অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰবিন্দ কেজৰিৱাল

অৰবিন্দ কেজৰিৱাল(হিন্দী:अरविंद केजरीवाल) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা দিল্লীৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিচাপে ২০১৩-২০১৪ আৰু ২০১৫-২০২৪ চন পৰ্য্যন্ত কাৰ্যনিৰ্বাহ কৰে।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৫ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অৰবিন্দ কেজৰিৱাল(হিন্দী ভাষা:अरविंद केजरीवाल) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা দিল্লীৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিচাপে ২০১৩-২০১৪ আৰু ২০১৫-২০২৪ চন পৰ্য্যন্ত কাৰ্যনিৰ্বাহ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৬৮ চনৰ ১৬ জুনত ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিচাৰত অৰবিন্দ কেজৰিৱালৰ জন্ম হয়। তেখেতৰ পিতৃ এজন অভিযন্তা আছিল। গোটেই শৈশৱকালটো তখেতে উত্তৰ ভাৰতৰ সৰু নগৰ যেনে সোনেপত, মথুৰা, হিচাৰ আদিতেই অতিবাহিত কৰে।

১৯৮৯ চনত কেজৰিৱালে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জি, খড়গপুৰ (IIT Kharagpur)ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বি.টেক ডিগ্ৰী লাভ কৰে।১

জীৱিকা

টাটা ষ্টীল(TATA Steel)ৰ এগৰাকী কৰ্মচাৰী হিচাপে কেজৰিৱালে তেখেতৰ চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯২ চনত কেজৰিৱালে চাকৰীত ইস্তফা দি, কলিকতাত থকা মাদাৰ টেৰেছাৰ মিশ্যনেৰীজ অফ চ্যাৰিটি, উত্তৰ-পূৱ ভাৰতৰ ৰামকৃষ্ণ মিচন, নেহৰু যোগ কেন্দ্ৰ আদিৰ সৈতে ভালেখিনি সময় জড়িত থাকে।

১৯৯৫ চনত এখেতে ভাৰতৰ ৰাজহ সেৱা (Indian Revenue Service (IRS)) বিভাগত আয়কৰ শাখাৰ অতিৰিক্ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে।

২০০০চনত এখেতে চাকৰীৰ পৰা সাময়িক বিৰতি লৈ দিল্লীত পৰিৱৰ্তন নামেৰে এটা সংস্থাৰ জন্ম দিয়ে। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত কেজৰিৱালে চাকৰীৰ পৰা অব্যাহতি গ্ৰহন কৰে।

২০০৬ চনৰ ডিচেম্বৰত কেজৰিৱালে মনিষ শিষোদিয়া আৰু অভিনন্দন শেখ্ৰীৰ সৈতে লগ হৈ পাব্লিক ক'জ ৰিচাৰ্ছ ফান্ডেচন নামেৰে আন এটি সংস্থা প্ৰতিস্থা কৰে।

তথ্যৰ অধিকাৰজন লোকপাল বিল

ৰাজনৈতিক নিৰ্বাচন

+নিৰ্বাচনৰ খতিয়ান
নিৰ্বাচনবৰ্ষদলসমষ্টিবিৰোধী প্ৰাৰ্থীফলাফলব্যৱধান
লোকসভা২০১৪বাৰাণসীনৰেন্দ্ৰ মোদী
বিধানসভা২০১৩নতুন দিল্লীশীলা দীক্ষিত
২০১৫নুপুৰ শৰ্মা
২০২০সুনীল কুমাৰ যাদৱ
২০২৫প্ৰৱেশ শৰ্মা

সন্মান আৰু পুৰষ্কাৰ

  • ২০০৪ চন - অশোক ফেল', অশোক ইনোভেটৰচ ফৰ পাব্লিক ২
  • ২০০৫ চন - সত্যেন্দ্ৰ দুবে স্মাৰক বটাঁ (Satyendra Dubey Memorial Award, IIT Kanpur)
  • ২০০৬ চন - ৰামন মেগচেচে পুৰস্কাৰ ৩
  • ২০০৬ চন - চি এন এন-আই বি এন, ইন্ডিয়ান অফ দা ইয়েৰ ৪
  • ২০০৯ চন - বিশিষ্ট প্ৰাক্তন ছাত্ৰ বটাঁ, ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জি, খড়গপুৰ ৫
  • ২০১০ চন - দা ইক'ন'মিক টাইমচ এৱাৰ্ড ৬

সমালোচনাত কেজৰিৱাল

জন লোকপাল বিল সম্বন্ধে চৰকাৰৰ সৈতে হোৱা আলোচনাত নমনীয় নহোৱা বুলি কোনো কোনোৱে সমালোচনা কৰে। ৭

বহিঃ সংযোগ

  • পৰিৱৰ্তন
  • অৰবিন্দ কেজৰিৱাল
  • পাব্লিক ক'জ ৰিচাৰ্ছ ফান্ডেচন
  • Arvind Kejriwal Interview BBC Hindi
  • দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত

তথ্যসূত্ৰ

  1. ↑ Kejriwal got 563 rank JEE. Deccan Herald
  2. ↑ Ashoka Innovators for the Public
  3. ↑ The 2006 Ramon Magsaysay Award for Emergent Leadership; CITATION for Arvind Kejriwal
  4. ↑ CNN IBN - INDIAN OF THE YEAR
  5. ↑ Distinguished Alumnus of IIT Kharagpur
  6. ↑ Policy Change Agent of the Year, The Economic Times Awards for Corporate Excellence along with Aruna Roy
  7. ↑ "The negotiators, their role". Indian Express. Retrieved 30 August 2011

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰমন মেগছেছে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰবিন্দ কেজৰিৱাল” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৮১ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।