অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টাইগাৰ শ্ৰফ

জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে। ছবিখনৰ বাবে তেওঁ "বৰ্ষশ্ৰেষ্ঠ নবাগত তাৰকা অভিনেতাৰ বিভাগত আইফা বঁটা" লাভ কৰে। তাৰ পিছত শ্ৰফে ব্যৱসায়িকভাৱে সফল একচনধৰ্মী ছবি বাঘী (২০১৬), বাঘী ২ (২০১৮), আৰু ৱাৰ (২০১৯)ত অভিনয় কৰিছিল। ইয়াৰ পিছতে তেওঁৰ অভিনীত হিৰোপন্তী ২ (২০২১), গণপথ (২০২৩) আৰু বড়ে মিয়াঁ ছোটে মিয়াঁ (২০২৪) আদি বিগ বাজেটৰ একচনধৰ্মী ছবিবোৰ ধাৰাবাহিকভাৱে বক্স অফিচত অসফল হয়।

২০১৯ চনত প্ৰতিষ্ঠিত, মিক্সড মাৰ্শ্বেল আৰ্টছ সংস্থা "মেট্ৰিক্স ফাইট নাইট" (এমএফএন)ৰ তেওঁ সহ-প্ৰতিষ্ঠাপক। ২০১৮ আৰু ২০১৯ চনত১ তেওঁ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত স্থান লাভ কৰিছিল।২ অভিনেতা হোৱাৰ উপৰিও তেওঁ এগৰাকী কণ্ঠশিল্পীও। তেওঁ ইতিমধ্যেই কেইবাটাও একক গীতত কণ্ঠদান কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

১৯৯০ চনৰ ২ মাৰ্চ তাৰিখে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা জেকী শ্ৰফ আৰু তেওঁৰ পত্নী আয়েশ্বা শ্ৰফৰ গৃহত তেওঁ জন্মগ্ৰহণ কৰিছিল।৩ তেওঁৰ সৰু ভনীয়েকৰ নাম কৃষ্ণা শ্ৰফ।৩৪ পিতৃৰ ফালৰ পৰা তেওঁ গুজৰাটী আৰু তুৰ্কমেন বংশৰ৫৬ হোৱাৰ বিপৰীতে মাতৃৰ ফালৰ পৰা তেওঁ বাঙালী আৰু বেলজিয়াম বংশৰ। তেওঁৰ ককাক আছিল বীৰ চক্ৰ বঁটা বিজয়ী এয়াৰ ভাইচ মাৰ্শ্বাল ৰঞ্জন দত্ত।৭৮৯১০

শ্ৰফ ভগৱান শিৱৰ এগৰাকী ধৰ্মপ্ৰাণ ভক্ত আৰু তেওঁৰ শাৰীৰিক সুস্থতাৰ কৃতিত্ব ভগৱান শিৱক দিছে। প্ৰতি সোমবাৰে আৰু প্ৰতি বছৰ মহা শিৱৰাত্ৰি উৎসৱৰ সময়ত তেওঁ উপবাসে থাকে।১১১২১৩ তেওঁ আমেৰিকান স্কুল অৱ বম্বেত অধ্যয়ন কৰিছিল।১৪১৫

যুদ্ধ কলাৰ অভিজ্ঞতা থকাৰ বাবে তেওঁ সঘনাই আন অভিনেতাসকলক ছবিৰ বাবে প্ৰশিক্ষণ দিয়ে।১৬১৭১৮১৯৪২০ ২০১৪ চনত তেওঁ টাইকোৱাণ্ডোত সন্মানীয় পঞ্চম ডিগ্ৰীৰ ব্লেক বেল্ট লাভ কৰে।২১২২

তথ্যসূত্ৰ

  1. ↑ 2018 Celebrity 100 – Forbes India Magazine. Forbes India
  2. ↑ Sushant Mehta Siddharth Husain. (6 July 2018). Superstar salaries: Akshay Kumar to Deepika Padukone, who earns what. India Today
  3. ↑ (22 April 2014). 8 facts you didn't know about Tiger Shroff. Rediff
  4. ↑ Dubey, Bharati (14 November 2013). Jackie's daughter to assist Aamir. Times of India
  5. ↑ I am reckless: Jackie Shroff. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (19 September 2017). Guftagoo with Jackie Shroff. Rajya Sabha TV
  7. ↑ Joshi, Tushar. (26 February 2010). Ayesha Shroff sets up a memorial in her dad's name. Mid-Day
  8. ↑ (26 December 2005). 1980: Tumult and tragedy. India Today
  9. ↑ Nair, K S. Air Vice Marshal Ranjan Dutt (1594) GD(P). Bharat Rakshak
  10. ↑ Lalwani, Vickey. (29 November 2010). Ayesha Shroff loses her mother. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ BOC Network. (2 March 105). 5 Reasons Why Tiger Shroff Is Loved. Business of Cinema
  12. ↑ Reliable Religious Source– Information Religious Views
  13. ↑ DNA. (26 September 2016). This is when Tiger Shroff had his own 'Shivaay' moment!. DNA India
  14. ↑ (27 April 2015). When Tiger Shroff returned to school. DNA India
  15. ↑ Jha, Subhash K (5 June 2012). Aamir trains with Tiger for Dhoom 3. বলিউড হাংগামা
  16. ↑ Tiger's 'Heropanti' mints Rs 36 cr in first week. CNN IBN
  17. ↑ ANI. Tiger meets audience during Heropanti screening in Mahboobnagar. The Times of India
  18. ↑ Priya Gupta. (12 May 2014). Tiger Shroff to clash with father at Box Office. The Indian Express
  19. ↑ Lalwani, Vickey (18 August 2009). Kat is Turquotte, not Kaif: Ayesha Shroff. Times of India
  20. ↑ Joshi, Meera (July 2002). 60 minutes with Jackie Shroff. Indiatimes
  21. ↑ ANI. (31 July 2014). Tiger Shroff felicitated with 5th degree black belt. Business Standard India
  22. ↑ (31 July 2014). Tiger Shroff gets fifth degree black belt. CNN-News18

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিগুজৰাটী ব্যক্তিমুম্বাইৰ অভিনেতাভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাজী চিনে বঁটা বিজয়ীআন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইগাৰ শ্ৰফ” প্ৰবন্ধৰ সংশোধন ৫৬৯০৯৫ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।