ইৰিছ জেটি ডিৰ্ক ডি বেউলে (ইংৰাজী ভাষা: Yris Jetty Dirk de Beule; জন্ম: ২৩ এপ্ৰিল ১৯৯৬), যি পেচাগতভাৱে আইৰিছ বেলা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ভাষা অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ লাভ ইন পাৰ্থ (২০১০) আৰু হাৰ্ট ২ হাৰ্ট (২০১০) তথা ধাৰাবাহিক জাৱাৰা, জাকাৰ্টা লাভ ষ্টৰী, ৰাজৱালী আৰু বিনাৰ বেনিং বাৰ্লিয়ানত কৰা অভিনয়ৰ বাবে জনাজাত। ২০১৭ চনত তেওঁ ইণ্ডোনেছিয়ান মুভি এক্টৰ্ছ এৱাৰ্ডছৰ বাবে মনোনীত হৈছিল।১২
কেৰিয়াৰ
বেলাই বান্দুঙৰ এটা মডেলিং এজেন্সীত যোগদান কৰি মনোৰঞ্জনৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত সম্প্ৰচাৰিত হোৱা তাংগিছান ইছাবেলা ধাৰাবাহিকত অভিনয় কৰিবলৈ তেওঁ এম.ডি. এণ্টাৰটেইনমেণ্টৰ সৈতে চুক্তিবদ্ধ হয়।৩ তেওঁ টাইগাৰ বয় নামৰ এটা টেলিভিছন কাৰ্যসূচীত অভিনয় কৰিছিল, য’ত জন্তুৰ সৈতে লাইভ ষ্টাণ্ট কৰা হৈছিল।৪ অভিনয়ৰপৰা বিৰতি লোৱাৰ পাছত বেলাই ২০২২ চনত তেওঁৰ স্বামীৰ সৈতে পুনৰ চিনেমাৰ জগতলৈ উভতি আহে।৫ অভিনয়ৰ উপৰি তেওঁ এটা ইউটিউব চেনেলত কথা-বতৰাৰ অনুষ্ঠান পৰিচালনা কৰে।৬
ব্যক্তিগত জীৱন
বেলাৰ পিতৃ বেলজিয়ামৰ জোহান ডি বেউলে আৰু মাতৃ ইণ্ডোনেছিয়াৰ সুসান্তি আৰিফিন।৭ ধাৰাবাহিক চিন্তা শুচিৰ চিত্ৰগ্ৰহণৰ সময়ৰপৰাই তেওঁ আম্মাৰ জোনিৰ সৈতে সম্পৰ্কত আছিল। ২০১৯ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁলোকৰ বাগদান সম্পন্ন হয় আৰু একে বছৰৰে ২৮ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। ২০২০ চনৰ ১৮ ছেপ্টেম্বৰত বেলাই এজন পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম এয়াৰ ৰুমী আকবৰ ৰখা হয়। ২০২২ চনৰ ২৩ আগষ্টত তেওঁ আমালা পুটি ছাবাই আকবৰ নামৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। ২০২৩ চনত নিচাসক্ত দ্ৰব্যৰ অপৰাধত জেলৰপৰা মুক্তি পোৱাৰ এমাহৰ পিছত বেলাই জোনিৰপৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।৮ পৰৱৰ্তী সময়ত ২০২৪ চনত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়।৯
তথ্যসূত্ৰ
- ↑ Lin, Alina. Ultah Ke-26, 9 Potret Irish Bella Siap Jadi Ibu Dua Anak. IDN Times
- ↑ (29 July 2019). Ammar Zoni dan Irish Bella Akui Adanya Pernikahan Siri. liputan6.com
- ↑ Irish Bella – Cinema 21. www.21cineplex.com
- ↑ Actor Stefan William Takes a Beating From Doing Own Stunts in 'Tiger Boy'. Jakarta Globe
- ↑ Selectively Choose Projects, Ammar Zoni And Irish Bella Act Again Through Pure Honey Film. VOI – Waktunya Merevolusi Pemberitaan
- ↑ Pantas Irish Bella Still Slaving Away After Marrying Haldy Sabri, This is Her Confession in Front of Her Stepchild. Banjarmasin Post
- ↑ (30 January 2025). Having separated because her parents divorced, here are 11 memorable portraits of togetherness between Irish Bella and her biological father. brilio.net
- ↑ (21 November 2023). Irish Bella files for divorce a month after husband's release from prison. The Star
- ↑ Married Again After Divorce With Ammar Zoni, Irish Bella: An Imam Leads My Steps. VOI – Waktunya Merevolusi Pemberitaan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইৰিছ বেলা” প্ৰবন্ধৰ সংশোধন ৬০৪৭৬০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।