কৰিশ্মা কাপুৰ (Karisma Kapoor; জন্ম: ২৫ জুন ১৯৭৪) মূলতঃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এগৰাকী কাপুৰ পৰিয়ালৰ সদস্য, অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ কন্যা আৰু অভিনেত্ৰী কৰিণা কাপুৰৰ বায়েক। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন কৰিশ্মাৰ কৃতিত্বৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।১
১৯৯১ চনত প্ৰেম কয়দী ছবিৰ জৰিয়তে কৰিশ্মাৰ চলচ্চিত্ৰাভিষেক হয় আৰু তাৰ পিছত বক্স অফিচ সফল জিগৰ (১৯৯২),অনাৰী (১৯৯৩),ৰাজা বাবু (১৯৯৪),কুলি নং ১সাজন চলে শশুৰাল (১৯৯৫),জীতকে (১৯৯৬) ধৰি কেইবাখনো ছবিত মূল নাৰী চৰিত্ৰত চৰিত্ৰত অভিনয় কৰে। বৃহৎ উপাৰ্জনকাৰী ৰোমাঞ্চ ৰাজা হিন্দুস্তানী (১৯৯৬) আৰু দিল তো পাগল হ্যায়য়ে (১৯৯৭) তেওঁক তাৰকা হিচাপে প্ৰতিষ্ঠা কৰে। ৰাজা হিন্দুস্তানীৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু দিল তো পাগল হ্যায়ৰ বাবে সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়।২
ডেভিদ ধাৱানৰ পাঁচখন কমেডী ছবি জুড়ৱা (১৯৯৭),হিৰো নাম্বাৰ ৱান (১৯৯৭),বিবি নাম্বাৰ ৱান (১৯৯৯),হাছিনা মান যায়েগী (১৯৯৯), দুলহন হম লে যায়েংগে (২০০০) আৰু ফেমিলি ড্ৰামা হম সাথ সাথ হ্যায়ত (১৯৯৯) অভিনয় কৰি কৰিশ্মাই নিজৰ স্থিতি গজগজীয়া কৰি তোলে। ২০০০ দশকৰ আৰম্ভণিতে ফিজা (২০০০) আৰু জুবেইদাত (২০০১) অভিনয় কৰি কৰিশ্মাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। টেলিভিছনৰ চ’প অপেৰা কৰিশ্মা: দ্য মিৰাকলছ অৱ ডেষ্টিনিত (২০০৩–২০০৪) ভূমুকি মৰাৰ পিছত অভিনয়ৰ পৰা সাময়িক বিৰতি লয় আৰু তাৰ পিছত বিক্ষিপ্তভাবে তেওঁ থ্ৰিলাৰ ছবি ইছক্ (২০১২) আৰু ৱেব চিৰিজত মেণ্টেলহুডত (২০২০) অভিনয় কৰে।৩
২০০৩ চনৰ পৰা ২০১৬ চনলৈ তেওঁ ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বৈবাহিক জীৱন কটায়। ২০১৬ চনত তেওঁলোকৰ বিবাহবিচ্ছেদ ঘটে। দুয়োৰে দুটা সন্তান। কৰিশ্মাই কেইবাটাও ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপে দায়িত্ব লৈছে।৪
প্ৰাৰম্ভিক জীৱন
১৯৭৪ চনৰ ২৫ জুনত[4] মুম্বাইত অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ ঘৰত কাপুৰৰ জন্ম হয়। তেওঁৰ ভনীয়েক কৰিণাও এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী।[6] তেওঁৰ দেউতাকৰ ফালৰ ককাদেউতাক ৰাজ কাপুৰ এজন চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা আৰু মাকৰ ফালৰ ককাদেউতাক হৰি শিৱদাসনী এজন অভিনেতা আছিল। তেওঁৰ আজোককাক আছিল অভিনেতা পৃথ্বীৰাজ।৫
বঁটা আৰু স্বীকৃতি
১৯৯৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৪২তম ফিল্মফেয়াৰ বঁটা (ৰাজা হিন্দুস্তানী)৬
১৯৯৮: সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (দিল তো পাগল হ্যায়)৭
১৯৯৮: সহযোগী অভিনেত্ৰীৰ ৪৩তম ফিল্মফেয়াৰ বঁটা (দিল তো পাগল হ্যায়)
২০০১: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৪৬তম ফিল্মফেয়াৰ বঁটা (ফিজা)
২০০২: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটা (জুবেইদা)৮
তথ্যসূত্ৰ
- ↑ Dil To Pagal Hai: How the Shah Rukh Khan, Madhuri Dixit, Karisma Kapoor starrer changed the way Bollywood danced. Indian Express
- ↑ Fashion Style List – Celebrity Fashion Style Statement – Vogue India The biggest celebrities featured on the Fashion Style List by Vogue India. Vogue
- ↑ Jyoti Kanyal. (13 March 2020). Mentalhood review: Karisma Kapoor's comeback series is a lesson on good parenting. India Today
- ↑ (1 May 2016). Star of The Week: The Karisma Kapoor. Rediff.com
- ↑ 35 fun facts about the Kapoors; Indian cinema's first family. NDTV India
- ↑ IndiaToday.in (staff). (10 March 2015). Star acquires 'Screen', The Indian Express Group's film magazine. ইণ্ডিয়া টুডে
- ↑ The 1st Zee Cine Awards 1998 Popular Award Categories Winners. Zee TV. Zee Entertainment Enterprises
- ↑ Press Trust of India. (13 February 2000). Aishwarya, Sanjay win Filmfare awards. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিশ্মা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৪৯৩৯২৪ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।