আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ১ ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। ২
এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল। তেওঁ আৰব স্প্ৰীঙৰ ঘটনাবোৰ ঘটি থকাৰ সময়তে চিত্ৰগ্ৰহণ কৰিছিল। তেওঁ তাহৰিৰ ৩ দখল কৰা প্ৰথম প্ৰতিবাদকাৰীসকলৰ ভিতৰত অন্যতম আছিল আৰু তাত তেওঁ এটা তম্বু স্থাপন কৰিছিল। ৪ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা "মহিলাৰ ওপৰত হোৱা আক্ৰমণ"ৰ নথিকৰণ কৰিছিল; ২ যাৰবাবে প্ৰায়ে তেওঁ নিজৰ ব্যক্তিগত সুৰক্ষা বিপদগ্ৰস্থ হৈছিল। ৫ এল-কাছেফৰ মহিলাৰ ওপৰত পুৰুষৰ যৌন নিৰ্যাতন সম্পৰ্কীয় ছবিসমূহ বিশ্বজুৰি প্ৰদৰ্শিত হৈছিল। ৬ ন' মিলিটাৰী ট্ৰায়েলছ ফৰ চিভিলিয়ানছ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি হেফাজতত লোৱা হয়। ১ প্ৰতিবাদৰ আন এটা দিশ আছিল কায়ৰোৰ জীনহোম মৰ্গত প্ৰবেশ কৰা পৰিয়ালৰ সদস্যসকলৰ দুখজনক মুহূৰ্তৰ চিত্ৰগ্ৰহণৰ সৈতে তেওঁ জড়িত হোৱাটো। ৭
২০১৪ চনত এল-কাছেফে আবুধাবি চলচ্চিত্ৰ মহোৎসৱৰ উন্নয়ন আৰু পোষ্ট-প্ৰডাকচন পুঁজি ছানাডৰ পৰা ৱাৰ্ড নাম্বাৰ ৩ৰ বাবে অনুদান লাভ কৰে। ৮
ইয়াৰ উপৰিও ২০১৪ চনত এল-কাছেফে শ্বিপ অৱ থিছিয়াছ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৯ ২০১২ চনত এই ছবিখনত কৰা অভিনয়ৰ বাবে ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুহৰ এছিয়া আফ্ৰিকা ফিচাৰ শাখাৰ বাবেও তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। ১০
তথ্যসূত্ৰ
- ↑ Salem, Mostafa; Ashraf, Fady; Gulhane, Joel. (26 November 2013). NoMilTrials Protest Dispersed; Prominent Activists Detained. Daily News Egypt
- ↑ Devi Dundoo, Sangeetha. (19 July 2013). 'It's our revolution too'. The Hindu
- ↑ Scott, A.O. (24 October 2013). Brave Optimism of Tahrir Square Meets Other Fierce Forces. The New York Times
- ↑ Gohar, Anicee. (19 February 2014). Egypt — Looking for a Conscience. Inter Press Service
- ↑ Mullender, Rosie. (12 June 2013). The Female Fightback. Cosmopolitan. Hearst Magazines UK
- ↑ Ward, Clarissa. (27 March 2013). Egyptian Women Fight Back as Sexual Assaults Skyrocket. CBS Evening News
- ↑ Fathi, Yasmine. (2 September 2013). Guardians of the Betrayed Dead: Inside Cairo's Zeinhom Morgue. Ahram Online
- ↑ (12 October 2014). Shawky's 'Yommedine' and El-Kashef's 'Ward No 3' Win SANAD Grants. Ahram Online
- ↑ (16 April 2014). 'Ship of Theseus' Wins Indian National Film Award. Variety
- ↑ (17 December 2012). Egyptian Stars Win Big at Dubai Film Fest. Albawaba English
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইদা এল-কাছেফ” প্ৰবন্ধৰ সংশোধন ৪৯৯৩০৩ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।