ঐশ্বৰ্যা ৰায় ( Aishwarya Rai Bachchan; জন্ম ১ নবেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড। অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে।১ দুটাকৈ ফিল্মফেয়াৰ বঁটাৰ উপৰিও ২০০৯ চনত তেওঁ ভাৰতৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছে। ইয়াৰোপৰি ২০১২ চনত ফৰাচী চৰকাৰে Ordre des Arts et des Lettres-এৰে সন্মানিত কৰিছে। প্ৰচাৰ মাধ্যমত প্ৰায়ে তেওঁৰ পৃথিৱীৰ সৰ্বাধিক সুন্দৰী মহিলাগৰাকী বুলি উল্লেখ কৰা হয়।২৩
প্ৰাৰম্ভিক জীৱন
১৯৭৩ চনৰ ১ নবেম্বৰত কৰ্ণাটকৰ মাঙ্গালোৰত এটা তুলুভাষী পৰিয়ালত ঐশ্বৰ্যাৰ জন্ম হৈছিল।৪৫৬ তেওঁৰ দেউতাক আছিল কৃষ্ণৰাজ, যাৰ ২০১৭ৰ ১৮ মাৰ্চত মৃত্যু হৈছিল।৭ দেউতাক সেনাবাহিনীৰ এজন জীৱবিদ আছিল। মাক বৃন্দা এগৰাকী গৃহিণী।৮ তেওঁৰ ককায়েক এজন নৌবাহিনীৰ অভিযন্তা। পৰিয়ালটো মাঙ্গালোৰৰ পৰা মুম্বাইলৈ গুছি আহিছিল আৰু তাতে আৰ্য বিদ্যা মন্দিৰত তেওঁ পঢ়া-শুনা কৰিছিল।৮ ৰায়ে জয় হিন্দ কলেজত এবছৰ ই্ণ্টাৰমিডিয়েট কৰিছিল তাৰপৰা মাটুংগাৰ ৰূপাৰেল কলেজত নাম-ভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিকত তেওঁ ৯০% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।৮কলেজত থাকোঁতে তেওঁ অলপ-চলপ মডেলিং কৰিছিল। বিভিন্ন টেলিভিচন বিজ্ঞাপনত কাম কৰাৰ পিছত তেওঁ "ফেমিনা মিচ ইণ্ডিয়া"ত অংশ গ্ৰহণ কৰে; য’ত তেওঁ দ্বিতীয় স্থান পায়। ১৯৯৪ চনত "মিচ ৱৰ্ল্ড"ৰ খিতাপ লাভ কৰে। তাৰপিছতে তেওঁলৈ বিভিন্ন চলচ্চিত্ৰৰ বাবে আমন্ত্ৰণ আহিবলৈ ধৰে।৯
কৰ্মজীৱন
১৯৯৭ চনত মুক্তি পোৱা মণি ৰত্নমৰ তামিল ভাষা ছবি ইৰুভাৰৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম হিন্দী ভাষা ছবি ঔৰ প্যাৰ হো গয়াও একে বছৰতে মুক্তি পায়। তেওঁৰ প্ৰথম বাণিজ্যিক সফল ছবি তামিল ভাষাৰ জীনছ্ (১৯৯৮); যিখন সেই সময়ৰ অন্যতম ব্যয়বহুল ভাৰতীয় ছবি। তেওঁ দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ফিল্মফেয়াৰ লাভ কৰা প্ৰথম ছবিখন হ’ল- হম দিল দে চুকে চনম (১৯৯৯) আৰু আনখন দেৱদাস (২০০২)।১০১১
তামিল ছবি কান্দুক’নাই কান্দুক’নাইত (২০০০) এগৰাকী আবেদনময়ী শিল্পীৰ চৰিত্ৰত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ আধাৰত নিৰ্মিত বঙালী ভাষা ছবি চোখেৰ বালিৰ (২০০৩) বিনোদিনীৰ চৰিত্ৰত, ৰেইনকোটত (২০০৪) এগৰাকী হতাশাগ্ৰস্থ মহিলাৰ চৰিত্ৰত, ব্ৰিটিছ ড্ৰামা ছবি প্ৰ’ভোকড্ত (২০০৬) কিৰণজিৎ আহলুৱালিয়াৰ চৰিত্ৰত আৰু গুজাৰিছত (২০১০) এগৰাকী নাৰ্চৰ চৰিত্ৰত ঐশ্বৰ্যাই কৰা অভিনয়ে চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ ৰোমাণ্টিক ছবি মোহাব্বতে (২০০০) আৰু য়ে দিল হ্যায় মুচকিল, এডভেঞ্চাৰ ছবি ধুম ২ (২০০৬), ঐতিহাসিক ৰোমাণ্টিক ছবি গুৰু (২০০৭) আৰু জোধা আকবৰ (২০০৮) আৰু বিজ্ঞানভিত্তিক ছবি এন্থিৰান-এ (২০১০) প্ৰভুত বাণিজ্যিক সফলতা লাভ কৰিছে।১২ ১৩
ব্যক্তিগত জীৱন
২০০৭ চনত ঐশ্বৰ্যাই অভিষেক বচ্চনক বিয়া কৰায়। দম্পত্তিহালৰ এজনী কন্যা সন্তান আছে। চলচ্চিত্ৰীয় জগতখনৰ বাহিৰত তেওঁ বহুকেইটা দাতব্য সংস্থা আৰু সামাজিক প্ৰচাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে দায়িত্ব পালন কৰিছে। তেওঁ এইচ.আই.ভি./ এইচ.আই.ভি/এইড্ছ সংক্ৰান্তীয় ৰাষ্ট্ৰসংঘৰ যুটীয়া কাৰ্যক্ৰমৰ (UNAIDS) শুভেচ্ছা দূত। ২০০৩ চনত তেওঁ কেনছ্ চলচ্চিত্ৰ মহোৎসৱৰ এগৰাকী জুৰী সদস্য আছিল। এই মহোৎসৱত জুৰীৰ দায়িত্ব পোৱা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী।১৪
তথ্যসূত্ৰ
- ↑ Simon Robinson. India's Most Influential. Time
- ↑ Tricia, McDermott. (29 December 2004). The World's Most Beautiful Woman?. CBS News
- ↑ *Simon, Bob. "The most beautiful woman in the world [Aishwarya Rai]". 60 Minutes. চিবিএচ. 29 December 2004. *(16 November 2011). 'World's most beautiful woman' Aishwarya Rai gives birth. The Telegraph *Hiscock, Geoff. (2007). India's global wealth club. John Wiley and Sons. পৃ. 6. ISBN 978-0-470-82238-8 *(28 September 2009). Meet the Biggest Movie Stars on the Planet (You May Not Have Heard Of). The Oprah Winfrey Show *Chhabra, Aseem. (9 February 2005). Ash does fine on Letterman. Rediff
- ↑ (1 November 2015). Aishwarya Rai Bachchcan to celebrate 42nd birthday with husband Abhishek and daughter Aaradhya. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ ANI. (27 December 2010). Aishwarya Rai, Abhishek Bachchan participate in event organised by Bunt community. Daily News and Analysis
- ↑ (30 May 2002). Devdas: Raise your glass. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Aishwarya Rai Bachchan's father passes away; was suffering from cancer
- ↑ (1 November 1973). This Week in Entertainment. Rediff
- ↑ (31 October 2008). Behind the beauty. Hindustan Times
- ↑ (15 May 1998). An easy fit. Rediff
- ↑ Rajitha. Wonder of wonders. Rediff
- ↑ (9 June 2010). Looking at Mani Ratnam's landmark movies – Rediff.com Movies. Rediff
- ↑ Warrior, Shobha. (3 September 2003). 25 years, 25 landmarks. Rediff
- ↑ Aishwarya at Cannes 2010 · CNN Travel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐশ্বৰ্যা ৰায়” প্ৰবন্ধৰ সংশোধন ৫০৭৩৮৭ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।