অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেটফ্লিক্স

নেটফ্লিক্স (Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নেটফ্লিক্স (Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়। উদ্যোগটিৰ মুখ্য ব্যৱসায় হৈছে একধৰণৰ ছাবস্ক্ৰিপছন-নিৰ্ভৰ ভিডিঅ' ষ্ট্ৰিমিং সেৱা। তেওঁলোকে ছবি আৰু ছিৰিজ অনলাইনযোগে সম্প্ৰচাৰিত কৰে। তাৰে কিছুমান তেওঁলোকে নিজাকৈও প্ৰযোজনা কৰে।১ ২০২১ চনৰ জানুৱাৰী পৰ্যন্ত নেটফ্লিক্সৰ গ্ৰাহক-সংখ্যা হৈছেগৈ প্ৰায় ২০ কোটি ৭০ লাখ (২০৩.৭ মিলিয়ন)। ইয়াৰে ৭ কোটি ৩০ লাখ সদস্য আমেৰিকাৰ।২৩ ২০২১ চনৰ এপ্ৰিলত, নেটফ্লিক্সৰ সদস্য সংখ্যাই ২০ কোটি ৮০ লাখ স্পৰ্শ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদস্য সংখ্যাই ৭ কোটি ৪০ লাখৰ ঘৰ চুৱে।৪৫ নেটফ্লিক্সৰ সেৱা সমগ্ৰ বিশ্বজুৰি উপলব্ধ। কেৱল চীন দেশ (স্থানীয় নিষিদ্ধকৰণৰ বাবে), ছিৰিয়া, উত্তৰ কোৰিয়া আৰু ক্ৰামিয়াতহে (আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে) এই সেৱা অনুপলব্ধ। ২০২০ চনৰ তথ্য মতে, নেটফ্লিক্সৰ আয় হৈছে ১.২ বিলিয়ন ডলাৰ (প্ৰায় ১২০ কোটি ডলাৰ)৬ উদ্যোগটোৰ কাৰ্যালয় ফ্ৰান্স, ব্ৰাজিল, ভাৰত, নেডাৰলেণ্ডছ, দক্ষিণ কোৰিয়া, জাপান, আৰু যুক্তৰাজ্যত আছে।৭ নেটফ্লিক্স মশ্যন পিকছাৰ্ছ এছ'ছিয়েছন (MPA)-ৰ সদস্য, যিয়ে গোলকীয় পৰ্যায়ত কনটেণ্টৰ প্ৰযোজনা আৰু বিতৰণ কৰিব পাৰে।

নেটফ্লিক্সৰ ব্যৱসায় আৰম্ভ হয় ডিভিডি বিক্ৰীৰে। ইয়াৰ লগতে তেওঁলোকে মেইলযোগেও ডিভিডি বিক্ৰী কৰিবলৈ লয়। কিন্তু সহ-প্ৰতিষ্ঠাতা হেষ্টিংগছে ডিভিডি বিক্ৰী এবছৰৰ পাছতেই বন্ধ কৰি দিয়ে।১৮ ২০০৭ চনত নেটফ্লিক্সে ষ্ট্ৰিমিং সেৱাৰ প্ৰৱৰ্তন কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়েও ব্যাপ্তি লাভ কৰে। তেওঁলোকে ডিভিডি আৰু ব্লু-ৰেৰ ব্যৱসায়ো চলাই থাকে। ২০১০ চনত নেটফ্লিক্সে আন্তৰ্জাতিক পৰ্যায়ত কানাডাত ষ্ট্ৰিমিং সেৱা উপলব্ধ কৰোৱায়।৯পৰৱৰ্তী সময়ত তেওঁলোকৰ সেৱাই লেটিন আমেৰিকা আৰু কেৰিবিয়ানক সামৰি লয়। ২০১৩ চনত নেটফ্লিক্সে কনটেণ্ট-প্ৰযোজনা উদ্যোগ হিচাপে যাত্ৰাৰম্ভ কৰে। তেওঁলোকৰ প্ৰথমখন ছিৰিজ হাউছ অৱ কাৰ্ডছ এইটো বৰ্ষতে মুকলি হয়।

২০১২ চনৰ পৰা, নেটফ্লিক্সে প্ৰযোজক আৰু বিতৰক হিচাপে অধিক সক্ৰিয় হৈ পৰে। তেওঁলোকে ছবি আৰু টেলিভিছন ছিৰিজৰ ক্ষেত্ৰত দৃঢ়তাৰে প্ৰৱেশ কৰে। পৰিণতিস্বৰূপে তেওঁলোকৰ অনলাইন লাইব্ৰেৰীত নেটফ্লিক্স অৰিজিনেলৰ তালিকা দৃশ্যমান হয়।১০ ২০১৬ চনৰ জানুৱাৰী পৰ্যন্ত, নেটফ্লিক্সৰ সেৱা ১৯০খনতকৈও অধিক দেশলৈ প্ৰসাৰিত হয়।১১ নেটফ্লিক্সে ২০১৬ চনত ১২৬খন অৰিজিনেল ছিৰিজ আৰু ছবি মুকলি কৰে। এই সংখ্যাটো যিকোনো নেটৱৰ্ক আৰু কেবল চেনেলতকৈ অধিক।১২

নেটফ্লিক্সৰ এটা লেফাফাৰ ভিতৰত কোছ কাৰ্টাৰৰ ডিস্ক
নেটফ্লিক্সৰ এটা লেফাফাৰ ভিতৰত কোছ কাৰ্টাৰৰ ডিস্কছবি: The original uploader was BlueMint at English Wikipedia. · CC BY 2.5

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pogue, David. (January 25, 2007). A Stream of Movies, Sort of Free. The New York Times
  2. ↑ Netflix tops 200 million subscribers but faces growing challenge from Disney Plus. CBS News
  3. ↑ Netflix subscriber growth soars past 200 million members. CNET
  4. ↑ Kastrenakes, Jacob. (April 20, 2021). Netflix subscriber growth is stalling as it runs low on hits. The Verge
  5. ↑ Katz, Brandon. (April 30, 2021). Netflix Growth Is Slowing, But Its Customers Remain the Most Loyal of All. Observer
  6. ↑ Here's why Netflix shares are off after reporting earnings. TechCrunch
  7. ↑ Netflix Corporate Information. Netflix
  8. ↑ Keating, Gina. (2012). Netflixed: The Epic Battle for America's Eyeballs. Portfolio/Penguin. পৃ. 47. ISBN 9781101601433
  9. ↑ Netflix launches Canadian movie service. CBC News
  10. ↑ Netflix chief bulks up on series (600 hours! ). USA Today
  11. ↑ Minaya, Ezequiel; Sharma, Amol. Netflix Expands to 190 Countries. The Wall Street Journal
  12. ↑ Masters, Kim. (September 14, 2016). The Netflix Backlash: Why Hollywood Fears a Content Monopoly. The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

কোম্পানীৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেটফ্লিক্স” প্ৰবন্ধৰ সংশোধন ৬৩২১০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।