অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আই ভি শশী

ইৰুপ্পম বীতিু শশীধৰণ (জন্ম ২৮ মাৰ্চ ১৯৪৮ আৰু মৃত্যু ২৪ অক্টোবৰ ২০১৭), পেচাগতভাৱে আই ভি শশী নামেৰে জনাজাত, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মূলতঃ মালয়ালম ভাষাৰ উপৰি তামিল আৰু হিন্দী ভাষাত ১১০খনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইৰুপ্পম বীতিু শশীধৰণ (জন্ম ২৮ মাৰ্চ ১৯৪৮ আৰু মৃত্যু ২৪ অক্টোবৰ ২০১৭), পেচাগতভাৱে আই ভি শশী নামেৰে জনাজাত, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মূলতঃ মালয়ালম ভাষা ভাষাৰ উপৰি তামিল ভাষা আৰু হিন্দী ভাষা ভাষাত ১১০খনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ২০১৫ চনত তেওঁক মালয়ালম চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান জে চি ডেনিয়েল বঁটা প্ৰদান কৰা হৈছিল। প্ৰায়ে এজন পথ-প্ৰদৰ্শক হিচাপে বৰ্ণনা কৰা শশীয়ে ১৯৭০ ৰপৰা ১৯৯০ ৰ দশকলৈকে মালয়ালম চলচ্চিত্ৰৰ পৰিৱৰ্তনৰ সময়ছোৱাত নিজৰ পৰিচয় দাঙি ধৰিছিল।১

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

আই ভি চন্দ্ৰন আৰু কৌশল্যাৰ পুত্ৰ হিচাপে ১৯৪৮ চনৰ ২৮ মাৰ্চত কোজীকোডৰ ওচৰৰ ৱেষ্ট হিলত শশীৰ জন্ম হৈছিল।২ তেওঁ ১৯৮০ চনৰ ২৮ আগষ্টত মালয়ালম চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী সীমাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ তেওঁলোকৰ মাজত প্ৰথম সাক্ষাৎ হৈছিল তেওঁৰ পৰিচালিত ছবি আৱালুদে ৰাৱুকল (১৯৭৮) ৰ ছেটত আৰু সীমা তেওঁৰ প্ৰিয় অভিনেত্ৰী হৈ পৰিছিল। তেওঁলোকে একেলগে ৩০খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল। তেওঁলোকৰ অনু নামৰ এগৰাকী কন্যা আৰু অনি নামৰ এজন পুত্ৰকে ধৰি দুটি সন্তান আছে। অনুৱে দেউতাকৰদ্বাৰা পৰিচালিত ছবি চিম্ফনী ত অভিনয় কৰিছিল। ২০১০ চনৰ ১০ ডিচেম্বৰত অনুৱে মিলন নায়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪ আনহাতে অনি এজন তেলুগু চলচ্চিত্ৰ পৰিচালক।৫

কৰ্মজীৱন

শশীয়ে বিভিন্ন ধাৰাৰ মালয়ালম চলচ্চিত্ৰ পৰিচালনা কৰিছে। চিত্ৰনাট্যকাৰ টি দামোদৰনে লিখা তেওঁৰ যুদ্ধভিত্তিক চলচ্চিত্ৰ ১৯২১ আছিল ইটালীয় চলচ্চিত্ৰ মহোৎসৱত মনোনীত হোৱা প্ৰথমখন মালয়ালম চলচ্চিত্ৰ। তেওঁৰ ইনা আছিল বাল্যবিবাহৰ আধাৰত নিৰ্মিত প্ৰথমখন মালয়ালম চলচ্চিত্ৰ। ১৯৮২ চনত তেওঁ তেওঁৰ আৰূদম চলচ্চিত্ৰখনৰ বাবে ইয়াৰ প্ৰযোজক ৰোছাম্মা জৰ্জৰ সৈতে যুটীয়াভাৱে ৰাষ্ট্ৰীয় একতাৰ ওপৰত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰে। এঝামকাডালিনাক্কাৰে আছিল উত্তৰ আমেৰিকাত শ্বুটিং কৰা প্ৰথমখন মালয়ালম চলচ্চিত্ৰ, যাৰ অন্যতম এক স্থান আছিল মানহাট্টান।৬ ইয়াৰ সুৰালোকজলধাৰা গীতটিৰ শ্বুটিং কানাডাৰ ওণ্টাৰিঅ'ৰ নায়গ্ৰা জলপ্ৰপাতৰ ওচৰত কৰা হৈছিল।৭

মৃত্যুৰ সময়ত তেওঁ কুৱেইট যুদ্ধৰ ওপৰত আধাৰিত বাৰ্ণিং ৱেলছ নামৰ এখন চলচ্চিত্ৰৰ প্ৰাক প্ৰযোজনাৰ কাম কৰি আছিল, যিখন ছবি তেওঁ শোহান ৰায়ৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰাৰ কথা আছিল।৮৯১০

মৃত্যু

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত ২০১৭ চনৰ ২৪ অক্টোবৰৰ ৰাতিপুৱা ১০:৩০ বজাত চেন্নাইৰ শালিগ্ৰামমস্থিত নিজ গৃহত শশীৰ ৬৯ বছৰ বয়সত মৃত্যু হয়।১১১২১৩১৪

চলচ্চিত্ৰ নিৰ্মাণ শৈলী

কাৰিকৰী পাৰদৰ্শিতা আৰু আড়ম্বৰপূৰ্ণ নিৰ্মাণশৈলীৰ বাবে জনাজাত আই ভি শশীক মালয়ালম চলচ্চিত্ৰ জগতত ডাঙৰ কেনভাচ আৰু সজীৱ আখ্যানৰ সূচনা কৰা পৰিচালক হিচাপে গণ্য কৰা হয়, যিবোৰত কোনো আদৰ্শবাদী বা ৰোমাণ্টিক চৰিত্ৰৰ পৰিৱৰ্তে গ্ৰাম্য আৰু সাধাৰণ চৰিত্ৰৰ আধিপত্য আছিল। তেওঁৰ বেছিভাগ সৃষ্টিতেই শৈল্পিক উপাদান আৰু বাণিজ্যিক মূল্যবোধৰ এক সুন্দৰ মিশ্ৰণ দেখা গৈছিল।১৫ তেওঁৰ কাহিনীবোৰত কামোদ্দীপকতা আৰু এক সুকীয়া দৃশ্যমান অনুভূতি থকা বুলি কোৱা হয়। ইয়াৰে কিছুমান ছবি মূলতঃ শক্তিশালী নাৰী চৰিত্ৰৰ উপস্থিতি থকা পৰিৱেশত নিৰ্মাণ কৰা হৈছিল। তেওঁৰ চলচ্চিত্ৰৰ চৰিত্ৰবোৰ বিভিন্ন পটভূমিৰপৰা আহিছিল আৰু ইয়াৰে কিছুমানে কেৰালাৰ সুশীল সমাজৰ উদীয়মান দাবী আৰু ইচ্ছাক প্ৰতিনিধিত্ব কৰিছিল।১৬

বঁটা আৰু সন্মান

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৮২: ৰাষ্ট্ৰীয় একতাৰ ওপৰত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বাবে নাৰ্গিছ দত্ত বঁটা (আৰূদম চলচ্চিত্ৰৰ বাবে)

কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা

  • ১৯৭৬: শ্ৰেষ্ঠ কলা পৰিচালক (অনুভৱম চলচ্চিত্ৰৰ বাবে)
  • ১৯৮৪: দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ (আলক্কুত্তাথিল থানিয়ে চলচ্চিত্ৰৰ বাবে)
  • ১৯৮৮: শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ (১৯২১ চলচ্চিত্ৰৰ বাবে)
  • ১৯৮৯: শ্ৰেষ্ঠ পৰিচালক (মৃগয়া চলচ্চিত্ৰৰ বাবে)
  • ২০১৪: জে চি ডেনিয়েল বঁটা

ফিল্মফেয়াৰ বঁটা দক্ষিণ

  • ১৯৭৭: শ্ৰেষ্ঠ পৰিচালক – মালয়ালম (ইথা ইভিদে ৱাৰে চলচ্চিত্ৰৰ বাবে)
  • ১৯৭৮: শ্ৰেষ্ঠ পৰিচালক – মালয়ালম (ঈত্তা চলচ্চিত্ৰৰ বাবে)
  • ২০১৫: জীৱনজোৰা সাধনা বঁটা১৭

চলচ্চিত্ৰ তালিকা

মালয়ালম

+বৰ্ষচলচ্চিত্ৰচিত্ৰনাট্যকাৰটোকাতথ্যসূত্ৰ
১৯৭৫উৎসৱমশ্বৰীফ
১৯৭৬অনুভৱমশ্বৰীফ
আলিংগনমশ্বৰীফ
আয়াল্ক্কাৰীশ্বৰীফ
অভিনন্দনমশ্বৰীফ
১৯৭৭আশীৰ্বাদমশ্বৰীফ
অঞ্জলিশ্বৰীফ
আকলে আকাশমশ্বৰীফ
অংগীকাৰমশ্বৰীফ
অভিনিবেশমশ্বৰীফ
ইথা ইভিডে ভাৰেপদ্মৰাজন
আ নিমিষমশ্বৰীফ
আনন্দম পৰমানন্দমশ্বৰীফ
অন্তৰ্দাহমমানিয়ান; শ্বৰীফ (সংলাপ)
হৃদয়মে সাক্ষীশ্বৰীফ
ইন্নালে ইন্নুশ্বৰীফ
ঊঞ্জালশ্বৰীফ
১৯৭৮ঈ মনোহৰ তীৰমপৰপ্পুৰাথু
অনুমোদনমথোপ্পিল ভাছি
অৱলুডে ৰাভুকলশ্বৰীফ
অমৰ্ষমথোপ্পিল ভাছি
ইথা অৰু মনুষ্যনশ্ৰীকুমাৰণ থাম্পি
ভডক্কাক্কু অৰু হৃদয়মপদ্মৰাজন
ঞান ঞান মাত্ৰমজন পল; থোপ্পিল ভাছি (চিত্ৰনাট্য আৰু সংলাপ)
ঈটাশ্বৰীফ (চিত্ৰনাট্য); ৰাজামণি (কাহিনী)
ইনিয়ুম পুঝায়োজুকুমৰোজ; শ্বৰীফ (চিত্ৰনাট্য আৰু সংলাপ)
১৯৭৯আল্লাউদ্দিনুম অল্ভুত ভিলাক্কুমশ্বৰীফ
মনসা বাচা কৰ্মণাআকালেৱ্যন; শ্বৰীফ (চিত্ৰনাট্য আৰু সংলাপ)
অনুভৱঙ্গল নান্নিকালুৰ ডেনিছ; এছ. এল. পুৰম সদানন্দন (সংলাপ)
এঝামকাডালিনাক্কাৰেশ্বৰীফ
আৰাট্টুটি. দামোদৰন
১৯৮০ইভৰমাধৱী মাধৱ; থোপ্পিল ভাছি (চিত্ৰনাট্য আৰু সংলাপ)
অংগাডিটি. দামোদৰন
কান্ত ভালয়মথালাছেৰী ৰাঘৱন; টি. দামোদৰন (চিত্ৰনাট্য)
কৰিম্পনাজে. চি. জৰ্জ
মীনটি. দামোদৰন
অশ্বৰধমপ্ৰভাকৰ পুথুৰ; টি. দামোদৰন (সংলাপ); ভি. টি. নন্দকুমাৰ (চিত্ৰনাট্য)
১৯৮১অৰিক্কল কূডিবিলাসিনী
থুষাৰমটি. দামোদৰন
তৃষ্ণাএম. টি. বাসুদেৱন নায়াৰ
হংস গীতমটি. দামোদৰন
অহিংসাটি. দামোদৰন
১৯৮২ঈ নাডুটি. দামোদৰন
ইনাজন পল
থাডাকমটি. দামোদৰন
জন জাফাৰ জনাৰ্দননটি. দামোদৰন
সিন্দূৰ সন্ধ্যাক্কু মৌনমপ্ৰিয়দৰ্শন (অপ্ৰকাশিত); টি. দামোদৰন
ইন্নালেঙ্কিল নালেটি. দামোদৰন
১৯৮৩আমেৰিকা আমেৰিকাটি. দামোদৰন
ইনিয়েংগিলুমটি. দামোদৰন
নানায়মটি. দামোদৰন
কৈকেয়ীপদ্মৰাজন
আৰূঢ়মএম. টি. বাসুদেৱন নায়াৰ
১৯৮৪উয়ৰঙ্গলিলএম. টি. বাসুদেৱন নায়াৰ
অথিৰাথ্ৰমজন পল
লক্ষ্মণ ৰেখাপি. ভি. কুৰিয়াকোজ
আলক্কুট্টথিল থানিয়েএম. টি. বাসুদেৱন নায়াৰ
অডিয়োজুক্কুকলএম. টি. বাসুদেৱন নায়াৰ
অক্ষৰঙ্গলএম. টি. বাসুদেৱন নায়াৰ
কানামাৰায়াথুপদ্মৰাজন
১৯৮৫ৰংগমএম. টি. বাসুদেৱন নায়াৰ
অনুবন্ধমএম. টি. বাসুদেৱন নায়াৰ
অংগাডিক্কাপ্পুৰাথুটি. দামোদৰন
ইডানিলঙ্গলএম. টি. বাসুদেৱন নায়াৰ
কৰিম্পিনপুভিনাক্কাৰেপদ্মৰাজন
১৯৮৬অভয়ম থেডিএম. টি. বাসুদেৱন নায়াৰ
কূডানায়ুম কাট্টুজন পল
ৱৰ্তাটি. দামোদৰন
আৱানাঝিটি. দামোদৰন
১৯৮৭ইথ্ৰায়ুম কালমটি. দামোদৰন
অডিমাকল উদামাকলটি. দামোদৰন
বৃত্তমটি. দামোদৰন; জন পল
নাল্কাভালাটি. দামোদৰন
১৯৮৮আবকাৰিটি. দামোদৰন
অনুৰাগীনিজে (চিত্ৰনাট্য); শ্বৰীফ (কাহিনী আৰু সংলাপ)
১৯২১টি. দামোদৰন
মুক্তিএ. কে. লোহিতদাস
১৯৮৯অক্ষৰতেট্টুশ্ৰীকুমাৰণ থাম্পি
মৃগয়াএ. কে. লোহিতদাস
১৯৯০ৱৰ্তমান কালমপ্ৰশান্ত
অৰ্হতাটি. দামোদৰন
মিধ্যাএম. টি. বাসুদেৱন নায়াৰ
১৯৯১ভূমিকাএছ. বালচন্দ্ৰন; জন পল (চিত্ৰনাট্য)
ইন্সপেক্টৰ বলৰামটি. দামোদৰন
নীলগিৰিৰঞ্জিত
১৯৯২কাল্লানুম পোলিছুমশ্ৰীকুমাৰণ থাম্পি
অপাৰথাশ্ৰীকুমাৰণ থাম্পি
১৯৯৩দেৱাসুৰমৰঞ্জিত
পাধাভি
অৰ্থনাডেনিছ জ'চেফ (কাহিনী); ৰঘুনাথ পালেৰী (চিত্ৰনাট্য)
১৯৯৪দ্য চিটিটি. দামোদৰন (চিত্ৰনাট্য); প্ৰিয়দৰ্শন (কাহিনী)
১৯৯৭বৰ্ণপকিট্টুজোকুট্টন (কাহিনী); বাবু জনাৰ্দনন (চিত্ৰনাট্য)
অনুভূতিবাবু জনাৰ্দনন
১৯৯৯আয়িৰম মেনিৰেজি মেথিউ
২০০০শ্ৰদ্ধাটি. দামোদৰন; ড॰ ৰাজেন্দ্ৰবাবু
২০০১ঈ নাডু ইন্নালে ভাৰেকে. এছ. নৌশাদ
২০০২আভৰণচাৰ্থু
২০০৪চিম্ফনিমহেশ মিথ্ৰ
২০০৬বলৰাম বনাম থাৰাদাসটি. দামোদৰন; এছ. এন. স্বামী
২০০৯ভেল্লাথুভালজন পল

তামিল

বৰ্ষচলচ্চিত্ৰ
১৯৭৯আল্লাউদ্দিনুম অৰ্পুধ ভিলাক্কুম
১৯৭৯পগলিল অৰু ইৰাভু
১৯৭৯অৰে ভানম অৰে ভূমি
১৯৮০গুৰু
১৯৮০কালী
১৯৮৭ইল্লম
১৯৯৫কোলঙ্গল

হিন্দী

বৰ্ষচলচ্চিত্ৰ
১৯৮০পতিতা
১৯৮৪কৰিশ্মা
১৯৮৬অনোখা ৰিশ্তা

তেলুগু

বৰ্ষচলচ্চিত্ৰ
১৯৮০কালী
১৯৮০গুৰু
১৯৮৯মাঞ্চি বাৰু মাভাৰু

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 October 2017). Pathbreaker Malayalam film director I V Sasi dies at 69. The Indian Express
  2. ↑ (24 October 2017). I V Sasi dead. addieu
  3. ↑ Cinema is Sasi's wife: Seema. The New Indian Express
  4. ↑ I V Sasi's daughter Anu gets married. Sify
  5. ↑ കൗമാരം തൂവല്‍പോലെ, Interview - Mathrubhumi Movies
  6. ↑ Sanjith Sidhardhan. (14 April 2012). Mollywood goes to America. The Times of India
  7. ↑ Deepa Soman. (24 August 2015). 'Two countries' song shot near Niagra(sic) Falls. The Times of India
  8. ↑ Burning Wells: I V Sasi leaves behind a dream. The New Indian Express
  9. ↑ Service, Indo-Asian News. (2016-09-26). Burning Wells: First look of Hollywood movie on Kuwait War unveiled at Indywood Film Carnival. India News, Breaking News, Entertainment News
  10. ↑ (11 February 2018). Sharjah-based director Sohan Roy next film is based on Iraq's invasion of Kuwait. The National
  11. ↑ Malayalam director IV Sasi dies at 69. OnManorama
  12. ↑ Malayalam director I V Sasi passes away in Chennai. Mathrubhumi
  13. ↑ I V Sasi, National Award-Winning Director, Dies at 69. NDTV.com
  14. ↑ IV Sasi: the hitmaker who discovered Mammootty, the actor. OnManorama
  15. ↑ Legendary film-maker I V Sasi, man who made Mammootty a star, passes away – The New Indian Express. newindianexpress.com
  16. ↑ Venkiteswaran, C. s. (2017-10-26). The End of an Epoch. The Hindu
  17. ↑ "Winners of 62nd Britannia Filmfare Awards South". Filmfare. 27 June 2015. Retrieved 4 July 2015

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই ভি শশী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৯৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।