অনুৰাগ কাশ্যপ (Anurag Kashyap) (জন্ম ১০ ছেপ্টেম্বৰ ১৯৭২) হিন্দী চিনেমাজগতৰ এজন পৰিচিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁ চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ফৰাচী চৰকাৰে ২০১৩ চনত তেওঁক নাইট অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ হিচাপে নিৰ্বাচিত কৰে।
ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক ড্ৰামা সত্যা (১৯৯৮)ত সহ-লেখক হিচাপে কাশ্যপে উল্লেখনীয় পৰিচিতি লাভ কৰিছিল৷ পাঞ্চ নামৰ ছবিখনৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যদিও ছবিখনে চেঞ্চৰশ্বিপৰ সমস্যাৰ বাবে কেতিয়াও থিয়েটাৰত মুক্তি নাপালে৷ ইয়াৰ পিছত তেওঁ ১৯৯৩ চনৰ মুম্বাইত সংঘটিত বোমা বিস্ফোৰণৰ আধাৰত নিৰ্মিত ছবি ব্লেক ফ্ৰাইডে (২০০৪) পৰিচালনা কৰে। সেই সময়ত গোচৰটোৰ ৰায়দান বাকী থকাৰ বাবে জিলা চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে ইয়াৰ মুক্তি দুবছৰ ধৰি ৰখাই থৈছিল৷ ২০০৭ চনত ছবিখনে মুক্তিলাভ কৰে আৰু সমালোচকৰ প্ৰশংসা আদায় কৰে। কাশ্যপৰ পৰৱৰ্তী ছবি ন’ স্ম'কিং (২০০৭)-এ মিশ্ৰিত সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচতো ছবিখনৰ প্ৰদৰ্শন বেয়া। তেওঁৰ পৰৱৰ্তী ছবিকেইখন হৈছে দেৱদি (২০০৯), গুলাল (২০০৯), আৰু থ্ৰিলাৰছবি ডেট গাৰ্ল ইন ইয়েলো বুটছ (২০১১)।
তেওঁঁ অধিক চৰ্চা লাভ কৰে দুটা খণ্ডৰ অপৰাধমূলক ড্ৰামা গেংছ অৱ ৱাছেপুৰ (২০১২)ৰ জৰিয়তে৷ ইয়াৰ পিছত কাশ্যপে সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি দ্য লাঞ্চবক্স (২০১৩), আৰু জীৱনীমূলক নাটক শ্বাহিদ (২০১২) সহ-প্ৰযোজনা কৰে৷ প্ৰথমখন ছবিৰ জৰিয়তে তেওঁ BAFTA Award for Best Film Not in the English Language লাভ কৰে। তেওঁৰ পৰৱৰ্তী প্ৰশংসিত ছবিসমূহ আছিল বম্বে টকীজ (২০১৩), আগলী (২০১৪), ছিৰিয়েল কিলাৰ ৰমন ৰাঘৱৰ পৰা অনুপ্ৰাণিত ৰমন ৰাঘৱ ২.০ (২০১৬) আৰু মুক্কাবাজ (২০১৮)। বিক্ৰম চন্দ্ৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ভাৰতৰ প্ৰথমখন নেটফ্লিক্স অৰিজিনেল ছিৰিজ ক্ৰাইম থ্ৰিলাৰ ছেক্ৰেড গেমছৰ তেওঁ সহ-পৰিচালক।
তেওঁক বহুলভাৱে জীৱিত ভাৰতীয় পৰিচালকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।১
প্ৰাৰম্ভিক জীৱন
১৯৭২ চনৰ ১০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গহৰৱাৰ ৰাজপুত২ পৰিয়ালত অনুৰাগ কাশ্যপৰ জন্ম হয়।৩৪৫তেওঁৰ পিতৃ প্ৰকাশ সিং উত্তৰ প্ৰদেশ ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আৰু বাৰাণসীৰ ওচৰৰ সোণভদ্ৰ জিলাৰ ওব্ৰা তাপ বিদ্যুৎ কেন্দ্ৰত তেওঁক নিযুক্তি দিয়া হৈছিল।৬
ডেৰাডুনৰ হিলগ্ৰেঞ্জ প্ৰিপেৰেটৰী স্কুলৰ পৰা অনুৰাগ কাশ্যপে প্ৰাথমিক বিদ্যালয়, আৰু সপ্তম শ্ৰেণীৰ পৰা গোৱালিয়ৰৰ সিন্ধিয়া স্কুলত অধ্যয়ন কৰে৷
তেওঁৰ বহুলচৰ্চিত ছবি গেংছ অৱ ৱাছেপুৰত ব্যৱহৃত কিছুমান স্থান তেওঁৰ নিজৰ পুৰণি ঘৰৰ পৰা প্ৰভাৱিত হৈছে য'ত তেওঁ নিজেই পিতৃ-মাতৃ, ভগ্নী অনুভূতি কাশ্যপ আৰু ভাতৃ অভিনৱ কাশ্যপৰ সৈতে বাস কৰিছিল।৭৮ ভ্ৰাতৃ অভিনৱ এজন চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে ব্লকবাষ্টাৰ ছবি দাবাংগ (২০১০)ৰ জৰিয়তে পৰিচালনাৰ জগতত আত্মপ্ৰকাশ কৰে। অনুভূতিয়ে তেওঁৰ বেছিভাগ ছবিতে তেওঁৰ সহযোগী হিচাপে কাম কৰি আহিছে।৯ আয়ুষ্মান খুৰানা, ৰাকুল প্ৰীত সিং, শ্বেফালী শ্বাহ আৰু শ্বীবা চাদ্ধা অভিনীত মেডিকেল কেম্পাছ কমেডী ডক্টৰ জি (২০২২) ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে৷
বিজ্ঞানী হোৱাৰ ইচ্ছাৰ বাবেই কাশ্যপে উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈ হন্সৰাজ কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত প্ৰাণীবিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে৷ আৰু ১৯৯৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।১০১১১২ ইয়াৰ পিছত অৱশেষত তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপ জননাট্য মঞ্চত যোগদান কৰে; আৰু বহুতো বাটৰ নাটক কৰিছিল।৮১২১৩ সেই বছৰতে তেওঁৰ বন্ধু দুজনমানে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "তেওঁক ডি চিকা ৰেট্ৰ'স্পেকটিভ চাবলৈ আহ্বান জনায়"।৭৮১৪ তেওঁ দহ দিনত তেওঁ এই মহোৎসৱত ৫৫খন ছবি চালে৷ ছবিসমূহৰ ভিতৰত ভিট্টোৰিয়া ডি চিকাৰ চাইকেল থিভছ ছবিখনেই তেওঁক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল।১২১৫
তথ্যসূত্ৰ
- ↑ (2017-05-11). 10 essential modern Indian film directors. BFI
- ↑ (21 April 2024). रिंकू सिंह कैसे बने अनुराग कश्यप, किस जाति के हैं ब्राह्मणों पर टिप्पणी करने वाले फिल्म मेकर?. Nav Bharat
- ↑ Sonar, Mamta. (10 September 2017). Anurag Kashyap birthday special: The unlucky love life of the renowned filmmaker. The Free Press Journal
- ↑ (10 September 2013). Anurag Kashyap turns 41; finds birthday wishes awkward. Daily News and Analysis
- ↑ Parul Khanna. (5 July 2013). Anurag Kashyap, the Godfather. হিন্দুস্তান টাইমছ
- ↑ (27 November 2004). Clear light of day. Tehelka
- ↑ (25 January 2009). Moving beyond art. The Telegraph
- ↑ Shoma Chaudhury. (7 October 2006). Catcher in the Rye. Tehelka
- ↑ Suhani singh. (31 May 2013). Sister Act. ইণ্ডিয়া টুডে
- ↑ Akbar, Irena. (14 June 2008). Why Sica Moved Patna. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (5 April 2005). Black Friday is based on facts!. Rediff.com
- ↑ Saakshi Juneja. (3 January 2007). Interview Anurag Kashyap (Part 1): A Man with a Vision. sakhijuneja.com
- ↑ The 'Pahli Seedi' Anurag Kashyap Interview, excerpts from the interview (in Hindi) conducted by Pravesh Bhardwaj and Ajay Brahmatmaj
- ↑ Anurag Kashyap's Biography. Koimoi
- ↑ Aniruddha Guha. (1 February 2009). Anurag Kashyap is jinxed no more. Daily News and Analysis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাগ কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৫৬১৭২৪ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।