জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আই জিং
আই জিং (চীনা:艾敬; পিনয়ন: Ài Jìng; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৬৯) এগৰাকী চীনা গায়িকা, অভিনেত্ৰী আৰু চিত্ৰশিল্পী। চীনৰ নৰ্থইষ্ট নিউজে তেওঁক “চীনৰ আটাইতকৈ প্ৰতিভাৱান মহিলা লোক-ৰক গায়িকা” বুলি অভিহিত কৰিছে। আইৰ জন্ম হৈছিল শ্বেনয়াং, লিয়াওনিঙৰ এটা সংগীত পৰিয়ালত।
-
আই ভি শশী
ইৰুপ্পম বীতিু শশীধৰণ (জন্ম ২৮ মাৰ্চ ১৯৪৮ আৰু মৃত্যু ২৪ অক্টোবৰ ২০১৭), পেচাগতভাৱে আই ভি শশী নামেৰে জনাজাত, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মূলতঃ মালয়ালম ভাষাৰ উপৰি তামিল আৰু হিন্দী ভাষাত ১১০খনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
-
আইচা লেমচিন
লেমচিন, পোছাকী নাম আইচা লাইডি (জন্ম ১৯৪২), ফৰাচী ভাষাত লিখা এগৰাকী আলজেৰিয়ান লেখিকা। টেবেছাৰ বাৰ্বাৰ নেমেমচাছ অঞ্চলত জন্মগ্ৰহণ কৰা লেমচিনে মহিলাৰ অধিকাৰৰ পোষকতা কৰে।
-
আইছা চুলতান বেগম
আইছা চুলতান বেগম মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মোগল সম্ৰাট সম্ৰাট বাবৰৰ প্ৰথম পত্নী হিচাপে ফেৰঘনা উপত্যকা আৰু সমৰকন্দৰ ৰাণী পত্নী আছিল। আইছা স্বামীৰ প্ৰথম ভতিজা ভগ্নী আৰু জন্মৰপৰা টাইমুৰিড ৰাজকুমাৰী আছিল। বাবৰৰ পৈতৃক ককাক সমৰকন্দ আৰু বুখাৰাৰ ৰজা চুলতান আহমেদ মিৰ্জাৰ কন্যা।
-
আইছা বিন্ত আবু বকৰ
আইছা বিন্ত আবু বকৰ ( জীৱনকাল: ৬০৪ – ৬৭৮ খ্ৰীষ্টাব্দ) এগৰাকী বিখ্যাত চাহাবী মহিলা আছিল এগৰাকী পণ্ডিত, হাদীছৰ বক্তা, আৰু নেত্ৰী হিচাপে প্ৰথম খলিফা আবু বকৰ ছিদ্দিকৰ কন্যা আৰু হজৰত মুহাম্মদৰ দ্বাৰা বিবাহপাশত আবদ্ধ হয়। ইতিহাসে আয়েছাৰ শৈশৱৰ বিষয়ে বিশেষ তথ্য পোৱা নাই।
-
আইতল খোছলা
আইতল খোছলা (ইংৰাজী: Aaital Khosla; জন্ম: ৩ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ 'গ্ল্যামানেণ্ড ছুপাৰমডেল ইণ্ডিয়া'ৰ মুকুট লাভ কৰিছিল আৰু অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা 'মিছ আৰ্থ ২০১৫' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আইদা এল-কাছেফ
আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল।
-
আইদা ৰোষ্টামি
আইদা ৰোষ্টামি (জন্ম: সম্ভৱতঃ ১৯৮৬ – সোমবাৰ, মৃত্যু: ১২ ডিচেম্বৰ, ২০২২) মাহছা আমিনিৰ মৃত্যুৰ প্ৰতিবাদৰ সময়ত আহত প্ৰতিবাদকাৰীৰ চিকিৎসাৰ বাবে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ নিৰাপত্তা বাহিনীয়ে অপহৰণ কৰি নি মাৰাত্মকভাৱে প্ৰহাৰ কৰা আৰু হত্যা কৰা বুলি অভিযোগ উঠিছিল।
-
আইনুল্লাহ চাফুৰী
আইনুল্লাহ চাফুৰী (ফাৰ্চী: عینالله صفوری) ১৯৭৯ চনৰ ইৰানৰ বিপ্লৱৰ পূৰ্বে সক্ৰিয় থকা এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাণ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ তেহৰাণৰ বাণিজ্যিক চিনেমা আৰু টেলিভিছনত ব্যাপকভাৱে কাম কৰিছিল।
-
আইভি জ'ছাইয়া
আইভি নাল্লাম্মাহ জ'ছাইয়া (Ivy Nallammah Josiah) মালয়েছিয়াৰ এগৰাকী শিক্ষক আৰুনাৰী অধিকাৰ আন্দোলনৰ সক্ৰিয়কৰ্মী। তেওঁ মালয়েছিয়াত গাৰ্হস্থ্য হিংসাৰ পৰা পলায়ন কৰা মহিলাসকলক সহায় আৰু আশ্ৰয় প্ৰদান কৰা উইমেনচ এইড অৰ্গেনাইজেছন(Women's Aid Organisation ) -ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম।
-
আইমি লু উড
আইমি লু উড (জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। তেওঁ মঞ্চত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, মেৰী ষ্টুয়াৰ্ট (২০১৬–২০১৭) আৰু পিপল, প্লেচেছ এণ্ড থিংছ (২০১৭)ৰ প্ৰযোজনাত অভিনয় কৰে।
-
আইৰিছ বেলা
ইৰিছ জেটি ডিৰ্ক ডি বেউলে (ইংৰাজী: Yris Jetty Dirk de Beule; জন্ম: ২৩ এপ্ৰিল ১৯৯৬), যি পেচাগতভাৱে আইৰিছ বেলা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
আইৰিছ ষ্টাৰন লেভি
আইৰিছ ষ্টাৰন লেভি (Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক…
-
আউট ডেং আচুইল
আউট ডেং আচুইল হৈছে দক্ষিণ চুডানৰ এজন ৰাজনীতিবিদ যিয়ে ৰিভাইটালাইজড ট্ৰেঞ্জিচনেল গভৰ্ণমেণ্ট অৱ নেচনেল ইউনিটি (R-TGoNU)ৰ সাধাৰণ শিক্ষা আৰু নিৰ্দেশনাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
আওৰা
পাৰ্ক মিন-জুন (Aoora, 박민준; ১০ জানুৱাৰী ১৯৮৬), জন্ম নাম পাৰ্ক গিউন-ই (박근이) আৰু তেওঁৰ মঞ্চনাম আওৰা দ্বাৰা বেছি পৰিচিত, এগৰাকী দক্ষিণ কোৰীয় গায়ক আৰু সুৰকাৰ। তেওঁ দক্ষিণ কোৰিয়াৰ বয় বেণ্ড ডাবল-এ আৰু ইয়াৰ ছাবইউনিট আওৰাএণ্ডহোইকৰ সদস্য আছিল।
-
আকবৰ খাজাঈ
আকবৰ খাজাঈ (ফাৰ্চী: اکبر خزایی; জন্ম ১১ আগষ্ট ১৯৮০, তেহৰাণ, ইৰান) হৈছে এগৰাকী প্ৰথম আৰু একমাত্ৰ ইৰানী আন্তঃৰাষ্ট্ৰীয় পেচাদাৰী বডিবিল্ডিং বিচাৰক। তেওঁ প্ৰথমে আন্তঃৰাষ্ট্ৰীয় বডিবিল্ডিং আৰু ফিটনেছ ফেডাৰেচনৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় অপেশাদাৰী বিচাৰক আছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ ইৰানী নাগৰিকত্ব থকা…
-
আকাংক্ষা দেও শৰ্মা
আকাংক্ষা দেও শৰ্মা এগৰাকী ভাৰতীয় ঔদ্যোগিক ডিজাইনাৰ, বস্ত্ৰ উদ্ভাৱক আৰু দৃশ্য শিল্পী। তেওঁ বিশেষকৈ বস্ত্ৰ নক্সা, টেকসই সামগ্ৰী ব্যৱহাৰ আৰু উদ্ভাৱনীমূলক উপাদানৰ সংমিশ্ৰণেৰে আধুনিক নক্সা সৃষ্টিৰ বাবে পৰিচিত।
-
আকাশ গুপ্তা
আকাশ গুপ্তা (Aakash Gupta) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা, ইউটিউবাৰ আৰু থিয়েটাৰ শিল্পী তেওঁ সময় ৰাইনাৰ সৈতে ষ্টেণ্ড-আপ কমেডী প্ৰতিযোগিতা কমিকষ্টানৰ দ্বিতীয় ছিজনৰ সহ-বিজয়ী আছিল।তেওঁ পৰিবেশন কলা আৰু স্কেচ কমেডীৰ প্ৰশিক্ষণ লাভ কৰিছে।.
-
আকাশ দীপ
আকাশ দীপ (Akash Deep; জন্ম:-১৫ ডিচেম্বৰ ১৯৯৬) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ, ঘৰুৱা ক্ৰিকেটত বংগ ক্ৰিকেট দলৰ হৈ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ আৰু বেংগল প্ৰ’ টি-২০ লীগত চাৰ্ভোটেক চিলিগুৰি ষ্ট্ৰাইকাৰছৰ হৈ…
-
আকাশা সিং
আকাশা সিং (ইংৰাজী: Akasa Singh; জন্ম: ২ এপ্ৰিল ১৯৯০), যাক কেৱল আকাশা বুলিও জনা যায়, এগৰাকী ভাৰতীয় গায়িকা আৰু পৰিৱেশক। তেওঁ ২০১৬ চনৰ হিন্দী ছবি চনম তেৰী কচমৰ "খীচ মেৰী ফটো" গীতটোৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল।
-
আক্কাই পদ্মশালী
আক্কাই পদ্মশালী এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, প্ৰেৰণা মূলক বক্তা আৰু গায়িকা। ট্ৰান্সজেণ্ডাৰ অধিকাৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁ কৰ্ণাটক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ পুৰস্কাৰ লাভ কৰিছে।
-
আক্কাদেৱী
আক্কাদেৱী যাক ঠাইভেদে অক্কাদেভি, আক্কা-দেভি বুলিও কোৱা হয়, ১০১০–১০৬৪ খ্ৰীষ্টাব্দত কৰ্ণাটকৰ চালুক্য বংশৰ ৰাজকুমাৰী আছিল আৰু বৰ্তমানৰ বিদাৰ, বাগালকোট আৰু বিজাপুৰ জিলাত অৱস্থিত কিশুকাডু নামেৰে জনাজাত অঞ্চলৰ ৰাজ্যপাল আছিল।
-
আগষ্ট এমেছ
মাৰ্চিডিজ গ্ৰেব'স্কি (২৩ আগষ্ট, ১৯৯৪ – ৫ ডিচেম্বৰ, ২০১৭), পেছাদাৰীভাৱে আগষ্ট এমেছ নামেৰে পৰিচিত, এগৰাকী কানাডাৰ পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। ২০১৬ চনত এখন নন-পৰ্ণগ্ৰাফিক ছবিকে ধৰি ১০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু কেইবাটাও এভিএন বঁটাৰ বাবে মনোনীত হৈছিল।
-
আগাথা মাক্সিমোভা
আগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনেত্ৰী আৰু মডেল।
-
আচা ছেপ্ট্ৰিয়াছা
জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।
-
আচৰানী
গোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
আছগৰ ফৰহাদী
আছগৰ ফৰহাদী (اصغر فرهادی,; জন্ম ৭ মে' ১৯৭২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ইৰানী চলচ্চিত্ৰৰ লগতে একবিংশ শতিকাৰ বিশ্ব চলচ্চিত্ৰৰ অন্যতম প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
আছগৰী বাই
আছগৰী বাই ( Asgari Bai; ২৫ আগষ্ট ১৯১৮ – ৯ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী। সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী, তানচেন সন্মান, সংগীত নাটক একাডেমী বঁটা আৰু শিখৰ সন্মান লাভ কৰিছিল।
-
আছলি বায়ৰাম
আচলি বায়ৰাম (ইংৰাজী: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ তুৰ্কী মূলৰ লোক। ২০১০ চনৰপৰা তেওঁ হেচেনৰ ন্যায় মন্ত্ৰ্যালয়ৰদ্বাৰা অপৰাধ প্ৰতিৰোধৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আছা আকিৰা
আছা আকিৰা (জন্ম: ১৯৮৪/১৯৮৫) হৈছে এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা আৰু প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ পৰিচালক। ২০২৩ চনৰ জুন মাহলৈকে তেওঁ ৬৮৯খন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰিছে।