কাশ্মীৰী১ বা কশুৰ২ হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ দাৰ্দিক শাখাৰ এটা ভাষা, যি প্ৰায় ৭ নিযুত কাশ্মীৰী লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকা আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলসমূহত কথা কোৱা হয়, যাৰ সংখ্যা জম্মু আৰু কাশ্মীৰৰ জনসংখ্যাৰ অৰ্ধেকতকৈও অধিক।৩৪
কাশ্মীৰী ভাষাত বিভক্ত ঋণীতা (split ergativity) আৰু অস্বাভাৱিক দ্বিতীয় ক্ৰিয়া স্থানৰ বাক্য গঠন থাকে, যি জাৰ্মান ভাষাৰ বাক্য গঠনৰ সৈতে মিল আছে।
২০২০ চনৰ পৰা কাশ্মীৰীক ডোগৰী, হিন্দী ভাষা, উৰ্দু ভাষা আৰু ইংৰাজীৰ সৈতে জম্মু আৰু কাশ্মীৰৰ এটা চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।৫ কাশ্মিৰী ভাৰতৰ সংবিধানৰ অষ্টম তালিকাভুক্ত ২২টা চৰকাৰী ভাষাৰ এটা।
কাশ্মীৰী ভাষা পাকিস্তান-শাসিত কাশ্মীৰৰ (আজাদ কাশ্মীৰ) প্ৰায় ৫% লোকৰ দ্বাৰা কোৱা হয়।৬
ভৌগোলিক বিতৰণ আৰু স্থিতি
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, জম্মু আৰু কাশ্মীৰ আৰু ভাৰতৰ অন্যান্য ৰাজ্যত বসবাস কৰা কাশ্মীৰী প্ৰৱাসীসকলৰ মাজত কাশ্মীৰী ভাষা আৰু তাৰ লগত জড়িত উপভাষাসমূহৰ প্ৰায় ৬.৮ নিযুত বক্তা আছে।৭ ২০১১ চনৰ তথ্য অনুসৰি কাশ্মীৰীক মাতৃভাষা হিচাপে গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল ৬,৫৫,৪৩৬ আৰু ভাষা হিচাপে (কাষৰীয়া উপভাষাসহ) গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল ৬,৭৯৭,৫৮৭। কাশ্মীৰ উপত্যকা আৰু জম্মু আৰু কাশ্মীৰৰ চুবুৰীয়া অঞ্চলসমূহত কাশ্মীৰী ভাষাৰ অধিকাংশ বক্তা কেন্দ্ৰীভূত।৮ উপত্যকাত কাশ্মীৰী ভাষীসকলে জনসংখ্যাৰ সংখ্যাগৰিষ্ঠতা গঠন কৰে।
কাশ্মীৰী ভাষা আজাদ কাশ্মীৰৰ জনসংখ্যাৰ প্ৰায় ৫%য়ে ব্যৱহাৰ কৰে।৬ ১৯৯৮ চনৰ পাকিস্তানৰ লোকপিয়লৰ তথ্য অনুসৰি, আজাদ কাশ্মীৰত কাশ্মীৰী ভাষাভাষীৰ সংখ্যা আছিল ১,৩২,৪৫০ জন।৯ এই ভাষাভাষীসকল আজাদ কাশ্মীৰৰ বিভিন্ন "পকেট" বা অঞ্চলত বিচ্ছিন্ন ৰূপত অৱস্থিত।১০ বিশেষকৈ মুজাফ্ফৰাবাদ, নীলম, হট্টিয়ান বালা, হাভেলী আৰু বাঘ জিলাত যথাক্ৰমে ১৫%, ২০%, ১৫%, ৫% আৰু ২% কাশ্মীৰী ভাষাভাষী আছে।১১ মুজাফ্ফৰাবাদ আৰু উত্তৰৰ নীলম উপত্যকাত কোৱা কাশ্মীৰী ভাষাৰ মাজত সামান্য বৈচিত্ৰ্য আছে, যদিও ই একে ভাষাৰ স্বৰূপ।১১ নীলম উপত্যকাত কাশ্মীৰী ভাষা দ্বিতীয় সৰ্বাধিক কোৱা ভাষা আৰু অন্ততঃ ডজন খানেক গাঁৱত সংখ্যাগৰিষ্ঠ ভাষা, যাৰ অৰ্ধেকত এই ভাষা একমাত্ৰ মাতৃভাষা।১১ নীলমৰ কাশ্মীৰী উপভাষা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ কাশ্মীৰীৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ।১১ ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়লৰ তথ্যত প্ৰায় ৩.৫ লক্ষ লোক কাশ্মীৰীক তেওঁলোকৰ প্ৰথম ভাষা বুলি ঘোষণা কৰে।১২
ভাষাবিদ তাৰিক ৰহমানৰ মতে আজাদ কাশ্মীৰত কাশ্মীৰী ভাষাভাষীসকলত ধীৰে ধীৰে ভাষা স্থানান্তৰণৰ প্ৰক্ৰিয়া চলি আছে, য'ত তেওঁলোকে স্থানীয় পাহাৰী-পোথোৱাৰী, হিন্দকো বা সাধাৰণ যোগাযোগৰ মাধ্যম হিচাপে উৰ্দু ভাষা ভাষা গ্ৰহণ কৰি আছে।১৩১০১৪ এই ভাষাসমূহে কাশ্মীৰীৰ ঠাই লৈছে।১৫১৬ যদিও ১৯৮৩ চনত চৰকাৰে কাশ্মীৰী ভাষা অধ্যয়ন আৰু বিদ্যালয় পৰ্য্যায়ত শিক্ষাৰ বাবে কাশ্মীৰী ভাষা সমিতি গঠন কৰিছিল, এই ভাষাক পুনৰুজ্জীৱিত কৰিবলৈ কৰা প্ৰচেষ্টা সফল হোৱা নাই। আজাদ কাশ্মীৰৰ কাশ্মীৰী ভাষাভাষী মুছলিমসকলে কাশ্মীৰীৰ ঠাইত উৰ্দুক নিজৰ চিনাক্তিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।১৭
কাশ্মীৰী ভাষা ভাৰতৰ সাংবিধানিকভুক্ত ভাষাসমূহৰ ভিতৰত অন্যতম ভাষা।১৮ ই পূৰ্বৰ জম্মু আৰু কাশ্মীৰৰ সংবিধানৰ অষ্টম অনুচ্ছেদৰ অন্তৰ্গত আছিল। ষষ্ঠ অনুসূচীত উল্লিখিত অন্যান্য আঞ্চলিক ভাষাসহ হিন্দী আৰু উৰ্দু ভাষাৰ সৈতে কাশ্মীৰীকো বিকাশ কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল।১৯ ২০১১ চনৰ ভাৰতৰ লোকপিয়লীয়া তথ্য অনুসাৰে কাশ্মীৰী হৈছে হিন্দী ভাষাৰ পিছত দ্বিতীয় সৰ্বাধিক হ্ৰস্ব সময়ছোৱাত বৃদ্ধি পোৱা ভাষা, যাৰ পাছত মেইতেই (মণিপুৰী), গুজৰাটী ভাষা আৰু বঙালী ভাষা আছে।২০
কাশ্মীৰত ১৪শ শতিকাৰ পৰা ফাৰ্চী ভাষা ৰাজকীয় ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল। ডোগৰা ৰাজত্বৰ সময়ত, ১৮৮৯ চনত এই ভাষা উৰ্দু ভাষাৰ দ্বাৰা প্ৰতিষ্ঠাপিত হয়।২১২২ ২০২০ চনত কাশ্মীৰীক প্ৰথমবাৰকৈ জম্মু আৰু কাশ্মীৰ (কেন্দ্ৰশাসিত অঞ্চল)ৰ ৰাজহুৱা ভাষাৰ স্বীকৃতি দিয়া হয়।২৩
কাশ্মীৰীৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত ভাষাসমূহৰ ভিতৰত পোগুলী আৰু কিষ্টোৱাৰী আছে, যিবোৰ কাশ্মীৰ উপত্যকাৰ দক্ষিণৰ পৰ্ব্বতৰ অঞ্চলসমূহত কোৱা হয় আৰু কেতিয়াবা কাশ্মীৰীৰ উপভাষা হিচাপে গণ্য কৰা হয়।
শব্দভাণ্ডাৰ
কাশ্মীৰী ভাৰত-আৰ্য্য ভাষা আৰু ইয়াৰ ওপৰত সংস্কৃতৰ প্ৰভাৱ বেছি আছিল, বিশেষকৈ আৰম্ভণিতে।২৪২৫২৬ ভাৰতত ইছলামিক প্ৰশাসনিক শাসনৰ আগমনৰ পিছত কাশ্মীৰীয়ে বহুতো পাৰ্চী ঋণ শব্দ লাভ কৰে।২৬ আধুনিক যুগত কাশ্মীৰী শব্দভাণ্ডাৰত ইংৰাজী ভাষা, হিন্দুস্তানী আৰু পঞ্জাবী ভাষাৰ পৰা শব্দ আমদানি কৰিছে।২৭
তথ্যসূত্ৰ
- ↑ Laurie Bauer, 2007, The Linguistics Student's Handbook, Edinburgh
- ↑ Bhat, M. Ashraf. (1989). The Changing Language Roles and Linguistic Identities of the Kashmiri Speech Community. Cambridge Scholars Publishing. পৃ. 61. ISBN 9781443862608
- ↑ Kashmiri language · Kashmiri language · Indo-Aryan, Dialects, Poetry · Britannica. www.britannica.com
- ↑ Jain, Danesh; Cardona, George. (2007-07-26). The Indo-Aryan Languages. Routledge. পৃ. 895. ISBN 978-1-135-79710-2
- ↑ (23 September 2020). Parliament passes Jammu and Kashmir Official Languages Bill, 2020. The Hindu
- ↑ Bukhari, Shujaat. (14 June 2011). The other Kashmir. The Hindu
- ↑ Abstract of speakers' strength of languages and mother tongues - 2011
- ↑ Koshur: An Introduction to Spoken Kashmiri. Kashmir News Network: Language Section (koshur.org)
- ↑ Shakil, Mohsin. (2012). Languages of Erstwhile State of Jammu Kashmir (A Preliminary Study). University of Azad Jammu and Kahsmir
- ↑ Kachru, Braj B. (3 July 2002). The Dying Linguistic Heritage of the Kashmiris: Kashmiri Literary Culture and Language. Kashmiri Overseas Association
- ↑ Akhtar, Raja Nasim; Rehman, Khawaja A. (2007). The Languages of the Neelam Valley. Kashmir Journal of Language Research. পৃ. 65–84
- ↑ Kiani, Khaleeq. (2018-05-28). CCI defers approval of census results until elections. DAWN.COM
- ↑ Kaw, M. K. (2004). Kashmir and People: Studies in the Evolution of Kashmiri Society. APH Publishing. পৃ. 328–329. ISBN 978-81-7648-537-1
- ↑ Hock, Hans Henrich; Bashir, Elena. (2016-05-24). The Languages and Linguistics of South Asia: A Comprehensive Guide. Walter de Gruyter GmbH & Co KG. পৃ. 811. ISBN 978-3-11-042338-9
- ↑ (4 June 2015). Up north: Call for exploration of archaeological sites. The Express Tribune
- ↑ Khan, Zafar Ali. (20 February 2016). Lack of preservation causing regional languages to die a slow death. The Express Tribune
- ↑ Rahman, Tariq. (1996). Language and politics in Pakistan. Oxford University Press. ISBN 978-0-19-577692-8
- ↑ Scheduled Languages of India. Central Institute of Indian Languages
- ↑ The Constitution of Jammu and Kashmir (India). General Administrative Department of the Government of Jammu & Kashmir (India)
- ↑ What census data reveals about use of Indian languages. Deccan Herald
- ↑ Weber, Siegfried. (1 May 2012). kashmir iii. Persian language in the state administration
- ↑ Bhat, M. Ashraf. (2017). The Changing Language Roles and Linguistic Identities of the Kashmiri speech community. Cambridge Scholars Publishing. পৃ. 75. ISBN 9781443862608
- ↑ (27 September 2020). The Jammu and Kashmir Official Languages Act, 2020. The Gazette of India
- ↑ Eggeling, Hans Julius. পৃ. 156–183
- ↑ Grierson, George Abraham. পৃ. 689–693
- ↑ Gorekar, Niẓāmuddīn Es. (2002). Indo-Islamic Relations. KnowledgeCity Books. পৃ. 67
- ↑ (6 April 2010). Concise Encyclopedia of Languages of the World. Elsevier. পৃ. 582. ISBN 978-0-08-087775-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৬০ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।