অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোজ বাজপেয়ী

মনোজ বাজপেয়ী (Manoj Bajpayee; জন্ম ২৩ এপ্ৰিল ১৯৬৯) এজন ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২,৫৪১ শব্দ · ১৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মনোজ বাজপেয়ী (Manoj Bajpayee; জন্ম ২৩ এপ্ৰিল ১৯৬৯) এজন ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে। হিন্দী চিনেমা বা বলিউডৰ এগৰাকী উল্লেখযোগ্য অভিনেতা হিচাপে গণ্য হোৱা মনোজ বাজপেয়ীয়ে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা ফিল্মফেয়াৰ বঁটা, আৰু দুটা এছিয়া পেচিফিক পৰ্দা বঁটা লাভ কৰিছে। ২০১৯ চনত শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে তেওঁক সন্মানিত হয়।

বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেটিয়া চহৰৰ সমীপৰ এখন সৰু গাঁও বেলৱাত জন্মগ্ৰহণ কৰা বাজপেয়ীয়ে সৰুৰে পৰা অভিনেতা হোৱাৰ সপোন দেখিছিল। সোতৰ বছৰ বয়সত তেওঁ দিল্লীলৈ স্থানান্তৰিত হয়, আৰু নেচনেল স্কুল অৱ ড্ৰামাত আবেদন কৰে। তেওঁক পিছে চাৰিবাৰ প্ৰত্যাখ্যান কৰা হৈছিল। অৱশ্যে কলেজত পঢ়ি থকা অৱস্থাত তেওঁ থিয়েটাৰ কৰি থাকিল। ১৯৯৪ চনত তেওঁ দ্ৰোহকাল ছবিখনত এক মিনিটৰ চৰিত্ৰ এটাত আৰু একেটা বছৰতে শেখৰ কাপুৰৰ বেণ্ডিট কুইন ছবিত ডকাইতৰ সৰু চৰিত্ৰ এটা ৰূপায়ন কৰে৷ কেইটামান অলক্ষিত চৰিত্ৰৰ অন্তত তেওঁ ১৯৯৮ চনত ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক ছবি সত্যত গেংষ্টাৰ ভিকু মহাত্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ জৰিয়ত তেওঁ চলচ্চিত্ৰ উদ্যোগটোত এক অগ্ৰগতি লাভ কৰে। বাজপেয়ীয়ে ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কৌন? (১৯৯৯) আৰু শূল (১৯৯৯) ছবিত অভিনয় কৰিছিল৷ পিছৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ দ্বিতীয়টো ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।

২০০৩ চনত বাজপেয়ীয়ে পিঞ্জৰ ছবিখনৰ বাবে বিচাৰকৰ বিশেষ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁক কিছুমান অগুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰা দেখা যায়। পৰৱৰ্তী সময়ত তেওঁ ৰাজনৈতিক থ্ৰিলাৰ ৰাজনীতি (২০১০)ত এজন লোভী ৰাজনীতিবিদৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা অৰ্জন কৰে৷ ২০১২ চনত বাজপেয়ীয়ে গেংছ অৱ ৱাছেপুৰত সমালোচকৰ দ্বাৰা প্ৰশংসিত গুৰুত্বপূৰ্ণ চৰিত্ৰ চৰ্দাৰ খানৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ পৰৱৰ্তী ভূমিকা আছিল চক্ৰব্যুহ (২০১২) ছবিখনত এজন নক্সালবাদী হিচাপে৷ ২০১৩ চনত তেওঁ স্পেচিয়েল 26ত চিবিআই বিষয়া হিচাপে অভিনয় কৰে। ২০১৬ চনত তেওঁ হাংসাল মেহতাৰ জীৱনীমূলক ড্ৰামা আলিগড়ত অধ্যাপক ৰামচন্দ্ৰ ছিৰাছৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ তৃতীয় ফিল্মফেয়াৰ সমালোচক বঁটা আৰু ২০১৬ চনত এছিয়া পেচিফিক পৰ্দা বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল৷ ভোছলে ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনতাৰ বঁটা লাভ কৰে৷ ২০২১ চনত ফেমিলি মেনৰ বাবে তেওঁ ফিল্মফেয়াৰ অটিটিৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে৷১

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

পত্নী শ্বাবানা ৰাজাৰ সৈতে মনোজ বাজপেয়ী, ২০১০ চনত ৰাজনীতি ছবিৰ প্ৰিমিয়াৰ অনুষ্ঠানত
পত্নী শ্বাবানা ৰাজাৰ সৈতে মনোজ বাজপেয়ী, ২০১০ চনত ৰাজনীতি ছবিৰ প্ৰিমিয়াৰ অনুষ্ঠানতছবি: Bollywood Hungama · CC BY 3.0

১৯৬৯ চনৰ ২৩ এপ্ৰিলত বিহাৰৰ পশ্চিম চম্পাৰণৰ বেটিয়া চহৰৰ ওচৰৰ বেলৱা নামৰ এখন সৰু গাঁৱত এটা ধৰ্মপৰায়ণ হিন্দু পৰিয়ালত মনোজ বাজপেয়ীৰ জন্ম হৈছিল৷২পাঁচগৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান৷ অভিনেতা মনোজ কুমাৰৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছিল।৩ ৪৫বাজপেয়ীৰ এগৰাকী কনিষ্ঠ ভগ্নী পুনম ডুবে হৈছে চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ফেশ্বন ডিজাইনাৰ।৬ আনহাতে দেউতাক খেতিয়ক আৰু মাক গৃহিণী। কৃষকৰ পুত্ৰ হিচাপে বাজপেয়ীয়ে পঢ়াশালিৰ ছুটীৰ সময়ত খেতি কৰিছিল।৪সৰুৰে পৰাই তেওঁ অভিনেতা হোৱাৰ ইচ্ছা পুহি ৰাখিছিল।৭

দেউতাকে পঢ়া-শুনাৰ বাবে ধন সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। চতুৰ্থ মানলৈকে "হাট স্কুল"ত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত মনোজ বাজপেয়ীয়ে বেটিয়াৰ খ্ৰীষ্ট ৰাজা হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।৮৫ ইয়াৰ পাছত বেটিয়াৰ মহাৰাণী জাংকী কুঁৱৰ মহাবিদ্যালয়ৰ পৰা তেওঁ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰে।৭

সোতৰ বছৰ বয়সত বাজপেয়ী নতুন দিল্লীলৈ গুচি যায়৷ তেওঁ সত্যৱতীত গৈ পদাৰ্পণ কৰে আৰু পৰ্যায়ক্ৰমে দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজত নামভৰ্তি কৰে।৫ বাজপেয়ীয়ে ওম পুৰী আৰু নাছিৰুদ্দিন শ্বাহৰ দৰে অভিনেতাৰ পৰা নেচনেল স্কুল অৱ ড্ৰামাৰ কথা শুনিছিল, সেয়েহে তেওঁৱো আবেদন কৰিছিল। তেওঁক তিনিবাৰ প্ৰত্যাখ্যান কৰা হৈছিল৷ প্ৰত্যাখিত হৈ তেওঁ আত্মহত্যা কৰিব বিচাৰিছিল।৪ ইয়াৰ পিছত অভিনেতা ৰঘুবীৰ যাদৱৰ পৰামৰ্শৰ ভিত্তিত পৰিচালক তথা অভিনয় প্ৰশিক্ষক বেৰী জনৰ কৰ্মশালাত অংশগ্ৰহণ কৰে। বাজপেয়ীৰ অভিনয়ত আপ্লুত হৈ জনে তেওঁক তেওঁৰ শিক্ষকতাত সহায় কৰিবলৈ নিযুক্তি দিয়ে।৫ইয়াৰ পিছত তেওঁ চতুৰ্থবাৰৰ বাবে নেচনেল স্কুল অৱ ড্ৰামাত আবেদন কৰে৷ ছাত্ৰ হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে মনোজ বাজপেয়ীক শিক্ষকৰ পদৰ প্ৰস্তাৱ দিয়ে৷ ৫

বাজপেয়ীয়ে দিল্লীৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও সংগ্ৰামৰ সময়ছোৱাত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।৩ প্ৰথম ছবি কৰিব (১৯৯৮)ৰ ঠিক পিছতেই তেওঁ নেহা নামেৰেও পৰিচিত অভিনেত্ৰী শ্বাবানা ৰাজাক লগ পাইছিল। ২০০৬ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়৷ দম্পতীটোৰ এগৰাকী কন্যা সন্তান আছে।৯১০

কৰ্মজীৱন

১৯৯১-২০০১: অভিষেক আৰু সফলতা

গোবিন্দ নিহলানীৰ দ্ৰোহকাল (১৯৯৪)ত এক মিনিটৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত৭ বাজপেয়ীয়ে জীৱনীমূলক ড্ৰামা বেণ্ডিট কুইন (১৯৯৪)ত অভিনয় কৰে। ছবিখনৰ কাষ্টিং ডাইৰেক্টৰ টিমাংশু ঢুলিয়াই পৰিচালক শেখৰ কাপুৰৰ সৈতে তেওঁৰ পৰিচয় কৰাই দিছিল।১১ বাজপেয়ীক এই ছবিখনত ডকাইত বিক্ৰম মাল্লাহৰ চৰিত্ৰৰ বাবে বিবেচনা কৰা হৈছিল, যিটো চৰিত্ৰ শেষত নিৰ্মল পাণ্ডেৰ হাতলৈ যায়।৫ বাজপেয়ীয়ে ছবিখনৰ বাবে ডকাইত মান সিঙৰ চৰিত্ৰটো লাভ কৰে। সেই সময়ছোৱাত তেওঁ হন্সাল মেহতা আৰু ইমতিহান (দূৰদৰ্শন)ৰ পৰিচালনাত কলাকাৰ নামৰ এখন টেলিভিছন ধাৰাবাহিকো কৰি আছিল।৫

বাজপেয়ীয়ে সেইসময়ত চলচ্চিত্ৰ উদ্যোগত সংগ্ৰাম কৰি আছিল, যিটো সময়ত মহেশ ভাটে তেওঁক দূৰদৰ্শনত প্ৰচাৰিত ছ'প অপেৰা স্বাভিমান(১৯৯৫)ৰ প্ৰস্তাৱ দিছিল।১২ তেওঁ কম মাচুলতে ধাৰাবাহিকখন কৰিবলৈ সন্মত হয়।১৩ ইয়াৰ পিছত বাজপেয়ীয়ে দস্তক (১৯৯৬) আৰু তামান্না (১৯৯৭) আদি ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰে।১৪ পৰিচালক ৰাম গোপাল বৰ্মাই বাজপেয়ীক ডাউদ (১৯৯৭) নামৰ কমেডী ছবিখনৰ বাবে কাষ্টিং কৰি থকাৰ সময়ত আৱিষ্কাৰ কৰে। ছবিখনত বাজপেয়ীয়ে সহযোগী চৰিত্ৰ এটাত কাম কৰিছিল৷ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত বাৰ্মাই বাজপেয়ীক সৰু চৰিত্ৰ এটা দিয়াৰ বাবে দুখ প্ৰকাশ কৰে।১৫ ইয়াৰ পিছত তেওঁ বাজপেয়ীক তেওঁৰ পৰৱৰ্তী ছবিখনত বিশিষ্ট চৰিত্ৰত অভিনয় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।১২ ক্ৰাইম ড্ৰামা সত্য (১৯৯৮) আছিল তেওঁলোকে একেলগে কৰা পৰৱৰ্তী ছবি। ছবিখনত বাজপেয়ীয়ে গেংষ্টাৰ ভিকু ম্হাত্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল।১৬

সত্য ছবিখনৰ বেছিভাগ অংশয়েই মুম্বাইৰ বস্তি এলেকাত দৃশ্যগ্ৰহণ কৰা হৈছিল। ১৯৯৮ চনৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনক প্ৰদৰ্শিত কৰা হৈছিল৷ ছবিখনে প্ৰায় ইতিবাচক সমালোচনা লাভ কৰে। অনুপমা চোপ্ৰাই বাজপেয়ী আৰু বাকীসকলৰ অভিনয়ক "[..] ইমানেই ভাল যে তেওঁলোকৰ ঘৰ্মাক্ত শৰীৰত মুম্বাইৰ লেতেৰা গোন্ধ পাব পাৰি।" ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু বাজপেয়ীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ লগতে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা। পিছলৈ ফিল্মফেয়াৰে ২০১০ চনৰ বলীউডৰ শীৰ্ষ ৮০ প্ৰভাৱশালী অভিনয়ৰ তালিকাত তেওঁৰ অভিনয়ক অন্তৰ্ভুক্ত কৰে। তাৰ পিছত বাজপেয়ীয়ে ১৯৯৯ চনত বাৰ্মাৰ সৈতে কৌন? আৰু শ্বুলত অভিনয় কৰে৷ কৌন? ছবিখনত বাজপেয়ীয়ে এজন বিৰক্তিকৰভাৱে কথা কোৱা অচিন মানুহৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ প্ৰদৰ্শন বক্স অফিচত হতাশাজনক আছিল। আনখন ছবি শ্বুলত তেওঁ বিহাৰৰ এজন সৎ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰে। ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে, য'ত বাজপেয়ীয়ে শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। ১৯৯৯ চনত তেওঁ তেলেগু ৰোমাণ্টিক ছবি প্ৰেমা কথা (১৯৯৯)ত অভিনয় কৰিছিল।

২০০০ চনত মনোজ বাজপেয়ীয়ে অভিনেত্ৰী টবুৰ লগত দিল পে মত লে য়াৰ আৰু অপৰাধমূলক ড্ৰামা ঘাথত অভিনয় কৰে৷ ১৭২০০১ চনত মুক্তি হোৱা বাজপেয়ীৰ প্ৰথমখন ছবি আছিল ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ অতিপ্ৰাকৃতিক থ্ৰিলাৰ অক্স। ৰাঘৱন ঘাটগে নামৰ এজন অপৰাধীৰ মৃত্যু আৰু মনু ভাৰ্মাৰ (অমিতাভ বচ্চনে অভিনয় কৰা)ৰ শৰীৰত পুনৰ্জন্ম লাভ কৰাৰ এটা নেতিবাচক চৰিত্ৰত১৮ তেওঁ অভিনয় কৰে৷ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।৩ ইয়াৰ পিছতে শ্যাম বেনেগালৰ জুবেইদাত তেওঁ সহ অভিনয়-শিল্পী ৰেখা আৰু কৰিশ্মা কাপুৰৰ সৈতে কাম কৰে। ১৯

২০০২–০৯: কৰ্মজীৱনত সংগ্ৰাম

২০০২ চনত বাজপেয়ীৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল ৰ’ড। ছবিখনৰ বাবে বাজপেয়ীয়ে ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে আন এটা ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে।৩ভাৰত বিভাজনৰ সময়ত পৰিৱেশিত হোৱা পিঞ্জৰ নামৰ পিৰিয়ড ড্ৰামাখন আছিল ২০০৩ চনত বাজপেয়ীৰ প্ৰথমখন মুক্তি। চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন একে নামৰ পাঞ্জাবী উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল।২০ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।২১ ইয়াৰ পিছত তেওঁ জে পি দত্তৰ যুদ্ধকেন্দ্ৰিক ছবি এল অ' চি: কাৰ্গিলত গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱৰ চৰিত্ৰত অভিনয় কৰে।২২ছবিখনৰ বাবে বাজপেয়ীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।৩ দুয়োখন ছবিয়েই বাণিজ্যিকভাৱে অসফল বিবেচিত হৈছিল।২৩

বাজপেয়ীৰ পৰৱৰ্তী চৰিত্ৰ আছিল ৰবীনা টেণ্ডনৰ বিপৰীতে অভিনয় কৰা জাগো (২০০৪)৷ তাৰপিছত তেওঁক দেখা গৈছিল মাকাৰন্দ দেশপাণ্ডেৰ হানান আৰু থ্ৰিলাৰধৰ্মী ছবি ইনটেকামত।২৪ জাগোত তেওঁ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।২৫ সেই বছৰতে য়শ চোপ্ৰাৰ ৰোমাণ্টিক ড্ৰামা বীৰ-ঝাৰা (২০০৪)ত তেওঁ এটি সহযোগী চৰিত্ৰত অভিনয় কৰে। ৫৫ সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখনে বিশ্বজুৰি ৯৪ কোটি মাৰ্কিন ডলাৰ (১২ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক উপাৰ্জন কৰি বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়।২৬২৭ ২০০৫ চনত বাজপেয়ীয়ে ধৰ্মেশ দৰ্শনৰ ড্ৰামা বেৱাফা, থ্ৰিলাৰ ফাৰেব আৰু ইংৰাজী ভাষাৰ ছবি ৰিটাৰ্ণ টু ৰাজাপুৰত অভিনয় কৰে।২৮২৯৩০ ইয়াৰ উপৰি তেওঁ তেলেগু ৰোমাঞ্চধৰ্মী ছবি হেপি (২০০৬)ত অভিনয় কৰে।৩১

২০০৭ চনত বাজপেয়ীয়ে ১৯৭১ নামৰ ছবিখনত মেজৰ সুৰজ সিঙৰ চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখনত ভাৰতীয় সেনাবাহিনীৰ ছয়জন সৈনিকৰ কাহিনী বৰ্ণনা কৰা হৈছে, যিসকলে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত বন্দী হোৱাৰ পিছত পাকিস্তানী কাৰাগাৰৰ পৰা পলায়ন কৰে।৩২ পৰৱৰ্তী সময়ত গণেশ আচাৰ্যৰ ড্ৰামাভিত্তিক ছবি স্বামীত তেওঁ জুহি চাওলাৰ বিপৰীতে অভিনয় কৰিছিল।৩৩ বাজপেয়ীৰ বছৰৰ অন্তিম মুক্তি আছিল এন্থালজি ছবি দছ কাহানিয়া। তেওঁ দিয়া মিৰ্জাৰ সৈতে সঞ্জয় গুপ্তাৰ দ্বাৰা পৰিচালিত কাহিনী জাহিৰত অভিনয় কৰিছিল।৩৪২০০৭ চনত তেওঁ অভিনয় কৰা প্ৰায়বোৰ ছবিয়েই বাণিজ্যিকভাৱে অসফল হৈছিল। পিছৰ বছৰত তেওঁ কমেডী ছবি মানি হে ট' হানি হে (২০০৮)ত অভিনয় কৰে, যিখন বক্স অফিচৰ প্ৰদৰ্শন অতি হতাশাজনক আছিল।২৩

তেলেগু ছবি বেদমৰ চিত্ৰগ্ৰহণৰ সময়ত বাজপেয়ীয়ে কান্ধত আঘাত পাইছিল আৰু প্ৰায় দুবছৰ ধৰি চিনেমাজগতৰ পৰা তেওঁ আঁতৰি আছিল।৩৫ ইয়াৰ পিছত তেওঁ ২০০৬ চনত কমেডী ছবি জুগাড় (২০০৯)ত মুখ্য চৰিত্ৰ হিচাপে প্ৰত্যাৱৰ্তন কৰে।৩৬ তেওঁৰ পৰৱৰ্তী মুক্তি আছিল ৰহস্যময় থ্ৰিলাৰ ছবি এচিড ফেক্টৰী (২০০৯), যি ২০০৬ চনৰ আমেৰিকীয় ছবি আননউনৰ পুনৰ্নিৰ্মাণ আছিল।৩৭ অৱশ্যে বক্স অফিচত ছবিখনে ভাল ফলাফল দেখুৱাব পৰা নাছিল।৩৮ পৰিচালক-নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰৰ জেইল (২০০৯)ত তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন অভিযুক্তৰ চৰিত্ৰত অভিনয় কৰে। ৩৮৩৯

''আৰক্ষণ ছবিৰ প্ৰচাৰকাৰ্যত মনোজ বাজপেয়ী, ২০১১ চনত''
আৰক্ষণ ছবিৰ প্ৰচাৰকাৰ্যত মনোজ বাজপেয়ী, ২০১১ চনতছবি: Bollywood Hungama · CC BY 3.0

২০১০-বৰ্তমান: ৰাজনীতি আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱা

২০১০ চনত বাজপেয়ীয়ে প্ৰকাশ ঝাৰ বিগ বাজেটৰ বহুতাৰকাখচিত ৰাজনৈতিক থ্ৰিলাৰ ৰাজনীতিত অভিনয় কৰিছিল। দ্য টাইমছ অৱ ইণ্ডিয়াৰ নিখাত কাজমীয়ে তেওঁৰ পৰ্যালোচনাত উল্লেখ কৰিছে যে বাজপেয়ীয়ে "...মন্ত্ৰমুগ্ধকৰ অভিনয়ৰ স্মৃতি ঘূৰাই আনিছে।"৪০ ভাৰতীয় বাণিজ্যিক সাংবাদিকসকলে ৰাজনীতিৰ লাভালাভক লৈ আশংকা প্ৰকাশ কৰিছিল যদিও৪১ ছবিখনে ব্যৱসায়িক দিশত বৃহৎ সফলতা লাভ কৰে আৰু বিশ্বজুৰি ১.৪৩ বিলিয়ন(১৮ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈও অধিক উপাৰ্জন কৰে।২৭ বাজপেয়ীয়ে ছবিখনৰ বাবে ফিল্মফেয়াৰত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ মনোনয়ন লাভ কৰে।৪২তাৰ পিছত তেওঁ দুখন তেলেগু ছবিত অভিনয় কৰিছিল; বেদম (২০১০) আৰু পুলি (২০১০)৷ ইয়াৰ পিছত তেখেতক কমেডীধৰ্মী ছবি দছ টোলা (২০১০)ত দেখা যায়৷ ৪৩ ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত এনিমেটেড ছবি ৰামায়ণ: দ্য এপিকতো তেওঁ ৰামৰ কণ্ঠ প্ৰদান কৰিছিল৷৪৪

ভাৰতত জাতি ভিত্তিক সংৰক্ষণৰ বিষয়টোৰ আধাৰত নিৰ্মিত সামাজিক ড্ৰামা আৰক্ষণ (২০১১) আছিল বাজপেয়ীৰ পৰৱৰ্তী ছবি। এই ছবিখনে কিছুসংখ্যক সামাজিক গোটত বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু ছবিখন থিয়েটাৰত মুক্তিৰ পূৰ্বে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত নিষিদ্ধ কৰা হৈছিল।৪৫ বাণিজ্যিক সাংবাদিকসকলে ছবিখনৰ প্ৰতি বহু আশা কৰিছিল যদিও শেষত ই বক্স অফিচত ফ্লপ হৈছিল।৪৬৪৭ বাজপেয়ীৰ পৰৱৰ্তী ছবি আছিল লংকা (২০১১)।৪৮

২০১২ চনত অনুৰাগ কাশ্যপৰ দ্বাৰা দুটা খণ্ডত নিৰ্মিত অপৰাধমূলক ছবি গেংছ অৱ ৱাছেপুৰত বাজপেয়ীয়ে অভিনয় কৰিছিল। প্ৰথমটো খণ্ডত তেওঁক চৰ্দাৰ খান নামৰ চৰিত্ৰটোত দেখা গৈছিল। নিজৰ ভূমিকাৰ বাবে প্ৰস্তুতি চলাবলৈ বাজপেয়ীয়ে চুলি খুৰাইছিল আৰু চাৰি কিলোগ্ৰাম ওজন কমাইছিল। ৪৯২০১২ চনৰ কাঞ্চ চলচ্চিত্ৰ মহোৎসৱ,৫০ টৰণ্টো চলচ্চিত্ৰ মহোৎসৱ,৫১ আৰু ২০১৩ চনত চানডান্স চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়।৫২ ইতিবাচক সঁহাৰিৰ মাজতে ছবিখনে ২২ জুনত ভাৰতত মুক্তি লাভ কৰে৷ সমালোচক অনুপমা চোপ্ৰাই সত্যৰ ভিকু ম্হাত্ৰেৰ পিছত তেওঁৰ শ্ৰেষ্ঠ অভিনয় বুলি অভিহিত কৰে।৫৩ ছবিখনত কৰা অভিনয়ৰ বাবে বাজপেয়ীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়।৫৪ তেওঁৰ পৰৱৰ্তী ছবি আছিল চিট্টাগং অস্ত্ৰভাণ্ডাৰ অভিযানৰ আধাৰত নিৰ্মিত ঐতিহাসিক নাটক চিট্টাগং (২০১২)। বাজপেয়ীয়ে ইয়াত বঙালী স্বাধীনতা সংগ্ৰামী সূৰ্য্য সেনক চিত্ৰিত কৰিছিল, যাৰ বাবে তেওঁ কোনো ধৰণৰ ধন লোৱা নাছিল।৫৫ তেখেতৰ দ্বাৰা অভিনীত বছৰটোৰ শেষৰখন ছবি আছিল চক্ৰব্যুহ, য’ত তেওঁ এজন নক্সালবাদীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ এই ভূমিকাত তেখেতে ৫ কিলোগ্ৰাম ওজন কমাবলগীয়া হৈছিল।৫৬ লেখক আৰু গীতিকাৰ জাভেদ আখতাৰে চক্ৰব্যুহক "যোৱা ২০ বছৰৰ শ্ৰেষ্ঠ ছবি" বুলি অভিহিত কৰিছে।৫৭ ইয়াৰ বিপৰীতে ইণ্ডিয়া টুডেয়ে এক পৰ্যালোচনাত ছবিখনক "অপেছাদাৰী প্ৰচেষ্টা" বুলি অভিহিত কৰে যদিও বাজপেয়ীৰ অভিনয়ক প্ৰশংসা কৰে।৫৮

২০১৩ চনত বাজপেয়ীৰ দ্বাৰা অভিনীত পাঁচখন ছবিয়ে মুক্তি লাভ কৰিছিল৷ সমৰ আছিল তামিলভাষাত তেওঁ অভিষেক কৰা বছৰটোৰ প্ৰথম মুক্তি। তেওঁ ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।৫৯ তাৰ পিছত তেওঁ নীৰজ পাণ্ডেৰ থ্ৰিলাৰ স্পেচিয়েল ২৬ত অভিনয় কৰে।১৯৮৭ চনৰ অপেৰা হাউচ ডকাইতিৰ আধাৰত নিৰ্মিত ছবিখনত তেওঁ চিবিআইৰ এজন বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।৬০ ইয়াৰ পিছত অপৰাধমূলক ছবি শ্বুটআউট এট ৱাডালাত তেওঁ গেংষ্টাৰ শ্বাবিৰ ইব্ৰাহিম কাস্কাৰৰ দ্বাৰা প্ৰভাৱিত এটা চৰিত্ৰত অভিনয় কৰে।৬১ সত্যগ্ৰহত তেওঁ চতুৰ্থবাৰৰ বাবে প্ৰকাশ ঝাৰ সৈতে কাম কৰে। ২০১১ চনত সমাজ কৰ্মী আন্না হাজাৰেৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনৰ দ্বাৰা এই ছবিৰ কাহিনী কিছুপৰিমাণে অনুপ্ৰাণিত হৈছিল,৬২ ছবিখনে ঘৰুৱাভাৱে ৬৭৫ মিলিয়ন টকা (৮.৫ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে।৬৩৬৪ ইয়াৰ পিছত বাজপেয়ীয়ে একে নামৰ ভাৰতীয় মহাকাব্যৰ আধাৰত নিৰ্মিত থ্ৰীডি এনিমেচন ছবি মহাভাৰতৰ বাবে যুধিষ্ঠিৰৰ কণ্ঠ প্ৰদান কৰে।৬৫ ২০১৪ চনত বাজপেয়ীয়ে তামিল একচন ছবি অঞ্জানত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।৬৬

২০১৫ চনত বাজপেয়ীয়ে তেওঁৰ পৰৱৰ্তী ছবি তেৱৰত নেতিবাচক চৰিত্ৰত অভিনয় কৰে। ২০০৩ চনৰ তেলেগু ছবি অক্কাডুৰ পুনৰ্নিৰ্মাণ ছবিখনে নেতিবাচক সমালোচনাৰ সন্মুখীন হয় আৰু বক্স অফিচত বিফল হয়।৬৭৬৮ সেই বছৰতে তেওঁ ৰবীনা টেণ্ডনৰ সৈতে দেশপ্ৰেমবিষয়ক চুটি ছবি জয় হিন্দত অভিনয় কৰে। ৬ মিনিটীয়া এই চুটি ছবিখন ভাৰতৰ স্বাধীনতা দিৱসৰ ঠিক আগতেই অ'ইঅ' ৰুমছে ইউটিউবত মুক্তি দিছিল।৬৯] বাজপেয়ীয়ে ২০১৬ চনত তান্দৱ নামৰ আন এখন চুটি ছবিত অভিনয় কৰিছিল। দেৱাশীষ মাখিজাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে এজন সৎ আৰক্ষী কনিষ্টবলৰ সন্মুখীন হোৱা হেঁচা আৰু পৰিস্থিতিসমূহ প্ৰদৰ্শন কৰিছিল আৰু ছবিখনক ইউটিউবত মুক্তি দিয়া হৈছিল।৭০ সেই বছৰতে তেওঁ অধ্যাপক হান্সল মেহতাৰ জীৱনীমূলক নাটক আলিগড়ত ৰামচন্দ্ৰ ছিৰাছৰ চৰিত্ৰত অভিনয় কৰিছিল৷ যৌনতাৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা এজন সমকামী অধ্যাপকৰ জীৱনৰ কাহিনী ছবিখনত উপস্থাপিত হৈছিল৷। বাজপেয়ীয়ে নিজৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুতি চলাবলৈ ছিৰাছৰ কেইটামান ক্লিপিং চাইছিল।৭১ ২০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ২০১৫ চনৰ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত হয়।৭২৭৩ছবিখনে ইতিবাচক সমালোচনা লাভ কৰে৷ ৭৪ ছবিখনৰ বাবে বাজপেয়ীয়ে দশম এছিয়া পেচিফিক পৰ্দা বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেতাৰ তৃতীয় ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।৭৫৭৬ ইয়াৰ পিছত তেওঁ ৰাজেশ পিল্লাইৰ ট্ৰেফিক (২০১৬)ত ট্ৰেফিক কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰে। একে নামৰ মালয়ালম ছবিখনৰ পুনৰ্নিৰ্মাণ এই ছবিখন ২০১৬ চনৰ ৬ মে'ত মুক্তি পায়।৭৭ বছৰৰ শেষত তেওঁক জীৱনীমূলক ক্ৰীড়া ছবি বুধিয়া সিং – বৰ্ণ টু ৰাণত বুধিয়া সিঙৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰে৷ বুধিয়া সিং হৈছে বিশ্বৰ আটাইতকৈ কম বয়সীয়া মাৰাথন দৌৰবিদ।৭৮ ইয়াৰ পিছত তেওঁ কমেডী ছবি সাত উচাকে (২০১৬) আৰু নীৰজ পাণ্ডেৰ পৰিচালিত চুটি ছবি আউচত অভিনয় কৰে।৭৯৮০

২০১৭ চনৰ বাজপেয়ীৰ প্ৰথম মুক্তি আছিল চোৰাংচোৱাভিত্তিক থ্ৰিলাৰ নাম শ্বাবানা৷ ছবিখন আছিল ২০১৫ চনৰ বেবী ছবিৰ স্পিন-অফ৷ অভিনেত্ৰী তাপসী পান্নুৱে শ্বাবানাৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছিল।৮১সেই বছৰতে তেওঁ ৰাম গোপাল বাৰ্মাৰ সৈতে অপৰাধমূলক ড্ৰামা চৰকাৰ ৩ৰ লগত জড়িত হয়। ছবিখনত তেওঁৰ চৰিত্ৰটো দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দ্বাৰা শিথিলভাৱে প্ৰভাৱিত৷৮২ সেই বছৰৰ শেষৰ ফালে বাজপেয়ীয়ে ড্ৰামাভিত্তিক ছবি ৰুখত অভিনয় কৰে।৮৩

ৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰাৰ মুহূৰ্তত মনোজ বাজপেয়ী]]

২০১৮ চনত বাজপেয়ীয়ে ক্ৰাইম থ্ৰিলাৰ আইয়াৰীৰ বাবে পৰিচালক নীৰজ পাণ্ডেৰ সৈতে পুনৰ মিলিত হয়, য’ত তেওঁ কৰ্ণেল অভয় সিঙৰ চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰ সমালোচক নম্ৰতা যোশীয়ে ছবিখনৰ কাহিনীভাগক সমালোচনা কৰি বাজপেয়ী আৰু এটা গীতক "চলচ্চিত্ৰখনৰ একমাত্ৰ ৰক্ষাকৱচ" বুলি অভিহিত কৰে।৮৪ পাছলৈ তেওঁ আহমেদ খানৰ বাঘী ২ ত টাইগাৰ শ্ৰফ আৰু দিশা পাটানিৰ সৈতে অভিনয় কৰে।৮৫ সেই বছৰৰ শেষৰ ফালে বাজপেয়ীয়ে মনস্তাত্ত্বিক থ্ৰিলাৰ মিছিংৰ জৰিয়তে প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰে। ছবিখনত তেওঁৰ লগতে অভিনেত্ৰী তবুয়ে অভিনয় কৰে৷ ছবিখনে সমালোচকৰ পৰা অধিকাংশ নেতিবাচক সমালোচনা লাভ কৰে।৮৬৮৭ শুভ্ৰা গুপ্তাই ইয়াক "বেকাৰ জঞ্জাল" বুলি অভিহিত কৰিছিল।৮৮ ইয়াৰ পিছত তেওঁ জন আব্ৰাহামৰ সৈতে চোৰাংচোৱাভিত্তিক একচনধৰ্মী ছবি সত্যমেৱ জয়তে (২০১৮)ত অভিনয় কৰে।৮৯ সেই বছৰতে তেওঁ অভিষেককাৰী দীপেশ জৈনে পৰিচালনা কৰা মনোবৈজ্ঞানিক ড্ৰামা গলি গুলেইয়ানত অভিনয় কৰিছিল, য'ত তেওঁ পুৰণি দিল্লীত বাস কৰা এজন ইলেক্ট্ৰিচিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ৯০ ছবিখনৰ জৰিয়তে তেওঁ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।৯১ ২২ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ছবিখন ২০১৭ চনৰ মামি চলচ্চিত্ৰ মহোৎসৱ, লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, আটলাণ্টা চলচ্চিত্ৰ মহোৎসৱ, ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।৯২৯৩ মনোজ বাজপেয়ী অভিনীত বছৰৰ শেষৰফালে মুক্তিপ্ৰাপ্ত ছবিখন আছিল টাব্ৰেজ নুৰানীৰ লাভ ছোনিয়া, যিখন যৌন সৰবৰাহৰ ভিত্তিত নিৰ্মিত। ২০১৮ চনৰ লণ্ডন ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ প্ৰিমিয়াৰ হৈছিল আৰু ২০১৮ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতত মুক্তি ছবিখনে মুক্তি লভিছিল।৯৪

২০১৮ চনত দেৱাশীষ মাখিজাৰ ভোছলেত বাজপেয়ীয়ে এজন মৃত্যুমুখী অসুস্থ অৱসৰপ্ৰাপ্ত মুম্বাই পুলিচৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে উত্তৰ ভাৰতীয় ছোৱালী এজনীৰ লগত বন্ধুত্ব কৰে যি সময়ত স্থানীয় লোকে চহৰখনৰ প্ৰব্ৰজনকাৰীসকলৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে।৯৫ ছবিখন আৰু তেওঁৰ অভিনয়ে সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰে৷ এই ভূমিকাৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে আৰু শ্ৰেষ্ঠ অভিনয়ৰ বাবে দ্বিতীয়টো এছিয়া পেচিফিক পৰ্দা বঁটা লাভ কৰে।৯৬৯৭

২০১৯ চনত শিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।৯৮ সেই বছৰতে তেওঁ অভিষেক চৌবেৰ একচনধৰ্মী ছবি সোণচিৰিয়াত ডকাইত মান সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰাজা সেনে তেওঁৰ পৰ্যালোচনাত লিখিছে যে বাজপেয়ী "এজন বিদ্ৰোহী প্ৰধান হিচাপে উৎকৃষ্ট।"৯৯ পিছলৈ তেওঁ ৰাজ নিদিমোৰু আৰু কৃষ্ণ ডি.কে. বাজপেয়ীয়ে চোৰাংচোৱা সংস্থাত গোপনে কাম কৰা মধ্যবিত্তীয় ব্যক্তি শ্ৰীকান্ত তিৱাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ৱেব চিৰিজটোৰ নাম আছিল দ্য ফেমিলি মেন৷ এই চিৰিজটো আৰু তেওঁৰ অভিনয়ে সমালোচকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰে৷ হিন্দুস্তান টাইমছৰ ৰোহিত নাহৰে লিখে: "মনোজ বাজপেয়ী, সচৰাচৰ দেখাৰ দৰেই উৎকৃষ্ট।"১০০ ২০২০ চনৰ ফিল্মফেয়াৰ অ’টিটি বঁটাত তেওঁ সমালোচকৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ অভিনেতা, ড্ৰামা চিৰিজ বঁটা লাভ কৰে।১০১

২০২০ চনত বাজপেয়ীয়ে শ্বিৰিশ কুণ্ডাৰৰ ক্ৰাইম থ্ৰিলাৰ ছবি মিচেছ ছিৰিয়েল কিলাৰত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল৷ ছবিখনৰ আন এটি চৰিত্ৰত জেকলিন ফাৰ্নাণ্ডেজেক দেখা যায়৷ নেটফ্লিক্সত মুক্তি পোৱা ছবিখনে নেতিবাচক সঁহাৰি লাভ কৰে।১০২ বছৰৰ অন্তিমখন ছবি হিচাপে মুক্তি লাভ কৰে দিলজিৎ দোছাঞ্জ আৰু ফাতিমা চানা শ্বেইখৰ সৈতে কমেডী ছবি সুৰজ পে মংগল ভাৰী। ক'ভিড-১৯ মহামাৰীৰ বাবে প্ৰায় আঠ মাহৰ বিৰতিৰ পিছত ভাৰতৰ ছবিগৃহত মুক্তি পোৱা এইখনেই আছিল প্ৰথমখন ছবি।১০৩ পিছৰ বছৰত তেওঁ নীৰজ পাণ্ডেৰ পৰিচালনাত ডিস্কভাৰী+ চেনেলৰ তথ্যচিত্ৰ ছিক্ৰেটছ অৱ চিনাউলিৰ কাহিনী বৰ্ণনা কৰে।১০৪ বাজপেয়ীয়ে থ্ৰিলাৰধৰ্মী ছবি চাইলেন্স...কেন ইউ হিয়াৰ ইট?ত হত্যাৰ গোচৰ এটা সমাধানৰ চেষ্টা কৰা পুলিচ হিচাপে অভিনয় কৰে। ZEE5 ত মুক্তি পোৱা ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল।১০৫

অভিনয়ৰ শৈলী আৰু প্ৰভাৱ

মনোজ বাজপেয়ী এজন বিধি অভিনেতা (Method Actor) আৰু পৰিচালকৰ অভিনেতা৷ তেওঁ অগতানুগতিক চৰিত্ৰৰ বাবে পৰিচিত।১০৬১০৭১০৮১০৯ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে কিক্ (২০১৪)ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰেৰণা হিচাপে অকছ (২০০১)ত আগবঢ়োৱা বাজপেয়ীৰ অভিনয়ক উল্লেখ কৰিছে।১১০ বাজপেয়ীয়ে চলচ্চিত্ৰ জগতৰ শীৰ্ষ অভিনেতাসকলৰ তুলনাত তেওঁ লাভ কৰা দৰমহাৰ বৈষম্যৰ বিষয়েও মাত মাতিছে।১১১১১২ তেওঁ অমিতাভ বচ্চন, নাছিৰুদ্দিন শ্বাহ আৰু ৰঘুবীৰ যাদৱক নিজৰ প্ৰেৰণা হিচাপে উল্লেখ কৰিছে।১১৩

পৰিচালক ৰাম গোপাল বাৰ্মাই তেওঁক নিজৰ বাবে "এক শিক্ষণ" বুলি গণ্য কৰে আৰু তেওঁ কয় যে তেওঁ "মই আজিলৈকে কাম কৰা অভিনেতাসকলৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ।"১৫ বেণ্ডিট কুইন ছবিত তেওঁক পৰিচালনা কৰা শেখৰ কাপুৰে কৈছে যে: "......তেওঁ কেতিয়াও এটা দৃশ্যক মাত্ৰাধিক খেলিবলৈ চেষ্টা কৰা নাছিল আৰু এটা নূন্যতম বক্তব্যৰ সৈতে তেওঁক সম্পূৰ্ণ সুবিধাজনক যেন লাগিছিল।"১৫ পৰিচালক হান্সাল মেহতাৰ মতে, মনোজৰ "নিজকে আন কম সংখ্যকৰ দৰে নিজকে ৰূপান্তৰিত কৰাৰ ক্ষমতা আছে।"১১৪সত্যত বাজপেয়ীৰ অভিনয়ক হিন্দী চিনেমাৰ অন্যতম স্মৰণীয় চৰিত্ৰ হিচাপে গণ্য কৰা হয়৷ ইয়াত থকা তেওঁৰ সংলাপ: "মুম্বাই কা ৰজা কৌন? ভিকু মাহত্ৰে" (মুম্বাইৰ ৰজা কোন? ভিকু মাহত্ৰে) সমানেই স্মৰণীয়।১১৫১১৬১১৭১১৮

কে কে মেননে এই চৰিত্ৰটোক আন বিধি অভিনেতাসকলৰ বাবে এটা টাৰ্নিং পইণ্ট হিচাপে কৃতিত্ব দিছে: "যদি সত্যত মনোজৰ অভিনয় উজ্জ্বল নহ'লহেঁতেন, তেন্তে ইৰফান আৰু মোৰ দৰে অভিনেতাই হয়তো এতিয়াও গ্ৰহণযোগ্যতাৰ বাবে অপেক্ষা কৰি থাকিবলগা হ'লহেঁতেন। মনোজে আমাৰ বাবে দুৱাৰ মুকলি কৰি দিলে।"৫

বঁটা আৰু সন্মানসমূহ

এছিয়া পেছিফিক স্ক্ৰীণ বঁটা⁣

বৰ্ষছবিৰ নাম⁣শিতান⁣ফলাফলতথ্যসূত্ৰ⁣
৬ষ্ঠ এছিয়া পেছিফিক স্ক্ৰীণ বঁটা, ২০১২গেংগছ অৱ ৱাছেপুৰ⁣শ্ৰেষ্ঠ অভিনেতা⁣⁣⁣১১৯
৯ম এছিয়া পেছিফিক স্ক্ৰীণ বঁটা,২০১৭ আলিগড়⁣⁣⁣১২০
১৩শ এছিয়া পেছিফিক স্ক্ৰীণ বঁটা, ২০১৯ভোঁছলে⁣⁣⁣১২১

ফিল্মফেয়াৰ বঁটা⁣

বৰ্ষছবিৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
৪৪সংখ্যক ফিল্মফেয়াৰ বঁটা, ১৯৯৯⁣সত্যা⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣⁣১২২
শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ)⁣⁣
৪৫ সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০০০শ্বুল⁣⁣১২৩
শ্ৰেষ্ঠ অভিনেতা⁣
৪৭সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০০২অক্স⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়⁣⁣১২৪
৪৮সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০০৩ৰোড⁣⁣⁣১২৫
৪৯সংখ্যক ফিল্মফেয়াৰ বঁটা,২০০৪এলঅচি: কাৰ্গিল⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣⁣⁣১২৬
৫৬সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০১১ৰাজনীতি⁣⁣⁣১২৭
৫৮ সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০১৩গেংগছ অৱ ৱাছেপুৰ⁣শ্ৰেষ্ঠ অভিনেতা⁣⁣⁣১২৮
৬২সংখ্যক ফিল্মফেয়াৰ বঁটা, ২০১৭আলিগড়শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ)⁣১২৯
তাণ্ডৱ⁣⁣চুটি ছবিত শ্ৰেষ্ঠ অভিনয়⁣

ফিল্মফেয়াৰ অটিটি বঁটা⁣

বৰ্ষছবি/ছিৰিজৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
ফিল্মফেয়াৰ বঁটা, ২০২০ভোঁছলেৱেব মৌলিক ছবিত শ্ৰেষ্ঠ অভিনেতা১৩০১৩১
দ্য ফেমিলি মেন⁣ড্ৰামা ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনেতা
ড্ৰামা ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ)⁣⁣
ফিল্মফেয়াৰ অটিটি বঁটা,২০২১ৰায় (চিৰিজ)⁣ৱেব মৌলিক ছবিৰ শ্ৰেষ্ঠ অভিনেতা১৩২
দ্য ফেমিলি মেন⁣ড্ৰামা ধাৰাবাহিকৰ শ্ৰেষ্ঠ অভিনেতা
ড্ৰামা ধাৰাবাহিকৰ শ্ৰেষ্ঠ অভিনেতা (সমালোচক)⁣⁣
ফিল্মফেয়াৰ অটিটি বঁটা,২০২৩ছিৰ্ফ এক বন্দা কাফী হ্যেয়⁣ৱেব মৌলিক ছবিৰ শ্ৰেষ্ঠ অভিনেতা১৩৩
গুলমোহৰ (২০২৩)ৱেব মৌলিক ছবিৰ শ্ৰেষ্ঠ অভিনেতা⁣

আইফা বঁটা⁣

বৰ্ষছবিৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
২০০১ফিজা⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়⁣⁣ ১৩৪
২০০২অক্স১৩৫
২০১১ৰাজনীতি১৩৬
শ্ৰেষ্ঠ সহযোগী অভিনেতা
২০১৩গেংগছ অৱ ৱাছেপুৰশ্ৰেষ্ঠ অভিনেতা১৩৭
২০২২ভোঁছলে১৩৮

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ⁣

বৰ্ষছবিৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
৪৬শ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৯৯সত্যা⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣⁣⁣১৩৯
৫১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০০৪⁣পিঞ্জৰ⁣বিচাৰকৰ বিশেষ বঁটা⁣⁣⁣১৪০
৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২১⁣ভোঁছলে⁣শ্ৰেষ্ঠ অভিনেতা⁣⁣⁣১৪১

প্ৰডিউছাৰছ্ গিল্ড চলচ্চিত্ৰ বঁটা⁣

বৰ্ষছবিৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
২০১১ৰাজনীতি⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা⁣⁣১৪২
২০১৩গেংগছ অৱ ৱাছেপুৰ⁣শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা⁣⁣
২০১৬টেৱৰ⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা⁣⁣১৪৩

স্ক্ৰীণ বঁটা⁣

বৰ্ষছবিৰ নামশিতান⁣ফলাফল⁣Ref.⁣
১৯৯৯সত্যা⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣১৪৪
২০০২অক্স⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়⁣১৪৫
২০০৩ৰোড⁣⁣১৪৬
২০০৪পিঞ্জৰ⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣⁣১৪৭
২০১৩গেংগছ অৱ ৱাছেপুৰ⁣শ্ৰেষ্ঠ অভিনেতা⁣⁣১৪৮
২০১৭আলিগড়⁣শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ)⁣⁣১৪৯

জী চিনে বঁটা

বৰ্ষকৰ্ম⁣শিতান⁣ফলাফল⁣Ref.⁣
১৯৯৯সত্যা⁣শ্ৰেষ্ঠ সহযোগী অভিনেতা⁣⁣১৫০
২০০২অক্স⁣ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়⁣১৫১
২০১৭আলিগড়⁣শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ)⁣⁣১৫২

অন্যান্য বঁটা

বৰ্ষবঁটাছবিৰ নামশিতান⁣ফলাফল⁣তথ্যসূত্ৰ⁣
২০২০এছিয়ান একাডেমি ক্ৰিয়েটিভ বঁটাশীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়দ্য ফেমিলী মেন১৫৩
২০২১
২০১৬মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ অভিনেতাআলিগড়
২০১৮গলি গুলেয়া
২০১৯ভোছঁলে
২০২১ছিৰিজত শ্ৰেষ্ঠ অভিনেতাদ্য ফেমিলী মেন
২০২৩শ্ৰেষ্ঠ অভিনেতাজোৰাম
গুলমোহৰ
২০১৭FOI অনলাইন বঁটাশীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতাআলিগড়
২০১৯গলি গলেয়া
২০২০বহুতাৰকাযুক্ত কলা-কুশলীৰ শ্ৰেষ্ঠ প্ৰদৰ্শনসোণচিৰিয়া
২০২১শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতাভোঁছলে
২০১৬জাগৰণ চলচ্চিত্ৰ মহোৎসৱআলিগড়শ্ৰেষ্ঠ অভিনেতা১৫৪
২০১৮নিয় ইয়ৰ্ক ভাৰতীয়-আমেৰিকীয় কলা সংস্থা চলচ্চিত্ৰ মহোৎসৱগলি গুলেয়াশ্ৰেষ্ঠ অভিনেতা১৫৫
২০১১ষ্টাৰডাষ্ট বঁটাশ্ৰেষ্ঠ সহযোগী চৰিত্ৰৰাজনীতি
২০১৩শ্ৰেষ্ঠ অভিনেতাগেংগছ অৱ ৱাছেপুৰ১৫৬
২০১৬ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়টেৱৰ
২০১৭শ্ৰেষ্ঠ অভিনয় আলিগড়

টোকা

ক)উড়তা পঞ্জাবৰ অভিনেতা শ্বাহীদ কাপুৰৰ সৈতে যুটীয়াভাৱে

খ)অসুৰা (২০১৯)ৰ অভিনেতা ধনুষৰ সৈতে যুটীয়াভাৱে

গ)সৰবজিৎৰ অভিনেতা ৰণদীপ হুদাৰ সৈতে যূটীয়াভাৱে

তথ্যসূত্ৰ

  1. ↑ Sharma, Sandeep. Filmfare OTT Best Actor Award. News24online
  2. ↑ (2 July 2011). Manoj Bajpayee believes in Lord Shiva. The Times of India
  3. ↑ Manoj Bajpai's Biography. Koimoi
  4. ↑ Gupta, Priya. (9 February 2013). I wanted to commit suicide after I was rejected by NSD: Manoj Bajpayee. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Bhatia, Uday. (7 December 2015). Manoj Bajpayee: The original indie star. Mint
  6. ↑ (12 October 2013). Brother Manoj Bajpayee pushed me into designing: Poonam Dubey. Business Standard
  7. ↑ Salam, Ziya Us. (22 October 2002). From Bihar to Bollywood .. a long journey. দ্য হিন্দু
  8. ↑ Mar 17, Abhay Mohan Jha / Updated. 'Aligarh'-acclaimed actor essays double role in Bettiah. The Times of India
  9. ↑ Jha, Subhash K. (5 March 2008). I was just happy being Mrs. Manoj Bajpai: Neha. হিন্দুস্তান টাইমছ
  10. ↑ Sharma, Suman. (1 August 2012). Manoj Bajpayee: My wife rarely praises me. Filmfare
  11. ↑ (14 June 2012). Badland's bad guy. The Hindu
  12. ↑ Verma, Smitha. (1 July 2012). The industry makes me sit at home most of the time. The Telegraph
  13. ↑ 30 Bollywood stars and their tales of struggle. Mid-Day
  14. ↑ Rajyadhyaksha, Mrudula. (11 July 1998). Powerful performer. Rediff.com
  15. ↑ Chopra, Anupama. (31 August 1998). Two of a kind. ইণ্ডিয়া টুডে
  16. ↑ Chopra, Anupama. (20 July 1998). Nowhere man. India Today
  17. ↑ Das, Ronjita. (9 December 2000). A cop-out!. Rediff.com
  18. ↑ (20 July 2001). Film Review: Aks. দ্য হিন্দু
  19. ↑ Banerjee, Urmimala. (11 September 2014). How Bollywood actors have fared in their royal avatars. Mid-Day
  20. ↑ Chopra, Anupama. (10 November 2003). Slow saga. India Today
  21. ↑ 51st National Film Awards. Directorate of Film Festivals
  22. ↑ Patel, Y. I. (12 October 2006). The Real Story behind LOC Kargil Movie. Bharat Rakshak
  23. ↑ Manoj Bajpai Filmography. Box Office India
  24. ↑ (13 August 2011). Inteqam. বলিউড হাংগামা
  25. ↑ Verma, Sukanya. (6 February 2004). Why make a film on rape?. Rediff.com
  26. ↑ (18 January 2006). Yash Chopra on Berlin Film Festival Jury. য়শ ৰাজ ফিল্মছ
  27. ↑ Top Lifetime Grossers Worldwide. Box Office India
  28. ↑ Sen, Raja. (25 February 2005). Hum Aapke Hain Corn!. Rediff.com
  29. ↑ (10 July 2005). Fareb movie review. Deccan Herald
  30. ↑ Return to Rajapur. Tribeca Film Festival
  31. ↑ (28 January 2006). It's a 'Happy' flick all the way. The Hindu
  32. ↑ Chatterji, Shoma A. (8 April 2007). Story of a loss in victory. The Tribune
  33. ↑ N, Patcy. (4 June 2007). Swami has the Malgudi Days effect. Rediff.com
  34. ↑ Gupta, Pratim D. (26 November 2007). One tight slap. The Telegraph
  35. ↑ Shah, Kunal M. (8 September 2009). Back-logged. Mumbai Mirror
  36. ↑ (11 February 2009). Sealing on screen. The Hindu
  37. ↑ Pal, Chandrima. (9 October 2009). Acid Factory could be a health hazard. Rediff.com
  38. ↑ (22 October 2009). I waited long for character like mine in 'Jail': Manoj Bajpai. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  39. ↑ Bansal, Robin. (31 October 2009). I was frustrated before Jail happened: Manoj Bajpai. Hindustan Times
  40. ↑ Kazmi, Nikhat. (3 June 2010). Raajneeti movie review. The Times of India
  41. ↑ Kotwani, Hiren. (4 June 2010). Can Raajneeti recover its Rs 60 crore investment?. Hindustan Times
  42. ↑ (14 January 2011). Nominations for 56th Filmfare Awards 2010. বলিউড হাংগামা
  43. ↑ (22 October 2010). Dus Tola Movie Review. The Times of India
  44. ↑ Bollywood stars in animation films. Mid-Day
  45. ↑ (11 August 2011). After UP, Aarakshan banned in Punjab, AP. The Times of India
  46. ↑ Will Aarakshan draw in the crowds?. Rediff.com
  47. ↑ It's raining flops at the box office. Rediff.com
  48. ↑ Adarsh, Taran. (9 December 2011). Lanka. বলিউড হাংগামা
  49. ↑ Upadhyay, Karishma. (21 June 2012). Bajpai the baddie. The Telegraph
  50. ↑ (24 April 2012). Gangs of Wasseypur: World premiere at Cannes. CNN-IBN
  51. ↑ (1 August 2012). 'Wasseypur', 'Shanghai', 'Peddlers' at Toronto film fest. The Times of India
  52. ↑ (30 November 2012). Gangs of wasseypur to be screened at the Sundance Film Festival. CNN-IBN
  53. ↑ Chopra, Anupama. (23 June 2012). Anupama Chopra's review: Gangs of Wasseypur. Hindustan Times
  54. ↑ (13 January 2013). 58th Idea Filmfare Awards nominations are here!. Filmfare
  55. ↑ (28 September 2012). Manoj Bajpayee took no money for Chittagong. NDTV
  56. ↑ Shah, Jigar. (7 June 2012). Manoj Bajpai goes for facial fuzz. Mid-Day
  57. ↑ (29 October 2012). Films are not made for middle-class now: Javed Akhtar. The Economic Times
  58. ↑ Khilnani, Rohit. (27 October 2012). Movie review: Chakravyuh. India Today
  59. ↑ Suganth, S. (31 January 2012). Manoj Bajpayee in Samaran. The Times of India
  60. ↑ Verma, Sukanya. (8 February 2013). Review: Special Chabbis is an exciting con caper. Rediff.com
  61. ↑ Kashyap, Nitisha. (19 July 2013). Politics will never happen for me: Manoj Bajpai. Zoom
  62. ↑ Sengar, Resham. (30 August 2013). 'Satyagraha' review: A mission left unaccomplished. Daily News and Analysis
  63. ↑ Khan, Ujala A. (28 August 2013). Prakash Jha talks about new film Satyagraha. The National
  64. ↑ Box-Office Verdicts of Major Bollywood Releases of 2013. Koimoi
  65. ↑ Pathak, Ankur. (8 October 2013). Deepti Naval is Kunti in Mahabharat. Mumbai Mirror
  66. ↑ (7 November 2013). Manoj, Vidyut in Suriya's next with Lingusamy. The Times of India
  67. ↑ Mehta, Ankita. (8 January 2015). 'Tevar' Movie Review Roundup: One Time Watch. International Business Times
  68. ↑ Seshagiri, Sangeetha. (8 January 2015). Box Office Collections: 'Alone' Fails, 'Tevar' Falls, 'I' Shows Decent Growth. International Business Times
  69. ↑ D' Cunha, Zenia. (14 August 2015). Watch: Short film Jai Hind starring Manoj Bajpayee and Raveena Tandon is jingoistic not patriotic. Firstpost
  70. ↑ Modi, Chintan Girish. (4 February 2016). Manoj Bajpayee in a new cop drama. The Hindu
  71. ↑ (5 February 2016). Manoj Bajpai: People will fall in love with professor Dr Shrinivas Ramchandra in 'Aligarh'. The Times of India
  72. ↑ (4 October 2015). 'Aligarh' gets standing ovation in Busan, director Hansal Mehta elated. The Indian Express
  73. ↑ (31 October 2015). Hansal Mehta's 'Aligarh' premieres at MAMI Film Festival. The Indian Express
  74. ↑ Mehta, Ankita. (26 February 2016). 'Aligarh' review round-up: Here is what critics have to say about Manoj Bajpai and Rajkummar Rao-starrer. International Business Times
  75. ↑ Khan, Atif. (15 December 2016). Going global. The Hindu
  76. ↑ (15 January 2017). 62nd Filmfare Awards 2017: Winners' list. The Times of India
  77. ↑ (6 May 2016). Traffic movie review: It is an impressive thriller. Zee News
  78. ↑ Joshi, Namrata. (5 August 2016). Budhia Singh Born to Run: not weighed down by 'nationalism'. The Hindu
  79. ↑ Joshi, Namrata. (15 October 2016). Saat Uchakkey: Too dirty for words. The Hindu
  80. ↑ Ghosh, Sankhayan. (2 November 2016). Review: Neeraj Pandey's short film 'Ouch'. Mint
  81. ↑ (15 March 2017). 'Naam Shabana' is spin-off, not prequel to 'Baby' Taapsee Pannu. Daily News and Analysis
  82. ↑ (23 October 2016). Manoj Bajpayee's character in Sarkar 3 inspired by Arvind Kejriwal, says RGV. The Indian Express
  83. ↑ Tulsiani, Kriti. (27 October 2017). Rukh Movie Review: A Fine Film That Says More With Its Silence Than Words. CNN-News18
  84. ↑ Joshi, Namrata. (16 February 2018). Aiyaary' review: A flashback too many. The Hindu
  85. ↑ (31 March 2018). 'Baaghi 2' movie review: Tiger Shroff's film is all about sound and fury. Business Standard
  86. ↑ Gupta, Rachit. (7 April 2018). Missing Movie Review. The Times of India
  87. ↑ (9 April 2018). 'Missing' review: Thriller works only for Tabu fans, actress steals the show. The Economic Times
  88. ↑ Gupta, Shubhra. (6 April 2018). Missing movie review: The Manoj Bajpayee and Tabu starrer is a shoddy mess. The Indian Express
  89. ↑ Gupta, Shubhra. (6 April 2018). Missing movie review: The Manoj Bajpayee and Tabu starrer is a shoddy mess. The Indian Express
  90. ↑ Sahani, Alaka. (26 August 2018). Method in His Madness: Manoj Bajpayee on his forthcoming film Gali Guleiyan. The Indian Express
  91. ↑ (14 August 2018). Manoj Bajpayee on his role in Gali Guleiyan: Perhaps the most difficult character of my career. Firstpost
  92. ↑ (12 September 2017). Anurag Kashyap's Zoo, Manoj Bajpayee's In The Shadows to premiere at Busan Film Festival. Hindustan Times
  93. ↑ (10 August 2018). Manoj Bajpayee's 'Gali Guleiyan' on a foreign fest journey. The Times of India
  94. ↑ (22 June 2018). Love Sonia premieres in London, highlights ignored realities of the world. Hindustan Times
  95. ↑ Hurtado, J. (3 January 2018). J Hurtado's 14 Favorite Indian Films of 2018. Screen Anarchy
  96. ↑ (22 March 2021). National Film Awards: Priyadarshan, Kangana, Dhanush bag top honours. The Hindu
  97. ↑ Singh, Suhani. (22 November 2019). Asia Pacific Screen Awards: Manoj Bajpayee wins Best Actor for Bhonsle. India Today
  98. ↑ (25 January 2019). Mohanlal to be honoured with Padma Bhushan; Padma Shri for Manoj Bajpayee, Prabhu Deva and Late Kader Khan. Times Now
  99. ↑ Sen, Raja. (1 March 2019). Sonchiriya movie review: Sushant Singh Rajput and Ranvir Shorey are brilliant as bandits. Hindustan Times
  100. ↑ Naahar, Rohit. (27 September 2019). The Family Man review: Lighthearted but not lightweight; Amazon and Manoj Bajpayee have a winner on their hands. Hindustan Times
  101. ↑ (19 December 2020). Flyx Filmfare OTT Awards 2020: Complete winners' list. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  102. ↑ Magan, Srishti. (2 May 2020). 21 Tweets You Should Read Before Watching Netflix's 'Mrs. Serial Killer'. ScoopWhoop
  103. ↑ Chatterjee, Saibal. (15 November 2020). Suraj Pe Mangal Bhari Review: With Manoj Bajpayee And Diljit Dosanjh's Buoyant Performances, It Is Mildly Chucklesome. NDTV
  104. ↑ (17 February 2021). Secrets of Sinauli: Manoj Bajpayee, Neeraj Pandey's Discovery Plus show is must watch for Indian history buffs. The Financial Express
  105. ↑ (26 March 2021). 'Silence… Can You Hear it?' review: Manoj Bajpayee is the soul of a twisty mystery. Scroll.in
  106. ↑ Raj, Ashok. (2009). Hero Vol.2. Hay House. পৃ. 202. ISBN 9789381398036
  107. ↑ Kaushal, Sweta. (23 April 2015). The method of Manoj Bajpayee, celebrating Bollywood's unlikely hero. Hindustan Times
  108. ↑ Satya to Aarakshan: Why Manoj Bajpayee is a director's actor. CNN-IBN
  109. ↑ Sarkar, Neeti. (8 September 2010). Life's about choice. The Hindu
  110. ↑ Singh, Raghuvendra. (29 July 2014). I won't do commercial films. Filmfare
  111. ↑ Jamkhandikar, Shilpa. (30 August 2013). Need good roles but need money too: Manoj Bajpayee. Reuters
  112. ↑ Sharma, Suman. (5 September 2013). I've done enough acting, now I want money – Manoj Bajpayee. Filmfare
  113. ↑ Verma, Sukanya. (22 August 2000). The importance of being Manoj Bajpai. Rediff.com
  114. ↑ Gupta, Nidhi. (28 October 2015). The problem with actors? They're too disciplined. GQ
  115. ↑ (3 May 2013). 100 years of Bollywood: 10 characters we love. Mid-Day
  116. ↑ (14 May 2013). Top 10 Dons of Bollywood. The Times of India
  117. ↑ Ali, Asad; Usman, Yasser. (12 December 2014). #Dialoguebaazi: The tough men. Hindustan Times
  118. ↑ Sen, Raja. Where have the evil lines gone?. Rediff.com
  119. ↑ Asia Pacific Screen Awards(2012). ইণ্টাৰনেট মুভি ডাটাবেছ
  120. ↑ Brisbane in focus for Asia Pacific film festival. Brisbane Times
  121. ↑ (October 15, 2019). 13th Asia Pacific Screen Awards nominations. Variety
  122. ↑ Filmfare Awards 1999
  123. ↑ The 45th Filmfare Awards 2000 Winners. Indian Times
  124. ↑ 47th Filmfare Awards winner. ইণ্টাৰনেট মুভি ডাটাবেছ
  125. ↑ 48th Filmfare Awards winner. ইণ্টাৰনেট মুভি ডাটাবেছ
  126. ↑ 49th Filmfare Awards winner. ইণ্টাৰনেট মুভি ডাটাবেছ
  127. ↑ (14 January 2011). Filmfare awards a month ahead of schedule. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  128. ↑ (13 January 2013). 58th Idea Filmfare Awards nominations are here!. ফিল্মফেয়াৰ বঁটা
  129. ↑ Filmfare Award 2017 Winners - List of Filmfare Award Winners
  130. ↑ Filmfare OTT Awards 2020: Big Night For Paatal Lok And The Family Man. Complete List Of Winners. NDTV.com
  131. ↑ Winners of the Flyx Filmfare OTT Awards. filmfare.com
  132. ↑ (2021-12-09). Filmfare OTT Awards 2021: Pratik Gandhi starrer 'Scam 1992' walks away with maximum wins. The Times of India
  133. ↑ (2023-11-27). Filmfare OTT Awards 2023: Alia Bhatt, Manoj Bajpayee Win Big, Jubilee Sweeps Top Prizes. Complete List Of Winners. NDTV
  134. ↑ 2nd IIFA Awards 2001 Nominations. MSN. Microsoft
  135. ↑ Awards of the International Indian Film Academy. imdb.com
  136. ↑ The 12th IIFA Awards (2011) Nominees and Winners. iifa.com
  137. ↑ IIFA 2013: The complete list of nominations. News18
  138. ↑ (1 April 2022). IIFA 2022 Nominations: Shershaah takes the lead with 12 Nominations, Ludo and 83 emerge as strong contenders; check out the complete list
  139. ↑ 46th National Film Awards (PIB - Feature films). Press Information Bureau (PIB), India
  140. ↑ 51st National film Awards (Feature Films). Press Information Bureau (PIB), India
  141. ↑ (22 March 2021). 67th National Film Awards: Manoj Bajpayee, Sushant Singh Rajput's Chhichhore win. See complete list of winners here. Hindustan Times
  142. ↑ Producers Guild Film Awards 2011. ইণ্টাৰনেট মুভি ডাটাবেছ
  143. ↑ Producers Guild Film Awards 2016. ইণ্টাৰনেট মুভি ডাটাবেছ
  144. ↑ Screen Awards 1999
  145. ↑ Screen Awards 1999
  146. ↑ Screen Awards 2003. IMDb
  147. ↑ Screen Awards 2004. IMDb
  148. ↑ (4 January 2013). Nominations for the 19th Annual Colors Screen Awards. The Indian Express
  149. ↑ Screen Awards 2017. IMDb
  150. ↑ Zee Cine Awards 1999. IMDb
  151. ↑ Zee Cine Awards 2002. IMDb
  152. ↑ Zee Cine Awards 2017. IMDb
  153. ↑ Asian Academy Creative Awards 2020. IMDb
  154. ↑ Jagran Film Festival 2016. ইণ্টাৰনেট মুভি ডাটাবেছ
  155. ↑ New York Indo-American Arts Council Film Festival 2018. IMDb
  156. ↑ Stardust Awards 2013. IMDb

সম্পৰ্কিত শ্ৰেণী

ফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেতাতামিল চলচ্চিত্ৰৰ অভিনেতাঅভিনেতাপদ্মশ্ৰী বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ বাজপেয়ী” প্ৰবন্ধৰ সংশোধন ৬৪০১২৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।