আগাথা মাক্সিমোভা (ইংৰাজী ভাষা: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰুছ ভাষা-ফৰাচী ভাষা অভিনেত্ৰী আৰু মডেল।
ব্যক্তিগত জীৱন
আগাথাৰ জন্ম ১৯৯৩ চনৰ ২৩ জুনত ৰাছিয়াৰ মস্কোত হৈছিল। ১৮ বছৰ বয়সত ফ্ৰান্সৰ পেৰিছত বসতি স্থাপন কৰাৰ আগতে তেওঁ মস্কোত ডাঙৰ-দীঘল হৈছিল। তেওঁ ইংৰাজী ভাষা, ফৰাচী ভাষা আৰু ৰুছ ভাষা ভাষা কব পাৰে।
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ ইউৰোপ ২০১৮
আগাথাই মিছ ইউৰোপ ফ্ৰান্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ মিছ ইউৰোপ ফ্ৰান্স ২০১৮ ৰ মুকুট লাভ কৰে১ আৰু ২০১৮ চনৰ ১০ নৱেম্বৰত পেৰিছৰ আইফেল টাৱাৰৰ প্ৰথম মহলাত অনুষ্ঠিত হোৱা মিছ ইউৰোপ ২০১৮ ত ফ্ৰান্সক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে বিবেচিত হয়।২
মিছ ইণ্টাৰকণ্টিনেণ্টেল ২০১৮
আগাথাই ২০১৯ চনৰ ২৬ জানুৱাৰীত ফিলিপাইনছৰ মল অফ এছিয়া এৰেনাত অনুষ্ঠিত হোৱা মিছ ইণ্টাৰকণ্টিনেণ্টেল ২০১৮ ত ফ্ৰান্সক প্ৰতিনিধিত্ব কৰিছিল।৩৪ এই সৌন্দৰ্য খিতাপৰ বাবে বিভিন্ন দেশ আৰু অঞ্চলৰপৰা ৮৭ গৰাকী প্ৰতিনিধিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
মডেলিং
পোন্ধৰ বছৰ বয়সতে তেওঁ বিশ্বৰ বিভিন্ন সংস্থা আৰু ফটোগ্ৰাফাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ লানভিন, ক্ৰিষ্টিয়ান লুবুটিন,৫ ল'ৰিয়েল, ৰালফ লৰেন, গাৰ্ণিয়াৰ,৬ ৰিক অৱেন্স, লুই ভিট'নৰ দৰে প্ৰচাৰ অভিযানৰ বাবে পোজ দিছে আৰু ভ’গ, হাৰ্পাৰছ বজাৰ, হোৱাইট স্পোচা, গ্লেমাৰ, এল'ফিচিয়েল, ফেমিনা, উইমেনছ হেল্থ আদি আলোচনীৰ পৃষ্ঠাত স্থান লাভ কৰিছে।
অভিনয়
তেওঁ ২০১৯ চনৰ শেষৰফালে বিখ্যাত অভিনয় প্ৰশিক্ষক জেক ৱাল্টজাৰৰ (লছ এঞ্জেলছ, আমেৰিকা যুক্তৰাষ্ট্ৰ) তত্ত্বাৱধানত নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৯ চনৰ জুলাই মাহত তেওঁ মাৰিয়া লোচৰ পৰিচালনাত তেওঁৰ প্ৰথম চলচ্চিত্ৰ আটাৰাক্সিয়াত অভিনয় কৰে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত মেক্সেন্স ডেনেট-ফোভেল, চাবিন ক্ৰচেন, এক্সেল বেইল আৰু অন্যান্য অভিনেতাৰ সৈতে তেওঁ জোৰিছ ফক'ন গ্ৰিমাউডৰ পৰিচালনাত নিৰ্মিত দ্য হাউচ অফ গাণ্ট ছবিত অভিনয় কৰে। তেওঁক কান চলচ্চিত্ৰ মহোৎসৱ আৰু ভেনিচ চলচ্চিত্ৰ মহোৎসৱকে ধৰি আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱসমূহলৈ নিয়মীয়াকৈ আমন্ত্ৰণ জনোৱা হয়।৭

বাহ্যিক সংযোগ
- আইএমডিবিৰ আগাথা মাক্সিমোভা
- মিছ ইণ্টাৰকণ্টিনেণ্টেলৰ অফিচিয়েল ৱেবছাইটত আগাথা মাক্সিমোভা
- ইউআৰবিএন মডেলছত আগাথা মাক্সিমোভা
তথ্যসূত্ৰ
- ↑ (9 October 2018). Paris Fashion Week – Top-model and Miss Europe France 2018 Agatha Maksimova on Christophe Guillarmé fashion show. Chicago News Journal
- ↑ (12 November 2018). Le 10 novembre Miss Europe France 2018 Agatha Maksimova a été élue 2ème dauphine Miss Europe 2018
- ↑ Miss Intercontinental France 2018 – Agatha Maksimova
- ↑ Celso de Guzman Caparas. (6 October 2018). 47th Miss Intercontinental pageant in Philippines. The Philippine Star
- ↑ (24 October 2016). Christian Louboutin "Woman On Top" Fall/Winter 2016 collection
- ↑ Garnier - "Color Me" Cuivré Clair Doré with Agatha Maksimova
- ↑ (19 September 2020). Exclusive interview from Venice with Parisian actress and model Agatha Maksimova
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগাথা মাক্সিমোভা” প্ৰবন্ধৰ সংশোধন ৫৯৭৬৪৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।