পঞ্জাব হৈছে ভাৰতৰ উত্তৰে অৱস্থিত এখন ৰাজ্য। ৰাজ্যখনৰ পূবে হিমাচল প্ৰদেশ, দক্ষিণ আৰু দক্ষিণ পূবত হাৰিয়ানা, দক্ষিণ পশ্চিমত ৰাজস্থান আৰু পশ্চিম দিশত পাকিস্তান আছে।
ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ত অৱস্থিত। চণ্ডীগড় হৈছে এক কেন্দ্ৰীয় শাসিত অঞ্চল তথা পঞ্জাবৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰো ৰাজধানী। পঞ্জাবৰ ৰাজ্যপালৰ গীষ্মকালীন আৱাস ছিমলাত আছে। ১৯৪৭ চনত ভাৰত দ্বিখণ্ডিত হোৱাৰ সময়ত, পঞ্জাবো দুভাগ হৈ এভাগ ভাৰতত আৰু আনভাগ পাকিস্তানত পৰে। ১৯৬৬ চনত ভাৰতৰ পঞ্জাব অঞ্চলটো পুনৰ হাৰিয়ানা আৰু হিমাচল প্ৰদেশ নামৰ দুখন নতুন ৰাজ্যৰ সৃষ্টিৰে পঞ্জাব ৰাজ্যৰ পৰা বিভক্ত কৰা হয়।
পঞ্জাব হৈছে ভাৰতৰ একমাত্ৰ সংখ্যাগৰিষ্ঠ শিখ লোক থকা ৰাজ্য। পঞ্জাব শব্দটো ফাৰ্ছী "পঞ্জ, অৰ্থ পাঁচ আৰু আব, অৰ্থ পানী অৰ্থাৎ পঞ্চ নদীৰ দেশ" শব্দ দুটাৰ পৰা সৃষ্টি হৈছে। গ্ৰীকসকলে পঞ্জাবক পেণ্টাপ’টেমিয়া, পাঁচখন নদীৰ ব-দ্বীপ, বুলি কৈছিল।
পঞ্জাব প্ৰধানতঃ এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ অন্যান্য প্ৰধান উদ্যোগবোৰ হৈছে বৈজ্ঞানিক উপকৰণ, কৃষি সজূলি, বৈদ্যুতিক সামগ্ৰী, যন্ত্ৰ-পাতি আদি নিৰ্মাণ, বস্ত্ৰ উদ্যোগ, ক্ৰীড়া সামগ্ৰী উৎপাদন, বিত্তীয় সেৱা, ছিলাই মেচিন, দুচকীয়া বাহন, সাজ-পোচাক, সাৰ আদিৰ উৎপাদন, পৰ্যটন আৰু পাইন তেল আৰু চেনি উৎপাদন। ইয়াৰোপৰি পঞ্জাবত ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক তীখা পকোৱা কল-কাৰখানা আছে। এই কাৰখানাসমূহ ফাটেহগড় ছাহিব জিলাৰ মাণ্ডি গোবিন্দগড়ৰ "ষ্টিল টাউন"ত আছে।
অৰ্থনীতি

পঞ্জাব হৈছে ভাৰতৰ এক অতি উৰ্বৰ অঞ্চল। এই অঞ্চলটো ঘেহু খেতিব বাবে আদৰ্শ বুলি কোৱা হয়। ধান, কুঁহিয়াৰ, ফল-মূল আৰু শাক-পাচলি উৎপাদনতো ৰাজ্যখন অতি আগবঢ়া। ভাৰতীয় পঞ্জাবক "গ্ৰেণেৰী অৱ ইণ্ডিয়া" বা "ইণ্ডিয়াজ ব্ৰিড-বাস্কেট" বুলি কোৱা হয়।১ ইয়াত ভাৰতৰ মুঠ উৎপাদনৰ ১০.২৬% কপাহ, ১৯.৫% ঘেহু, আৰু ১১% ধান উৎপাদিত হয়। ৰাজ্যখনৰ ফিৰোজপুৰ আৰু ফাজিলকা জিলাত সৰ্বাধিক ঘেহু আৰু ধানৰ উৎপাদন হয়। বিশ্বব্যাপী তুলনা কৰিলে বিশ্বৰ মুঠ ঘেহু উৎপাদনৰ ২%, কপাহ উৎপাদনৰ ২% আৰু ধান উৎপাদনৰ ১% ভাৰতৰ পঞ্জাবত উৎপাদিত হয়।১ ইয়াত সৰ্বাধিক উৎপাদিত কৃষিজাত দ্ৰব্য হৈছে ঘেহু। অন্যান্য গুৰুত্বপূৰ্ণ উৎপাদিত কৃষিজাত দ্ৰব্যবোৰ হৈছে ধান, কপাহ, কুঁহিয়াৰ, পাৰ্ল মিলেট, যৱ, বাৰ্লী আৰু ফল-মূল. পঞ্জাবত ধান খেতি শেষ হোৱাৰ লগে লগে একেখন পথাৰতে ঘেহু খেতি কৰা হয়, তাৰ বাবে ধানৰ নৰাবোৰ পথাৰতে জ্বলাই দিয়া হয়। এই পদ্ধতিটো প্ৰদুষণকাৰী তথা নষ্টকাৰী।২ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি হেক্টৰত ৯০ কিলোগ্ৰাম সাৰ প্ৰয়োগ কৰাৰ বিপৰীতে পঞ্জাবত ইয়াৰ পৰিমাণ হৈছে ২২৩.৪৬ কিলোগ্ৰাম। ১৯৯১–৯২ চনৰ পৰা ১৯৯৮–৯৯ চনলৈ আৰু ২০০১ চনৰ পৰা ২০০৩–০৪ চনলৈ পঞ্জাবে কৃষি সংবৃদ্ধি সেৱাৰ বাবে মুঠ দহবাৰ দ্য নেচনেল প্ৰডাক্টিভিটি এৱাৰ্ড লাভ কৰিছে। মাটিৰ উৰ্বৰতা কমি যোৱাৰ ফলত যোৱা কিছু বছৰৰ পৰা পঞ্জাবৰ কৃষি উৎপাদন হ্ৰাস পাইছে। অতিৰিক্ত পৰিমাণত সাৰ আৰু কীটনাশকৰ প্ৰয়োগৰ ফলত এনে হৈছে বুলি অনুমান কৰা হৈছে। দ্ৰুতভাৱে জল-তালিকাৰ হ্ৰাসভৱন হৈছে অন্য এটা অতি চিন্তনীয় বিষয়ত পৰিণত হৈছে, যাৰ ওপৰত প্ৰায় ৯০% কৃষি কাৰ্য নিৰ্ভৰ কৰে; যোৱা বছৰবোৰত ইয়াৰ পৰিণামো দেখা পোৱা গৈছে। কিছুলোকৰ মতে ভূগৰ্ভৰ পানীৰ স্তৰ বছৰি এক মিটাৰ বা তাতোতকৈ অধিক হাৰত হ্ৰাস পাইছে।৩৪
ইণ্ডিয়া ষ্টেট হাংগাৰ ইণ্ডেস্কৰ মতে ভাৰতৰ ভিতৰত পঞ্জাবত ভোকাতুৰ লোকৰ সংখ্যা নিচেই কম।৫
তথ্যসূত্ৰ
- ↑ Welcome to Official Web site of Punjab, India
- ↑ (7 December 2012). Fields on fire: making farming more sustainable in India – in pictures. The Guardian
- ↑ J. Carl Ganter. Q&A: Upmanu Lall on India’s Nexus of Energy, Food and Water. Circle of Blue
- ↑ Upmanu Lall. Punjab: A tale of prosperity and decline. Columbia Water Center
- ↑ (2008-10-15). India fares badly on global hunger index. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাব, ভাৰত” প্ৰবন্ধৰ সংশোধন ৫৫৮১১৭ (২৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।