জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।
জীৱনী
আচা চেপ্ট্ৰিয়াছাৰ জন্ম ১৯৮৯ চনৰ ১ ছেপ্টেম্বৰত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত হৈছিল। তেওঁৰ পিতৃৰ নাম ছাগিটা আহিম্শা আৰু মাতৃৰ নাম ৰিটা এমজা। ছয়জন সন্তানৰ ভিতৰত তেওঁ তৃতীয় কন্যা। তেওঁৰ কণিষ্ঠ ভগ্নী জুৱিতা মাৰিৎসাও এগৰাকী অভিনেত্ৰী।১
তেওঁ ১৯৯৫ চনৰ পৰা ২০০১ চনলৈ মুহাম্মদিয়া প্ৰাথমিক বিদ্যালয় ৬-ত অধ্যয়ন কৰে। তাৰ পিছত ২০০১ চনৰ পৰা ২০০৪ চনলৈ ৰাজ্যিক মাধ্যমিক বিদ্যালয় ৭৩ আৰু ২০০৪ চনৰ পৰা ২০০৭ চনলৈ ৰাজ্যিক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৮২, জাকাৰ্টাত পঢ়ে।২
২০০৪ চনত কিশোৰী আলোচনী গাদিছ আয়োজিত ‘‘গাদিছ সামপুল’’ প্ৰতিযোগিতাৰ জৰিয়তে তেওঁ মডেলিং জীৱন আৰম্ভ কৰে।৩
২০০৫ চনত ‘‘আপা আৰ্তিন্যা চিন্তা?’’ চলচ্চিত্ৰত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০৬ চনত ‘‘হাৰ্ট’’ চলচ্চিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে। এই চলচ্চিত্ৰৰ সংগীতত তেওঁ ইৰৱানশ্যাহৰ সৈতে কণ্ঠদান কৰি গায়িকা হিচাপেও সফলতা লাভ কৰে।৪
২০০৭ চনত ‘‘লাভ ইজ চিন্তা’’ চলচ্চিত্ৰত অভিনয় কৰে। ২০০৯ চনত তেওঁৰ প্ৰথম একক সংগীত এলবাম ‘‘কেপুতুসান হাতি’’ মুক্তি পায়। সেই বছৰেই তেওঁ ইণ্ডোনেছীয় টেলিভিছন অনুষ্ঠান ‘‘দহস্যাত’’ উপস্থাপন কৰে।৫
২০১১ চনৰ পৰা তেওঁ মালয়েছিয়াৰ লিমককউইং বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ নিৰ্মাণ অধ্যয়ন কৰে।৬
অভিনয় শৈলী
আচা চেপ্ট্ৰিয়াছা সাধাৰণতে সৰল আৰু ‘‘চুবুৰীয়া ছোৱালী’’ ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।৭
ব্যক্তিগত জীৱন
আচা চেপ্ট্ৰিয়াছা অভিনেতা ইৰৱানশ্যাহৰ সৈতে কিছুবছৰ প্ৰেম সম্পৰ্কত আছিল। ২০০৮ চনত দুয়োৰে বিচ্ছেদ ঘটে।৮
২০১৬ চনৰ ১১ ডিচেম্বৰত তেওঁ ভিকি খাৰিছ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯ ২০২৫ চনৰ ১৯ মে’ত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।১০
চলচ্চিত্ৰ
- আপা আৰ্তিন্যা চিন্তা? (২০০৫)
- হাৰ্ট (২০০৬)
- লাভ ইজ চিণ্তা (২০০৭)
- ইন দ্য নেম অৱ লাভ (২০০৮)
- লাভ (২০০৮)
- ক্ৰেজি ক্ৰেজি ক্ৰেজি (২০০৯)
- কাদো স্পেচিয়াল বুৱাত কাকাক (২০০৯)
- স্ষ্ট… জাডিকান আকু চিম্পানান (২০১০)
- মেনেম্বুস ইম্পিয়ান (২০১০)
- লাভ ষ্ট’ৰি (২০১১)
- টেষ্ট পেক (২০১২)
- ব্ৰ’কেন হাৰ্টছ (২০১২)
- ৰেক্টো ভাৰ্চো (২০১২)
- ৯৯ চাহায়া দি লাংগিত ইউৰোপা (২০১৩–২০১৪)
- বাংগুন লাগি ডং লুপুছ (২০১৩)
- লামাৰান (২০১৪)
- বুলান টেৰবেলাহ দি লাংগিত আমেৰিকা (২০১৫–২০১৬)
- কোয়ালা কুমাল (২০১৬)
- সাব্তু বেৰছামা বাপক (২০১৬)
- শাই শাই কেট (২০১৬)
- কাৰ্তিনী (২০১৭)
- জাগা পচং (২০১৮)
- হানুম আৰু ৰাংগা (২০১৮)
- ৯৯ নামা চিন্তা (২০১৯)
- ডেমন মাইণ্ড (২০২১)
- জুন আৰু কফি (২০২১)
- লেইলা মাজনুন (২০২১)
- আনৱাৰ: দ্য আনটোল্ড ষ্ট’ৰি (২০২৩)
- কদ্ৰত ২ (২০২৫)
সংগীত
- অ’এছটি হাৰ্ট (২০০৬)
- অ’এছটি লাভ ইজ চিন্তা (২০০৭)
- কেপুতুসান হাতি (২০০৯)
- কিমি নো তামেৰি (২০২১)
তথ্যসূত্ৰ
- ↑ Acha Septriasa. KapanLagi.com
- ↑ (২৯ আগষ্ট ২০১১). Ingin Terus Eksis. TokohIndonesia.com
- ↑ (২৭ ফেব্ৰুৱাৰী ২০১১). Acha Septriasa: A new role to dye for. The Jakarta Post
- ↑ Ingin Terus Eksis. TokohIndonesia.com
- ↑ Acha Septriasa. KapanLagi.com
- ↑ (৭ মে ২০১২). Selesai Kuliah, Acha Makin Banyak Terima Job Main Film. Pikiran Rakyat
- ↑ (২৭ ফেব্ৰুৱাৰী ২০১১). Acha Septriasa: A new role to dye for. The Jakarta Post
- ↑ (২৬ জুন ২০১১). Acha Septriasa: Addicted to sports. The Jakarta Post
- ↑ Vicky Siap Nikahi Acha Septriasa. Tribun News
- ↑ Acha Septriasa dan Vicky Kharisma Cerai Sejak Mei 2025. CNN Indonesia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচা ছেপ্ট্ৰিয়াছা” প্ৰবন্ধৰ সংশোধন ৫৭৬৭৬১ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।