অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাছিৰুদ্দিন শ্বাহ

নাছিৰুদ্দিন শ্বাহ (Naseeruddin Shah) হৈছে এগৰাকী প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ‌ মূলসূঁ‌তিৰ হিন্দী চলচ্চিত্ৰৰ লগতে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ লগতো জড়িত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেতাজন ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত তেওঁ বিশেষভাৱে সন্মানিত হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নাছিৰুদ্দিন শ্বাহ (Naseeruddin Shah) হৈছে এগৰাকী প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ‌ মূলসূঁ‌তিৰ হিন্দী চলচ্চিত্ৰৰ লগতে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ লগতো জড়িত।১ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেতাজন ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত তেওঁ বিশেষভাৱে সন্মানিত হৈছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নাছিৰুদ্দিন শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ বঁ‌টাৰে সন্মানিত কৰিছে।২

জন্ম আৰু শৈশৱ

নাছিৰুদ্দিন শ্বাহৰ জন্ম ১৯৫০ চনত উত্তৰপ্ৰদেশত হৈছিল।৩

নাছিৰুদ্দিন শ্বাহে st. Anselm's Ajmer আৰু নাইনিতালৰ St Joseph's College ৰ পৰা শিক্ষা গ্ৰহণ কৰে। ১৯৭১ চনত শ্বাহে আলিগড় মুছলিম ইউনিভাৰ্ছিতিৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তেখেতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।

কেৰিয়াৰ

১৯৬৭ চনত মুক্তিপ্ৰাপ্ত আমান নামৰ ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে শ্বাহে চলচ্চিত্ৰ জগতত খোজ পেলায়।

১৯৮০ চনত মুক্তিপোৱা হাম পাঁ‌চ নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ পাছৰ পৰা তেওঁ মূলঃসূতিৰ বলিউদী চলচ্চিত্ৰৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁৰ এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মাচুম ১৯৮৩ চনত মুক্তি পায়। এই ছবিখন নাইনিতালৰ St. Joseph's College তে শ্বুটিং কৰা হৈছিল।৪

পৰিচালকৰূপে

নতুন দিল্লী, মুম্বাই, বাংগালোৰ, লাহোৰৰ বিভিন্ন থিয়েটাৰ গ্ৰুপৰ লগত নাছিৰুদ্দিন শ্বাহ জড়িত।

২০০৬ চনত মুক্তিপ্ৰাপ্ত য়ু হৌতা তৌ ক্যা হৌতা নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে শ্বাহে চলচ্চিত্ৰপৰিচালকৰূপে আত্মপ্ৰকাচ কৰে। পৰেচ ৰাৱাল, ইৰফান খান,কংকণা সেন শৰ্মা,আয়েছা টাকিয়াকে ধৰি বহু ন-পুৰণি অভিনেতাই চলচ্চিত্ৰখনত অভিনয় কৰিছে।৫

অন্যান্য কলা-মাধ্যমত

Naseeruddin Shah playing ''Pozzo'' in Motley's production of Waiting for Godot at The Doon School, 2009.
Naseeruddin Shah playing Pozzo in Motley's production of Waiting for Godot at The Doon School, 2009.ছবি: MotleyCruisser · CC BY-SA 3.0

ব্যক্তিগত জীৱন

''পত্নী ৰত্না পাঠকৰ সৈতে ২০১২ চনত''
পত্নী ৰত্না পাঠকৰ সৈতে ২০১২ চনতছবি: Bollywood Hungama · CC BY 3.0

আত্মজীৱনী

শ্বাহৰ আত্মজীৱনীখনৰ নাম হৈছে এণ্ড ডেন্ ওৱান দে (And Then One Day)৬

বিতৰ্ক

নাছিৰুদ্দিন শ্বাহক লৈ সততে বিতৰ্ক হোৱা দেখা যায়। শ্বাহে তেওঁতকৈ জেষ্ঠ্য অভিনেতা দিলীপ কুমাৰ, ৰাজেশ খান্না; তেওঁৰ সতীৰ্থ অভিনেতা অনুপম খেৰ; তেওঁ‌তকৈ কনিষ্ঠ অভিনেতা শ্বাহৰুখ খান, চলমান খান; ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰায়ে সমালোচনা কৰা দেখা যায়। শ্বাহৰুখ খান আৰু চলমান খানৰ চিনেমাৰ দৰ্শকে তেওঁৰ চিনেমা চোৱা উচিত নহয় বুলিও নাছিৰুদ্দিন শ্বাহে মন্তব্য কৰে।৭ ২০১৬ চনত শ্বাহে প্ৰসিদ্ধ অভিনেতা ৰাজেশ খান্নাকো সমালোচনা কৰা দেখা যায়। সত্তৰ দশকৰ চলচ্চিত্ৰবোৰত মজলীয়া গুণৰ দুৰ্বল অভিনয়ৰ বাবে ৰাজেশ খান্নাক দোষাৰোপ কৰি শ্বাহে কয়যে প্ৰসিদ্ধ অভিনেতাজন সৰ্তক অভিনেতা নাছিল। অৱশ্যে এই বক্তব্যৰ পাছত বিভিন্নজনৰ পৰা সমালোচিত হোৱাৰ পাছত শ্বাহে এই বিষয়ত ক্ষমা খোজে।৮ ২০১৮ চনত শ্বাহে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক বিশ্বৰ আটাইতকৈ অশোভনীয় আচৰণৰ ক্ৰিকেটাৰ বুলি কৈ বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল।৯ ২০১৮ চনত সংঘটিত এক সাম্প্ৰদায়িক হিংসাৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ শ্বাহে কৈছিলযে তেওঁ আজিকালি ভাৰতত অসুৰক্ষিত অনুভৱ কৰে। তেওঁৰ সন্তানো কেতিয়াবা গণ উন্মাদনাৰ বলি হ'বলগীয়া হ'ব পাৰে বুলি শ্বাহে উদ্বিগ্নতা প্ৰকাশ কৰে।১০ ২০২০ চনৰ জানুৱাৰীত শ্বাহে তেওঁৰ সতীৰ্থ অভিনেতা অনুপম খেৰক তীব্ৰ সমালোচনা কৰা দেখা যায়। নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কে বলিউদৰ অভিনেতা অনুপম খেৰে গ্ৰহণ কৰা স্থিতিৰ বাবে অনুপম খেৰক ‘বহুৱা’ আৰু 'তোষামোদকাৰী' আখ্যা দিছিল নাছিৰুদ্দিন শ্বাহে।১১

বঁ‌টা/সন্মান

  • ২০০০ চনত সংগীত নাটক অকাডেমী বঁ‌টা বিজয়ী
  • 'Sarfarosh' চলচ্চিত্ৰৰ নিগেটিভ চৰিত্ৰত কৰা কলাত্মক পাৰদৰ্শিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ অকাডেমী বঁ‌টা বিজয়ী

তথ্যসূত্ৰ

  1. ↑ Naseeruddin Shah says essential for Muslims to stop feeling persecuted, assert claim on India. The Indian Express
  2. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ Italo Spinelli. (2002). Indian Summer: Films, Filmmakers and Stars Between Ray and Bollywood. Edizioni Oliveras. পৃ. 144
  4. ↑ DelhiAugust 2, India Today Web Desk New; August 2, 2019UPDATED:; Ist, 2019 13:10. Shekhar Kapur says people wanted him to change Masoom script. Just another copy, retorts Internet. India Today
  5. ↑ Yun Hota. the Rediff review. www.rediff.com
  6. ↑ Shah. (2014). And then one day: A memoir. Hamish Hamilton. পৃ. 1. ISBN 978-0670087648
  7. ↑ 7 times Naseeruddin Shah criticised Indian greats. in.news.yahoo.com
  8. ↑ Naseeruddin Shah apologizes after calling Rajesh Khanna a poor actor. Free Press Journal
  9. ↑ Naseeruddin Shah dubs Virat Kohli world's worst behaved player, sparks row - Times of India. The Times of India
  10. ↑ Naseeruddin Shah says he fears for his children in India of today. India Today
  11. ↑ Naseeruddin Shah calls Anupam Kher a ‘sycophant, clown’, says Deepika Padukone’s popularity will not fade after JNU visit. hindustantimes

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছিৰুদ্দিন শ্বাহ” প্ৰবন্ধৰ সংশোধন ৬৩১৫১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।