ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ব্ৰুন নামৰ ঠাইত অৱস্থিত আৰু ই বহু উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ' (user-generated), যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ অংশবিশেষ আৰু সঙ্গীতৰ ভিডিঅ'ৰ লগতে কিছুমান চৌখিন বিষয় যেনে video blogging আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ'ৰ প্ৰদৰ্শন কৰিবলৈ Adobe Flash Video আৰু HTML5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-লোড কৰা হয় যদিও চি-বি-এচ (CBS), বি-বি-চি (BBC), ৱিৱ' (VEVO), হুলু (Hulu) আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ (YouTube partnership program) অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে।
অপঞ্জীভুক্ত সদস্যসকলে ভিডিঅ' চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ' আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমণাত্মক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ'সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে।
২০০৬ চনৰ নৱেম্বৰ মাহত ইউটিউবক, YouTube LLC গুগলে (Google Inc.) ১.৬৫ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লয় আৰু ই এতিয়া গুগলৰ পৰিপূৰক (subsidiary) হিচাপে পৰিচালিত হৈ আছে।
কোম্পানীৰ ইতিহাস
ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি কেৰ্লিফোনিয়াৰ চান ব্ৰুণত থকা ইউটিউবৰ মুখ্য কাৰ্যালয়
ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল Sequoia Capitalএ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল কেলিফ'ৰ্ণিয়াৰ সান মাতেওত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ ডোমেইন নাম www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত জালস্থানটোৰ উন্নতি সাধন কৰা হৈছিল।
প্ৰথম ইউটিউব ভিডিঅ'টোৰ নাম আছিল "মি এট দ্য জু" (Me at the zoo), য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ' চিৰিয়াখানাত। এই ভিডিঅ'টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ।
বিশেষত্ব সমূহ
ভিডিঅ' প্ৰযুক্তিবিদ্যা
প্লে-বেক
ইউটিউবৰ ভিডিঅ' চাবলৈ ব্যক্তিগত কম্পিউটাৰ এটাৰ ব্ৰাউজাৰত Adobe Flash Player plug-in স্থাপন কৰাটো প্ৰয়োজনীয়।১
আপ-লোড
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ' আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে ম’বাইল ফোনৰ সহায়ত সত্যাপন কৰিব লাগে।২ ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ'ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ' আপ-লোড কৰা হৈছিলে।৩৪ ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।৫ সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও জাভা আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।
ইউটিউবত বিভিন্ন ক’ণ্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ' আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমঅ'ভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট অ'জিজি (.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ' ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপিইজি (MPEG), এমপিইজি-ফ’ৰ (MPEG-4), ভঅ'বি (VOB), আৰু ডাব্লিউএমভি (WMV). ম’বাইল ফোনৰ পৰা ইয়াত থ্ৰীজিপি (3GP) ভিডিঅ'ও আপ-লোড কৰিব পাৰি।৬ সকলো ইউটিউব ভিডিঅ'ই প্ৰ’গ্ৰেছিভ স্কেনিঙ (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।৭
থ্ৰী-ডি ভিডিঅ' সমূহ
২০০৯ চনৰ ২১ জুলাইত৮ আপ-লোড কৰা এক ভিডিঅ'ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ' আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ' সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত এনাগ্লিফ (anaglyph) পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়।৯১০১১
বিষয়বস্তুৰ উপলব্ধতা
ইউটিউবৰ ভিডিঅ' সমূহ জালস্থানটোৰ বাহিৰতো উপলভ্য হোৱাটোৱে ইয়াৰ বিশেষত্ব। প্ৰত্যেকটো ইউটিউবৰ চলচ্চিত্ৰৰ লগতে HTMLৰ এটা টুকুৰা গাঁঠি থোৱা থাকে যাৰ সহায়ত ইয়াক জালস্থানৰ বাহিৰৰ আন বেলেগ পৃষ্ঠাৰ সতে যোৰা দিব (embedding) পাৰি।১২
ইউটিউবে সাধাৰণতে ইয়াৰ চলচ্চিত্ৰ এটাৰ ডাউনলোড লিংক নিদিয়ে আৰু ইয়াক অকল জালস্থানটোৰ ভিতৰতহে চাব পাৰি।১৩ কিন্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ জালস্থান নাইবা সঁজুলিৰ (application) সহায়ত চলচ্চিত্ৰ এটা ইউটিউবৰ পৰা ডাইনলোড কৰিব পাৰি।১৪
প্লে'টফ’ৰ্ম
কিছুমান স্মাৰ্ট ফোনঅত ইউটিউবৰ ভিডিঅ' চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই RTSP পদ্ধতি ব্যৱহাৰ কৰিছিল।১৫ সকলো ইউটিউব ভিডিঅ' জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলভ্যনহয়।১৬
অসমীয়া ইউটিউব চেনেল
দেশ-বিদেশৰ লগতে সমগ্ৰ অসমতো ইউটিউবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল এটি হৈছে ভইচ আছাম
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Fildes, Jonathan. (October 5, 2009). Flash moves on to smart phones. BBC
- ↑ Video length for uploading YouTube Help. Retrieved November 2, 2011
- ↑ Fisher, Ken. YouTube caps video lengths to reduce infringement. Ars Technica
- ↑ Account Types: Longer videos. YouTube
- ↑ Lowensohn, Josh. (July 29, 2010). YouTube bumps video limit to 15 minutes. CNET
- ↑ Video Formats: File formats. YouTube
- ↑ Getting Started: File formats. YouTube
- ↑ (July 21, 2009). YouTube in 3D. YouTube
- ↑ Marquit, Miranda. (July 23, 2009). YouTube in 3D?. Physorg
- ↑ Dsouza, Keith. (July 20, 2009). YouTube 3D Videos. Techie Buzz
- ↑ Sobti, Kshitij. (July 21, 2009). YouTube adds a dimension, 3D goggles not included. thinkdigit
- ↑ YouTube. Sharing YouTube Videos
- ↑ Terms of Use, 5.B. YouTube
- ↑ Milian, Mark. (February 19, 2009). YouTube looks out for content owners, disables video ripping. Los Angeles Times
- ↑ YouTube Mobile
- ↑ Google Operating System. (June 15, 2007). Mobile YouTube
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউটিউব” প্ৰবন্ধৰ সংশোধন ৫৬৮২৩১ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।