আকাশ গুপ্তা (Aakash Gupta) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা, ইউটিউবাৰ আৰু থিয়েটাৰ শিল্পী১২ তেওঁ সময় ৰাইনাৰ সৈতে ষ্টেণ্ড-আপ কমেডী প্ৰতিযোগিতা কমিকষ্টানৰ দ্বিতীয় ছিজনৰ সহ-বিজয়ী আছিল।৩৪তেওঁ পৰিবেশন কলা আৰু স্কেচ কমেডীৰ প্ৰশিক্ষণ লাভ কৰিছে।.৫
প্ৰাৰম্ভিক জীৱন
দিল্লীত জন্মগ্ৰহণ কৰা আকাশ গুপ্তাই স্কুলীয়া শিক্ষা সুমেৰমল জৈন পাব্লিক স্কুলত গ্ৰহণ কৰিছিল। গুপ্তাই দিল্লী বিশ্ববিদ্যালয়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ কলেজত থাকোঁতে তেওঁ প্ৰথমে থিয়েটাৰৰ সৈতে জড়িত হৈছিল আৰু তেওঁ এজন অভিনেতা হিচাপে সুপৰিচিতি অৰ্জন কৰিছিল। তেওঁ নিজৰ কলেজৰ লগত কেইবাখনো বাটৰ নাট আৰু মঞ্চ নাটকৰ লগতে আন বিভিন্ন কলেজৰ উৎসৱ যেনে-মুড ইণ্ডিগো (আই আই টি বম্বে, আই আই টি দিল্লী)ত অভিনয় কৰিছিল। অন্তিম বৰ্ষত গুপ্তাই নাতুভে- শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ নাট্য সমাজৰ সভাপতি আছিল। স্নাতক হোৱাৰ পিছত গুপ্তাই এবছৰ কেপিএমজিৰ সৈতে অডিট সহযোগী হিচাপে কাম কৰিছিল, আনহাতে দিল্লীত বিভিন্ন গোটৰ সৈতে ছুটিৰ দিনত থিয়েটাৰ কৰিছিল।
ষ্টেণ্ড-আপ কমেডি
বিভিন্ন ইম্প্ৰ’ভ শ্ব’ পৰিবেশন কৰি গুপ্তাই ষ্টেণ্ড আপ কমেডীত কেৰিয়াৰ গঢ়িবলৈ আৰম্ভ কৰে। গুপ্তাৰ দেশজোৰা কমেডী ভ্ৰমণ আৰম্ভ হৈছিল তেওঁৰ প্ৰথম দুটা ষ্টেণ্ড আপ ভিডিঅ’ শীৰ্ষক: ট্ৰেইন জাৰ্নিজ এণ্ড হানিমুন ট্ৰিপছ এণ্ড ৰিলেচনশ্বিপছ, ক্লাবিং এণ্ড ককটেইলছৰ সফলতাৰ পিছত৷
২০১৮ চনত তেওঁৰ দিল্লী মেট্ৰ’ ভিডিঅ’ বিশ্বজুৰি ভাইৰেল হৈ পৰিছিল আৰু আজিলৈকে চেনেলটোত সৰ্বাধিক চোৱা ভিডিঅ’ হিচাপে পৰিগণিত হৈছে। যেতিয়া আকাশে আমাজন প্ৰাইম ভিডিঅ'ত প্ৰচাৰিত কমিকষ্টান ২ৰ বাবে অডিচন দিছিল তেতিয়া তেওঁ দ্ৰুতগতিত দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ ধাৰাবাহিকভাৱে বেছিভাগ খণ্ডতে সৰ্বাধিক নম্বৰ লাভ কৰিছিল। তেওঁৰ অনন্য স্কেচ কমেডী শৈলীয়ে তেওঁক শ্ব'টোৰ গ্ৰেণ্ড ফিনালেত অৱতৰণ কৰে আৰু শেষত তেওঁ সময় ৰাইনাৰ সৈতে ছিজন ২ৰ সহ-বিজয়ী হয়। কমিকষ্টানৰ পৰা নতুনকৈ পোৱা খ্যাতিৰ পিছত আকাশে সমগ্ৰ ভাৰততে একাধিক শ্ব’ কৰিবলৈ আৰম্ভ কৰে।
অ'টিটি-ত
আকাশ গুপ্তাই সুনীল গ্ৰভাৰ, গৌৰৱ গেৰা, কুছা কপিলা, মল্লিকা দোৱা, চাইৰাছ ব্ৰ'চা আদিৰ সৈতে "LOL: Hasse Toh Phasse"৬৭ শীৰ্ষক এটা কমেডী ৰিয়েলিটি শ্ব'ত অংশ লৈছিল। ২০২১ চনত তেওঁ নেটফ্লিক্সৰ কমেডী প্ৰিমিয়াম লীগ (চিপিএল)ৰ প্ৰথম ছিজনত অভিনয় কৰিছিল। গুপ্তাই কেনি চেবাষ্টিয়ান, কানিজ ছুৰ্কা, প্ৰশস্তি সিঙৰ সৈতে সংঘবদ্ধ হৈছিল আৰু তেওঁলোকে নিজকে দ্য ঘৰেলু গিলেহ্ৰিছ (Homely Squirrels) বুলি নাম দিছিল। পিছলৈ ২০২১ চনৰ মে’ মাহত তেওঁ নতুনকৈ মুকলি কৰা এভিঅ’ডি প্লেটফৰ্ম আমাজন মিনি টিভিৰ বাবে লিখন, পৰিচালনা আৰু স্কেচত অভিনয় কৰে। ২০২২ চনত গুপ্তাই আমাজন মিনি টিভিত প্ৰিমিয়াৰ হোৱা ৱেব ছিৰিজ কাপল গ’লছ এছ ৩ত মুখ্য চৰিত্ৰত অভিনয় কৰে।
ব্যক্তিগত জীৱন
আকাশে ছচিয়েল মিডিয়াত ব্যক্তিগত জীৱন ব্যক্তিগতভাৱে ৰাখে। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁৰ বিবাহ হয়।৮
কৰ্মৰাজি
| বৰ্ষ | শিৰোনাম | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১৫ | চেঞ্চৰশ্বিপ - Ep. ১ - গালিপুৰৰ গেং | দ্য হিউমাৰ বিংগছ | ৯ |
| ২০১৫ | চেঞ্চৰশ্বিপ - Ep. ২ - জিছম ৰিলোডেড | দ্য হিউমাৰ বিংগছ | ১০ |
| ২০১৬ | এক থা ৰেষ্টুৰাঁ | দ্য হিউমাৰ বিংগছ | ১১ |
| ২০১৬ | টাইমছ অৱ ইনটোলাৰেঞ্চ | দ্য হিউমাৰ বিংগছ | ১২ |
| ২০১৯ | কমিকষ্টান ২ | সহ-বিজয়ী | ১৩ |
| ২০২১ | কমেডি প্ৰিমিয়াৰ লীগ১৪ | শীৰ্ষ ৩ | |
| ২০২১ | LOL-হচী টো ফচী | শীৰ্ষ ৩ | ১৫ |
| ২০২২ | কাপল গোলছ চিজন ৩১৬ | মুখ্য চৰিত্ৰ |
তথ্যসূত্ৰ
- ↑ Comicstaan Season 2 winners: Akash Gupta, Samay Raina win the Amazon original show, awarded prize money of Rs 10 lakh. India Today
- ↑ (2019-08-17). Comicstaan season 2: Akash Gupta, Samay Raina crowned as winners of Amazon Prime Video India comedy show. Firstpost
- ↑ Shukla, Ira. (2021-02-26). You Don't Have To Visit Sarojini Nagar, Just Listen To Aakash Gupta's Standup About The Market. www.scoopwhoop.com
- ↑ (2019-10-06). Uncensored With Aakash Gupta: The Winner of Comicstaan Season Two. DU Beat
- ↑ (2019-08-16). Aakash Gupta and Samay Raina win Comicstaan 2. The Indian Express
- ↑ Watch LOL - Hasse toh Phasse -Season 1 · Prime Video. www.amazon.com
- ↑ Philip, Susan Joe. (2021-04-29). Actors Arshad Warsi and Boman Irani on their upcoming comedy series 'LOL: Hasse Toh Phasse'. The Hindu
- ↑ (2021-10-22). All The Deets From Comedian Aakash Gupta's Wedding In New Delhi. ShaadiWish
- ↑ Censorship - Ep. 1 · Gangs of Gaalipur
- ↑ Censorship - Ep-2 - 'Jism Reloaded'
- ↑ THB: Ek Tha Restaurant
- ↑ Times of Intolerance - Ep-1: Award Wapsi
- ↑ Tripathi. Comicstaan 2 winner Aakash Gupta: The biggest challenge was to not disappoint myself. Indian Express
- ↑ (2021-08-21). Comedy Premium League review: The closest India will get to a Saturday Night Live. The Indian Express
- ↑ Tripathi. 'LOL- Hasee toh phasee' full episodes review: The new comedy show released on Amazon Prime is hilarious, Gaurav Gera beats all the 9 contestants and takes the prize money home!. The Silly TV
- ↑ Alisha. Amazon miniTV: Couple Goals Season 3 Web Series Episode Review, Cast, and, more!. getindianews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশ গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬০৪৭৬১ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।