2022). Surgeon Vice-Admiral Arti Sarin takes charge as Pune AFMC director. Hindustan Times
- ↑ (22 June 2020). A first in Navy as couple serve as CMOs of Commands. The Indian Express
- ↑ Indian Society Of Aerospace Medicine. www.isam.in
- ↑ Oct 8, TNN /. Pune: Vice Admiral Arti Sarin takes over as Armed Forces Medical College commandant · Pune News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি ছাৰিন” প্ৰবন্ধৰ সংশোধন ৩৫১১৬৬ (২৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।