আচলি বায়ৰাম (ইংৰাজী ভাষা: Aslı Bayram; জন্ম: ১ এপ্ৰিল ১৯৮১) এগৰাকী জাৰ্মান অভিনেত্ৰী, লেখিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ তুৰ্কী মূলৰ লোক। ২০১০ চনৰপৰা তেওঁ হেচেনৰ ন্যায় মন্ত্ৰ্যালয়ৰদ্বাৰা অপৰাধ প্ৰতিৰোধৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
জীৱন আৰু কেৰিয়াৰ
বায়ৰামৰ জন্ম পশ্চিম জাৰ্মানীৰ ডামষ্টাড্টত হৈছিল। ১৯৯৪ চনত এজন নব্য-নাজীৰ গুলীত তেওঁৰ পিতৃৰ মৃত্যু হৈছিল আৰু তেওঁৰো বাওঁ হাতত গুলী লাগিছিল।১২
২০০৫ চনত বায়ৰামে মিছ জাৰ্মানী প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু বেংককত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০০৫ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁক তুৰ্কী মূলৰ প্ৰথমগৰাকী মিছ জাৰ্মানী হিচাপে গণ্য কৰা হয়।
বায়ৰামে লছ এঞ্জেলছৰ এৰিক মৰিচ আৰু ভিয়েনাৰ এন মাৰ্টিনৰ ওচৰত অভিনয়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল।
তেওঁ অভিনয় কৰা প্ৰথমখন আন্তৰ্জাতিক চলচ্চিত্ৰ আছিল পেট্ৰিক চুইজিৰ সৈতে জাম্প! । ইয়াৰ পিছত তেওঁ আমেৰিকাত নিৰ্মিত আৰু ২০০৯ চনৰ বাৰ্লিনেলত প্ৰদৰ্শিত ব্লেক কমেডী "চৰ্ট কাট টু হলিউড"ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।৩
২০০৭ চনৰ অক্টোবৰ মাহত আচলি বায়ৰামে পোনপ্ৰথমবাৰৰ বাবে পেছাদাৰীভাৱে মঞ্চত অভিনয় কৰে। লাক্সেমবাৰ্গৰ থিয়েটাৰ ডি লা ভিলে ডি'এচত তেওঁৰ একক নাটক অ্যান ফ্ৰাংক: দ্য ডায়েৰীই সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ প্ৰাগৰ জাৰ্মান ভাষাৰ থিয়েটাৰ ফেষ্টিভেল আৰু ফ্ৰাংকফৰ্টত অনুষ্ঠিত প্ৰদৰ্শনীলৈ নিমন্ত্ৰণ লাভ কৰে। অ্যান ফ্ৰাংকৰ সম্পৰ্কীয় ভাতৃ বাডী এলিয়াছে আচলি বায়ৰামৰ এই প্ৰকল্পৰ শলাগ লৈছিল।৪
২০০৮/২০০৯ চনত তেওঁ এই নাটকখনৰ ইংৰাজী সংস্কৰণ লৈ কানাডা আৰু আমেৰিকা ভ্ৰমণ কৰিছিল। অ্যান ফ্ৰাংকৰ ৮০সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে হলিউডৰ মিউজিয়াম অফ টলাৰেন্সত তিনিটা প্ৰদৰ্শনীৰ সৈতে তেওঁ এই প্ৰকল্পটো সমাপ্ত কৰে।৫ দ্য টাইমছ কাকতে তেওঁৰ এই অভিনয়ক জাৰ্মানীৰ অন্যতম বিশ্বাসযোগ্য আৰু সূক্ষ্ম অভিনয় বুলি অভিহিত কৰিছিল।৬
২০০৯ চনত তেওঁ ৰেণ্ডম হাউচৰদ্বাৰা প্ৰকাশিত Grenzgängerin - Leben zwischen den Welten নামৰ এখন গ্ৰন্থও ৰচনা কৰে। একে বছৰতে তেওঁ ছুইছ চিনেমা ১৮০° আৰু বছনিয়ান চিনেমা Sevdah za Karimaত অভিনয় কৰে। এই দুয়োখন চিনেমাৰ বাবে তেওঁ ছুইছ-জাৰ্মান আৰু বছনিয়ান ভাষা শিকি লৈছিল।
২০১০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ গ্ৰন্থখনে সৰ্বাধিকসংখ্যক লোকে অংশগ্ৰহণ কৰা ৰাজহুৱা পাঠ ৰিলেৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।৭
আচলি বায়ৰামে বৰ্ণবাদ আৰু বিদেশী বিদ্বেষৰ বিৰুদ্ধে ৰাজহুৱাভাৱে প্ৰচাৰ চলায়। তেওঁ জাৰ্মানীৰ অপৰাধ প্ৰতিৰোধৰ এজন সন্মানীয় ৰাষ্ট্ৰদূত। ২০১১ চনৰপৰা তেওঁ তুৰ্কী টেলিভিছন ধাৰাবাহিক ছিৰাটত মুখ্য চৰিত্ৰত অভিনয় কৰি আহিছে।৮
পৰৱৰ্তী সময়ত তেওঁ আন্তৰ্জাতিক থ্ৰিলাৰ চলচ্চিত্ৰ বডী কমপ্লিট, ছাংহাই জিপচী আৰু ডাই ৱুচেনৰ্জটিনত অভিনয় কৰে। শেহতীয়াকৈ তেওঁ ডেভিড ফ্ৰেংকেলৰ কমেডী চিনেমা ৱান চাঞ্চত জেমচ কৰ্ডেন আৰু জুলি ৱাল্টাৰ্ছৰ সৈতে অভিনয় কৰিছে।
শিক্ষা
ফ্ৰাংকফৰ্ট আম মেইনৰ মেক্স-বেকমান-স্কুলত আবিটুৰ আৰু ভিয়েনাত এন মাৰ্টিনৰ সৈতে নাটকৰ প্ৰশিক্ষণ।
চলচ্চিত্ৰপঞ্জী
- মিছ ইউনিভাৰ্ছ ২০০৫ (তথ্যচিত্ৰ, ২০০৫)
- বেজানি'ন কাদিনলাৰি (২০০৬)
- জাম্প! (২০০৬)৯
তথ্যসূত্ৰ
- ↑ Ali Bayram 50 Jahre - Opfer Rechter Gewalt. Opfer-rechter-gewalt.de
- ↑ Müller-Wirth, Moritz. (11 February 2009). Asli Bayram: "Der Hass comes from inside". Zeit.de
- ↑ Short Cut to Hollywood (2009). IMDb
- ↑ Beck, Eldad. (17 January 2008). Muslim beauty queen to play role of Anne Frank. Ynetnews. Ynet
- ↑ On Anne Frank's 80th Birthday: "Anne Frank: The Diary" Performed at MOT. Museumoftolerance.com
- ↑ The Times & The Sunday Times. The Times
- ↑ Patin. Citoyenne.de
- ↑ Sırat, Sırat Dizisi izle, Son Bölüm izle, Fragmanı - startv.com.tr. startv.com.tr
- ↑ Jump! (2007). IMDb
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছলি বায়ৰাম” প্ৰবন্ধৰ সংশোধন ৫৯৭৬৪৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।