আকাশা সিং (ইংৰাজী ভাষা: Akasa Singh; জন্ম: ২ এপ্ৰিল ১৯৯০), যাক কেৱল আকাশা বুলিও জনা যায়, এগৰাকী ভাৰতীয় গায়িকা আৰু পৰিৱেশক। তেওঁ ২০১৬ চনৰ হিন্দী ভাষা ছবি চনম তেৰী কচমৰ "খীচ মেৰী ফটো" গীতটোৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। ৰিয়েলিটী শ্ব'ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা আকাশাই ছনী মিউজিক ইণ্ডিয়াৰ সৈতে চুক্তিবদ্ধ হৈছিল। তেওঁৰ প্ৰথম পপ একক গীত "ঠগ ৰাঞ্জা"ই তেওঁলৈ বিশেষ সফলতা কঢ়িয়াই আনিছিল।১২ ২০২১ চনত তেওঁ বিগ বছ ১৫ত অংশগ্ৰহণ কৰিছিল।
আকাশাই এমটিভি বিটছৰ কাৰ্যসূচী চিক্ৰেট চাইডৰ ঘোষিকা হিচাপে টেলিভিছনত আত্মপ্ৰকাশ কৰিছিল।৩৪৫
কৰ্মজীৱন
আকাশাই মিকা সিঙৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত ১০ জনীয়া পুৰুষ সদস্যৰ বেণ্ডটোত তেওঁ একমাত্ৰ মহিলা সদস্য আছিল।৬ তেওঁ ইণ্ডিয়াছ ৰ' ষ্টাৰত এগৰাকী প্ৰতিযোগী আছিল। শ্ব’টোত থকা তেওঁৰ মেণ্টৰ হিমেশ ৰেশমীয়াই আকাশাক বলীউডত সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যিটো তেওঁ ২০১৬ চনৰ ছবি চনম তেৰী কচমৰ "খীচ মেৰী ফটো" গীতটোৰ জৰিয়তে লাভ কৰিছিল।৭ আকাশাই ডিজে স্কিপৰ সৈতে আমাজন প্ৰাইম ভিডিঅ’ৰ অৰিজিনেল ৰিয়েলিটী শ্ব’ দ্য ৰিমিক্সতো অংশগ্ৰহণ কৰিছিল।৮
২০১৭ চনত বিয়িং ইণ্ডিয়ানৰ 'জুদাই' আৰু 'জুগনী জী'ত অভিনয় কৰা আকাশাই ৰিকি মাৰ্টিনৰ সৈতে 'ভেণ্টে পা কা' নামৰ এটা দ্বৈত গীত মুকলি কৰে।৯১০ তেওঁ এড শ্বীৰাণৰ 'শ্বেপ অৱ ইউ' আৰু বাদশ্বাহৰ 'মাৰ্চি'ৰ এটা মেছআপো কৰিছে আৰু আৰএইচটিডিএম ছবিৰ 'জাৰা জাৰা' গীতটোৰ এটা কভাৰ ভাৰ্চন মুকলি কৰিছে।১১১২
২০১৮ চনৰ ১৮ মে’ত আকাশাই তেওঁৰ একক গীত "ঠগ ৰাঞ্জা" মুকলি কৰে।১৩ তেওঁৰ লগতে ভিডিঅ’টোত দুজন পুৰুষ অভিনেতা শাশ্বত শেঠ আৰু টাইগাৰ জিন্দা হ্যেৰ অভিনেতা পৰেশ পহুজাক দেখা গৈছিল।১৪ ইয়াৰ অফিচিয়েল ভিডিঅ’টো সমগ্ৰ বিশ্বতে ইউটিউবত সৰ্বাধিক দৰ্শন কৰা ভাৰতীয় ভিডিঅ’ হিচাপে পৰিগণিত হয়।১৫১৬ ২০২১ চনত তেওঁ বিগ বছ ১৫ত অংশগ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ 'Thug Ranjha' is most viewed Indian video worldwide. The Times of India
- ↑ Watch: Akasa's 'Thug Ranjha' is most viewed Indian video worldwide. The New New Indian Express
- ↑ (2018-08-16). Singer Akasa Singh to debut as TV host. Business Standard India
- ↑ (2018-08-16). Singer Akasa Singh to debut as TV host. mid-day
- ↑ Singer Akasa Singh to debut as TV host. The Quint
- ↑ I was always taught to be myself: Akasa Singh
- ↑ (28 March 2016). Kheech Meri Photo from film Sanam Teri Kasam is selfie Anthem of Youth. The Hans India
- ↑ (2018-03-09). The Remix · Show Review - Bandook is a music-first digital news blog. It creates shareable content for music lovers who want to consume news of all genres, as it happens.. Bandook is a music-first digital news blog. It creates shareable content for music lovers who want to consume news of all genres, as it happens.
- ↑ (2017-02-21). Newcomer Akasa Singh Collaborates with Ricky Martin -. Rolling Stone India
- ↑ This Is Akasa, She's Just Sung a Song With Ricky Martin!. The Quint
- ↑ Akasa's mashup bring Badshah and Ed Sheeran together
- ↑ Akasa Singh reveals her new music cover 'Zara Zara'
- ↑ Sony Music releases Akasa's electric new & original single 'Thug Ranjha'. DailyHunt
- ↑ 'Tiger Zinda Hai' actor to star with Akasa Singh
- ↑ 'Thug Ranjha' is most viewed Indian video worldwide. The Times of India
- ↑ "Thug Ranjha" is most viewed Indian video worldwide. The Quint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশা সিং” প্ৰবন্ধৰ সংশোধন ৬০৩৭০৭ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।