অভিনেতা
৬২ প্ৰবন্ধ
-
বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া (জন্ম ১৯৪৬) অসমীয়া চলচ্চিত্ৰ-জগতৰ এজন সুদীৰ্ঘকাল সক্ৰিয় অভিনেতা, যাৰ অভিনয়-জীৱন নাটকৰ পৰা আৰম্ভ হৈ ১৯৭১ চনত চিনেমালৈ বিস্তাৰ পায়। পাঁচ দশকৰো অধিক কালত তেখেতে ত্ৰিশতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সহ একাধিক সন্মান লাভ কৰিছে।
-
অশোক কুমাৰ
অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ।
-
ধীৰু ভূঞা
ধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
-
বিনয় পাঠক
বিনয় পাঠক (Vinay Pathak; জন্ম: ২৭ জুলাই ১৯৬৮) এজন ভাৰতীয় থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ খোছলা কা ঘোছলা, ভেজা ফ্ৰাই, আইলেণ্ড চিটি আৰু জনী গদ্দাৰকে ধৰি বহু ছবিত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ জিছম, ৰব নে বনা দি জৌড়ি আৰু মাই নেম ইজ খান আদি ছবিত সহ অভিনয় কৰিছে।
-
ৰাজেন্দ্ৰ কুমাৰ
ৰাজেন্দ্ৰ কুমাৰ (Rajendra Kumar) ; আছিল ভাৰতৰ বলিউদ তথা হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেতা। ১৯৪৯ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি চাৰি দশকৰো অধিক সময়ৰ ভিতৰত ৮০খনতকৈও অধিক ছবিত কাম কৰিছিল। কুমাৰক ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল অভিনেতা হিচাপে গণ্য কৰা হয়।
-
মনোজ বাজপেয়ী
মনোজ বাজপেয়ী (Manoj Bajpayee; জন্ম ২৩ এপ্ৰিল ১৯৬৯) এজন ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে।
-
আৰ মাধৱন
ৰংগনাথন মাধৱন (Ranganathan Madhavan; জন্ম:- ১ জুন ১৯৭০) এজন ভাৰতীয় অভিনেতা, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী চিনেমাত কাম কৰে।
-
ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে। ১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল।
-
চন্দ্ৰ চৌধুৰী
চন্দ্ৰ চৌধুৰী (ইংৰাজী: Chandra Choudhury) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক। ইয়াৰোপৰি কবি, গীতিকাৰ, নাট্যকাৰ আৰু সংগীত শিল্পী ৰূপেও তেখেতে খ্যাতি লাভ কৰিছিল। ব্ৰজনাথ শৰ্মা আৰু ফণী শৰ্মাৰ সতীৰ্থ চন্দ্ৰ চৌধুৰী অসমৰ নাট্যমঞ্চত সহ অভিনয়ৰ অন্যতম বাটকটীয়া।
-
তালাত মেহমুদ
তালাত মেহমুদ (২৪ ফেব্ৰুৱাৰী ১৯২৪ – মৃত্যু: ৯ মে’ ১৯৯৮) বলিউডৰ এজন বিখ্যাত পাৰ্শ্ব গায়ক আৰু গজল গায়ক। ১৯৪১ চনত তেওঁৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছিল আৰু ভিন ভিন বাৰটা ভাষাত তেওঁৰ কণ্ঠত প্ৰায় ৭৫০টা গীত বাণীবদ্ধ হৈছিল।
-
লাকী আলী
মকছুদ মহমুদ আলী ( ( Maqsood Mahmood Ali; জন্ম: ১৯ ছেপ্টেম্বৰ ১৯৫৮), লাকী আলী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় গায়ক, গীতিকাৰ, অভিনেতা। ভাৰতীয় সংগীতত পপ সংস্কৃতি আৰু এলবাম জনপ্ৰিয় কৰাৰ বাবে তেওঁক গুৰুত্বপূৰ্ণ শিল্পী হিচাপে গণ্য কৰা হয় আৰু ভাৰতৰ অন্যতম উন্নত শিল্পী হিচাপে গণ্য কৰা হয়।
-
ৰাজু শ্ৰীবাস্তৱ
সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।
-
অমোল গুপ্তে
অমোল গুপ্তে (জন্ম ১৯৬২)এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, অভিনেতা, গায়ক আৰু পৰিচালক।২০০৭ চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ (Like Stars on Earth) ছবিখনৰ বাবে অমোল গুপ্তে সৃষ্টিশীল পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি লাভ কৰে।
-
ফিৰদৌচ আহমেদ
ফিৰদৌচ আহমেদ (জন্ম: ) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, আৰু ৰাজনৈতিক নেতা। তেওঁ ঢাকা-১০ সমষ্টিক প্ৰতিনিধিত্ব কৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মজীদ মজীদী
মজীদ মজীদী (مجید مجیدی,, জন্ম: ১৭ এপ্ৰিল ১৯৫৯) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰায়ে শিশু বা কিশোৰ-কিশোৰীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে দেখুওৱা হয়; শৈশৱৰ নিষ্পাপতা, পাৰিবাৰিক বন্ধন, দৰিদ্ৰতা, সামাজিক সমস্যা আৰু সংহতিৰ দৰে বিষয় অন্বেষণ কৰা হয়; আৰু এই চলচ্চিত্ৰসমূহ…
-
মিহিৰজ্যোতি বৰুৱা
মিহিৰজ্যোতি বৰুৱা (Mihirjyoti Baruah) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা৷ অসমৰ গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱাই বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে৷ তাৰে ভিতৰত চামেলি মেমচা'ব (১৯৭৫), সূৰ্য তেজৰ অন্য নাম (১৯৯১), বন্ধন (২০০৩), সৰু বোৱাৰী (২০০৩), বাৰুদ (২০০৪) আদি উল্লেখযোগ্য।
-
মেট ডেমন
মেথিউ পেইজ ডেমন (Matt Damon; জন্ম: ৮ অক্টোবৰ ১৯৭০) হৈছে এজন আমেৰিকীয় অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যলেখক৷ তেওঁক ২০০৭ চনত ফৰ্বছ আলোচনীয়ে "সৰ্বাধিক উপাৰ্জন নিশ্চিত কৰিব পৰা তাৰকা"ৰ তালিকাভুক্ত কৰে৷ ২০১০ চনত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়৷ মেট ডেমনে…
-
সুভাষ দত্ত
সুভাষ দত্ত (Subhash Dutta)(জন্ম-৯ ফেব্ৰুৱাৰী ১৯৩০, মৃত্যু-১৬ নৱেম্বৰ ২০১২) এজন বিখ্যাত বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰশিল্পী আৰু অভিনেতা। আৰম্ভণিতে তেওঁ এগৰাকী চিত্ৰশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
সোহম শ্বাহ
সোহম শ্বাহ (Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি…
-
ৰণবীৰ শ্ব’ৰে
ৰণবীৰ শ্ব'ৰে (Ranvir Shorey; জন্ম: ১৮ আগষ্ট ১৯৭২) এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰাক্তন ভিডিঅ' জকী। এক ছ’টিছি লাভ ষ্ট’ৰী (২০০২) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁ মূলসুঁতিৰ আৰু স্বতন্ত্ৰ চিনেমা দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছে।
-
ৰিয়াজ (অভিনেতা)
ৰিয়াজ (বঙালী: ব়িয়াজ উদ্দিন আহমেদ ছিদ্দিক); জন্ম: ২৬ অক্টোবৰ, ১৯৭২) হৈছে এজন বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক যিয়ে ১০০ খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ সাধাৰণতে ৰিয়াজ নামেৰে জনাজাত।
-
আইনুল্লাহ চাফুৰী
আইনুল্লাহ চাফুৰী (ফাৰ্চী: عینالله صفوری) ১৯৭৯ চনৰ ইৰানৰ বিপ্লৱৰ পূৰ্বে সক্ৰিয় থকা এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাণ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ তেহৰাণৰ বাণিজ্যিক চিনেমা আৰু টেলিভিছনত ব্যাপকভাৱে কাম কৰিছিল।
-
আবেদ আবেষ্ট
আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।
-
আমিৰ হোছেইন আৰ্মান
আমিৰ হোছেইন আৰ্মান (ফাৰ্চী: امیرحسین آرمان; জন্ম ৫ নৱেম্বৰ ১৯৮২) এগৰাকী ইৰানী অভিনেতা আৰু গায়ক।
-
আৰাশ আব্বাচী
আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
-
আৰ্মান (অভিনেতা)
আৰামাইছ ৱাৰ্দানী হোভেচপিয়ান (আৰ্মেনিয়ান: Արամայիս Վարդանի Հովսեփյան), যি মূলতঃ আৰ্মান হোভেচপিয়ান (آرمان هوسپیان; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯২১ – মৃত্যু: ৮ আগষ্ট ১৯৮০) নামেৰে জনাজাত, এগৰাকী ইৰানী-আৰ্মেনিয়ান অভিনেতা আছিল।
-
ইব্ৰাহিম হাতামিকিয়া
ইব্ৰাহিম হাতামিকিয়া (ফাৰ্চী: ابراهیم حاتمیکیا; জন্ম ২৩ ছেপ্টেম্বৰ ১৯৬১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা। হাতামিকিয়া ইৰানৰ ওপৰত ইৰান-ইৰাক যুদ্ধৰ প্ৰভাৱ চিত্ৰিত কৰা চলচ্চিত্ৰসমূহৰ এজন প্ৰধান পৃষ্ঠপোষক।
-
ইৰাজ ঘাদেৰী
ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।
-
কেনি ৰজাৰচ্
কেনেথ ৰে ৰজাৰ্ছ জন্মগত নাম কেনেথ ডোনাল্ড ৰজাৰ্ছ। জন্ম হৈছিল ২১ আগষ্ট, ১৯৩৮ চনত আৰু মৃত্যু হৈছিল ২০ মাৰ্চ, ২০২০ চনত। তেওঁ এগৰাকী আমেৰিকাৰ গায়ক আৰু গীতিকাৰৰ লগতে অভিনেতাও আছিল। ২০১৩ চনত তেওঁক কাণ্ট্ৰী মিউজিক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
চাবেৰ আবৰ
চাবেৰ আবৰ (ফাৰ্চী: صابر اَبَر; জন্ম ৮ জুন, ১৯৮৪) হৈছে এজন ইৰানী অভিনেতা, পৰিচালক আৰু লেখক। অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰদ্বাৰা পৰিচালিত এবাউট এল্মী (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।