অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমা মালিনী

হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ।

হালনাগাদ: ২০ জুন ২০২৬ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ভাষা ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত সীতা ঔৰ গীতা চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

হেমা মালিনীৰ জন্ম হৈছিল এটা তামিল ভাষা পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল তুম হাচীন ম্যে জৱান (১৯৭০)১, আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়। অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল। তথাপি ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়২। তেওঁঁলোকৰ দুটি সন্তান ক্ৰমে ঈশা দেউল (জন্ম ১৯৮১) আৰু আহানা দেউল (জন্ম ১৯৮৫)। ঈশা দেউল বলিউদৰ এগৰাকী অভিনেত্ৰী আৰু আহানা সহকাৰী পৰিচালক।

অভিনয় জীৱন

তামিল ভাষা ছবি ইধু চাথিয়ামত তেওঁ সহ অভিনেত্ৰী হিচাপে কাম কৰিছিল। এয়াই আছিল তেওঁৰ চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ আৰম্ভণি। ১৯৬৮ চনত তেওঁ ৰাজ কাপুৰৰ বিপৰীতে চপনৌ কে চৌদাগৰত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ বলিউদৰৰ ড্ৰিম গাৰ্ল হোৱাৰ আৰম্ভণি। ৩ ইয়াৰ পাছত জনী মেৰা নাম (১৯৭০) আন্দাজ (১৯৭১), লাল পাত্থৰ (১৯৭১) ইত্যাদি ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ১৯৭২ চনত সীতা ঔৰ গীতা নামৰ চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৪

অভিনীত চলচ্চিত্ৰসমূহ

  • ইধু চাথিয়াম (১৯৬১) (তামিল)
  • পাণ্ডৱ ৱনৱাসম (১৯৬৫) (তেলেগু)
  • চপনৌ কা চৌদাগৰ (১৯৬৮)
  • ৱাৰিচ (১৯৬৯)
  • জাহা প্যাৰ মিলে (১৯৬৯)
  • তুম হাচীন ম্যে জৱান (১৯৭০)
  • অনুৰাধা (১৯৭০)
  • শ্বৰাফত (১৯৭০)
  • অভিনেত্ৰী (১৯৭০)
  • আঁচূ ঔৰ মুস্কান (১৯৭০)
  • জনী মেৰা নাম (১৯৭০)
  • শ্বৌলেই (১৯৭৫)

ৰাজনৈতিক জীৱন

১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হেমা মালিনীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিনোদ খান্নাৰ হৈ পাঞ্জাবৰ গুৰদাসপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ইয়াৰ পাছত ২০০৪ চনত হেমা মালিনীয়ে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৫। তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ দ্বাৰা মনোনীত হৈ ২০০৩-২০০৯লৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ মথুৰা লোকসভা সমষ্টিত জয়ন্ত চৌধাৰীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী (২০০০)৬
  • সীতা অৌৰ গীতা চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (১৯৭০)
  • ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা (১৯৯৯)

তথ্যসূত্ৰ

  1. ↑ (20 May 2017). Hema Malini-Biography, Career, Awards and Net Worth
  2. ↑ (3 January 2014). From Hema Malini-Dharmendra, Rekha-Vinod Mehra to Aamir Khan-Reena: Bollywood's most controversial and secret marriages. Daily News and Analysis
  3. ↑ Hema Malini: Bollywood's dreamgirl. Rediff.com 25 October 2002. Accessed 1 July 2011
  4. ↑ The Winners – 1972– The 51st Filmfare Awards. The Times of India. 14 June 2011
  5. ↑ Hema Malini joins BJP. The Hindu 20 February 2004 Accessed 14 June 2011
  6. ↑ (27 January 2000). Padma Vibhushan, Padma Bhushan, Padma Shri awardees. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় ৰাজনীতিবিদপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমা মালিনী” প্ৰবন্ধৰ সংশোধন ৬১৩২০৫ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।