আইৰিছ ষ্টাৰন লেভি (Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদানৰ কাম কৰে। ষ্টাৰন লেভি ক’লিচন অৱ উইমেন ফৰ পিছৰ ব’ৰ্ডৰ লগতো জড়িত হৈ আছে৷ তেওঁ টেষ্টিমোনি ট্ৰিবিউনেল অৱ উইমেন ভিক্টিমছ অৱ চেক্সুৱেল এছাল্টৰ সহ-সঞ্চালক আৰু ১৬ বছৰ ধৰি টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰৰ স্বেচ্ছাসেৱী সমন্বয়ক আছিল। তেওঁ ২০১৮ চনৰ ছাছমেন-জইণ্ট বঁটা লাভ কৰিছে।১
নেপথ্য
১৯৫৩ চনৰ ১১ মে’ত জাফাত জন্মগ্ৰহণ কৰা ষ্টাৰন লেভিয়ে সৰুতে পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়ালৈ গুচি যায়। ১৯৭০ চনত ১৮ বছৰ বয়সত পিতৃ-মাতৃয়ে টেল আভিভত আত্মীয়ৰ লগত থাকিবলৈ পঠিয়াই দিয়ে। ষ্টাৰন লেভিয়ে শিল্প অধ্যয়ন কৰিছিল আৰু তেওঁ টেল আভিভ বিশ্ববিদ্যালয়ৰ গ্ৰুপ গাইডেন্স প্ৰগ্ৰেমৰ স্নাতক।২
নবৈৰ দশকত ষ্টাৰন লেভিয়ে তিনি বছৰ আমষ্টাৰডামত বাস কৰিছিল। এই সময়ছোৱাত কাম কৰিবলৈ ষ্টুডিঅ'ৰ অভাৱত তেওঁ নিজাকৈ অৰ্থপূৰ্ণ কিবা এটা বিচাৰিছিল৷ তেওঁ বছনিয়ান যুদ্ধৰ সময়ত আৰু তাৰ পিছত বছনিয়ান মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে সচেতন হৈছিল, যাৰ বহুতেই ক্ষতিৰ সন্মুখীন হৈছিল৷ যুদ্ধৰ অস্ত্ৰ হিচাপে ধৰ্ষণ, মানৱ সৰবৰাহৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত তেওঁলোক ক্ষতিসাধন হৈছিল।৩ এইটোৱেই আছিল ষ্টাৰন লেভিৰ নিপীড়িত গোট বা হিংসাৰ বলি হোৱা মহিলাৰ বাবে সক্ৰিয়তাত প্ৰৱেশৰ কাৰণ৷ তেওঁ ইজৰাইললৈ উভতি অহাৰ লগে লগে তেওঁ এই পথত আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হৈছিল, আৰু টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰত স্বেচ্ছাসেৱী কাম কৰিবলৈ আৰম্ভ কৰিছিল।
মহিলাৰ বাবে সক্ৰিয়তা
টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰ
১৯৯৭ চনত ষ্টাৰন লেভিয়ে টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰত স্বেচ্ছাসেৱী কাম আৰম্ভ কৰে। এবছৰৰ ভিতৰতে তেওঁক পেছাদাৰী পদত নিযুক্তি দিয়া হয়৷ ১৬ বছৰৰ বাবে ষ্টাৰন লেভি স্বেচ্ছাসেৱী নেটৱৰ্ক সমন্বয়ক আছিল৷ তেওঁ প্ৰায় ২০০ জন স্বেচ্ছাসেৱকৰ এটা গোট পৰিচালনা কৰিছিল আৰু গ্ৰহণ, প্ৰশিক্ষণ আৰু সময়সূচীৰ বাবে দায়বদ্ধ আছিল।১ ষ্টাৰন লেভি হৈছে টেষ্টিমোনি ট্ৰিবিউনেল অৱ উইমেন ভিক্টিমছ অৱ চেক্সুৱেল এছাল্ট প্ৰকল্পৰ অন্যতম প্ৰতিষ্ঠাপক। এই ন্যায়াধিকৰণৰ আঁৰৰ ধাৰণাটো বিশ্বৰ আন মানুহৰ ন্যায়াধিকৰণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ ন্যায়াধিকৰণসমূহ চৰকাৰী সংস্থা নহয় আৰু ইয়াৰ কোনো বলবৎকাৰী ক্ষমতা নাই; চৰকাৰী ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ দ্বাৰা অৱহেলিত বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হিংসা আৰু অন্যান্য অপৰাধৰ বলি হোৱা মহিলাসকলৰ মাজত সংহতি শক্তিশালী কৰিবলৈ এইবোৰ ডিজাইন কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ בירושלים, מנהלת המרכז. התנדבות במרכז סיוע לנפגעות ולנפגעי תקיפה מינית ירושלים עש לינדה פלדמן. איגוד ומרכזי הסיוע לנפגעות ולנפגעי תקיפה מינית''
- ↑ המכללה Her Academy. Her Academy המכללה
- ↑ (25 December 2012). 35 אלף מקרי אונס, 40 כתבי אישום. "הלב רקוב". m.ynet.co.il
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইৰিছ ষ্টাৰন লেভি” প্ৰবন্ধৰ সংশোধন ৪৯৪৮২৬ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।