অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাপ্‌সী পন্নু

তাপ্‌সী পন্নু (Taapsee Pannu; জন্ম: ১ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবিত গৰিষ্ঠসংখ্যক অভিনয় কৰিছে। ইয়াৰ লগতে তেলুগু, তামিল ভাষাৰ ছবিতো তেখেতক দেখিবলৈ পোৱা যায়। তেখেতে অভিনয়ৰ বাবে ফিল্মফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৫ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তাপ্‌সী পন্নু (Taapsee Pannu; জন্ম: ১ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবিত গৰিষ্ঠসংখ্যক অভিনয় কৰিছে। ইয়াৰ লগতে তেলুগু, তামিল ভাষাৰ ছবিতো তেখেতক দেখিবলৈ পোৱা যায়। তেখেতে অভিনয়ৰ বাবে ফিল্মফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনৰ পৰা ধাৰাবাহিকভাৱে তেখেত ফৰ্বছ ইণ্ডিয়াৰ এশগৰাকী চেলেব্ৰিটিৰ তালিকাত স্থান লাভ কৰি আহিছে।১

২০১০ চনত মুক্তি লাভ কৰা তেলুগু ভাষাৰ ছবি "ঝুমুণ্ডী নাডম"ৰ জৰিয়তে পন্নুৱে ছবিজগতত প্ৰৱেশ কৰে। ইয়াৰ পিছৰটো বছৰত তেখেতে "আড়ুকালাম"ত অভিনয় কৰে, যিখন এখন তামিল ছবি আছিল। ২০১৩ চনত "ছছমে বডুৰ" নামৰ ছবিখন আছিল পন্নুৰ প্ৰথমখন হিন্দী ভাষাৰ ছবি। ২০১৬ চনৰ বহুচৰ্চিত ছবি "পিংক", যুদ্ধ-ড্ৰামা "দ্য গাজী এটেক" (২০১৭), একছন কমেডি "জুড়ৱা-২" (২০১৭), ৰহস্যভিত্তিক থ্ৰিলাৰ "বদলা" (২০১৯), মহাকাশ ড্ৰামা "মিছন মংগল" (২০১৯) হৈছে তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি। ২০১৯ চনত মুক্তিপ্ৰাপ্ত আত্ম-জীৱনীমূলক কথাছবি "চাঁদ কী আখ"ত আগবঢ়োৱা অভিনয়ৰ বাবে পন্নুৱে আনগৰাকী অভিনেত্ৰী ভূমি পেডনেকাৰৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ লাভ কৰে।২

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

১৯৮৭ চনৰ ১ আগষ্টত তাপ্‌সী পন্নুৰ জন্ম হৈছিল। জন্মস্থান আছিল নতুন দিল্লী। পিতৃৰ নাম দিলমোহন সিং পন্নু আৰু মাতৃ হৈছে নিৰ্মলজিৎ।৩৪ তেখেত পঞ্জাবী বংশোদ্ভূতৰ।৫ তেখেতৰ পিতৃ এগৰাকী ৰিয়েল ইষ্টেটৰ অৱসৰপ্ৰাপ্ত এজেণ্ট আৰু মাতৃ গৃহিণী।৬৭ তেখেতৰ কনিষ্ঠ ভগ্নীৰ নাম হৈছে সগুন।৮ অশোক বিহাৰত থকা মাতা জয় কৌৰ পাব্লিক স্কুলৰ পৰা তেখেতে পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে আৰু গুৰু টেগ বাহাদুৰ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা কম্পিউটাৰ ছায়েন্স অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে।৯১০

কৰ্মজীৱন

স্নাতক শিক্ষাৰ সমাপ্তিৰ পিছত পন্নুৱে ছফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰে।১১১২ ইয়াৰ পিছত তেখেতে ছেনেল 'ভি'ত সম্প্ৰচাৰিত হোৱা প্ৰতিভা-প্ৰদৰ্শনৰ অনুষ্ঠান 'গেট গৰজিয়াছ'ত অডিশ্যন দিয়ে আৰু এগৰাকী পূৰ্ণ পৰ্যায়ৰ মডেল হিচাপে প্ৰতিষ্ঠিত হয়। ইয়াৰ জৰিয়তেই তেখেতে অভিনয়ৰ জগতখনৰ লগত চিনাকি হয়।১৩ মডেলিঙৰ সময়ত পন্নুৱে টেলিভিছন আৰু ছপা মাধ্যমৰ বহুকেইটা বিজ্ঞাপনত ভূমুকি মাৰে। কিছুমান বিশেষ মডেলিঙৰ খিতাপো অৰ্জন কৰে। তাৰে ভিতৰত "Pantaloons Femina Miss Fresh Face" আৰু ফেমিনা মিছ ইণ্ডিয়াৰ "Safi Femina Miss Beautiful Skin" (২০০৮) হৈছে অন্যতম।১১১৪

২০২০ চনত পন্নুৱে অভিনয় কৰা একমাত্ৰ ছবিখন আছিল অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত হিন্দী কথাছবি "থপ্পড়"। এইখন ছবিতে তেখেতে অমৃতা নামৰ এগৰাকী গৃহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰে, যিয়ে নিজৰ পতিক চৰ (থপ্পড়) সোধায়। পন্নুৱে কয় যে, “চৰিত্ৰটোৰ (the character's) "righteousness, her maturity to handle every situation" made her suffocate.”।১৫ ছবিখনত কৰা অভিনয়ৰ জৰিয়তে পন্নুৱে সমালোচকৰ পৰা ইতিবাচক প্ৰশংসা লাভ কৰে।১৬

তথ্যসূত্ৰ

  1. ↑ 2019 Celebrity 100. Forbes India
  2. ↑ (15 February 2020). 65th Amazon Filmfare Awards 2020 live updates. The Times of India
  3. ↑ Moviebuzz. Happy Birthday to Taapsee. Sify Technologies Ltd
  4. ↑ (8 May 2020). Taapsee posts throwback pic from grihapravesh. Boyfriend Mathias Boe has a question. India Today
  5. ↑ Introducing Tapasee's sister. Sify Technologies Ltd
  6. ↑ (26 September 2018). Taapsee Pannu's sweet gesture for her dad will melt your heart. The Times of India
  7. ↑ Jha, Lata. (20 September 2019). 'I am very proud to say I am an outsider'. Mint
  8. ↑ Chaubey, Pranita. (12 October 2020). When In Maldives, Taapsee Pannu And Her Sister Shagun Chill Like This. NDTV
  9. ↑ (27 May 2017). In pics: Taapsee Pannu visits her Delhi school, promotes self defence training. Hindustan Times
  10. ↑ (13 January 2011). Aadukalam heroine Taapsee chats with fans. Sify Technologies Ltd
  11. ↑ (4 October 2011). PIX: The Hottest Southern Heroines — Part II. Rediff.com
  12. ↑ Aadukalam heroine Tapasee unveiled!. Sify Technologies Ltd
  13. ↑ Motihar, Jhilmil; Vasisht, Shruti. (25 January 2008). On the rampway: Simply Punjabi: News India Today. ইণ্ডিয়া টুডে
  14. ↑ SHOOT: Female. India Times
  15. ↑ (4 February 2020). Taapsee Pannu on her Thappad character: She made me grow up. India Today
  16. ↑ Thappad. Rotten Tomatoes

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাপ্‌সী পন্নু” প্ৰবন্ধৰ সংশোধন ৫৩৮১৫২ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।